Uncategorized

#JEC Part 8

#JEC Part 7

চাওঁতে চাওঁতে প্ৰায় এমাহ পাৰ হল JEC ত। কাইলৈ freshers। হোষ্টেলত উখল মাখল পৰিবেশ। কিবা নহয় কিবা performance সবেই কৰিব, মইয়ো কৰিম। তাৰে practice আমাৰ ৰুমত।

কথক মোৰ সদায় প্ৰিয়, প্ৰায় তিনিবছৰ শিকিছিলো, কিন্তু পঢ়াৰ কাৰণে সম্পুৰ্ণ নহল। এতিয়া আকৌ সবেই জোৰ কৰিলত নাছিব ওলাইছো। নিশাই নিজৰ গানৰ কাৰণে প্ৰস্তুত হৈছে, গোটেই হোষ্টেলটো হুলস্থুল হৈ অাছে অাজি। অপেক্ষা মাথো কাইলৈ সন্ধিয়াৰ।
সন্ধিয়া ৭ বজাত সকলোকে auditorium অলে মাতিছে। যিহেতু দেওবাৰ গতিকে দুপৰীয়াৰ পৰাই সাজু হৈছে সব। ময়ো মোৰ বগা হাত দীঘল আনাৰকলি চুৰিদাৰযোৰ উলিয়াই লৈছোঁ, makeup বাঁহতে কৰি দিব। নিশাই হাত অাৰু ভৰিত আলটা লগাই দিছে, ইমান মানা কৰিলো, নাই নুশুনিলে। তাইৰ মতে কৰিছো যেতিয়া সম্পুৰ্ণ সাজ সজ্জাৰে কৰিব লাগে। প্ৰায় দুঘণ্টা সময় বহি আছো, চুলি বান্ধি থাকোতে প্ৰিয়ংকা বায়ে বকি আছে, এইসোপা চুলি বান্ধি বান্ধি শেষেই নহৈছে।
:ৰ ৰ, লিপষ্টিক তো অলপ ডাঠ কৰি দিওঁ।
ৰঙা লিপষ্টিক তোতকৈ মোৰ গাল খন বেছি ৰঙা হৈছে।
:তামাম ধুনিয়া লাগিছে, একদম jhakkas।
টিনাই তাইৰ বেৰীয়া দাঁতকেইটা উলিয়াই হাঁহি এটা মাৰি কথাটো কলে। বুকুখন ধপধপাই অাছে কিবা এটা।
:দেৰি হৈছে বল বল।
অামি গোটেইকেইজনী main hostelor সন্মুখত ৰৈ আছো, লগৰ বাকীবোৰৰ কাৰণে, সব একেলগে যাম। দূৰৰ পৰা দেখিছোঁ auditorium তো, ডাঙৰকৈ তোৰণ লগাই থোৱা অাছে, rock music উচ্চ স্বৰত বাজি আছে, যোৱা গৈছে, অহা আহিছে,চিনিয়ৰ সকলো ভীষণ ব্যস্ত।অামি আটাইবোৰ একেলগে auditorium পালোহি। খুব সুন্দৰ আয়োজন। আমাক নি একেবাৰে সন্মুখৰ শাৰি টোত বহিবলৈ দিলে। অাৰু অলপ সময় পাছত প্ৰগ্ৰাম আৰম্ভ হব।
:নিশা, তোৰ গান প্ৰথমতেই আছে, আস্থা নিশাৰ পিছত আৰু এটা guitar performance আছে,তাৰ পিছত তোৰ, গান ready আছে নাই?
হিমাদ্ৰী বা আহি সুধিলেহি, মই বেগৰ পৰা pendrive তো উলিয়াই বাৰ হাতত দিলো।
:okay, মই মাতিলে backstage আহি যাবি।
:হব।
বহি আছো যদিও চকুকেইটাই কাৰোবাক বিচাৰি আছে, এবাৰো দেখা নাই তেওঁক, নাই অহা চাগে, এনেও cultural কিবা ভাল পোৱা মানুহ যেন্ নেলাগে দেখিলে।
:ধুনিয়া লাগিছে আস্থা।
পিছৰ শাৰীৰ পৰা অংকুৰে মাত লগালে।
:Thank you
:কি কৰিবা? I am so excited to see your performance!
এনেই মই নাৰ্ভাচ হৈ আছো, অাৰু অলপ ভয় খুৱাই দিছে মানে। এবাৰ ভাবিলো নাই নকৰো এইবোৰ, বেয়া হলে সবেই হাঁহিব। ঘূৰি যাওগে ৰূমলৈ, কোনেনো গম পাব।
:next মোৰ, all the best ক আকৌ।
নিশাৰ খঙেই উঠিলে, হয় দেই কিনো ভাবি আছো মানে মই।
:all the very best, ভালকে গাবি।
নিশাক দেখি অলপ সাহস পালো।
“Sun raha he na tu
Ro rahi hu main”
নিশাই গানটো গাই উচুপি উঠিল, মই জানো কিয়, তাইৰ ওচৰলে যাবও নোৱাৰোঁ। নিশাৰ গানে সকলোৰেই মন্ চুই গল। হিমাদ্ৰী বায়ে চকুৰে ইংগিত দি মাতিলে মোক। উঠি যাওঁতে ভৰিৰ জুনুকা কেইটা বাজি উঠিল, লাজতে মৰো যেন্ হলেই মোৰ অবস্থা।
:next you, good luck ।
Backstage অত বহুত senior বহি আছে, মই কিন্তু কাৰো ফালে চোৱাৰ সাহস কৰিব পৰা নাই।
:ready নে?
:হমম
মাতেই নাই ওলোৱা মোৰ, উশাহ তো ছুটি হৈ গৈছে।
:so please welcome miss Astha baruah
Anchor জনে নামটো কলেই যেতিয়া উপায় নাই, নাছিব লাগিবই। এখোজ দুখোজকৈ stage অত উঠিলো, সুহুৰি অাৰু হাত চাপৰি বাজিলেই।মোৰ অবস্থা অাৰু কাঢ়িল। প্ৰণাম কৰি হিমাদ্ৰী বালে চাই play কৰিব কলো।
ভগৱান অাজি বচাবা অাৰু।

