Uncategorized

#JEC Part 18

#JEC Part 17

অাজি পঢ়া শুনা কোনেও কৰা নাই, এইকেইদিন পৰীক্ষা লৈ বুলি পঢ়ি পঢ়ি সবেই অাজি ভাগৰ মাৰিছে, সন্ধিয়া সময়ছোৱা গোটেই সোপা একেলগে সমীক্ষা বাহঁতৰ ৰুমত আড্ডা মাৰিলো। হোষ্টেলীয়া জীবনৰ আটাইতকৈ ভাল লগা সময়বোৰ এইবোৰেই। খিলখিল হাঁহি অাৰু বহুত কিবাকিবি কথা। সমীক্ষা বাৰ কথা বোৰ খুব জমনি, মইতো বায়ে কিবা কোৱাৰ আগতেই হাঁহো। প্ৰিয়ংকা বাৰ আকৌ অসমীয়া শুনিবলৈ বৰ ধুনিয়া,সি অাৰু তাই খেলিমেলি হৈ যায়। ফকৰা যোজনা যত তত যি টি মিলাই দিয়ে। একে পানীৰে মাছটো কয় একে বাৰীৰে বান্দৰ। কোনেও শুধৰাই নিদিয়ে, মনে মনে হাঁহি থাকে, তাৰ মাজতে টিনাৰ আকৌ কিবা এটা খাব হয়, সেইজনীৰ মিনিটে মিনিটে ভোক লাগি থাকে।মই সদায় গালি খাওঁ একো নকওঁ বুলি, অকল লোকৰ কথাত হাঁহি হাঁহি কান্দি যাও, নিজে একো কব নোৱাৰোঁ, আচলতে মই শুনি বেছি ভাল পাওঁ। সন্ধিয়াটো খুব ভাল লাগিল অাজি।
ভাত খাই উঠি মোৰ বিচনাতে নিশা অাৰু মই শুই শুই কথা পাতি আছো। অাজি যেন কথা শেষ নহবই। কথাৰ মাজতে তাইক কানফুলি যোৰ দিলো। তাই আচৰিত হৈ মোলে চালে।
:কি এইটো?
:তোৰ কাৰণে আনিছো।
নিশাৰ চকুকেইটা সেমেকি উঠিল, সাৱটি ধৰিলে মোক।
:কান্দিছ যে? বেয়া দেখিছ নিকি?
:মোৰ কাৰণে কোনোবাই first time কিবা কিনিছে আস্থা।
:মানে?
:মানে পুজা বিহু এইবিলাক আহিলে দেউতাই পইচা দিয়ে, নিজে কিনি লব লাগে, সেইকাৰণে কেতিয়াও একো নিকিনো। নিজেই নিজক gift দি পুতৌ কৰিব মন নাযায়। আস্থা, অাজি তোক এটা কথা কম, please বুজিবলে চেষ্টা কৰিবি।
:কচোন।
:তই বহুত বেছি সহজ আস্থা, দুনিয়াৰ কথা একো নাজান তই। তই দেখাটোকে সচাঁ বুলি ভাব। অাৰু সব তোৰ নিচিনা অঁকৰা বুলি মানি লৱ। কিন্তু কিছুমান মানুহৰ জীবন বহুত বেছি জটিল আস্থা। তোৰ পৃথিবীখন একেবাৰে সহজ, মা দেউতা তই, অাৰু বহুত বেছি মৰম। কিন্তু আমাৰ তেনেকুৱা নহয়। মই সদায় চাও তোক অাৰু অৰ্ণৱ দাক। তহঁতি বহুত বেলেগ ইতো আনটোতকৈ। উৎপল দাই মোক বহুত কিবাকিবি কৈছে অৰ্ণৱ দাৰ বিষয়ে। কিন্তু মই তোক এতিয়া কব নোৱাৰিম। সঠিক সময়ত তেওঁ নিজেই কব তোক। কিন্তু তই কেতিয়াবা কিছুমান কথা ভাবি চাইছনে?
অৰ্ণৱ দা কিয় এনেকুৱা ? কিয় ইমান জেদী, কিয় ইমান খঙাল? সেইবোৰ বাৰু বাদ দে, যোৰহাটতে নিজৰ ঘৰ থাকিও অৰ্ণৱ দা ভাৰাঘৰত কিয় থাকে জান?অৰ্ণৱ দা কিয় সদায় অকলে অকলে থাকে জাননে? উৎপল দাৰ বাহিৰে আন কোনোবা friend দেখিছ? কলেজৰ topper হয় কিন্তু class কিমান মিছ কৰে গম পাৱ?
:….
মনে মনে আছো মই, নিশাৰ ধেৰ কব লগীয়া অাছে।

