Uncategorized

#JEC Part 19

#JEC Part 18

অাজি ৰাতিপুৱা পাঁচ টা বজাতে সাৰ পালো। ঘৰলৈ যোৱাৰ আনন্দত সকলো পাহৰিছো। নিশাকো টানি টানি উঠালো। বেগত ভৰোৱা বস্তুবোৰ আকৌ ঠিকে আছে নাই চালো। সময়বোৰ নাযায় নুপুৱাই লাগিছে, বাৰে বাৰে নিশাক সুধি আছো তোৰ পাপা কেতিয়া আহিব। গালি এটাও খালো এবাৰ। মায়ে চাৰে ছটাতে ফোন কৰিছে, উঠিলো নাই, বেগ সামৰিলো নাই। ৰুমটোকে বাৰে বাৰে চফা কৰিছো। ঘড়িতো চালো, ৭ টা বাজিল। গা ধুই লওঁ, চুলিখিনিও ধুব লাগে। চুলি ধুলে মোক বহুত সময় লাগে। বাথৰূমত থাকোঁতেও ঘৰত গৈ কি কি কৰিম তাকেহে ভাবি আছো। ওলাই আহি দেখো এইজনী আকৌ শুই থাকিলে, ইমান শুব পাৰে নহয়।
:নিশা, উঠ না, ৮ টা বাজিব এতিয়া।
টোপনিয়াই টোপনিয়াই বাথৰূমত সোমাল তাই , মই দুইজনীৰ কাৰণে breakfast আনিবলৈ hotcase তো লৈ ওলাই গলো। ঘূৰি আহি ৰুমত সোমাওঁতে নিশাই কাৰোবাৰ লগত কথা পাতি আছিল, মোক দেখি ফোনটো কাটি দিলে।
:কোননো? পাপা? আহিলে নি?
:আৰু 45 minutes মান লাগিব।কি দিছে অাজি খাবলে, ভোক লাগিছে।

