love story

#JEC Chapter 2 Part 11

Previous: #JEC Chapter 2 Part 10

silhouette photo of man and woman about to kiss
Photo by Varun Chandak on Pexels.com

মই বিয়া নহওঁ কেতিয়াও।
:WHAT!!!!!!! Nooooooo!
ভয় খাই গলো, ইমান জোৰকৈ চিঞৰি উঠিল অৰ্ণৱে।
:What do you mean Astha??You have to marry me.
কি আচৰিত মানুহ এইজন, প্ৰথম বাৰ লগ কৰিবলৈ আহিছো হে, বিয়াৰ কথাই পালেগৈ।
:মই বিয়া হৈ গুচি গলে মা দেউতা অকলশৰীয়া হৈ যাব।
:মা দেউতাকো লৈ আনিম মই, তোমাৰ লগতে।
এইবাৰ হাঁহি ৰখাব পৰা নাই, হাঁহি হাঁহি চকুপানী ওলাই গল, অৰ্ণৱে মোৰ লগতে মা দেউতাকো বিয়া পাতিব।
:You look beautiful when you laugh Astha!
হঠাৎ ওচৰ চাপি আহিল, উৰি থকা চুলিখিনি কাণৰ কাষলৈ ঠেলি দিলে। অলপ নিজকে আঁতৰাই আনিলো। অৰ্ণৱৰ ওচৰ চাপিলে কলিজাটো ওলাই আহিম যেন কৰে।
:JEC ৰ পৰা ওলাই আপুনি কি কৰিম বুলি ভাবিছে।
অৰ্ণৱৰ চকু তেতিয়াও মোৰ ওঁঠৰ চুকত থকা তিল টোতে ৰৈ অাছে, অলপ অসহজ লাগিল।
:মানে masters কৰিব নে Job?
:হাঁ??
:মই সুধিছো BE complete কৰি অাৰু পঢ়িব নে চাকৰি কৰিব?
:Actually কি জানা আস্থা, মোৰ completely বেলেগ interest. I want to do game development. সৰুৰ পৰাই game খেলি ভাল পাওঁ, actually I have even made one also, there are some errors but you can try it once. Campus অত চাকৰি হৈ যোৱা হলেও মই চাগে এইটো খং লৈ বেছি দিন corporate world খনত টিকি থাকিব নোৱাৰিলোঁহেঁতেন। সেইকাৰণে ভাবিছো নিজৰ যিটো কাম কৰি বেছি ভাল লাগে সেইতো কৰিম।99Games বুলি এটা company আছে বাংগালোৰত, Internship অৰ কাৰণে apply কৰিছিলো, interview clear হলে final exam দি যাম।
:উৎপল দাৰ posting তাতে নহয় জানো, মানে আপোনালোক আকৌ একেলগে থাকিব পাৰিব।
মনটো ভাল লাগি গল, দুজন বন্ধু, নহয়, দুজন ককাই ভাই বেলেগ হব লগা নহয়, তাতে অৰ্ণৱৰ উৎপল দাৰ বাহিৰে বেলেগ বন্ধু সিমান দেখাও নাই, তেওঁ অকলশৰীয়া হৈ যাব বুলি বৰ বেয়া লাগিছিল, এতিয়া সেইটো চিন্তা আৰু নাই।
:এতিয়া তোমাৰ কথা কোৱা, সঁচাকে বিয়া নোহোৱা?
:আমাৰ জীবন আৰম্ভ হৈছেহে, মোৰ দেউতাই কয়, আতীত অাৰু ভৱিষ্যতৰ কথা ভাবি কাম কৰাতকৈ আমি আমাৰ বৰ্তমানটো ভালদৰে সজাব লাগে। আপোনাৰ লগত মই JEC ত থকা সময়খিনি ধুনিয়াকৈ পাৰ কৰিব বিচাৰোঁ, যাতে আপুনি গুচি যোৱাৰ পাছতো ধুনিয়া স্মৃতি হৈ সেইখিনি মোৰ লগতে থাকি যায়।
:ময়ো তোমাৰ লগত বহুত সময় থাকিব বিচাৰো, উৎপলৰ পিছত যদি কোনোবা মোৰ ইমান close হৈছে, সেয়া তুমি আস্থা, please don’t leave me, I will do anything for you, you just say it once.
:anything???
:Yes anything.
:তেতিয়া হলে শুনক, আপোনাৰ কেইটামান কথা মোৰ ভাল নালাগে, প্ৰথম কথা, খংটো কমাব লাগিব, এনেকে মোক গালি পাৰি থাকিলে নহব।
:I will work on it. Promise. Next?
:উফ্, ভালপোৱাৰ কথাবোৰ ইংৰাজীত কলেহে হয় নেকি, ভালকৈ অসমীয়া কবলৈ শিকিব লাগিব।
:মইচোন জানো অসমীয়া কব, I mean অলপ অলপ জানো ন?
:লিখিব জানে? পঢ়িব জানে?
:No. Sorry.
:সেইটো কথাই কৈছো, শিকিবলৈ চেষ্টা কৰক, তেতিয়াহে মই ভালপোৱা কিতাপ বোৰ পঢ়িবলৈ দিব পাৰিম, অসীমত যাৰ হেৰাল সীমা কিতাপ খনৰ নাম শুনিছে?
:উৎপলৰ ওচৰত আছে, but কি হয় সেইখন? মানে বহুত ভাল কিতাপ?
:আপুনি অসমীয়া শিকি পঢ়ি চাব, তাৰ পাছত নিজেই গম পাব।
:English translation নাই নেকি?
:উৱা, ইমান ধুনিয়া অসমীয়া কিতাপখন থাকোঁতে আপোনাক ইংৰাজী খন কেলেই লাগে?
খং উঠি আহিলে, আসমীয়া পঢ়িব নাজানে, শিকি ললেই হল। মোৰ প্ৰিয় কিতাপখন দিবও নোৱাৰোঁ, কি যে মানুহ!
:Ok ok, sorry. I will learn Assamese.
:অসমীয়াত কওঁক।
কৃত্ৰিম খং দেখুৱাই কলো, সদায় মোক খং কৰে, অাজি সুবিধা পাই ময়ো কৰিলো।
:মই অসমীয়া শিকিম।
অাৰু বহুত কিবা কিবি কথা পাতিলো, কিয় জানো, কিবা এটা ভাল লাগিছে সকলোবোৰ, মনৰ মাজত সোমাই থকা সৰু সৰু কথাবোৰ অামি ইজনে আনজনৰ আগত খুলি কৈছো, অৰ্ণৱৰ অন্ধকাৰ দিনবোৰৰ কথাও মোক অাজি খুলি কৈছে তেওঁ, সেমেকা চকুৰে মোলৈ চাইছে, খামুচি ধৰিছে মোৰ হাতখন, মাজে মাজে হাঁহিছো, মাজে মাজে চকুলো টুকিছো, আমাৰ মাজৰ দূৰত্ব লাহে লাহে যেন কমি আহিছে। অৰ্ণৱৰ ভিতৰখন জুমি চাইছো মইয়ো,যিমান পাৰো বুজিবলৈ চেষ্টা কৰিছো তেওঁক। অৰ্ণৱে আইতা অাৰু মোৰ মাজত হোৱা সৰু সৰু কথাবোৰ শুনি হাঁহিছে, তেওঁৰ সৰুকৈ হলেও নিজৰ start up খোলাৰ সপোনৰ কথা কৈছে। অাজিৰ এই দিনটো যেন শেষ নহয়। আবেলি হবৰ হল, কিন্তু আমাৰ ভোক পিয়াহ একো নাই, ভাল লগা মানুহৰ মিঠা সান্নিধ্য পালে সকলো পাহৰি যাব পাৰি।
:আস্থা, তুমি in future যি কৰোঁ বুলি কোৱা, যতেই চাকৰি কৰিব বিচাৰা কৰিবা, I will never stop you from anything, but please মোৰ লগত নাথাকো বুলি নকবা। please Astha,I really need you.
:অাজি আপোনাৰ মোক ভাল লাগিছে, কাইলৈ নালাগিবও পাৰে, বিয়া হোৱা বা সদায় একেলগে থাকিবলৈ ভালপোৱাৰ লগতে অাৰু বহুত কথা আহি পৰিব, আগতে অামি ইজনে সিজনক ভালকৈ জানি লওঁ, অাৰু যদি আমাৰ ভালপোৱা সদায় এনেকুৱাই সজীব হৈ থাকে, মই আপোনাৰ লগত নিচ্ছয় থাকিম। কিন্তু লাহে লাহে যদি ভালপোৱা কমি আহে, মোতকৈ বেছি ভাল কোনোবা যদি আপোনাৰ জীৱনলৈ আহে, আপুনি প্লিজ মোক নোকোৱাকৈ নাথাকিব, অামি ভালপোৱাক বান্ধোন হিচাপে যাতে কেতিয়াও নলওঁ, আমাৰ ভালপোৱা মুক্ত হৈ থাকক, চৰ্ত ৰাখি তাক দায়িত্বৰ ৰূপ দিয়াৰ ইচ্ছা মোৰ নাই।
:মোৰ পোৱালি কেতিয়া ইমান ডাঙৰ হল, I am totally impressed, but তুমি বহুত টান টান অসমীয়া কৈছা, Now I jave to learn Assamese for Sure.
প্ৰাণ খুলি হাঁহিছো দুয়োজনে, আবেলিৰ ৰঙা বেলি লহিওৱাৰ সময়, ঠাণ্ডা নামিছে লাহে লাহে, ঘূৰি যোৱাৰ ইচ্ছা কিন্তু নাই, ৰৈ থাকিম যেন এনেকৈয়ে, গোটেই জীৱন, ভাল লগাৰ কি যে মায়া!!!!
কিন্তু যাবতো লাগিবই! বহাৰপৰা উঠিলো দুয়ো, দুখোজমান আহোঁতেই অৰ্ণৱে কলে..
:So you won’t miss me after I leave JEC?
:ওহোঁ ।
:Then I must do something to make you miss me!
:মানে??
:You just wait and watch mystery girl.
দুয়োখন হাতেৰে মোৰ মুখ খন তুলি ধৰিলে, বুকুখন চিৰিংকৈ উঠিল, অৰ্ণৱৰ চকুত অজানা আবেগ, ছাঁ পোহৰৰ মায়াময় খেলা,চেঁচা বতাহে কোবাই গল, কিন্তু মোৰ চোন গৰম উঠিছে, গাল দুখন পুৰি যোৱাকৈ.. চকু দুটা জপাই দিলো। অৰ্ণৱৰ উশাহ মোৰ চুলিত লাগিছে,মোৰ একেবাৰেই ওচৰত অৰ্ণৱৰ উশাহৰ ঘন ঘন শব্দ। চকু মেলি চোৱাৰ সাহস নাই। মনৰ ভাৱনাৰ বুৰবুৰণিৰ মাজতে অৰ্ণৱে কপালত আলফুেল আঁকি গল এটা কপাহ কোমল চুমা।
কি আছিল এইয়া????
কিয় ইমান বেলেগ আছিল এই পৰশ??
আইতা বা মাৰ মৰমৰ চুমাতকৈ কিয় ইমান পৃথক?
সামৰি লৈছো নতুন আবেগ।
বুজা নুবুজাৰ মাজতো বুকু ভৰাই তোলাকৈ মিঠা এই ক্ষণ..
এৰি দিছো নিজক….. লৈ যা সময়..
ঘুৰাই নানিবি সেই সপোনপুৰীৰ পৰা
এইজনী আস্থা ডাঙৰ হৈছে
বুজিব পৰা হৈছে…
ৰঙা গালৰ পুৰণি অাজি কিয় ইমান ভাল লগা?
লাহে লাহে নামি আহিল ওঁঠযুৰি, তেজৰঙা গাল খন আৰু ৰঙা কৰিবলৈ, জানি বুজি যেন অৰ্ণৱে বেছি দীঘলীয়া কৰি নিছে ওঁঠৰ পৰশ..
ভাল লাগিছে!
ওহোঁ, ভয়ো লাগিছে!
মোৰ কি হৈছে ।
কেতিয়াও বুজি নোপোৱা শিহৰণে কঁপাই তুলিলে মোক, কলপাত কঁপাৰ দৰে কঁপিছো মই, অৰ্ণৱে বুজি পালে মোৰ কি অবস্থা, আলফুলে সুমুৱাই ললে বুকুৰ মাজত।
:Hey… Its okay, relax.
:I love you Astha, so damn much.
:I love you too….