:তোৰ মাজত আমিবোৰে আমাৰ নোপোৱা মৰমবোৰ বিচাৰি ফুৰো। অৰ্ণৱ দা অাৰু মোৰ নিচিনা মানুহবোৰে তোৰ নিচিনা কাৰোবাক লগ পালে পৃথিৱীখন আকৌ ভাল পাবলে শিকে। মই জানো তোৰ কাৰণে মোৰ কথাবোৰ বুজি পোৱা কিমান দিগদাৰ। কিন্তু আস্থা, অৰ্ণৱ দাক তোৰ বাহিৰে কোনেও চম্বালিব নোৱাৰে,তই সেইতো কথা নাপাহৰিবি।
:….
:এতিয়া শুই থাক, পাপা কাইলৈ ৰাতিপুৱাই পাবহি, ঘূৰি গৈ কিবা কাম অাছে।
নিশা তাইৰ বিচনালৈ গল, মই গাৰুটো ঠিক কৰি শুবলৈ লৈছো, বাৰে বাৰে তাইৰ কথা বোৰ মনত ঘূৰি অাছে, সঁচাকৈ মই কিয় এনেকুৱা? মোৰ সৰু পৃথিবীখন কিমান বেলেগ বাস্তৱ জগতৰ পৰা। তেওঁ চাগে মোক সেইকাৰণে ভাল পাব পৰা নাই এতিয়াও। মোৰ অপৰিপক্কতা হয়তো তেওঁৰ বাবে বিৰক্তি। সেমেকি উঠিল চকুকেইটা। ভাল লগা মানুহজনক বুজিব পৰা সামৰ্থ কণ মোৰ কিয় নাই? ফোনটো চালো, তেওঁ কিজানি কৰেই, নাই, message এটাও নাই। মইয়ে কৰো নিকি? কিন্তু কিয় ফোন কৰিছা বুলি সুধিলে কি কম? শুই থকাই ভাল। ফোনটো অফ নাইকৰা অাজি, কিজানি তেওঁ কৰেই।
ঠিকেই ভাবিছিলো, ফোনটো বাজিছে, অৰ্ণৱৰ ফোন।

:শোৱা নাই এতিয়াও?
:ওহোঁ।
:কিয়?টোপনি নাই অহা?
:নাই।
:আস্থা!
:হমম।
:কিবা কব খুজিছা?
:…..
:আচ্ছা, মোৰ পূজাৰ GIFT তো। দিবানে?
:কি gift?
:আগতে দিম বুলি কোৱা।
:……
:say something.
:ঠিক আছে।
:গুলুক মোৰ ওচৰত থৈ যাবা, ঘূৰি আহি লৈ লবা।
একেজাপে উঠি বহিলো, গুলুৰ কথা কেনেকে গম পায়? গুলু মোৰ অকণমানি Teddy তোৰ নাম। সদায় লগত থাকে মোৰ। আচলতে সেইতো মায়ে নিজে বনাইছিল। মই তেতিয়া class 5 মানত। মায়ে training কৰিছিল এইবিলাক বনোৱাৰ। অাৰু প্ৰথম এইটোৱেই বনাইছিল। সিমান ভাল হোৱা নাছিল, কিন্তু মায়ে বনোৱা প্ৰথম পুতলা। সদায় গাৰুৰ ওচৰত থৈ শুই থাকো। ঘৰত সদায় মাৰ্ লগত শুইছিলো, মা মই অাৰু গুলু, মই নিজে দিয়া নাম সেইতো। হোষ্টেললৈ আহোঁতে মায়ে বেগত ভৰাই কৈছিল অকলে শুবলে ভয় লাগে নহয় তোৰ, গুলুক লৈ যা লগত। কিন্তু এইটো কথাও তেওঁ কেনেকে গম পায়? নিশা, তাইয়ে কব লাগিব। কি বুলি ভাবিছে চাগে মোক। এতিয়া আকৌ, সেইতোও লাগে।
:ভয় খাইছা?
:ওহোঁ।
:দিবানে?
:…….
:এনেই কৈছো, নালাগে দিব, কিন্তু miss আস্থা বৰুৱা, তোমাৰ এটা এটা কথা মই জানো। কত পলাবা মোৰপৰা।
গালখন পুৰিছে আকৌ, চকু কেইটা মুদি দিছো, লাজ এটাই হেঁচা মাৰি ধৰিলে।
:ৰঙা পৰিব নালাগে, মোৰ gift মই সময়ত নিজে লৈ লম।
:…..
:শুই থাকা এতিয়া, good night.
:goodnight.
:what????? You replied me? Really!!!
সদায় ফোন তো কাটি দিওঁ, কোনোদিন তেওঁৰ goodnight অৰ reply দিয়া নাই। অাজি কিয় জানো, মন গল।
: you are driving me crazy astha.
কাটি দিলো ফোনটো, অাৰু শুনাৰ সাহস নাই, ভয় লাগে মোৰ।
মিঠা মিঠা সপোন এটা বুকুত সামৰি শুই পৰিলো, অৰ্ণৱ, বুকুত নতুন হেঁপাহে শিপাইছে। মই ডাঙৰ হৈছো!!!!!!

আগলৈ

7 thoughts on “#JEC Part 18

  1. Excited for the next part…. Please upload as soon as possible indranee baa ♥♥ in love with this love story #arnav 😍♥

    Like

  2. বহুত বেছি ধুনীয়া কাহিনী। Arnav asthaৰ লগতে আপোনাৰো প্ৰেমত পৰিলো। সঁচাকৈয়ে ইন্দ্ৰানী বা‌ আপোনালোকৰ এনেকুৱা কাহিনী বোৰে আমাৰ নিচিনা মানুহক পাগল কৰি তোলে। আগলৈ আৰু এনেদৰে লিখি গৈ থাকক😍।

    Like

  3. উহ!সচাকৈ প্ৰতিতো খণ্ড ইমান সুন্দৰ কৈ সজাইছে কি কম ভাষা নাই।একোটা খণ্ড শেষ হোৱাৰ লগে লগেই যেন এনে ভাব হয় শেষ হলেই নে?? আৰু কি নো কম??
    “অসীমত যাৰ হেৰাল সীমা”ৰ পিছত এইখন উপন্যাসে মোৰ অন্তৰ চুই গৈছে।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s