Uncategorized

#JEC Part 9

#JEC Part 8

:কি হৈছে ক না আস্থা? কেলেই ইমান কঁপিছ? অাৰু চুলিখিনি কি হল, কপালী টো নাই যে।
নাই মই একো কব পৰা নাই।
:নিশা, মোক অাজি সঁচাকে ধুনিয়া দেখাইছে?
:ধুনিয়া? পৰী লাগিছ তই পৰী। এতিয়া বল, টিনাহঁতৰ group dance অাছে এতিয়া।
যাবলে লওঁতেই দেখিছো ভৰিটো পেলাব পৰা নাই, দৌৰি আহোঁতে উজুটি খাই ভালকৈয়ে দুখ পালো। তেজ বৈ গৈছে।
:ইচ ৰাম, কেনেকে ইমান দুখ পালি?
মই তেতিয়াও চুপ।
:বল বহি দিবি অকণ।
যেনেতেনে আহি দৰজাৰ ওচৰতে চকী এখনত বহিলো। নিশাই first aid box বিচাৰি হিমাদ্ৰী বাৰ ওচৰ পালেগৈ। অলপ পাছত নিশাৰ লগত হিমাদ্ৰী বা অাৰু তেওঁৰ লগৰ বা তিনিগৰাকী মান আহিল।
:কেনেকে দুখ পালি ইমাণ বেয়াকে? বহুত তেজ ওলাইছে চোন।
:উজুটি খালো।
নিশাই ঘা দুখৰ চফা কৰি bandage লগাই দিলে। অলপ সময় তেনেকৈয়ে বহি থাকিলোঁ। কিন্তু বিষ বাঢ়ি আহিল, ভৰি তো লৰাব পৰা নাই, তাতে costume, makeup সব একেলগে আৰু গৰম উঠিছে মোৰ।
:নিশা, মই ৰুমলে যাওগে।
:কি? এতিয়া কেনেকে যাবি? আৰু DJ আছে লাষ্টত, কোনো নাযায় এতিয়া।
:বহুত বিষাইছে মোৰ।
:ৰ তেতিয়াহলে, মই বাক সুধি আহোঁ, তোক থৈ আহিলে অকলে পাৰিবি নাই থাকিব?
:পাৰিম।
নিশা অাৰু ৰাজী মোক থবলৈ ওলাল। দুয়োজনীয়ে ধৰি ধৰি আনিছে মোক্। ভৰিটো ভালকে পেলাব নাইপৰা, অলপ হেঁচা দিলেই তেজ বিৰিঙি আহে। যেনেতেনে আহি main door পালোহি, নিশাক সবেই কি হল সুধিছে, মই কাকো একো নাইকোৱা।
:কি হল নিশা?
:কিমান বেয়াকে দুখ পালে চাওঁকচোন অৰ্ণৱ দা, কেনেকে কি হল সুধিলেও একো নকয়। ৰুমত থৈ আহোগৈ।
:বহুত তেজ ওলাইছে, খোজ কাঢ়িলে অাৰু বিষাব। ৰবা মই থৈ আহিম।
:নালাগে।
মোৰ কথা শুনিবলে তেওঁ তাত নৰলেই, অলপ পাছত bike খন আনি একেবাৰে ভৰিৰ ওচৰত ৰখাই দিলেহি।
:উঠা।
:নেলাগে, মই খোজকাঢ়ি যাম।
খং এটা এনেও উঠি আছিল,নিজেই আগভেটি ধৰি মোক্ দুখ পোৱালে, এতিয়া বেছি কৰি দেখালে হব নি। নেযাওঁ, কেতিয়াও নেযাওঁ।
:don’t test my patience Astha.
:কিনো কৰি থাক আস্থা, ইমান তেজ ওলাইছে, কেনেকে খোজকাঢ়ি যাবি কচোন।
নিশাৰ খং উঠিছে যে গম পালো। উপায় নাই।কিন্তু তেওঁৰ লগত যোৱাৰ ইচ্ছাও নাই। অৰ্ণৱৰ চকুৰ ফালে চাই গম পালো বহুত খং উঠিছে তেওঁৰ, ৰঙা হৈ গৈছে মুখ খন।
:আস্থা, উঠ।
নিশাই প্ৰায় জোৰ কৰি বহুৱাই দিলে।
:মই অাৰু ৰাজী গৈ আছো, আপোনালোক আহি থাকক।
নিশা অাৰু ৰাজী গলগৈ, মই শিলৰ মূৰ্তি নিচিনাকে বাইকৰ পিছফালে বহি আছো।