কৰবাৰ পৰা ভাঁহি আহিছে জুবিন দাৰ দৰদী কন্ঠ, মোৰ প্ৰিয় গীত…
“ধীৰে ধীৰে হেৰাই যায় আবেলিৰ ৰদালি..
” ধীৰে ধীৰে ঢিমিকি জ্বলে শেৱালি যেন তৰালি.. “

… আগলৈ

If you want to be notified as soon as the next post released, follow me in facebook

Advertisements
love story

#JEC Chapter 2 Part 10

Previous: #JEC Chapter 2 Part 9

এনেকুৱা কিয় কৰিলা তুমি আস্থা?? Why Damn it??
খামুচি থকা হাতখন আতৰাই দি মুখ খন ঢাকি ধৰিলে তেওঁ, কি কৰিলো মই???????
:কি কৰিলো মই?
:কিয় গৈছিলা তালৈ? Why did you meet Mrs Anuradha?
:তেখেতে মোক মাতি পঠিয়াইছিল, সেইকাৰণে গৈছিলো। কিন্তু আপোনাৰ খং কিয় উঠিছে?
:Because I am hurt Astha. তুমি সেইবিলাক কথা জনাটো মই বিচৰা নাছিলো।
:কিন্তু কিয়? মই আপোনাৰ বিষয়ে জানিব বিচাৰিছিলো।
:But why? কিয় জানিব লাগে? জানি কি কৰিলা? মোৰ ওপৰত sympathy আহি গল right? Arnab has such a dark past so let’s give him some love and care. মই তোমাৰ love and support বিচাৰিছিলো আস্থা, sympathy নালাগে মোক ।মহান বনি গলা ন। All women are same, they just want to be the better person in every damn relationship. I just hate it.
:বচ্, বহুত হল, সব কথা আপোনাৰ নিচিনাকৈ নাভাবো মই, আপোনাৰ জীৱনত কি ঘটিছিল বা কি ঘটি আছে, সেইবোৰৰ হিছাপ কৰি মই আপোনাক ভালপোৱা নাছিলো, আপোনাৰ মায়ে মোক মাতিছিল, কিবা কব খুজিছিল, তেখেতৰ কথাক সন্মান জনাই মই আপোনাৰ ঘৰলৈ গৈছিলো। অাৰু আপোনাক সুধি চোৱাৰ প্ৰয়োজনীয়তা আছিল বুলিও মই নাভাবোঁ। কাৰোবাক যদি অামি ভালপাওঁ, তেওঁৰ দৃষ্টিভংগীৰে কিছুমান কথা জুকিয়াই চাব জানিব লাগিব। আপোনাক কেতিয়াও কোনো কথাৰ উত্তৰ মই বিছৰা নাই, আপুনিও মোৰ সকলো কথাতে মাত মাতিলে মোৰ ভাল নালাগে।
:So you need personal space?
:কিয়? আপোনাক নালাগে? মই যদি অনবৰতে আপোনাৰ প্ৰতিটো কথাতে সোমাই পৰো আপোনাৰ ভাল লাগিবনে? মই যদি কওঁ আপোনাৰ মাৰ একো দোষ নাই, আপুনি তেখেতক ভুল বুজি আছে, আপুনি বিশ্বাস কৰিবনে? মইতো আপোনাক একো কথাতে জোৰ কৰা নাই, তেনেহলে আপুনি কিয় মোৰ ঠাইত নিজক ৰাখি নাচায়।কি কব লাগিছিল মই আপোনাৰ মাক? যে মই যাব নোৱাৰিম কাৰণ অৰ্ণৱে বেয়া পাব? আপোনাৰ কবলগীয়া খিনি মই শুনিব নিবিছাৰো? কি কব লাগিছিল??

খং উঠি আহিল, অৰ্ণৱ সলনি নহয় মই জানো, কিন্তু তেওঁৰ ভুল কথা এটা মই কেতিয়াও মানি লব নোৱাৰোঁ। উচাৎ মাৰি উঠি গল অৰ্ণৱ, অলপ দূৰত গৈ চিগাৰেট জ্বলালে, একো কোৱা নাই। বহি আছো মইয়ো একে ঠাইতে, খং মোৰো আছে। ফোনটো উলিয়াই নিশালৈ মেছেজ কৰি কত আছো কলো। অলপ সময় তেনেকৈয়ে পাৰ হল। অশান্তি লাগিবলৈ ধৰিলে। উঠি আহিলো বহি থকা ঠাইৰপৰা।
:আপোনাৰ অাৰু একো কবলগীয়া নাই যদি  ইয়াৰপৰা যাওঁ।
কৈ ঘূৰি আহিব লওঁতেই হাতখনত ধৰি ৰখাই দিলে, গাৰ সমস্ত জোৰেৰে টানি নিলে মোক।
ধক্।
এখন হাতেৰে মোৰ কঁকালত ধৰি ছপাই নিলে তেওঁৰ ওচৰলৈ, বহুত বেছি ওচৰলৈ।
কি হৈ গল হঠাতে, উশাহবোৰ ঘন ঘন হবলৈ ধৰিলে, অৰ্ণৱৰ ৰঙা চকু কেইটা ইমান ওছৰৰ পৰা চোৱাৰ সাহস মোৰ নাই, কিন্তু আঁতৰি যাব পৰা শক্তি খিনিও মোৰ নাই। চুলিখিনি উৰি উৰি গালে মুখে পৰিছে, কিন্তু হাত খন উঠাব নোৱাৰোঁ, সোঁহাত খন অৰ্ণৱৰ হাতৰ চেঁপাত, বাওঁহাতেৰে তেওঁৰ বাউসীত ধৰি কোনোমতে ঠিয় হৈ আছো।
ইফালে সিফালে চালো, ওচৰত কোনো নাই, হে নমো , বচাবা অাজি।
:Don’t you dare miss Astha, you can’t leave me like this.
:কোনোবাই দেখিব।
:I don’t care.
:please… মই নাযাও, please এৰি দিয়ক।

লাহে লাহে হাতৰ মুঠিতো ঢিলাই দিলে, কঁকালৰ পৰা হাতখন মই নিজেই আঁতৰাই দিলো, উশাহ তো এতিয়াহে ঘূৰাই পাইছো।
:আপোনাৰ খং কমিলে আহিব, মই আছো ইয়াতে।
ঘূৰি গৈ আকৌ একে ঠাইতে বহি পৰিলো, নিশা জনীও নহাই হ ল।
অৰ্ণৱ আহি ওচৰতে বহিল, একো কোৱা নাই বহুত সময়। মই নিজেই কলো..
:কাইলৈ ৰাতিপুৱা ঘৰলৈ যাম নিশাৰ লগত।
:নালাগে।
:কিয়?
:মই থৈ আহিম।
:দুয়োজনীকে?
:নিশাক নিবলৈ আংকল নাহে নেকি?
:ওহোঁ, তাই ঘৰলে নাযায়, এইবাৰো আমাৰ ঘৰতে থাকিব। সেইকাৰণে কৈছো, আপুনি নালাগে যাব।
:Okay, carefully যাবা।
:হমম।
আকৌ মনে মনে পাৰ হল সময়, নিশাই মেছেজ কৰিছে। তাই নাহে, অৰ্ণৱে নালাগে বুলি কলে। মোৰ লগত অকলে থাকিব বিচাৰে তেওঁ, এই অঁকৰা মানুহটো মোৰ।
:আপুনি নিশাক কি কলে???
:Do you really love me Astha?? If so, why? মোৰ ভাল পাবলগীয়া কিবা quality আছে জানো, are you sure about your feeling.
মোৰ কথাৰ উত্তৰ নিদি বেলেগ কথা উলিয়ালে অৰ্ণৱে।
:বাৰে বাৰে সুধি থকাটো জৰুৰী নেকি? ভালপোৱা হৈ যায়, ভাবি চিন্তি কৰা নাযায়। মোৰো হৈ গল, ভাল লাগিল আপোনাক, কিয় নাজানো, কেনেকৈ নাজানো, কিমান সেইটো ও নাজানো, বেছিকৈ সুধি নাথাকিব, সব খেলিমেলি হৈ যাব।
:মোক একো নোকোৱা? মোৰ গোটেই past life গম পালা, তাৰ পিছতো একো কবলৈ নাই তোমাৰ?
:যি সময়ত আপোনাৰ জীৱনত মই নাছিলো, সেই সময়ত যি ঘটনা ঘটিছিল সেই বিষয়ে মই একো কব নিবিছাৰো। কিন্তু আপোনাৰ মাৰ লগত কথা পাতি এটা কথা বুজিলো তেখেতে আপোনাক বহুত ভাল পায়। কিন্তু পৰিস্থিতত পৰি আপোনাৰ পৰা আঁতৰি থাকিব লগা হল, তেখেতক ভুল বুজি অাছে আপুনি।
:মই সব জানো আস্থা, বুৰ্বক নহয় মই।
:তেনেহলে ঘৰৰ পৰা আঁতৰি আছে কিয়, এবাৰ মা বুলি নামাতে কিয়, মানুহগৰাকীক ইমান কষ্ট কিয় দিছে?
:কাৰণ তেওঁ মোক বিচাৰি তেতিয়া গৈছিল যেতিয়া মই মৰিবলৈ ওলাইছিলো, what the hell was she doing when my grandfather snatched me from her, everyone manipulated me against her, why she didnt talk to me, why damn it.
:কাৰণ তেখেত এগৰাকী নাৰী, কবলৈ বৰ সহজ, কিন্তু সেই সময়ত এগৰাকী মহিলাই নিজৰ স্বামীক হেৰুৱাৰ পিছত কি কি সহিব লগীয়া হয়, সেইটো কোনেও নুবুজে, তেখেতে অকলে কিমান যুজ দিলে আপুনি বা মই নাজানো। মই এইটো কোৱা নাই যে আজিয়েই আপুনি তেখেতক মাফ কৰি দিয়ক। কিন্তু তেখেতক বুজিবলৈ চেষ্টা কৰক, নহলে গোটেই জীৱন আপোনালোক দুয়োজনে বৰ কষ্ট পাব। অাৰু আপুনি সুখী হোৱাটো মই বিচাৰো।
:Is it really you Astha??? I mean you are saying all these?
:কম বুলি ভবা নাছিলো, ভয়ো লাগিছিল আপোনাৰ আগত এইবোৰ কথা কবলৈ, কিন্তু কথাবোৰ মনতে থৈ দিলে সব কামতে আউল লাগে।মানে সব খেলিমেলি হৈ যায়। মই বহুত বেছি একো নাজানো, কিন্তু মই যিবিলাক মানুহক ভাল পাওঁ, সেই মানুহবোৰ হাঁহি থাকিলে, সুখী হলে মই ভাল পাওঁ, মোৰ মা দেউতাও তেনেকুৱাই। সেইকাৰণে কৈছো, অাগৰ কথাবোৰ ধৰি নাথাকি আহিবলগীয়া দিনবোৰৰ কথা ভাবক। JEC ত আপোনাৰ অাৰু মাত্ৰ এটা semester অাছে, তাৰ পিছত…
:তাৰ পাছত… মোক পাহৰি যাবা????
এই মানুহটো কেলেই এনেকুৱা নাজানো, কথাটো সম্পুৰ্ণ হবলৈ নিদিয়ে, খংটো উঠি আহিবই।
:উফ্,  আপুনি কেলৈ এনেকুৱা।
:মই এনেকুৱাই, কোৱা তাৰ পাছত কি???
:চাওক, মই এতিয়াই বহুত দূৰলৈ একো ভবা নাই, অাৰু মা দেউতাৰ মোৰ বাহিৰে কোনো নাই, দেউতা অলপ দিন পাছত retire হব, মোৰ ওপৰত বহুত দায়িত্ব অাছে, মই ভালকৈ পঢ়ি কিবা এটা কৰিব বিচাৰো, যাতে মা দেউতাৰ কষ্ট নহয়।
:I can understand, and I respect your thoughts.
:সেইকাৰণে কৈছো, মই বহুত বেছি দূৰলৈকে একো নাই ভবা।
:what do you mean? You will never marry me????
:মই বিয়া নহওঁ কেতিয়াও।
:WHAT!!!!!!! Nooooooo!