খাই উঠি কাপোৰ কানি সলালো, আকাশ নীলা চুৰিদাৰযোৰ মাৰ বৰ প্ৰিয়, সেইযোৰকে পিন্ধিলো, চুলি খিনি আঁচুৰি আধা বান্ধি লৈছো, চুলি মেলি থলে গালি পাৰে মায়ে, বৰ চিন্তা কাৰোবাৰ মুখ লাগে বুলি । কথাটোত খুব হাঁহি উঠে যদিও মানি লওঁ। চকুৰ তলত কাজল লগাওঁ আজিকালি, নিশাৰ উৎপাত এইটো, নিজেই আনি দিছে এডাল, মোৰো পিছে ভাল লাগে, maybelline অৰ baby lips তো অকণ লগাই ললো। নিজকে বাৰে বাৰে চাও আজিকালি আইনাখনত, কিয় জানো এনেকুৱা লাগে তেওঁ এইমাত্ৰ আহি ধৰা দিবহি চকুৰ আগত। কথাটো ভাবি আকৌ এবাৰ ৰঙা পৰি গলো।
:পাপা আহিলে। বল।
বেগ দুটা লৈ ছেণ্ডেলযোৰ পিন্ধি ওলাই আহিছো। হোষ্টেলৰ বহুত কালি ৰাতিয়েই ঘৰ গল, মই নিশা অাৰু বা হঁত হে বাকী আছিলো। ওলাই আহোঁতে তেওঁলোকৰ ৰুমত সোমাই যাও বুলি কৈ আহিলো। নিশাৰ দেউতাক গাড়ীতে বহি অাছে, driver জন নামি আহি বেগ কেইটা ডিকিত ভৰাই দিলেগৈ, কলেজৰ বেগটো হাততে ৰাখিলো।
:খুড়া, ভাল নে আপোনাৰ।
:ভাল ভাল, তোমাৰ কেনেকুৱা, আমাৰ এই তোমাক পাই বৰ ভাল পাইছে দেই।
নিশা এতিয়াও গাড়ীলৈ অহা নাই, ময়ে দেউতাকৰ লগত কিবাকিবি কথা পাতি আছো।
:পাপা, অলপ ৰবাচোন, বাইদেউক কিবা এটা কৈ আহিছো।আস্থা, আহচোন মোৰ লগত।
:মই? কেলেই?
:চুপ। আহ।
এইজনীও অৰ্ণৱৰ নিচিনাই। উপায় নাই, নামি আহিলো। বাইদেউৰ ওচৰ পাইচোন নিশাই কাৰোবালৈ ফোনহে লগাই অাছে।
:কি হলনো নিশা? কিবা হৈছে নি ক না।
নাই, একো নকয় মোক। উচপিচাই অাছে, বাৰে বাৰে ফোন কৰিছে, কাটিছে। মই চাইহে আছো অাৰু।
:কিবা কবিনে? নহলে মই যাঁও। গাড়ীতে বহি থাকো, তোৰ কাম হলে আহিবি।
উচাট মাৰি সেইখনৰপৰা আহিব খোজোতেই দেখিলো দূৰৰপৰা, উৰি অহা দি আহিছে, জোৰেৰে break মৰা বাবে অলপ দূৰ বাইকখন চুচৰি যোৱা দি গৈছে।উৎপাত বোৰ বেছি অলপ, পৰা হলে কি হলহেঁতেন। নিশালৈ চালো, একোৱেই নাজানে নিচিনা কৰি দেখালে। ইমানদেৰি কালে ফোন কৰি আছিলে গম পালো।
:থেংকছ নিশা।
উৎপল দাৰ মাত শুনি চালো, অৰ্ণৱে একো কোৱা নাই, মোৰ ফালে চাই অাছে, মই একে ঠাইতে ৰৈ গলো।
:ইমান দেৰি কিয় কৰিলে, পাপাই গালি দিব এতিয়া।
:এইটোৰ কাৰণেই দেৰি হল, ৰাতি দেৰীলৈকে game খেলিব, ৰাতিপুৱা উঠিব নোৱাৰে কেতিয়াও, আস্থা গুচি গল বুলি কলতহে একে জাপে উঠিছে।
উৎপল দা নামি আহি নিশাক লৈ বাইদেউৰ ওচৰ পালেগৈ, চাহ খাবলে পালে দুয়োটাকে একো নালাগে।
:hey, come here.
নিজে নামি নাহে, মোক ওচৰলে মাতিছে। যাওঁ নাযাও কৈ ওচৰ চাপি গলো।
:ফোন কিয় কৰা নাই যাব ওলাই!?
:……
কি উত্তৰ দিম ভাবি নাপালো।
:মই আহি নোপোৱা হলে গুচি গলা হেতেন? Without even saying bye to me?
:……
:Answer me damn it.
চিঞৰি উঠিল আকৌ এবাৰ, মূৰ তুলি চাব পৰা নাই। ভয় লাগিছে, এই খঙটো লৈ বহুত ভয় লাগে মোৰ।
:Astha, look at me.
নাই নাচাও, ঘৰলৈ যাবলৈ ওলাই এনেকে গালি খাম বুলি ভবা নাছিলো, ৰাতিপুৱাৰপৰা ভাল লাগি থকা মনটো মৰি থাকিল , চকুকেইটা সেমেকি আহিল।
:astha please, look here.
মূৰ তুলি চালো, কিয় জানো তেওঁৰ চকুত চকু থলে, খঙবোৰ নাইকিয়া হৈ যায়।
কিয় এবাৰো তেওঁক নোকোৱাকৈ যাবলৈ ওলাইছিলো, কিয় পাহৰি গৈছিলো তেওঁ কি বিচাৰে, নিজৰ ওপৰতে খং উঠিল।
:sorry.
তেওঁৰ খং তো কমা যেন লাগিল।