:ভালকে ধৰি লোৱা।
নাই, একো নাই পিছফালে ধৰি লবলে, কেনেকুৱা বাইক নাজানো এইখন।
:নালাগে, এনেকেই বলক।
তেওঁ লাহে লাহে start দিলে, মই তেতিয়াও কতো নধৰাকৈ বহি আছো। অলপ দূৰ যোৱাৰ পাছত ৰখাই দিলে। কি হল ধৰিব নাইপৰা।
:পৰি যাবা। ধৰি লোৱা।
কলেই হব নিকি, তেওঁৰ কান্ধত হাত থব পৰা সাহস মোৰ নাই, এনেই ভয়ত, বিষত অবস্থা বেয়া মোৰ, সেইবোৰ কৰিব নোৱাৰোঁ দেই।হঠাৎ মূৰটো ঘূৰাই গল, তেওঁ নিজৰ বাওঁহাত খনেৰে মোৰ সোঁহাত খন সজোৰে টানি নিলে,মই তলকিবই নোৱাৰিলো। হাতখন এৰি নাই দিয়া, এখন হাতেৰে লাহে লাহে চলাই অাছে, মই যিমানেই এৰুৱাব খুজিছোঁ, সিমান বেছি জোৰেৰে চেপি ধৰিছে তেওঁ।
:এৰি দিয়ক।
:চুপ চাপ বহি থাকা।
:please, কোনোবাই দেখিব।
এৰি দিলে, কি ভাবি নাজানো, আঙুলি কেইটা বিষাই গল মোৰ, লোহাৰ নিচিনা টান হাতখন। হোষ্টেলৰ একেবাৰে গেটৰ ওচৰত ৰখাই দিলেহি।
:নামিব পাৰিবানে?
:পাৰিম।
কষ্ট হলেও যেনেতেনে নামিলো নিজেই, নিশাহত আহি নাইপোৱা তেতিয়ালৈকে।
:আপুনি যাওক, ইহঁতি আহিবই এতিয়া।
:আগতে আহি লওঁক।
তেওঁ বাইকখনতে বহি আছে, মই তেওঁৰ পিছফালে ৰৈ আছো।
:come here.
অকণ আগবাঢ়ি সন্মুখত ৰলো।
:ভয় লাগে মোলে?
:ওহোঁ ।
:সঁচাকে?
:অকণ অকণ লাগে।
তললে মূৰ কৰিয়েই কৈ আছো।
:look at me Astha.
মূৰ তুলি চালো, streetlight অৰ সামান্য পোহৰত তেওঁক প্ৰথম বাৰ ভালকৈ চালো।অৰ্ণৱ। কিয় সকলোয়ে তেওঁক ভাল দেখে আজিহে গম পালো। কিবা এটা অাছে এই চকুযোৰিত, বহুত কথা কৈ যাব পাৰে, কিমান দেৰি তেনেকে চাই আছিলো নাজানো,কিন্তু ভাল লাগিছে সকলোবোৰ। পৃথিৱীৰ সমস্ত কোলাহল এৰি নিৰব এটি মূহুৰ্ত, ভাল লগা, মিঠা মিঠা, বুকু জুৰ পৰা।
:কি ভাবিছা?
:হাঁ? না নাই, একো নাই।
:কি কৰিলা চোৱা তুমি?
তেওঁৰ বাওঁহাতত ৰং লাগিল মোৰ হাতৰপৰা, আলটা খিনি ভালকৈ শুকুৱাই নাছিল।
:মোৰ গাত কি দোষ? আপুনিহে টানি দিছিল।
কথাটো কওঁতে লাজতে ৰঙা চিঙা পৰি গলো।
:খং কোনে উঠাইছিল?
:উঠাব নালাগে নহয়, আপোনাৰ এনেও খং উঠিয়েই থাকে, সবেই কয়, অৰ্ণৱ যিমান handsome সিমানেই বেছি উগ্ৰ।
:handsome?
কি বকি আছো মই? নিশা কত মৰিলি তই, জলদি আহ please।
একো নামাতিলো, কথা কলে এতিয়া কি ওলাব মুখত ঠিক নাই।
:আচ্ছা, অাজি তোমাক কোনে ready কৰিছিল?
: সবেই, মানে বা হঁতে, নিশাই, ৰাজী টিনা সবেই।
:okay, সবকে মোৰ ফালৰ পৰা থেংকছ কবা?
:কি? মইহে থেংকছ কব লাগে, আপুনি কেলেই কৈছে!
:you have no idea how beautiful you are Astha, right now I feel like I am talking to an angel.