… আগলৈ

If you want to be notified as soon as the next post released, follow me in facebook

love story

#JEC Chapter 2 Part 9

Previous: #JEC Chapter 2 Part 8

                   নিশা, উৎপল দা অাৰু অনুৰাগ, তিনিওটা Conference কল লগাই ঘণ্টা ঘণ্টা ধৰি একেটা কথাকে পাতি আছে, কাইলৈ অৰ্ণৱ অাৰু মোক কেনেকৈ লগ লগাই দিব পাৰি। কাৰণ খঙত একো নাই নাই হৈ অাছে অৰ্ণৱ, মোৰ নাম ললেও গালি পাৰে উৎপল দাক। মই মনে মনে সিহঁতৰ কথাবোৰ শুনি শুনি হাঁহি আছো।
:ফোনটো ল।
:কি??
নিশাই হঠাৎ ফোনটো মোক দি আঁতৰি গল, মই ভাবিলো উৎপল দাৰ লগত কথা পাতিব লাগে, কিন্তু নহয়, সিফালে অৰ্ণৱ।
:নিশা, কিবা কবি?
খং উঠি থাকিলে অৰ্ণৱ অলপ বেছি গহীন হৈ যায়।
:নিশা নহয়, মই ।আস্থা ।
:I don’t wanna talk to you.
:মোৰ অাছে কথা পাতিবলগীয়া, কাইলৈ লগ পাম।
কৈয়ে ফোনটো কাটি দিলো, কিমান সাহস কৰি কথাটো কলো নিজৰে বিশ্বাস হোৱা নাই।অপেক্ষা মাথোঁ এতিয়া ৰাতিপুৱালৈ। এটা ধুনিয়া দিনৰ সপোন লৈ শুই থাকিলো।
        ৰাতিপুৱা শুই উঠিয়েই ব্ৰাচদাল মুখত লৈ ফোনটো চালো, নাই অৰ্ণৱৰ খা খবৰ নাই। মুখ হাত ধুই ছাহ কাপ লৈ বহিছো, আহিলে মেছেজ এটা।
:be ready, I will come to pick you up.
  অৰ্ণৱ????!!!!
খঙটো কমিল মানে, মুখত আপোনা আপুনি হাহি এটা ওলাই গল, নিশাক চোঁচৰাই নমাই দিলো বিচনাৰ পৰা। এঘন্টা আছে মোৰ হাতত এতিয়া, বুকুখন ধক ধক কৰিবলৈ ধৰিলেই। নিশাৰ বেছিহে অবস্থা বেয়া, তাইৰে মোৰে গোটেই কাপোৰ সোপা বিচনাত মেলি লৈছে, কি পিন্ধিম সেইতো ভাবি পোৱা নাই। সুধিবলৈ কোনো নাই হোষ্টেলত, ৰাতিপুৱাই ঘৰলৈ গল সৱ, বাহঁতৰ পৰীক্ষা আছে। দুয়োজনীয়ে এশবাৰ মান ভাবি ভাবি অৰ্ণৱৰ প্ৰিয় ৰঙৰ চুৰিদাৰ এযোৰ উলিয়াই ললো, ৰঙা। গাটো ধুই ওলাই আহি নিশাৰ আগত বহি দিছো, সৰুতে পুতলা সজোৱাৰ নিচিনাকৈ তাই মোক সজাইছে, কাজল আঁকিছে, পাতলকৈ লিপষ্টিক লগাইছে।
:তই নিজে ওলোৱাই নাইচোন।
:পাগল হলি নি তই? মই আকৌ কেলে যাম তহঁত দুটাৰ লগত।
:তইহে পাগল, মই অকলে অকলে অৰ্ণৱৰ লগত কেতিয়াও নাযাও, তাতে কালিৰপৰা মূৰটো গৰম হৈ অাছে, ঠিকছে গালি দিব মোক, তইয়ো বল না, তই থাকিলে বেছি গালি নিদিয়ে।
বহুত কাকূতি মিনতি কৰি নিশাক মান্তি কৰালো, সিধান্ত হল, অামি যত যাম, তাই আৰু অনুৰাগ তালৈকে আহিব। উশাহটো ঘূৰাই পোৱা যেন লাগিলে।
আইনাত  নিজকে এবাৰ চালো, প্ৰিয়জনক লগ পোৱাৰ হাবিয়াস সকলোৰে বাবে এনেকুৱাই নে? নিজকে তেওঁৰ বাবে সজাই তুলি ভাল পায়নে সকলোৱে ?
বুকু খন এনেকৈয়ে ধক ধক কৰেনে???????
ফোনটো বাজি উঠিল, অৰ্ণৱ।
:I am waiting outside.
ওলাই যাবলৈ ভয় লাগিলেই, নিশাক টানি টানি লগতে লৈ আহিছো। গেটৰ সন্মুখত ৰৈ আছে অৰ্ণৱ। মোৰ দৰে চাগে তেওঁৰো হৈছে। কলা ছাৰ্ট আৰু ব্লু জিনছত অাৰু বেছি ভাল দেখাইছে, কিন্তু এই দাঢ়ি সোপা কিয় নাকাটে নাজানো, গুণ্ডা গুণ্ডা লাগি যাই কিবা। পাতলকৈ হলেও ৰাখিবই। বাইকখনৰ ওচৰত গৈ ভূত টোৰ নিচিনাকৈ ৰৈ আছো। অলপ আঁতৰত ৰৈ নিশাই মুখ খন টিপি টিপি হাঁহি আছে।
:উঠা।
ধক্।
খং তো কালিৰ সমানেই আছে। ছুৰিদাৰ জোৰতকৈ বেছি ৰঙা মোৰ গাল খনহে হৈছে।
লাজে ভয়ে সৰু বেগটোতে খামুচি ধৰি ৰৈ আছো, কিন্তু এনেকৈ থাকিলে আৰু গালি খাম, গতিকে হাতখন তেওঁৰ কান্ধত থৈ বাইকত উঠিলো। চিনাকি গোন্ধটো আকৌ এবাৰ উশাহত।হাতখন আতৰাই আনিলো।
:অামি কলৈ যাম?
:কিয় লাগে? You can trust me. You will be safe.
:নহয় মানে নিশা আহিব।
:whatttt?? You invited people to join us in our first date?See Astha, if you still have doubt or if you feel unsafe with me, then please go back, I can understand.
:নহয়, মই তেনেকৈ ভাবি নিশাক মতা নাই, তাই থাকিলে আপুনি কমকৈ গালি দিয়ে কাৰণে মাতিছিলো।
:You are impossible! Can we leave now?
:হমম ।
:Bye Nisha.
:বাই অৰ্ণৱ দা, আহি আছো পিছে পিছে, লান্স একেলগে কৰিম।
:Sure.
:পোৱালিক গালি চালি নিদিব দেই বেছিকৈ।
:পোৱালিক কোৱা মোৰ খং টো নুঠাবলৈ।
হাঁহি হাঁহি নিশা ভিতৰলৈ সোমাই গল।
:ভালকৈ ধৰি লোৱা।
সোঁহাত খন তেওঁৰ কান্ধত থলো, আৰু অলপ কাষ চাপি বহিলো অৰ্ণৱৰ। অাজি ইমানদিনে অামি দুয়োয়ে বিচাৰি ফুৰা আমাৰ সময়খিনি অাজি একেলগে কটাম। হে নমো, অৰ্ণৱৰ খং তো যেন অাজি কমকৈ উঠে!!!!! আৰম্ভ হল আমাৰ যাত্ৰা, ডিচেম্বৰ মাহৰ ঠাণ্ডাৰ আমেজ, অাৰু ৰদৰ কোমল পৰশ, এটা মিঠা মিঠা অনুভৱ, চকুকেইটাই জপাই উশাহটো টানি ললো,এই ভাল লগাৰ যেন শেষ নহয়। কলৈ গৈ আছো নাজানো, কিন্তু গৈ থকা ৰাস্তাটো খুব ধুনিয়া, দুয়ো ফালে কেৱল সেউজীয়া। অৰ্ণৱে এতিয়ালৈকে এটাও কথা সোধা নাই। মইয়ো কিবা সোধাৰ সাহস কৰিব পৰা নাই।
বহুত সময় তেনেকৈয়ে গুচি গল।
:মই যেতিয়া বেছি lonely feel কৰোঁ, ইয়ালৈ আহোঁ।
:ধুনিয়া ঠাই।
:তুমি অহা নাই কেতিয়াও?
:ওহোঁ।
বিশাল ব্ৰহ্মপুত্ৰৰ পাৰৰ এখন ধুনীয়া ঠাই , নহয়, খুব বেছি ধুনীয়া ঠাই। নিমাতী। মই আগতে কেতিয়াও যোৱা নাছিলো। বাইক খন ৰখাই অলপ খোজকাঢ়ি গলো। দূৰ দূৰলৈকে কেৱল ব্ৰ্হ্মপুত্ৰৰ বিশালতা। বুকু জুৰ পৰি যোৱাকৈ সুন্দৰ এটা পৰিৱেশ।যিহেতু ডিচেম্বৰ মাহ, বনভোজ খাবলৈ অহা মানুহৰ অলপ ভিৰ। কিন্তু হলেও কিবা এটা ভাল লাগি গল মনটো।
:I have a special place of mine, want to see?
:হমম ।
মানুহৰ ভিৰৰ পৰা অলপ আঁতৰি আহিলো, তললৈ নামি যাওঁতে অলপ ভয় লাগিল, হলেও অৰ্ণৱৰ হাতত ধৰি আগবাঢ়ি গলো, কহুৱা বনৰ মাজে মাজে গৈ অলপ নিজান এটুকুৰা ঠাই, কোলাহল শূন্য, বোৱতী পানীৰ শব্দৰে জীপাল।
:you know what, I always wanted to bring you here. ইয়ালৈ আহি বহুত শান্তি পাওঁ মই। অকলে বহুতবাৰ আহিছো, ঘণ্টাৰ পিছত ঘণ্টা বহিছো, চিগাৰেট খাইছো, জীৱনত কি পালো, কি নাপালো হিছাপ কৰিছো, this place is so special for me. And thank you for coming here, it became more special for me now.
:ইয়াত বহিব পাৰি?
:of course, why not.
দুয়ো বহি কেৱল বৈ যোৱা পানী খিনি চাই আছো, দুয়োৰে বুকুৰ মাজত বহুত কিবাকিবি ঘটি আছে , ঠিক এই পানীখিনিৰ দৰেই, ওপৰত শান্ত, গভীৰলৈ গলে কোবাল ঢৌ, অহৰহ খুন্দিয়াই থাকে মনৰ মাজত। অৰ্ণৱৰ সোঁহাতৰ মুঠিত মোৰ বাওঁহাতখন, খামুচি ধৰি আছে। এৰি দিলেই যেন হেৰাই যাম। তেওঁৰ ফালে এবাৰ চালো, চকুকেইটা অলপ সেমেকা। কি হল???
:এনেকুৱা কিয় কৰিলা তুমি আস্থা?? Why Damn it??
খামুচি থকা হাতখন আতৰাই দি মুখ খন ঢাকি ধৰিলে তেওঁ, কি কৰিলো মই???????
.. আগলৈ
If you want to be notified as soon as the next post released, follow me in facebook
love story

#JEC Chapter 2 Part 8

Previous: #JEC Chapter 2 Part 7

উৎপল দা…??????