:don’t do this to me Astha. Please.I just want to see you once, I am not asking for anything else right?
:হমম।
:তোমাক খং কৰি মোৰো ভাল নালাগে। কিন্তু মই এনেকুৱাই, you have to understand.
:হমম।
:আচ্ছা, ফোন কৰিব পাৰিম নে কেতিয়াবা?
: পাৰিব।
:thank god.
:এতিয়া যাওঁ নে?
:ওহোঁ।
:কিয়?
:পূজাৰ gift তো লৈ লওঁ আগতে।
বুকুখন ধক কৰি গল, কি কৈছে তেওঁ, মানে কেনেকে লব gift তো।
দুখোজ পিছুৱাই আহিলো। তেওঁ ওঁঠটো বেঁকা কৰি হাঁহি এটা মাৰিল, খুব কমেই হাঁহি দেখো এই মুখ খনত। কি হবলৈ গৈ অাছে নাজানো।
:নিশা, মোৰ gift তো দিয়া।
কি??? নিশাই দিব gift? একো বুজি পোৱা নাই।
নিশাই মোৰ সৰু বগা ৰুমাল খন আগবঢ়াই দিলে তেওঁৰ ফালে, অাজি ৰাতিপুৱা তাই মোক খুজিছিল এইখন অাৰু কৈছিল তোৰ baby powder অলপ ইয়াত দি দে না। তই তই গোন্ধাই থাকিব। তোক যেতিয়া বহুত মিছ কৰিম, তেতিয়া এইখন থৈ দিম ওচৰত, তই থকাৰ নিচিনা লাগিব।এতিয়া বুজি পালো, তাৰমানে সেইবোৰ সব অৰ্ণৱৰ কথা আছিল, তেওঁ বিচাৰিছিল এই সকলোবোৰ। নিশালৈ ঘোপাকৈ চালো, তাই চকুটো টিপিয়াই দিলে।
:তোমাক খুজিলে নিদিয়া যে, so এইবিলাক কৰিব লগা হৈছে।
তেওঁ ৰুমাল খন লৈ এবাৰ গুন্ধি চালে, চকু কেইটা জপাই দিছে , কিয় এনেকুৱা এই মানুহজন, ইমান সৰু সৰু কথাত ভালপোৱা কেনেকৈ বিচাৰি পায়? পকেটত সেইখন ভৰাই মোৰ ফালে চালে তেওঁ, মই তল মূৰ কৰিলো, কিবা এটা লাজ লাজ লাগিছে।
:হব অাৰু অৰ্ণৱ দা, যাঁও দিয়ক এতিয়া, পাপাই যে বহুত গালি দিব আমাক।
:ঠিক অাছে যোৱা।
উফ্ ৰক্ষা। ইমানতে বাছিলো অাজি।
:যাঁও।
কৈয়ে তেওঁৰ ওচৰৰপৰা আতৰি আহিব খুজিলো, নিশা অাৰু উৎপল দা আগবাঢ়ি গৈ অাছে, তেওঁ তেতিয়াও বাইকৰ পৰা নমা নাই।
:কত পলাইছা ইমান জলদি।
ধক। মোৰ বাওঁহাত খন তেওঁৰ বাওঁহাতৰ মুঠিত, একো নেভাবে এই মানুহজনে, কোনোবাই দেখিলে কি হব পাৰো, যদিও ওচৰত কোনো নাই কিন্তু আহি যাবতো পাৰে। যিমান পাৰো এৰুৱাবলৈ চেষ্টা কৰিছো, পৰা নাই। দুখ পাইছো, ৰঙা পৰি গৈছে তেওঁ ধৰি থকা ঠাইডোখৰ, নিজেও জানে কিমান জোৰেৰে ধৰিছে, কিন্তু হলেও এৰি নাই দিয়া।
:দুখ পাইছো।
টানি আনিলে, দুখোজ বেছি ওচৰ চাপি আহিলো, আকৌ এবাৰ তেওঁৰ সুগন্ধি মোৰ উশাহত।
কাণতে ওঁঠ লগাই কৈ উঠিল তেওঁ।
:gift লোৱাৰ কথা কওঁতে তুমি কি ভাবিছিলা মইয়ো জানো, সোনকালেই লৈ আছো সেইতো gift, I can’t wait anymore, you just wait and watch miss Astha Baruah.
চকুকেইটা ডাঙৰ হৈ গল মোৰ, তেওঁৰ ফালে চালো, কিবা এটা বেলেগ অৰ্থ আছিল সেই চাৱনিত, হাঁহি এটা লাগি অাছে তেওঁৰ ওঁঠত, চকু কেইটা তিৰবিৰাই উঠিছে, তেওঁৰ খং দেখি সিমান ভয় নালাগে যিমান এতিয়া লাগিছে। হাতখন জোকাৰ মাৰি আঁতৰাই আনিলো, দৌৰি আহি নিশাৰ ওচৰ পালোহি, বুকুখন কঁপি অাছে, গাল মুখ ৰঙা।
:অৰ্ণৱ দাই কিবা কৰিলে নি বাৰু?
নিশাই অাৰু বেছি ভয় খুৱাই দিলে, লৰালৰিকৈ গৈ গাড়ীত বহিলো, কেনিও নাই চোৱা।গাড়ীখন চলিলেই যেন মই বাচি যাম্।
অলপ পিছতে নিশা আহি বহিল, শান্তি।
গাড়ীখন চলিল, পিছে পিছে তেওঁলোক, একোবত overtake কৰি গুচি গল, কোমল কলিজাটো আকৌ এবাৰ কঁপাই থৈ। হাতখন চালো, তেওঁৰ আঙুলিৰ চিন এতিয়াও স্পষ্ট, চুৰ্ণীখন দি ঢাকি দিলো।