ভয়, লাজ সব লাগিছে, কি হৈছে এইবোৰ, নিশা please সোনকালে আহ। মনে মনে আছো, যেনিতেনি চাইছো কিন্তু তেওঁৰ চকুত নাই চোৱা। পলাব পৰা হলে ইয়াৰপৰা
:একো নোকোৱা?
:ওহোঁ
:কিয়?
:এনেই।
:বেয়া পালা মই যে দুখ পোৱাই দিলো?
:অলপ পাইছো, কিন্ত্ত কি কৰিম, নমোয়ে সব দেখি থাকে, আপোনাকো দুখ পোৱাই দিব।
কি বকি আছো নিজেও গম নাইপোৱা, মই যে পাগল গম পাইছে চাগে।
:নমো মানে?
:নমো মানে নমো, মানে GOD.
হো হোৱাই হাঁহিছে তেওঁ, পেটত ধৰি ধৰি, মই বেলটোৰ নিচিনাকে চাইছোঁ মাত্ৰ, কেলেই হাঁহিছে ধৰিব নাইপৰা।
:কি হল অৰ্ণৱ দা?
নিশাৰ মাতত ঘূৰি চালো।
:নমো চিনি পোৱা?
:আচ্ছা, আমাৰ আস্থা বাইদেউৰ নমো, এইজনী এতিয়াও class 5 অতে আছে, অাৰু ঢেৰ এনেকুৱা কথা কব, শুনিলে হাঁহি হাঁহি মাৰিব। বল ভিতৰলে আস্থা। thanks a lot দাদা ।
:my pleasure. Take care Astha.
:হমম, থেংকছ।
ঘূৰি নোচোৱাকৈ ৰুমত সোমালোহি, যেনেতেনে বিচনা খন পালোহি, ৰাজী আৰু নিশাই makeup আতৰাই দিলে, চুলিখিনি খুলিহে শান্তি পাইছোঁ। নিশাই bandage তো খুলি ভালকে ধুৱাই spray কৰি দিলে। আৰাম পালো।
:অামি গৈ থাকো, তই rest ল, ভয় লাগিলে call কৰি দিবি, মই সব ভালকে lock কৰি থৈ যাম বাৰু।
:হব যা।
বিচনাতে পৰি পৰি ঘৰলে ফোন কৰিলো,মাক দিনটোৰ বৰ্ণনা দিলো। দুখ পোৱা কথাটো নকলো, এনেই চিন্তা কৰি থাকিব। ফোনটো থৈ শুবলৈ চেষ্টা কৰিছো, এনেকুৱাতে message এটা আহিল্।
:are you fine now?
:thike asu.
:may I call you?
তেওঁৰ ওচৰত number তো আছে যদিও কেতিয়াও call কৰি disturb কৰা নাই, অাজি এনেকৈ সুধি লোৱাত কিবা এটা ভাল লাগিল। লাহেকৈ টাইপ কৰিলো।
:hmm
আগলৈ

Advertisements

14 thoughts on “#JEC Part 9

  1. মোৰ মন চুই গল কাহিনীটো পঢ়ি ৷ইয়াৰ পাছৰ part বোৰ পঢ়িবলৈ অতি আগ্ৰহেৰে ৰৈ আছো!

    Like

  2. Xsakoi bohut besi val lgile kahini2 prhi..mi xsa k kahini 2r mjt njke heruwai pelaisu..Astha Ba is so lucky girl..I hope next part oti xnkle prhibo pm

    Like

  3. এটা মিঠা প্ৰেম কাহিনী আৰম্ভ হৈছে. ভাল লাগিছে পঢ়ি. আগলৈ ba ki আছে……..
    .

    Like

  4. ইমান ধুনীয়া প্ৰে ম কাহিনী বহুত ভাল লাগিছে।😍😍😍😍

    Like

  5. ইমান ধুনীয়া প্ৰে ম কাহিনী বহুত ভাল লাগিছে পঢ়ি।😍😍😍😍

    Like

Leave a Reply to ৰঞ্জন মৰাণ Cancel reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s