:সি মোক জীয়াই ৰাখিছে ইমানদিনে, ৰেজিয়া আৰু তাৰ কাৰণেই মই ‘মই’ হৈ থাকিলো ।
:অাৰু অৰ্ণৱ?? তেওঁ ইয়ালৈ ঘূৰি কেতিয়া আহিল?
:সময় সদায়ে একে নাথাকে। সেইখন ঘৰৰ পৰিবেশ লাহে লাহে সলনি হৈছিল। মোৰ দেওৰৰ বিয়া বাৰু কৰি নিজৰ সংসাৰ ডাঙৰ হল।অৰ্ণৱ লাহে লাহে কেৱল এটা দায়িত্ব হৈ পৰিল। তাৰ বয়স ষোল্ল বছৰ তেতিয়া, মোৰ শহুৰ দেউতাৰ হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিল। অৰ্ণৱক এবাৰ দেখা পাম বুলিয়েই লাজ অপমান সকলোবোৰ পাহৰি গৈছিলোঁ তেখেতসকলৰ ঘৰলৈ, কিন্তু নাই তাক তেতিয়াও আহিবলৈ নিদিলে। সেইদিনা তালৈ গৈ হে গম পালো অৰ্ণৱৰ খৰছ পাতি বহন কৰিবলৈ দেওৰ অাৰু মোৰ জা গৰাকী একেবাৰেই সাজু নহয়। মোৰ শাহুৱে কান্দি কাটি মোক কলে অৰ্ণৱক যাতে মই আকৌ আঁকোৱালি লওঁ। অদ্ভুত এই মানুহবোৰ। কিয়, কেনেকৈ ইমান জটিলতা সামৰি ৰাখে নিজৰ মাজত সেইয়া চাগে মই কেতিয়াও বুজি নাপাম। এবুকু আশা বুকুত বান্ধি সেইদিনা ঘৰলৈ উভতি আহিলো। তাৰ স্কুলৰ লগত কথা পাতি সমগ্ৰ খৰছ বহন কৰিলো, কিন্তু তাক জানিবলৈ দিয়া নাছিলো। খুড়াকে কৰিছে বুলিয়েই ভাবি থাকিলে সি। কিন্তু ককাক ঢুকাই যোৱাৰ পাছত অৰ্ণৱ অাৰু বেছি অকলশৰীয়া হৈ পৰিল। কেৱল কিতাপৰ মাজতেই সোমাই থকা হল, স্কুলৰ পৰা মোলৈ ঘনে ঘনে ফোন অহা হল, অৰ্ণৱৰ এনেকুৱা আচৰণে হোষ্টেলৰ সকলোকে আচৰিত কৰিলে। তেনেকৈয়ে সি 12th পাছ কৰিলে। তাৰ পাছত সি NIT ত এডমিশ্যন ললে, শ্ৰীনগৰত। কিন্তু কি হল তাত নাজানো, সি চাগৈ ভিতৰি ভিতৰি তেতিয়ালৈ শেষ হৈ গৈছিল, এন্টি ডিপ্ৰেছেন্টৰ overdose লৈ সি হস্পিতালত ভৰ্তি হব লগা হল, কিয় নাজানো, সেইদিনা সি প্ৰথমবাৰ মোলৈ ফোন কৰিছিল, একো নকলে, চেপাঁ চেপাঁ কান্দোনৰ শব্দ শুনি সকলো বুজি পালো মই। উৎপলক লগত লৈ পিছদিনাই উৰা মাৰিলো তাৰ ওচৰলৈ। অৰ্ণৱক দেখি ভয় খাইছিলো সেইদিনা মই, চকুৰ তলত ডাঙৰ ডাঙৰ গাত, ওঁঠ দুটা শুকান, চকু কেইটা অঙঠাৰ নিচিনা ৰঙা। ডক্টৰে জনাইছিল সি যে বহু দিন আগৰপৰাই সেইবোৰ tablet খাই আছিল। কিমান অকলশৰীয়া হলে এটা ওঠৰ বছৰীয়া লৰাই নিজৰ জীৱনটো এনেকৈ শেষ হৈ যাবলৈ দিব পাৰে???
মই কিন্তু সেইদিনা কন্দা নাছিলো, অৰ্ণৱ অলপ সুস্থ হোৱালৈ বাট চাই তাক একেবাৰে লৈ অহাৰ ব্যবস্থা কৰিলো, কিন্তু সি নাহে, মইয়ো এৰি নিদিলো। অৰ্ণৱৰ জেদতকৈ মোৰ জেদ বহুত বেছি আছিল, তাৰ বস্তু বাহানি লৈ,কলেজৰ formality কৰি তাৰ হাতত মাথোঁ টিকেট তো দিলো।
:মই নাযাও।
:option দিয়া নাই মই তোমাক, বলা।
:I can’t live with a woman like you! You got it Mrs Anuradha?
এটা পূৰ্নহতীয়া চৰ মাৰিছিলো তাক, হস্পিতালৰ দুৱাৰ মুখতে, অাৰু সহন শক্তি নাছিল মোৰ। পুনৰ প্ৰতিবাদ কৰা নাছিল সি। বাধ্য ছাত্ৰৰ দৰে মোৰ পিছে পিছে আহিল।
ঘৰ পাই তাৰ নতুন জেদ, সি মোৰ লগত নাথাকে, আনকি এইটো ঘৰত নোসোমালেই, আহমেদৰ লগত ড্ৰাইভাৰ কোৱাৰ্টাৰত থাকিবলৈ ললে। মোৰ বাহিৰে বাকীবোৰৰ লগত এটা দুটা কথা পাতে। একেবাৰেই ওলাই নাযায় ঘৰৰপৰা। ডাক্তৰ ঘৰলৈকে মাতি দিওঁ। লাহে লাহে সুস্থ হবলৈ ধৰিলে অৰ্ণৱ। উৎপলৰ লগত বন্ধুত্ব গঢ়ি উঠিল, পঢ়াতো সহায় কৰি দিলে, উৎপল তেতিয়া higher secondary final দিব, লগতে Engineering entrance বিলাকৰ বাবেও সাজু হৈছিল। মই উৎপলক কৈ অৰ্ণৱৰ কাৰণেও ফৰ্ম ফিলাপ কৰালো। মোৰ কথা অৰ্ণৱে একো নুশুনে, কিন্তু ৰেজিয়া আৰু উৎপলে কুটুৰি কুটুৰি তাক পৰীক্ষা দিয়ালে। ভগৱানৰ কৃপাত দুয়োটাৰে JEC তে এডমিশ্যন হল।ভগৱানক পৰি পৰি সেৱা কৰিছিলো সেইদিনা। মোৰ দুয়োটা লৰা একেলগ হল। কিন্তু অৰ্ণৱে যেন ঘৰৰপৰা ওলাই যোৱাৰ সুযোগ এটাহে পালে। ভাৰাঘৰত থকাৰ জেদ ধৰিলে। কাৰো বুজনি কামত নাহিল। মইয়ো সমানে জেদী। উৎপল লগত থাকিলেহে থাকিবলৈ দিম বুলি কলো, সি বৰ এটা আপত্তি নকৰিলে। সেই তেতিয়াই যি গল আৰু ঘূৰি অহা নাই। JEC য়ে অৰ্ণৱক অলপ হলেও সলনি কৰিলে, মোৰ লৰাটো আকৌ জী উঠিলে, লাহে লাহে আসমীয়া কথা বতৰা শিকিলে, মানুহক ব্যবহাৰ কৰিবলৈ শিকিলে। কিন্তু আকৌ খেলিমেলি লাগিল তুমি অহাৰ পিছত।
:কিন্তু মই কি কৰিলো????
:তোমাক লগ পোৱাৰ পিছত, বিশেষকৈ পূজাত তোমালোকৰ ঘৰলৈ গৈ সি বুজি পালে   সি জীৱনত কি হেৰুৱালে, পৰিয়াল কি বস্তু, উৎসৱ পাৰ্ৱনত আপোন জনৰ লগত থাকি কেনেকুৱা লাগে, সেইদিনা সি তোমালোকৰ ঘৰৰপৰা চিধাই ইয়ালৈ আহিছিল, ঘৰৰ ভিতৰ নোসোমালে, মোক দুৱাৰমুখতে যিমান পাৰে গালি পাৰিলে, তাৰ জীৱনটো   কিয় ধ্বংস কৰিলো, দেউতাকক কিয় হত্যা কৰিলো, মোৰ প্ৰেমিক কোন যাৰ বাবে মই এইবিলাক কৰিলো, মুঠতে অকথ্য, অকল্পনীয় কিছুমান কথা শুনিলো সেইদিনা। কেনেকৈ বুজাওঁ মই, আচলতে কি হৈছিল, কেনেকৈ হৈছিল। কেতিয়া যে বুজি পাব, মোক এবাৰ মা বুলি মাতিব!
হুমুনিয়াহ এটা কাঢ়ি তেওঁ ৰৈ গল। মইয়ো কি কম ভাবি পোৱা নাই।
:আস্থা, খোজ বোৰ সাৱধানে দিবা, অৰ্ণৱ বৰ জটিল। তুমি নোৱাৰিবা চম্ভালিব। তাতে তোমাৰ পঢ়া আৰম্ভ হৈছেহে, মা দেউতাৰ কিমান ছাগে সপোন আছে তোমাক লৈ, তেওঁলোকৰ কথাও ভাবিবা। তুমি জানো বিচাৰিবা তেওঁলোকে মনতে দুখ পোৱাতো।
:আপুনি কি বিছাৰে?
:মানে?
:নহয় মানে, আপুনি মই অৰ্ণৱৰ পৰা আঁতৰি থকাটো বিছাৰে, নহয় জানো।
:মুঠেও নহয়, মই মাত্ৰ নিবিছাৰো তুমি তাৰ ওচৰলৈ ক্ষণিকৰ বাবে আহা, আধৰুৱা কৰি মোৰ লৰাটো এৰি গলে সি আকৌ পাগল হৈ যাব, অাৰু গোটেই জীবনৰ কথা ভাবিবলৈ তুমি বহুত সৰু হৈ আছা, গতিকে নিজে আকৌ এবাৰ ভালকৈ ভাবি চাবা।
:হমম, ঠিক আছে।
কথাৰ মাজতে নিশাৰ কথা পাহৰিয়ে গৈছিলো, সেইজনী উৰি অহা দি আহি হেঁচা মাৰি ধৰিলেহি, ৰেজিয়া বাইদেউয়ে খাবলৈ মাতিছে। তললৈ নামি আহিলো, খোৱাৰ টেবুলত বিধে বিধে খোৱা বস্তু সজাই থোৱা আছে। কিছুমান মই চিনিয়ে পোৱা নাই, মানে ঘৰত কেতিয়াও খাই পোৱা নাই। হাত মুখ ধুই খাবলৈ বহিলো, মোৰ মুখামুখি কৈ অৰ্ণৱৰ মাক বহিল। নিশা অাৰু ৰেজিয়া বাইদেউৰ কথা তেতিয়াও শেষেই হোৱা নাই।
ভাতকেইটা লিৰিকি বিদাৰি বহি আছো। ইমানবোৰ কথা লুকাই আাছিল অৰ্ণৱৰ মাজত, অাজি প্ৰায় ছমাহ দিন তেওঁ মোক লগ পাইছে, কিন্তু কোনোদিন একো নকলে কিয়। খং, জেদ এইবোৰৰ মাজতে দুখবোৰ কিয় লুকুৱাই ৰাখিলে?
:আস্থা, তুমি একো খোৱা নাই যে? বেয়া হৈছে নেকি ৰন্ধা?
ৰেজিয়া বাইদেউৰ মাতত উচপ খাই উঠিলো।
:নাই নাই, বেয়া হোৱা নাই, খাইছো।
পেটৰ ভোক কেতিয়াবাই মৰিল, অাজি বহুত কিবাকিবি জানিলো, শুনিলো। সঁচাকৈ মা দেউতা অাৰু মোৰ পৃথিৱী খন ইমান সৰল, ইমান কোমল, সব মানুহ তেনেকুৱা হব নোৱাৰে নেকি? সবেই সবকে মৰম কৰিব, ভাল পাব নোৱাৰে নেকি?
 খাই উঠি অলপ সময় বহি সকলোয়ে কথা পাতিলো, অৰ্ণৱৰ মাকে কিন্তু বাৰে বাৰে মোৰ ফালেই চাই আছে, মোৰ মুখৰ সলনি হোৱা ৰঙৰ কাৰণ তেওঁৰ বাহিৰে ইয়াত থকা আন কোনেও নাজানে। সোনকালে ওলাই যাব পাৰিলেই ৰক্ষা।
:বল নিশা, অামি গৈ থাকো।
:আৰে যোৱাই নে, ইমান ভাল লাগিছে কথা পাতি, অাৰু অকণ সময় বহাচোন।
ৰেজিয়া বাইদেউয়ে জোৰ কৰিলে।
:তেওঁলোকৰ বেলেগ কামো থাকিব পাৰে, যাবলৈ দিয়া।
অৰ্ণৱৰ মাকে ভালকৈয়ে বুজিছে মোৰ অবস্থা, কোৱাৰ লগে লগেই বহাৰ পৰা উঠিলো।
:বলা, মই থৈ আহিম।
:নালাগে, অামি অট’ লৈয়ে যাম, টাউনত অলপ বজাৰ অাছে।
মুঠতে মই আৰু নোৱাৰোঁ, নিশাক কথাবোৰ কবই লাগিব। লগতে অৰ্ণৱৰ লগতো কথা পাতিব লাগিব।বিদায় লৈ লৰালৰিকৈ ওলাই আহিলো।
:আস্থা, কি হল, কিবা কলে নেকি অৰ্ণৱৰ মাকে।
:সব কম, অটত উঠি লওঁ।
বিচাৰি বিচাৰি এখন অট পালো, নিশাক এফালৰ পৰা সকলোবোৰ কৈ গৈছো, মোৰ দৰেই তাইৰো বিশ্বাস হোৱা নাই কথাবোৰ, চকু কেইটা ডাঙৰ কৈ মেলি মোৰ ফালে চাই আছে মাত্ৰ। গোটেইবোৰ কথা কলো তাইক, এতিয়াহে পাতল লাগিছে বুকুখন।
:আস্থা, অৰ্ণৱ দাক এইবোৰ নুসুধিবি।
:কিয়?
:কিয় মানে, পুৰণা ঘাঁ খুঁচৰি কি লাভ। অৰ্ণৱ দা আন লৰাৰ নিচিনা নহয়, তোৰ আগত নিজৰ দুখৰ কথা কৈ কোনোদিন sympathy লবলৈ অহা নাই, তইয়ো অৰ্ণৱ দাক এইবোৰ কথা জনাৰ আগতেই ভাল পাইছিলি, so বাদ দে। অৰ্ণৱ দা তোৰ লগত অকণমান সুখী হৈছে, হবলৈ দেচোন।
:কতনো সুখী, অাজি নোযোৱা কাৰণে বেয়া পালে মোক। কাইলৈ ৰাতিপুৱা ঘৰলে যামগৈ, লগেই নাপাও চোন।
:I have a brilliant idea. অামি ঘৰলৈ কাইলৈ নহয়, পৰহিলৈ যাম। এনেও বাঁহতৰ exam শেষ হোৱা নাই, তেওঁলোক থাকিবই, আমিও আৰু এদিন থাকি দিওঁ। and তই কাইলৈ অৰ্ণৱ দাৰ লগত ওলাই যাবি।
:কি???
আগলৈ….
If you want to be notified as soon as the next post released, follow me in facebook
Uncategorized

