#JEC Part 6
লাহে লাহে JEC ভাল লাগিব ধৰিলে, দিনবোৰ সোনকালেই পাৰ হল। ৰাতিপুৱা 7:30 পৰা প্ৰায় পাঁচ বজালৈকে class হয়, তাৰ পিছৰ সময়খিনি journal লিখা, assignment কৰাতে পাৰ হয়। তাৰ মাজতে JEC কেতিয়া আপোন হৈ পৰিল গমেই নাপালো। হোষ্টেলৰ সন্মুখতে ‘বাইদেউ’ ৰ দোকান, বাইদেউ সকলোৰেই মৰমৰ, প্ৰতিজনী ছোৱালীৰ নামেৰে সৈতে চিনি পাই বাইদেউৱে। সৰু দোকানখন আটোম টোকাৰিকৈ সজাই লৈছে মানুহ গৰাকীয়ে,ৰাতিপুৱা গধূলি হোষ্টেলৰ সবেই তাতে চাহ খাবলৈ যায়। আজিকালি নিশাৰ লগত ময়ো যাও, বাইদেওক লগ পালে কিবা এটা ভাল লাগে, মালৈ মনত পৰি যায়। বাইদেউৰ দোকানৰ পৰা অলপ আগলৈ গৈ আৰু এখন দোকান, নামটো California, প্ৰথমতে নাম শুনি ভাবিছিলো, বহুত ডাঙৰ hotel হব ছাগে, গৈ দেখিলো এখন সৰু বাঁহৰ চালি, কিন্তু maagie খাবলে ভিৰ বহুত, নামটো কোনে দিছিল নাজানো, কিন্তু JEC ষ্টুডেন্টৰ কাৰণে California খুব আপোন।
আনদিনাৰ দৰে আজিও কলেজৰ পৰা আহি মুখ হাত ধুই বাইদেউৰ দোকানৰ ফালে ওলাই আহিছো। জুলাই মাহ, খুব গৰম পৰিছে, চুলিখিনি মোটোকাই খোপাৰ নিচিনাকে বান্ধি থৈছো, কাটিব খুজিলেও মায়ে নিদিয়ে, এতিয়া কঁকাল পালেগে, গৰমত দিগদাৰ পাওঁ যদিও মায়ে বেয়া পায় বুলি নাকাটো। নিশাৰ লগত কথা পাতি পাতি বাইদেউৰ দোকান পালোহি।
:মোৰ কাৰণে চাহ আৰু আমাৰ কেঁচুৱাৰ কাৰণে horlicks।
নিশা অাৰু বাইদেউ দুয়ো জনীয়ে হাঁহিলে, মই আচলতে চাহ খাই বেয়া পাওঁ, সেইকাৰণে দেউতাই কিনি থৈ যোৱা horlicks তো বাইদেওক দি থৈছিলো,ৰুমত পানী গৰম কৰা সুবিধা নাছিল কাৰণে সদায় আবেলি ইয়াতে আহি খাওঁহি।
:I think you should have bournvita, you will grow up soon.
কেতিয়া আহি পিছফালে ৰৈ আছিল নেজানো, ভয়তে উচপ খাই ঘূৰি দিওঁতে গোটেইখিনি horlicks মাটিত পৰি থাকিল।
:চাহ খাবানে অৰ্ণৱ, অাজি উৎপল নাই নি?
বাইদেউৰ মাতত সম্বিত ঘুৰাই পালো। হলেও একে ঠাইতে বুৰ্বকৰ দৰে ৰৈ আছো। নিশাই জোৰেৰে চিকুটি দিলে।
:নাই বাইদেউ, সব Town গৈছে।
:তুমি নগলা নি?
:নাই, horlicks খোৱা চাব আহিলো।
:হে? কি কলা?
:না নাই, এনেই নগলো, আপোনাৰ ইয়াতে চাহ খাই ভাল লাগে।
বাইদেউয়ে ধেৰ কিবা কিবি কৈ আছে, কিন্তু কাণত একো সোমোৱা নাই, তেওঁৰ চকু মোৰ ওপৰতে , অাৰু মই মাটিত পৰা horlicks খিনিকে চাই আছো তেতিয়াও। শণিবাৰ কাৰণে আজি আামাৰ বাহিৰে ইয়াত কোনো নাই, প্ৰায়বোৰেই Town গৈছে।
:লোৱা তোমাৰ চেনী নিদিয়া চাহ। আস্থা, ৰবা আৰু একাপ horlicks বনাই দিছো, এইজনী আকৌ তেনেই সৰু ছোৱালীৰ নিচিনা জানানে অৰ্ণৱ, horlicks বনাই দিওঁ,আমাৰ পানী কেঁচুৱা ন নিশা।
এইবাৰ নিশা অাৰু বাইদেউৰ লগত অৰ্ণৱেও যোগ দিলে, মই লাজত প্ৰায় মুচকচ যোৱা অৱস্থা অাৰু তিনিও মিলি হাঁহি হাঁহি থাকিবই পৰা নাই। বেছি কৰে, নাহোঁ আজিৰপৰা, horlicks ও নেখাওঁ।
:তই থাক, মই যাওঁ।
আজিকালি নিশা অাৰু মই ইজনীয়ে সিজনীক ‘তই’ বুলি কওঁ।
:খং উঠিছে আকৌ?