আগলৈ….

Advertisements

68 thoughts on “#JEC Part 19

  1. আপোনাৰ এই লেখাবোৰ কিছুমানে কপি কৰি হোৱাটচএপত send কৰি আছে। ব্লগটো ৱৰ্ডপ্ৰেছৰ সলনি গুগল ব্লগত খুলি তাত এন্টি কপি স্কীপ্ট ব্যবহাৰ কৰিলে কপি কৰিবলৈ নোৱাৰিব। লগতে হোৱাটচএপ শ্বেয়াৰ বুটাম লগালে মানুহে ডাইৰেক্ট লিংক হোৱাটচএপত শ্বেয়াৰ কৰিবলৈ সুবিধা হব । তেতিয়া আপোনাৰ ব্লগটোও আমাৰ ব্লগটোৰ দৰে দেখা হব। কাষৰ লিংকত ক্লিক কৰি চাওকচোন এবাৰ।  
    JonakAxom.Com

    Like

    1. প্রথমে নাজানিছিলো হোৱাটচএপত কিয় বহুতে JEC ষ্টেটাচ দিছে…. জানিব মন গল ! ফেচবুকতো খুলিয়ে দেখো মোৰ টাইমলাইনত দুগৰাকীমান বান্ধৱী টেগ কৰি থোৱা আছে JEC – Arnav @ Aastha. পঢ়িব মন গল লেখাটোৰ,যিহেতু কিতাপ পঢ়া সৰুৰে পৰাই চখ নথকা নহয় তাতেই ঢ়ৌ তুলুৱা এটা কাহিনি মবাইলত অনলাইন যোগে পঢ়িব পাইছো || আশা আৰু উ*কণ্ঠা দুগুনে বৃদ্ধি পালে পঢ়িলো এটা এটাকে JEC সকলো বিলাক Parts | ভাল লাগিল বহুত সৰু মানুহ আমি চিনাকি আপোন শব্দ বিলাকক সম্বল কৰি কোনাবাই আপোন কৰি আমাক উপহাৰ দিলে ভাল লাগে ! অবৰুদ্ধ প্রেম, প্রেমৰ আস্বাদনত নিজকে হেৰুৱাই ভাল লাগিল ! আবদ্ধ হৈ পৰিলো লেখাটোৰ মাজত কব নোৱাৰাকৈ কেইটামান আজুৰি লোৱা সময় !! আগলৈ সোনকালে আমাৰ মাজত এৰি দিয়ে যেন…এইয়া আপোনাৰ প্রতি আমাৰ আশা ৰাখিলো ধন্যবাদ Indranee Sharma

      Like

  2. আপোনাৰ এই লেখাবোৰ কিছুমানে কপি কৰি হোৱাটচএপত send কৰি আছে। ব্লগটো ৱৰ্ডপ্ৰেছৰ সলনি গুগল ব্লগত খুলি তাত এন্টি কপি স্কীপ্ট ব্যবহাৰ কৰিলে কপি কৰিবলৈ নোৱাৰিব। লগতে হোৱাটচএপ শ্বেয়াৰ বুটাম লগালে মানুহে ডাইৰেক্ট লিংক হোৱাটচএপত শ্বেয়াৰ কৰিবলৈ সুবিধা হব । তেতিয়া আপোনাৰ ব্লগটোও আমাৰ ব্লগটোৰ দৰে দেখা হব। কাষৰ লিংকত ক্লিক কৰি চাওকচোন এবাৰ।  
    JonakAxom.Com

    ওপৰৰ লিংকত ক্লিক কৰি চাওকচোন এবাৰ।

    Liked by 2 people

  3. আপোনালৈ মাত্ৰ এটাই অনুৰোধ 🙏বাকী খণ্ড কেইটাও সোনকালে আমাৰ মাজলৈ এৰি দিয়ক ,অধিৰ অপেক্ষাৰে ৰৈ আছো।

    Liked by 1 person

  4. আপোনাক কি বুলি ধন্যবাদ দিম শব্দ বিচাৰি পোৱা নাই…..কেতিয়াও ইমান ধুনীয়া লিখনিৰ প্ৰেম কাহিনী পঢ়া নাছিলো…..মন কাঢ়ি নিছে কাহিনীৰ চৰিত্ৰ কেইটাই……বহুত হেপাহ আৰু আগ্ৰহেৰে বাট চায় আছো next part -টো লে…..সোনকালে দিব বা…..

    Like

  5. Iman dhuniya ke likhise. Jeneka lage pura real sai aasu.
    Moi Iman bhal ke akhomiya poribo nuwaru kintu ekhon first 2 ta pori Iman interest lagise je etiya Baki bur pori pori mur o akhomiya pora buhut bhal hoise
    Thank u for giving us such a wonderful story. Moi o jec MCA ekharone aru besi aapun lagise story tu

    Like

Leave a Reply to Debasis deka Cancel reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s