#JEC Chapter 2 Part 7

Previous: #JEC Chapter 2 Part 6

 

অৰ্ণৱৰ ওচৰত এবাৰ ধৰা দিলে তুমি অাৰু কেতিয়াও আঁতৰি যাব নোৱাৰিবা।
:মানে?
:মানে তুমি তাক আগতে জানি লোৱা ভালকৈ,আমাৰ আউল লগা জীৱন দুটাৰ বিষয়ে।
:কৈ যাওক, মই শুনি আছো।
:এইখন মোৰ দেউতাৰ ঘৰ, হাঁহি কান্দোন, পোৱা নোপোৱা, ৰাগ বিৰাগ সকলোৰে সাক্ষী এই ঘৰখন। মা দেউতা অাৰু মোৰ সপোনৰ ঘৰ। মোৰ দেউতা আছিল সেই সময়ৰ অসমৰ ভিতৰতে বিখ্যাত উকীল, লগতে ককাৰ দিনৰে চাহৰ বাগানখনো চলাইছিল তেওঁ। সমাজৰ এজন আদৰণীয় ব্যক্তি, উদাৰ মনোভাৱৰ। তেতিয়াৰ দিনতে মোক শ্বিলঙৰ Lady Keane কলেজত পঢ়িবলৈ পঠাইছিল দেউতাই । গ্ৰেজুৱেচনৰ পাছত ময়ো দেউতাৰ পথ অনুকৰণ কৰি law পঢ়িলো। মোৰ যেনেকৈ মন যায় তেনেকৈয়ে জীয়াই থকাৰ সম্পুৰ্ণ স্বাধীনতা দিছিল দেউতাই। সময়তকৈ বহুত আগবঢ়া আছিল তেখেতৰ মনোভাৱ।দেউতাৰ লগত বাগান চাইছিলো মই, মোৰ কথামতেই দেউতাই নতুন ব্যৱসায় আৰম্ভ কৰিছিল, মুঠতে কোনোদিনেই মই ছোৱালী, ঘৰৰ ভিতৰত থকা উচিত, এনেকুৱা একোৱেই ফিল হোৱা নাছিল।
কিন্তু সেই সময়ৰ সমাজ ব্যৱস্থাৰ কথা দেউতাই নাভাবিলেও মায়ে ভাবিছিল, বাৰে বাৰে মোক বিয়া দিৱলৈ দেউতাক কৈছিল।প্ৰথমতে মান্তি হোৱা নাছিলো যদিও পৰিয়ালৰ সকলোৰে কথামতে মইয়ো বিয়াত সন্মতি দিলো। দেউতাৰ বন্ধু পুত্ৰৰ লগত সম্পৰ্ক কৰাৰ কথা ওলাল, মইয়ো সন্মতি দিলো, অৰ্ণৱৰ দেউতাকক প্ৰথম লগ পাইয়ে ভাল লাগিছিল, সৱল ব্যক্তিত্বৰ এজন নম্ৰ মানুহ। শ্ৰদ্ধা ওপজিছিল প্ৰথম দেখিয়েই।লাহে লাহে কথা আগবাঢ়িল। শহুৰ শাহুৰ মই বৰ মৰমৰ হৈ পৰিছিলো, গোস্বামী বংশৰ একমাত্ৰ ছোৱালীক বোৱাৰী হিচাপে পাই তেওঁলোক সুখী হৈছিল। মোৰ শহুৰে দেউতাৰ লগত ব্যৱসায়িক সম্পৰ্ক আৰু টনকিয়াল কৰাৰ পৰিকল্পনা কৰিছিল।
বিয়াখন খুব ধুমধামেৰে হৈ গৈছিল, সকলো সুখী আছিল, বিশেষকৈ মোৰ দেউতা। বিয়াৰ পিছৰ সময়খিনি সপোনৰ দৰে ধুনীয়া আছিল। আমাৰ এখন সৰু সুখৰ সংসাৰ হল। অৰ্ণৱৰ দেউতাকক পাই মই ধন্য হৈছিলো। মোৰ আধৰুৱা পঢ়া তেওঁৰ বাবেই বিয়াৰ পাছত সম্পুৰ্ণ কৰিছিলো। মোৰ প্ৰতিটো সৰু সৰু কথাৰ খেয়াল ৰখা এজন খুব সুন্দৰ মনৰ মানুহ আছিল মোৰ স্বামী। তেওঁৰ সকলো কামত মোৰ উপদেশ, সহায় বিচাৰিছিল, আমি ইজনে সিজনৰ হাত ধৰি খোজ দিছিলো। বিয়াৰ প্ৰায় দুটা বছৰৰ পাছত আমাৰ মাজলৈ অৰ্ণৱ আহিল। দুয়োটা পৰিয়ালত আনন্দৰ উৎসৱ। অৰ্ণৱ দুয়োখন ঘৰৰে নয়নৰ মণি আছিল। মই দুগুণ সুখী হৈছিলো। অৰ্ণৱৰ দেউতাক অাৰু মই যেন অাৰু ভাল পাবলৈ লৈছিলো ইজনে আনজনক। কিন্তু সেই মধুৰ সময় বেছিদিন নাথাকিল।
মানুহগৰাকী আকৌ মৌন হৈ পৰিছে, চেপি ৰাখিছে ওলাই আহিব খুজা কান্দোনটো।
:এদিন ৰাতি হঠাৎ মোৰ স্বামীলৈ এটা ফোন আহিল, বাগানৰ শ্ৰমিকে আন্দোলন কৰিছে, মেনেজাৰে চম্ভালিব পৰা নাই। বাহিৰত তেতিয়া ধুমুহা বৰষুণ, মই বাৰে বাৰে মানা কৰিছিলো তেওঁক, মোৰ মনে আহিবলগীয়া অভিশপ্ত সময়ৰ উমান চাগে আগেয়েই পাইছিল, অৰ্ণৱেও দেউতাকৰ চোলাটোত ধৰি কান্দিছিল নাযাবা বুলি। মাথোঁ এঘন্টাতে ঘূৰি আহিম বুলি কোৱা মানুহজন দুটা দিনৰ পিছত ঘূৰি আহিছিল, বগা কাপোৰেৰে শৰীৰটো ঢাকি।
মই…