অৰ্ণৱ আহি একেবাৰে ওচৰ পালেহি, দুখোজ পিছুৱাই গলো মই।
:নাই উঠা। কিন্তু মোক এনেকে হাঁহিলে মই বেয়া পাওঁ।
:আৰু চুলিখিনি এনেকে বান্ধি থলে ময়ো বেয়া পাওঁ।
:মানে?
:মানে চুলিখিনি খুলি দিয়া।
কি? মোৰ চুলি মই কেনেকে বান্ধো মোৰ হে কথা, তেওঁৰনো কি দৰকাৰ।
:গৰম উঠে।
:ৰুমত গৈ আকৌ বান্ধি থবা, এতিয়া খুলি ৰাখা।
কি ঠিক, আকৌ গালি দি দিব পাৰে, clip তো লাহেকে খুলি দিলোঁ, চুলিখিনি কঁকাললৈকে বৈ পৰিল, গৰম উঠিছে, কিন্তু উপায় নাই। বাইদেউ অাৰু নিশা এতিয়াও নিজৰ মাজতে ব্যস্ত, অৰ্ণৱ আৰু মই অলপ আঁতৰত, আমাৰ কথাত তেওঁলোকৰ গুৰুত্ত্ব নাই।
:মই যাওঁ।
:ওহোঁ।
:কি?
মূৰ তুলি তেওঁৰ ফালে চালো, অাজি যেন্ কিবা বেলেগ চাৱনিৰে চাইছে মোলে, জীৱনত প্ৰথমবাৰ মইয়ো কাৰোবাৰ চকুত নিজক দেখাৰ দৰে লাগিল। ভৰি কেইটা কিবা নাই নাই লাগিছে। কিমান দেৰি তেনেকৈ ৰৈ থাকিলো নাজানো, নিশা আহি মাতিলতহে গম পালো।
:বল আকৌ।
নিশাৰ হাতত মোৰ cup তো, বাইদেউ য়ে horlicks বনাই দি পথাইছে।
:অৰ্ণৱ দা, কিবা কব নিকি?
নিশাই অলপ লেনিয়াই সুধিলে।
:নাই নাই… যোৱা।
লাহে লাহে খোজ দি আামাৰ গেটৰ ওচৰ পালোহি, কিয় জানো এবাৰ ঘুৰি চাব মন্ গল , চাই দেখো তেওঁ তেতিয়াও একে ঠাইতে ৰৈ মোৰ ফালে চাই আছে। মই চোৱাৰ লগে লগে হাঁহি দিলে, লাজ পালো মই। অাৰু নাচাও, নিশাক এৰি প্ৰায় দৌৰি আহি ৰুমত সোমালো, বুকুখন আকৌ কঁপিছে, কি হৈছে মোৰ????????
….. আগলৈ
মইতো তোমাক ধৰি ৰখা নাই। অাৰু যেতিয়া ধৰিম, কোনেও আঁতৰাই নিব নোৱাৰে, তুমি নিজেও।
😍😍😍😍
LikeLike
Wow bohut a val lagil
LikeLike
It just awesome please accept my friend rqst in FB please mam I’m in FB as hiuu Morgan please mam
LikeLike
♥️
LikeLike
♥️♥️♥️
LikeLike
.💕💕
LikeLike
❤
LikeLike
Konduai dila de!
LikeLike
Iss pyar ko kya nasm doon se insparing story…
LikeLike
Awesome story baa plz part23 tu khunkale post kora. waiting.
LikeLike
Bhal lgise porih love story to…asol jibonot ankwa huwato khube tan..tothpi mje homoye hoi jai…story to bohuto hindi serial r logot mil khai jodio.apuni bor hundor bhale ai lovestory to likhi ulaise…apuni bohot boht shubheshya thakil.apunar ai story to hokoluwe psondo kore jate…
LikeLike
Bohut val lagise stry2 pohi.
LikeLike
1st tym Assamese luv story pohisu bohut bhal lagise
LikeLike
1st tym Assamese luv story pohisu bohut bhal lagise
LikeLike
❤❤❤❤
LikeLike
ওৱাও কি ৰোমান্তিক কাহিনী পঢ়ি আৰু বেছি ভাল লাগি গৈ আছে ♥️
LikeLike
2ta episode eklgte upload krbosun baideo,…. Jodi eku problem nhoi
LikeLike
27pisor khini kot pam.
LikeLike