“পিয়া ত’চে নেইনা লাগে ৰে
নেইনা লাগে ৰে
জানে ক্যা হ’ অব আগে ৰে”

পাৰিছোঁ মই, ধুনিয়াকৈ পাৰিছো, নাই, ভয় লগা নাই। ভালেই লাগিছে চোন।প্ৰাণ ঢালি নাছিলো। এইটো গান খুব ভাল পাওঁ।
:once more, once more ।
হাত চাপৰি তেতিয়াও ৰোৱা নাই, ভাল পাইছে সবেই, হিমাদ্ৰী বায়ে চকু কেইটা ডাঙৰ কৰি’ ‘wow’ বুলি কলে। আকৌ এবাৰ প্ৰণাম জনাই stage অৰ আনটো ফালে গলো, সেইফালেদি নামি গৈ নিশাৰ ওচৰত বহিম।
:you want to kill me???
ভূত দেখিলেও সিমান ভয় নাখালোহেঁতেন চাগে, এন্ধাৰ সেই জেগাখিনিত কোনোবা আছে বুলি ভবাই নাছিলো। এনেই নাছি নাছি উশাহ তো লব পৰা নাই ভালকে, তাতে আকৌ এইজন ৰৈ অাছে ভয় খুৱাবলে।
:মই যাও, আঁতৰি দিয়ক
:Answer me first.
:মই কি কম।
:you wanna kill me miss?
:মই আকৌ কেলে মাৰিম আপোনাক?
:তেনেহলে ইমান ধুনীয়াকে কিয় আহিছা?
কি কয় একো বুজি নেপাওঁ, যাবলৈও নিদিয়ে সেইতো জানো ভালকে। ৰৈ আছো। কপালত টুপ টুপ ঘাম বিৰিঙিছে মোৰ, আৰু ভৰি দুটা থৰ থৰকৈ কঁপিছে। মোৰ আচলতে গৰম উঠিছে নে ঠাণ্ডা লাগিছে নিজেও বুজি নাইপোৱা মই।
:যাবলে দিয়ক, please…
:এটা চৰ্তত।
:কি?
:এইটো মোক্ দিয়া।
মোৰ কপালৰ সৰু maangtika তো দেখাই তেওঁ কলে। মূৰটো গৰম হৈ গল, কিয় লাগে তেওঁক সেইতো, সদায়ে এটা নতুন জেদ।
:আপুনি কি কৰিব সেইটো লৈ?
:that’s none of your business, just give it to me if u wanna go from here.
কোনোবা আহি যোৱা হলে, হে প্ৰভু কি কৰো এতিয়া। দিওঁ নিদিওঁ কৈ লাহেকে খুলি আনিলো। দিয়া কিন্তু নাই, হাততে লৈ আছো।
:দিয়া।
হাতখন আগবঢ়াই দিলো, তেওঁ নিজেই লৈ ললে, এনেকুৱা লাগিল জানি বুজিয়েই মোৰ তলুৱাত তেওঁৰ আঙুলি কেইটা ফুৰাই দিলে। মই হাতখন আঁতৰাই আনিলো। কি আাছিল এইয়া, কিয় অদ্ভুত আছিল এই স্পৰ্শ, গাটো থৰ থৰকৈ কঁপিছে, এইবাৰ চকুপানী ওলাই আহিল্।
:যোৱা।
দৌৰি নামি আহিছো, নিশাক হাতত ধৰি প্ৰায় চোঁচৰাই আনিলো বাহিৰলে।
:আস্থা, কি হল তোৰ, কেলে এনেকুৱা কৰিছ, চুলিখিনি কেনেকে বেয়া হৈ গল, wait, মই লগাই দিয়া maangtika তো কত গল।
:মোক্ ধৰি থাক নিশা, মই পৰি যাম এতিয়া।
আগলৈ

5 thoughts on “#JEC Part 8

  1. বা মোৰ জীৱনত দুটা কাহিনীয়ে টোপনি কাঢ়ি নিছে এটা হল অসীমত যাৰ হেৰাল সীমা
    আৰু আস্থা আৰু অৰ্ণবৰ love sorry
    সচাকৈ বা কিমান ভাল লাগিছে মই প্ৰকাশ কৰিম নোৱাৰিম।ৰাতিপুৱা শুই উঠিয়েই অৰ্ণব আৰু আস্থা ৰ কথায়ে মনলৈ আহিল আজিলৈ হয়তো ৰাতিপুৱা মোৰ কি নমলৈ আহে গম পোৱা নাছিলোঁ কিন্তু আজি অনুভৱ কৰিছো মই ও আপোনাৰ লিখনিৰ প্ৰেমত পৰিলোঁ চাগে সেয়ে বাৰে বাৰে মনলৈ আহি আছে ।বা 22 লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ।
    সেই আস্থা জনী আপুনি নেকি বাৰু
    যদি হয় আপুনি বহুত lucky বা ।

    Like

  2. ইটোতকৈ হিতো part বেছি ভাল লগা হৈ গৈ আছে. Kiman ভাল লাগিছে বুজাবই নোৱাৰিম চাগে 😎

    Like

  3. Aji jen moi aru gutei part keta pohi heh korihe erim.. Ata r pisot aan tu.. Anekua kahani e mur sui goise ge.. Borhiya likhoni apunar

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s