অাৰু কব পৰা নাই মানুহগৰাকীয়ে, চকুৰ পানী ধাৰাসাৰে বৈ আহিছে, হয়তো বহুদিন চেপি ৰাখিছিল এই কান্দোন, চকীখনৰ পৰা উঠি গৈ তেখেতৰ কাষতে বহিলো, কি কৰিম ভাবি পোৱা নাই, তেওঁৰ হাতখনৰ ওপৰত মোৰ হাতখন থৈ মাথোঁ বুজাব বিচাৰিলো তেওঁৰ দুখৰ গভীৰতা মই বুজিছো।
:মই পাগল হৈ গৈছিলো আস্থা, অৰ্ণৱে একোৱেই বুজা নাছিল তেতিয়া। পুলিচৰ অনুসন্ধানত গম পাইছিলো তেওঁক বহুদিন আগৰপৰাই কোনোবাই ফোন কৰি ধন দাবি কৰি আছিল, সেইদিনাও তেনেকুৱা কিবাই হৈছিল, কিন্তু মোক সেই বিষয়ে একো কোৱা নাছিল তেওঁ। আজিও নোলাল তেওঁৰ হত্যাকাৰী কোন আছিল। কাগজে পত্ৰই তেওঁৰ মৃত্যুক লৈ নতুন নতুন কাহিনী ওলাল, পৰকীয়া প্ৰেমৰ পৰা আৰম্ভ কৰি বানিজ্যিক লোকচানলৈকে। মোকো সাঙুৰি লোৱা হল, হত্যাকাৰী বুলি সন্দেহ কৰি অবৰ্ণনীয় মানসিক অত্যাচাৰ চলোৱা হল। অৰ্ণৱৰ মুখলৈ চাই সকলো পাহৰিলো, মৰি মৰিও জীয়াই থকাৰ বাবে সাজু হলো, কিন্তু সেইয়াও হৈ নুঠিল।

:কিয়???
:তাৰ পাছতহে মই মানুহ চিনি পালো বুজিছা। বেলেগৰ কথা বাদেই দিলো, মোৰ নিজৰ শহুৰ শাহুৱে সন্দেহ কৰিবলৈ ললে, মানুহৰ কথাত বিস্বাস কৰি অৰ্ণৱক মোৰ পৰা কাঢ়ি নিলে, মোৰ কোনো কথাই নামানিলে, মা দেউতাও তেওঁলোকৰ ভৰিয়ে হাতে ধৰি কাবৌ কোকালি কৰিলে, কিন্তু তেওঁলোকৰ মন গলাব নোৱাৰিলে। অবুজন শিশু এটাক মাকৰ বুকুৰ মাজৰপৰা কাঢ়ি নি তেওঁলোকে কি সুখ পালে নাজানো। আইনৰ সহায় লৈও ঘূৰাই আনিব নোৱাৰিলো অৰ্ণৱক, ওলোটাই মোকহে দোষী সাব্যস্ত কৰা হল। লাহে লাহে মই ডিপ্ৰেছনত ভুগিবলৈ ধৰিলো, অৰ্ণৱক এবাৰ চাবলৈ তেওঁলোকৰ ঘৰৰ বাহিৰত ৰৈ ৰৈ থাকো। কিন্তু মোৰ সেই পাগলামী বোৰে অৰ্ণৱৰ হে অপকাৰ কৰিলে। মই যাতে তাক লগ কৰিব নোৱাৰো, তাৰ বাবেই সাত বছৰীয়া লৰাটোক নি দিল্লীৰ কোনোবা International স্কুলত নাম লগাই দিলে, হোষ্টেলত থকাৰ ব্যবস্থাও কৰিলে। একো বুজি নাপায় তেতিয়া অৰ্ণৱে, ককাক অাৰু খুড়াকে মোৰ লৰাটোৰ সৰু কালটো শেষ কৰি পেলালে। সকলো আপোন মানুহৰপৰা আতঁৰত থোৱা হল তাক, মই লগ পাওঁ বুলি স্কুলৰ বন্ধত অসমলৈ আহিবলৈও দিয়া হোৱা নাছিল , হোষ্টেলৰ আয়াৰ ওচৰতে থাকে। মই খবৰ পাইছিলো প্ৰায় তিনি চাৰি বছৰৰ পাছত। তাক লগ কৰিবলৈ দিল্লী পাইছিলোগৈ, কিন্তু অৰ্ণৱ তেতিয়ালৈ মোৰ অৰ্ণৱ হৈ থকাই নাছিল, ১১ বছৰীয়া লৰাটো যেন বয়সতকৈ বহুত বেছি ডাঙৰ হৈ গৈছিল, মোৰ সৈতে কথা পতাৰ কোনো ইচ্ছা নেদেখিলো মই, ঘৰলৈ নাহোঁ বুলি একে আষাৰেই কৈ দিছিল। বেছি জোৰ কৰিলে security মাতিম বুলি মোক ধমকি দিছিল সি। মুখত এটাও অসমীয়া কথা নুশুনিলো তাৰ, নিজৰ ভাষা,নিজৰ ঠাই, আপোন মানুহ,এই সকলোবোৰৰ পৰা বহুত দূৰলৈ গুছি গৈছিল মোৰ বাবা। শিল হৈ গৈছিলোঁ তাৰ কথাবোৰ শুনি, মোৰ অৰ্ণৱ কেনেকৈ ইমান সলনি হৈ গৈছিল বুজি নাপালো, মোৰ প্ৰতি থকা ঘৃণাৰ ভাব তাৰ প্ৰত্যেকটো কথাতে স্পষ্ট হৈ ওলাই পৰিছিল, সেইদিনা আকৌ এবাৰ মৃত্যু হৈছিল মোৰ। দিল্লীৰ পৰা এজনী বেলেগ অনুৰাধা হৈ ঘূৰি আহিছিলো।

মোৰ হাতখন চেপাঁ মাৰি ধৰিলে তেওঁ, খং দুখ অভিমান স্পষ্ট হৈ পৰিছে ৰঙা পৰি যোৱা মুখ খনত।

:কিন্তু মোৰ দে্উতাই মোক হাৰিবলৈ নিদিলে, আকৌ আৰম্ভ কৰিলো মোৰ জীৱন, এই লেতেৰা সমাজখনক বুঢ়া আঙুলি দেখুৱাই কেৱল কামত ব্যস্ত হৈ পৰিলো, দেউতাক ব্যৱসায়ত সহায় কৰিবলৈ ললো, তেতিয়াই আমাৰ ঘৰলৈ আহিছিল ৰেজিয়া, দেউতাৰ অতি বিস্বাসী কৰ্মছাৰী আহমেদৰ পত্নী ।গাৱঁৰ পৰা নিজৰ লৰা ছোৱালীৰ সইতে গুচি আহিছিল আমাৰ ঘৰলৈ। ৰেজিয়াৰ মাজত মই মোৰ নিজৰ ভণ্টি এজনী বিচাৰি পাইছিলো, খুলি কৈছিলো সকলো কথা, কান্দিছিলো তাইৰ কোলাত মূৰ থৈ। ৰেজিয়াৰ ডাঙৰ লৰাটো প্ৰায় অৰ্ণৱৰ সমবয়সীয়া, তাকে অৰ্ণৱৰ নিচিনাকৈ মৰম কৰিছিলো। এদিন ৰেজিয়াই কলে..
:বাইদেউ, ই আপোনাৰ লৰা বুলিয়েই ভাবিব, মোক ভগৱানে তিনিটা লৰা ছোৱালী দিলে, আপোনাক এটা দি কাঢ়ি লৈ গল, আপুনি মন্ বেয়া নকৰিব। মোৰ লৰা আপোনাকে গতালো আজিৰপৰা, চাব অাৰু আপুনিয়েই।

মৰি যোৱা মমতা জাগি উঠিছিল মোৰ, ৰেজিয়াৰ ডাঙৰ লৰাক নিজৰ কৰি ললো, বংশৰ নাম দিলো, ৰেজিয়াই নিজেই তাৰ নতুন নাম এটাও দিলে। উৎপল। চিনি পোৱা নহয়।

:উৎপল দা…??????
আগলৈ…..

 

If you want to be notified as soon as the next post released, follow me in facebook

Uncategorized

#JEC Chapter 2 Part 6

Previous: #JEC Chapter 2 Part 5

 

পৰীক্ষা শেষ হল, ওলাই আহিয়েই টিনাৰ উৎপাত ওলাই যাবই, গড় আলিৰ ফুচকাৱালা কেইজনক হেনো তাই সপোনতে দেখিছে। গতিকে অাজি যাবই। মই নাযাঁও বুলি কোৱাত গোটেইকেইজনী জকজকাই উঠিল। নিশা অাৰু অনুৰাগ বেলেগকৈ যাব। মই টিনা অাৰু ৰাজী যাম একেলগে। উপায় নাপায় ওলালো যাবলে।
গেটৰ সন্মুখত অটৰ কাৰণে ৰৈ আছো। যতে বাঘৰ ভয় তাতে ৰাতি হয়। ওছৰৰ দোকানখনত অৰ্ণৱ অাৰু উৎপল দাদা। মোক দেখি ওচৰ চাপি আহিল।
:কাইলৈ ৰেডি থাকিবা।
:নোৱাৰিম।
:Its not a request, its an order from your senior.
:কিন্তু..
:Shhh.. Be ready. মই ১০ টাত আহিম।
:…
:এতিয়া কত যোৱা?
:টাউন।
:কি কাম আছে?
:মই আপোনাক সোধো নেকি এইবিলাক?
খং উঠি আহিল, মোৰ কথা শুনাৰ ধৈৰ্য্য নাই, কাইলৈ কিয় যাব নোৱাৰোঁ সেইতো কোৱাৰ সুযোগেই নিদিলে। মোক আকৌ কলৈ যাম, কিয় যাম সব সোধে। মূৰটো গৰম হৈ যায়।
:Dont you dare talk to me like that Astha.
ৰঙা চকুকেইটা বেছি দেৰি চাই থাকিব নোৱাৰোঁ। ভাগ্য ভাল অট এখন আহি পালেহি, দৌৰি গৈ উঠিলোগৈ।
:কাইলৈ আমাৰ পোৱালিৰ first date, মইতো ভাবিয়েই পাগল হৈ গৈছো। কি পিন্ধিবি ক না ক না।
মোৰ ভয়তে অবস্থা বেয়া এইজনীৰ আকৌ কাপোৰ লৈ হে চিন্তা। মনে মনে আছো।
দুয়োজনীৰ লগত দোকানে দোকানে ঘূৰি শেষত বিউটি পাৰ্লাৰ এখনত বহিলোগৈ। এতিয়ালৈকে মই থ্ৰেডিং কৰাই পোৱা নাই। আজি দুয়োজনীয়ে হেঁচা মাৰি ধৰি কৰাইহে এৰিলে। বিষত থাকিব পৰা নাই। ৰঙা হৈ ফুলি গৈছে। তাৰ পিছতো নেৰিলে। নতুন ৰূপ এটা লৈ হোষ্টেল পালোহি। কিবা নিজকে বেলেগ বেলেগ দেখিছো, অলপ ডাঙৰ ডাঙৰ। ভাগৰে হেঁচা মাৰি ধৰিছে, তাৰ ওপৰত কাইলৈ কি হয় ঠিক নাই। মুখ হাত ধুই বিচনাত পৰি মালৈ ফোন কৰিলো। অৰ্ণৱৰ মাকে যে লগ কৰিব বিচাৰিছে সেইয়াও কলো। বহুত সময় মনে মনে থাকি মায়ে উত্তৰ দিলে। লগত নিশাকে লৈ যাবি। ডাঙৰ মানুহ এগৰাকীয়ে কিবা কব খুজিছে যেতিয়া শুনি ল। মাৰ সঁহাৰি পাই সকাহ পালো।
নিশাৰ আগত সকলো খিনি কলো, তাইয়ো লগত যাবলৈ মান্তি হল। বাৰে বাৰে বুজাইছে মোক ভয় নাখাবলৈ। অৰ্ণৱৰ ৰঙা চকুকেইটা মইহে চাব লাগিব। অাজি সপোনতো আহি মোক গালি পাৰিব মই জানো। কম্বল খন টানি শুই পৰিলো।

:উঠ আস্থা, কিমান শুই থাক অাৰু, ফোনটো বাজি অাছে তোৰ।
ৰাতি পুৱালে তাৰমানে, হে ভগৱান নটা বাজিলে। ফোনটো চালো, অৰ্ণৱৰ মিছ্দ কল এসোপামান। মাকেও ফোন কৰিছিল। প্ৰথমতে তেখেতক ফোন কৰিলো, নিশা যে লগত যাব কলো। এঘাৰমান বজাত লৈ যাবহি বুলি কলে।এইবাৰ অৰ্ণৱলৈ ফোন কৰিলো।
:ফোন কিয় উঠোৱা নাছিলা?
:শুই আছিলো।
:You have only one hour. Be ready.
:মই নোৱাৰিম আপোনাৰ লগত যাব।
:and why ?
: আপোনাৰ মায়ে মোক অাজি লগ কৰিব বিচাৰিছে।
:…
:শুনিছে নে? হেল্ল ‘?
:কিয় লগ কৰিব খুজিছে?
:সেইতো কোৱা নাই।
:তুমি যাবা?
:হমম।
:মোক এবাৰ সুধি চোৱা জৰুৰী নাছিল?
:মানে?
:You should have asked me once. Do as per your wish.
:মই কালি কম ভাবিছিলো, আপুনি হে..
:Cut the crap Astha. Leave it.
ফোনটো কাটি দিলে। এইবাৰ ভালকৈয়ে জগৰ লাগিল গম পালো, কিন্তু ইমানকৈ খং উঠিব লগীয়া কি হল বুজি নাপালো।ভাবি নাথাকো, সোনকালে গা ধুই ওলাব লাগে।একেবাৰে নতুন চুৰিদাৰ এযোৰ উলিয়াই লৈছো, নেভী ব্লু কালাৰৰ। চুলিখিনিও ধুব লাগিব।
ঠিক এঘাৰ বজাৰ লগে লগে তেওঁৰ মাকে ফোন কৰিলে, ওলাই আহি দেখো হোষ্টেলৰ সন্মুখত ৰৈ আছে, গাড়ীৰ পৰা নামি অলপ আগবাঢ়ি আহিল। মই তেতিয়াও মূৰত টাৱেলখন মাৰিয়েই থৈছো, চুৰিদাৰ যোৰ পিন্ধি বাথৰূমৰ পৰা ওলোৱা ভাগেই বাৰাণ্ডা পালোহি। মোক দেখি হাঁহিলে।
:মই ৰৈছো, তুমি ভালকৈ ready হৈ আহা।
অলপ সময় পাছত নিশাৰ লগত ওলাই আহিলো, অৰ্ণৱৰ মাকে গাড়ীৰ পিছফালৰ দুৱাৰ খুলি দি নিজে ড্ৰাইভিং ছিটত বহিল।
:আস্থা, বাবাক ফোন কৰাচোন।
:বাবা?
:Sorry, অৰ্ণৱক।
আচৰিত হলো, তেখেতে নিজে কিয় ফোন কৰা নাই, মোক কিয় কৈছে!
কেইবাবাৰো ৰিং কৰি কৰি বন্ধ হৈ গল, তেওঁ ফোন নুঠালে।
:থাকক দিয়া।
গোটেই ৰাস্তাটো তেখতে নিশা অাৰু মোৰ লগত কিবা কিবি কথা পাতি আহিল, মানুহগৰাকী ইমান মৰমীয়াল, অৰ্ণৱ বাৰু এখেতৰে সন্তান হয় নে? ইমান ভাল মানুহগৰাকীৰ ইমান খঙাল পুতেক হব পাৰে জানো।
:এইটোয়ে আমাৰ ঘৰ।
প্ৰকাণ্ড গেটখন মানুহ এজনে খুলি দিলে, গাড়ীখন গেটৰ ভিতৰলৈ ভৰাই তেখেতে চাবিটো মানুহজনক দি আমাক ঘৰৰ ভিতৰলৈ লৈ গল। খুব সুন্দৰকৈ সজোৱা ড্ৰয়িংৰুমটো, এটা এটা বস্তু যেন বাচি বাচি আনি সজাই থৈছেহি ইয়াত। এটা বগা ৰঙৰ চফা, এনেকুৱা লাগে বহিলে লেতেৰা হৈ যাব। বেলেগ বেলেগ ধৰণৰ বহুত indoor plant, বেৰত কেইবাখনো ফটো কিন্তু অৰ্ণৱৰ এখনো নাই। আমাক বহিবলৈ কৈ তেখেতে ভিতৰলৈ সোমাই গল। অলপ পাছত এগৰাকী অলপ বয়সীয়াল মহিলা হাতত এখন ট্ৰে অাৰু দুগিলাছ juice লৈ ওলাই আহিল।
:আস্থা তুমি নেকি?
:হয়।
:এইয়া ৰেজিয়া, মোৰ লগৰী বুলিয়েই ভাবিব পাৰা।
অৰ্ণৱৰ মাকে ওলাই আহি আমাক চিনাকি কৰাই দিলে। মোৰ ফালে এনেকৈ কিয় চাই অাছে বাৰু, নিশাই টেপেৰ টেপেৰ কথা আৰম্ভ কৰিলেই, মইহে মুখেৰে একো মাতিব পৰা নাই।
:আস্থা, তুমি অলপ মোৰ লগত আহাঁচোন, নিশা তুমি বহাচোন,বেয়া পাবা নেকি?
:তুমি মোৰ লগত পাকঘৰলৈকে বলা।
নিশা ৰেজীয়া বাইদেউৰ লগত চিধাই পাকঘৰ পালেগৈ, ইম্মান সোনকালে মিলি যাব পাৰে এইজনী, মইহে কিবা ভূতৰ নিচিনাকৈ থাকো।
ড্ৰয়িংৰুমটোৰ ভিতৰতে থকা চিৰিয়েদি ওপৰলৈ উঠি গলো, আগে আগে অৰ্ণৱৰ মাক, পাছে পাছে মই। বুকুখন ধক ধক কৰিছে।
:এইটো মোৰ ৰূম, বহা।
বিছনাখনৰ ওচৰতে থকা সৰু চোফাখনত বহিলো, তেখেত বিচনাখনৰ চুক এটাত মোৰ মুখা মুখি কৈ বহিল। মন কৰিলো, বিচনাৰ ওচৰত এখন ডাঙৰ photo, চাৰি পাঁচ বছৰীয়া লৰা এটাৰ, অৰ্ণৱ যেনেই লাগিল দেখাত। কিন্তু মৰমলগা হাঁহিটো দেখি নহয় যেনো লাগিল।
:বাবাই তোমাক নিজৰ বিষয়ে কিবা কৈছে নে?
:ওহোঁ।
:তুমি তাৰ বিষয়ে কি জানা?
:মানে?
:তুমি তাক ভাল পোৱা?
:হমম।
:কষ্ট পাবা তুমি আস্থা, মই তোমাৰ বিষয়ে সকলোবোৰ জানো, তুমি মৰমৰ বাহিৰে একো দেখা নাই জীৱনত, কিন্তু অৰ্ণৱৰ পৃথিৱী খন বৰ অন্ধকাৰ, তোমাক মই জানি বুজি কষ্ট দিব নোৱাৰোঁ। খঙত অৰ্ণৱে সকলো শেষ কৰি দিব পাৰে, তোমাকো কষ্ট দিব নিজেও কষ্ট খাব, তুমি তাক নাজানা কিন্তু মই জানো, সি তোমাক কিয় ভাল পায়।
:কিয়?
:তোমাক যেতিয়া সি প্ৰথম বাৰ তোমাৰ দেউতাৰ লগত কলেজত দেখিছিল, দেউতা অাৰু তোমাৰ মৰম দেখি তাৰ হিংসা হৈছিল, তোমাক যে সকলোয়ে মৰম কৰে, তাৰো মন যায় তোমাক মৰম কৰিবলৈ, তোমাৰ মৰমৰ ভাগ লবলৈ। তাৰ খং জেদ সকলোবোৰ তুমি যে সহি থাকা, সি ভাবে তুমি দুৰ্বল, জোৰ কৰি তোমাক ভাল পাব বিচাৰে সি, জোৰ কৰি তোমাৰ ভাল পোৱা আদায় কৰিবও খোজে। মৰম নোপোৱা মানুহবোৰে যেতিয়া কৰবাত ইমান মৰম একেলগে দেখে, তেতিয়া ভিতৰত শুই থকা মৰম আকলুৱা শিশু বোৰ সাৰ পাই উঠে। অৰ্ণৱৰ লগতো সেয়াই হৈছে, তোমাৰ মাজত সি নোপোৱা মৰমৰ ভাগ বিচাৰিছে।
:মই ঠিক বুজি পোৱা নাই আপুনি কি কব বিচাৰিছে, অৰ্ণৱ অাৰু মই এতিয়াও ইজনে সিজনক জানিবলৈ বাকী অাছে, কিন্তু আজিলৈকে যিমান খিনি বুজি পাইছো বহুত মৰম, বহুত ভালপোৱা তেওঁৰ মাজতো আছে, যিটো অদ্ভুত খং এটাৰ আৰত লুকাই থাকে।
:সেই খংটোৰ কাৰণ তুমি জানানে?
:নাজানো।
:মই,মোৰ বাবেই সি এনেকুৱা হল, কিন্তু জানি বুজি মইয়ো একো পাপ কৰা নাছিলো, সমাজে দিয়া কিছুমান অপবাদে আমাৰ দুয়োটাৰে জীবন অন্ধকাৰ কৰি পেলালে। তোমাক সেইবিলাক মই কব নিবিছাৰো, কোনোবাই মোক বা মোৰ সন্তানক পুতৌ কৰি ভাল পোৱা দিয়ক সেয়া মোৰ ভাল নালাগে। অৰ্ণৱেও নিবিচাৰিব তুমি তাক তেনেকৈ ভালপোৱা দিয়াটো।
:পুতৌ? ভালপোৱা হৈ যায়, হিছাপ নিকাছ কৰি কৰা নাযায়, অৰ্ণৱৰ অতীত জনাৰ আগতেই মই তেওঁক ভাল পাইছিলো,মানুহৰ বৰ্তমানক মই বিচাৰ কৰো, অতীতক নহয়।
কত ইমান সাহস পাইছো নাজানো, কিন্তু তেখেতৰ কথাৰ উত্তৰ নিদিয়াকৈ থকা নাই, মনত যি ভাবিছো কৈ দিছো।
:জানিব খুজিছা তাৰ বিষয়ে?
:সেইতো আপুনি বিচাৰ কৰি চাওক, যদি মই কথাবোৰ জনাটো উচিত বুলি ভাবে, মই নিচ্ছয় শুনিম।
:কম, সকলোবোৰ খুলি কম তোমাক, কিন্তু কথাবোৰ জানি তুমি যেন মোক ভুল নুবুজা।
:মই বহুত কথাই বুজি নাপাও, কিন্তু আপোনাক বুজিবলৈ চেষ্টা কৰিম।
:চন্দ্ৰ মোহন গোস্বামীৰ নাম শুনিছা?
:শুনিছো মাহঁতৰ মুখত।
:মোৰ দেউতা, মই তেখেতৰ একমাত্ৰ ছোৱালী আছিলো, ঘৰৰ আলসুৱা, তোমাৰ দৰে, কিন্তু অাজি মই যত আছো, সেইটো মই মোৰ ছোৱালী কালত কল্পনা কৰিবও পৰা নাছিলো। সেইকাৰণে কৈছো তোমাক, আকৌ এবাৰ ভাবি চোৱা, অৰ্ণৱৰ ওচৰত এবাৰ ধৰা দিলে তুমি অাৰু কেতিয়াও আঁতৰি যাব নোৱাৰিবা।

আগলৈ…

 

If you want to be notified as soon as the next post released, follow me in facebook

Uncategorized

#JEC Chapter 2 Part 5

Previous: #JEC Chapter 2 Part 4

সেই বিশেষ দিনটো মোৰ বাবে যিমান ভাল লগা হব লাগিছিল, সিমান নহল। কিবা এটা অপৰাধবোধে বাৰে বাৰে আমনি কৰে, মাৰ মুখ খন মনত পৰিলেই অৰ্ণৱৰ বুকুৰ মাজত কুচি মুচি সোমোৱা মই জনী উচপ খাই উঠো, নোহোৱা কৰি দিব বিচাৰোঁ সেই সময়খিনি। লাজ, ভয়, অনুশোচনাত বাৰুকৈয়ে দগ্ধ হৈছো। তেওঁৰ পৰা আঁতৰি থাকিবলৈ লৈছো আজিকালি, ফোনত কথা পাতিব বিচাৰিলেও পঢ়িবলৈ অাছে বুলি কাটি দিওঁ, তেওঁৰ খং উঠে, কিন্তু একো নকয়। এইকেইদিন যিমান পাৰো সোনকালে কলেজৰপৰা ওলাই আহোঁ, পৰীক্ষাৰ ওচৰ চপা বাবে ক্লাছবোৰো কমকৈ হৈছে। বাইদেউৰ দোকানলৈকো ওলাই নোযোৱা হলো।মুঠতে মই যেন নিজৰ পৰাই পলাই ফুৰিছো। অাজিও নিশাক নোকোৱাকৈয়ে ক্লাছৰপৰা ওলাই আহিলো, আজিকালি অনুৰাগ অাৰু নিশা প্ৰায়ে কথাত মচগুল হৈ থাকে, তাহাঁত দুটাৰ মাজত সোমাবলৈ মন নাযায়। কিবা মৰমলগা চৰাই পোৱালিৰ দৰে দুইটা, নিজৰ পৃথিবীত ব্যস্ত।অনুৰাগে নিশাৰ কাৰণে ৰুমত মেগী বনাই টিফিনত লৈ আহিছিল। কথাটো ক্লাছত ওলাই পৰিল, দুইটাকে গোটেইবোৰে বেৰি লৈ জোকাইছে। অলপ দেৰি সেইখিনিতে ৰৈ থাকি গুচি আহিলো। হোষ্টেলৰ ওচৰ পাই দেখো অৰ্ণৱ আগৰেপৰাই ৰৈ অাছে, দুপৰীয়া সময়। নেদেখাৰ ভাও জুৰি আঁতৰি যাব খুজিলো।
:Enough Astha.
ৰৈ গলো, বাইকখনৰ পৰা নামি দপদপাই মোৰ ওচৰ পালেহি।
:What the hell are you doing miss Astha?
:কি কৰিলো?
:Oh really, you don’t even know? Why are you ignoring me like this?
:Exam পাইছেহি, সেইকাৰণে।
গোকাট মিছা কথা এটা কৈ দিলো, তেওঁৰ অাৰু বেছি খং উঠিছে।
:Don’t lie.
:সঁচাকে কৈছো।
:You need time? To think about us again? Tell me clearly Astha. I am really irritated with your behaviour.
মনে মনে আছো, মোৰ মনত কি চলি অাছে তেওঁক বুজাব নোৱাৰো মই। তেওঁৰ প্ৰতি মোৰ মনত কি অাছে সেয়া মই দুনাই বিচাৰ কৰি চোৱাৰ প্ৰয়োজন নাই, কিন্তু মা দেউতাৰ কথা ভাবিলে যি অপৰাধ বোধ হয় সেয়া মই কেনেকৈ বুজাওঁ।
:Answer me damn it.
উচপ খাই উঠিলো।
মোৰ চলচলীয়া চকু কেইটা দেখি তেওঁ আচৰিত হল।হয়তো অলপ বিৰক্তও হৈছে।
:Okay, finish your exam, we seriously need to talk Astha.
দৌৰি গুচি আহিলো ৰূমলৈ, দৰজাখন বন্ধ কৰি বিচনাতে পৰি দিছো। এনেতে ফোনটো বাজিল।
:My Jacket.
তেওঁৰ জেকেট টো এতিয়াও মোৰ ওচৰতে অাছে, ঘূৰাই দিয়া হোৱা নাই। আজিকালি গুলোৰ ঠাইত এইটো থাকে শোৱাৰ সময়ত। কেনেকৈ ঘূৰাই দিওঁ।
:পিছত দিম।
:what??? Are you mad Astha, you don’t want to talk, don’t want to meet, don’t wanna see me, then y u need that.
:সৱ কথাৰে উত্তৰ নাই মোৰ ওচৰত।
:You are just impossible.
কাটি দিলো ফোনটো। জেদ মোৰো আছে, নিদিওঁ বুলি কৈছো যেতিয়া নিদিওঁ।তাৰ পাছত আৰু তেওঁৰ ফোন নহা হল।

JEC ত প্ৰথম পৰীক্ষা আৰম্ভ হল, হোষ্টেলৰ পৰিৱেশ একেবাৰে সলনি, কাৰো মাত নুশুনি, পঢ়াত ব্যস্ত সকলোবোৰ, একমাত্ৰ নিশাৰ বাহিৰে। অকণমানো কিতাপ নেমেলে, ফোন অাৰু লেপটপটো খুলি কিনো কৰি থাকে নাজানো। গালি পাৰিও লাভ নাই, বহুত বেছি বকি থাকিলে আধা ঘণ্টামান কিতাপ খন খোলে, আকৌ শুই থাকে।এনেকৈয়ে দুটামান পৰীক্ষা গল, কাইলৈ physics অাছে ।পঢ়ি আছো আজিও অকলে, নিশা শুই অাছে। এনেকুৱাতে সাংঘাটিক হুলস্থূল বাহিৰত। গোটেইজনী ভয়তে পেপুৱা লাগিছো। বা হঁতৰ ৰুমৰ লাইট জলি থকা দেখি দৌৰ মাৰিলো তালৈকে।
:ভয় খালি?
:হমম।
:তহঁতৰ লগৰে হব ছাগে সেইকেইটা, চিনিয়ৰে LMTC পঠাইছে, দৰব আনিবলে। তহঁতৰ নামেই চিঞৰি আছে, একো নাই দে, ভয় খাব নালাগে।
:দৰব মানে, কাৰোবাৰ কিবা হৈছে?
:নহয় সোণজনী, এইটো পৰীক্ষাৰ টাইমত হোষ্টেলত বেছিকৈ দৰকাৰ হোৱা দৰব, যা শুই থাক, বাৰটা বাজি গল।
সমীক্ষা বাৰ কথাবোৰ একো বুজি নাপালো, ৰূমলৈ আহি শুই থাকিলো।
বাকী বিলাক exam ঠিকেই গল, কিন্তু Physics অৰ পেপাৰখন সাংঘাতিক টান আহিল, JECৰ ভাষাত পেপাৰে বাহঁ দিলে। সকলোৰেই মন বেয়া। মায়ে বাৰে বাৰে বুজাইছে একো নহয় দে, এটা পৰীক্ষা হে বেয়া হৈছে। বাকী থকা কেইটা ভালকৈ দিবি।
যিমান পাৰো ভালকৈ পঢ়ি পৰীক্ষা শেষ কৰিব বিচাৰিছো, মনৰ মাজৰ আন সকলো কথা আওকান কৰিবলৈ চেষ্টা কৰিছোঁ। অৰ্ণৱৰ কথা ভাবিলেই সব খেলিমেলি লাগে। সেইকাৰণে ফোনটো অফ কৰি থোৱা হলো। কিন্ত কাইলৈ শেষৰটো পৰীক্ষা। তাৰ পাছত এদিন থাকি পিছদিনা ঘৰলৈ যাম। সেইখিনি সময়ত তেওঁ মোক সহজে এৰি নিদিয়ে বুলি জানো। কি কম? নাই এতিয়া নাভাবো। এনেও কাইলৈ পিছবেলা পৰীক্ষা, ঘূৰি আহোঁতে দেৰি হব, তাৰ পাছদিনা অামি হোষ্টেলৰ সবেই একেলগে দিনটো বাহিৰত কটাম, খাম, ফুৰিম,। টিনা অাৰু ৰাজীয়ে মিলি planning কৰিছে। গতিকে মই তেওঁৰ পৰা সেইদিনাও আঁতৰি থাকিব পাৰিম। যেনেতেনে ঘৰ পালেগৈ হল।
দহটা বাজিল, অাৰু দুঘণ্টা পঢ়ি শুই থাকিম, বাকিখিনি ৰাতিপুৱা চাই লম এবাৰ। এনেতে vibration অত থকা ফোনটো বাজি উঠিল।
Unknown number এটাৰ পৰা ফোন আহিছে, প্ৰথমতে নুঠালো। অৰ্ণৱো হব পাৰে, কিন্তু দহ মিনট মানৰ পাছত আকৌ ৰিং হল।
:হেল্ল ‘!
:হেল্ল’, আস্থা হয়নে বাৰু?
সাংঘাতিক ধুনিয়া এটা মাত, মিঠা কিন্তু গভীৰ, কোন হব পাৰে??
:হয়, আপুনি কোনে কৈছে?
:মই অনুৰাধা, অৰ্ণৱৰ মা।
ধক।
অৰ্ণৱৰ মা!!!!!!!!!!!!!!
মোলৈ কিয় ফোন কৰিছে?
হে ভগৱান, কিবা কৈ দিয়া নাইতো অৰ্ণৱে।
:চিনি পাইছা এতিয়া?
:হমম, পাইছো ।
মাতটো নোলাবই এতিয়া মোৰ।
পঢ়ি থকা কিতাপ জপাই দুয়োখন হাতেৰে ফোনটো খামুচি আছো।
:পৰীক্ষা ভাল হৈছেনে? কাইলৈ শেষ হব নহয়।
ইমানবোৰ কথা কেনেকৈ গম পায়?????
:অঁ, কাইলৈ শেষ হব ।
:Good, পৰহিলৈ মই তোমাক লগ পাব বিচাৰোঁ, তোমাক হোষ্টেলৰ পৰা লৈ আনিম বাৰু, তোমাৰ লগত কিছুমান কথা পাতিব লগীয়া অাছে, খুবেই
জৰুৰী। পাৰিবানে অকণমান সময় উলিয়াব?
কি কথা পাতিব খুজিছে? মোক কিবা কথাত গালি নাপাৰে তো, অাৰু মাক নোসোধাকৈ কেনেকৈ সন্মতি দিম? কিন্তু তেখেতক না কবলৈও মন যোৱা নাই, কথা টো বা কি?
:হব।
:ঠিক আছে, কাইলৈৰ Exam তো ভালকৈ দি লোৱা, পৰহিলৈ অামি কথা পাতিম। এতিয়া ৰাখিছো।
:ঠিক আছে।
ফোনটো থৈ লৈহে ভালকৈ উশাহ লৈছো, অলপ আগত কি হল ভাবিবলৈ মন যোৱা নাই। আজি আৰু পঢ়া নহয়। কিতাপখন জপাই শুব লওঁতেই আকৌ বাজিল ফোনটো। এইবাৰ অৰ্ণৱ।
:We are going on our first date, finish your exam tomorrow, next day is mine. You have to spend the whole day with me miss Astha. I have waited enough.
:কিন্তু..
:No more excuses.
:মই বেলেগ এফালে যাব লাগিব।
:Nope. You have to meet me and that’s it. Now sleep and finish your exam tomorrow.
:শুনকচোন..
:shhhh, I have heard enough. Good night.

অাৰু কিবা বাকী আছেনে হবলৈ, এতিয়া মই পৰহিলৈ কি কৰিম, নমো, মোৰ গা টো যেন সেইদিনাই বেয়া কৰি দিয়া অাৰু।

… আগলৈ

 

If you want to be notified as soon as the next post released, follow me in facebook