Uncategorized

#JEC Part 20

#JEC Part 19

মোৰ ঠাই, সেউজীয়া অাৰু জীপাল, গাড়ীৰ পৰা নামি অলপ দূৰ খোজকাঢ়ি যাব লাগে আমাৰ ঘৰলৈ, অট’ লৈও যাব পাৰি কিন্তু কথা পাতি পাতি খোজ কাঢ়ি যাবলৈ বেছি ভাল পাওঁ মই। আমাৰ ঘৰত গাড়ী নাই, কেতিয়াবা বিশেষ দৰকাৰ হলে বৰদেউতাৰ গাড়ীখন দেউতাই খুজি লৈ যায়। আজিও কৈছিল, কিন্তু এই খোজকঢ়া আমেজ কণৰ বাবেই মই নালাগে বুলি কলো। ভাল লগাবোৰ এতিয়া ময়ো জানো সামৰি থব, কোনোবাই শিকাইছে মোক। উশাহ তো দীঘলকৈ লৈছো, ধাননি পথাৰ বোৰৰ চিনাকি গোন্ধ নাকত লাগিছে, প্ৰিয় ঠাই, প্ৰিয় মানুহ। বাটত চিনাকি বহুতকে লগ পাইছো, কোনোবাই ক্ষীণ দেখিছে, কোনোবাই শকত। নতুন কলেজ কেনেকুৱা লাগিছে, পূজাত কিমান দিন বন্ধ, একেবোৰ কথাকে কৈ কৈ আহি আছো, বৰ্মা, খুড়ী সৱৰে ঘৰলৈকে যাব লাগিব, দঢ়াই দঢ়াই কৈছে । ভালপাওঁ এই মানুহবোৰ, ইমান সহজ, ইমান আপোন। কৃত্ৰিমতাই কেতিয়াও যেন বিচাৰি নাপাই এই মানুহবোৰক।
পদূলি মুখত ৰৈ অাছে মা, মুখ খন উজ্জল, যিমানেই ওচৰ চাপি গৈছো, তেওঁৰ আঁচলটো সিমানেই সেমেকিছে, সুখতো কন্দা দুখতো কন্দা মোৰ আজলী মা। দৌৰি গৈ সাৱটি ধৰিলো। আস! চিনাকি গোন্ধটো সামৰি ললো। চকুকেইটা ভৰি আহিল। কিন্তু বুকুখন পাতল লাগিছে, কলিজাটো শাঁত পৰিছে। মূৰত হাত ফুৰাই দিয়া মা, অাৰু অকণ নিজৰ কৰি লোৱা।

:চাঁও মুখ খন। আই ঐ দেহি, ভোকে পিয়াহে গোটেইজনী শুকাই আহিছে। খোজকাঢ়ি নো কিয় আহিব লাগে ইমান দূৰ। আপুনিও কম নহয় দেই।
:তাই নিজেহে কলে খোজকাঢ়ি যাও বুলি, মোৰ গাত কি দোষ!
আৰম্ভ হলেই, দেউতা আৰু মাৰ এইবোৰ দৈনন্দিন চলি থাকে, বহুত দিনৰ মূৰত আকৌ দেখিলো, হাঁহি এটা ওলাই আহিল্ আপোনা আপুনি।
:ভিতৰলে বলা মা, বহুত ভোক লাগিছে।
সকলোবোৰ একেই অাছে, আমাৰ সৰু ঘৰখন মায়ে খুব সযতনে ৰাখে, যদিও পুৰণা হৈছে, তথাপি কিবা নহয় কিবা এটা কৰি মায়ে নতুন কৰি ৰাখে। পৰ্দা খিনি নতুন। টেবুলত অলপ সতেজ ফুল। বেৰত মোৰ এখন ডাঙৰ ফটো, আগতে নাছিল, মই যোৱাৰ পাছত লগাইছে। মোৰ ৰুমটো ঠিক মই এৰি যোৱা ধৰণেই অাছে,পঢ়া টেবুলৰ
উপৰত থকা সৰশ্বতী মাৰ ফোটো খনৰ ওচৰত ধূপ ছাকি দি থোৱা অাছে, আগতে মই দিছিলো, এতিয়া মায়ে দিয়ে। বেগটো থৈ বিচনাত নিজকে এৰি দিছো, পুৰণা মইজনীক বিচাৰি লওঁ।

:মাজনী, হাত মুখ ধুই আহ সোনকালে, তোৰ প্ৰিয় বস্তু বনাইছে অাজি আমাৰ বৰুৱানীয়ে।
মাক জোকাবলে দেউতাই বৰুৱানী বুলি মাতে, কেতিয়াবা আস্থাৰ মাক, কেতিয়াবা গৃহস্থনী, কেতিয়াবা মমতা বেনাৰ্জী, মুঠতে গালি এটা নোখোৱালৈকে নতুন নতুন নাম দি মাতি থাকিব। সেইবোৰেই আমাৰ নিচিনা মানুহবোৰৰ সুখ। উঠি আহিলো, মুখ হাত ধুই কাপোৰ সলাই খোৱা টেবুলত বহিলো। পাঁচফুৰণ দি তেল মৰা ৰঙৰ দাইল, শাকৰ ভাজি, কণী আলু পিটিকা, কলদিল অাৰু ৰঙা বুটৰ ভাজি, পুদিনাৰ চাটনি । সকলোবোৰ মোৰ ভাল লগা বস্তু। হোষ্টেলৰ একেবোৰ বস্তু খাই খাই আমুৱায় গৈছিল।
অাজি চাৰিমাহৰ মূৰত তৃপ্তিৰে খালো, মায়ে নিজে খোৱা নাই, মই খোৱা চাই চাই হাঁহিছে, কান্দিছে। মই বুজি পাইছো। সকলোকে খুৱাই ভালপোৱা মানুহজনীৰ ‘জীও’ জনীয়ে বহুদিন একো ভালকৈ খোৱা নাছিল। দুখ লগাটো স্বাভাবিক। কিন্তু এতিয়া নিজে বনাই খুৱাই মোতকৈ বেছি তৃপ্তি তেওঁহে পাইছে, সেইবাবে চকুপানীৰ লগতে ফুটু নুফুটো কৈ হাঁহি এটাও ওলাইছে। খোৱাৰ টেবুলতে বহুত কথা পাতিলো, কিমান কব লগা আছিল মোৰ, কলেজৰ এটা এটা কথা কৈছো, কিন্তু কিয় জানো তেওঁৰ কথা এতিয়াও কব পৰা নাই মই।

:অলপ শুই লচোন যা জীও, দেতাৰ লগত কথা পাতিবলে এক সপ্তাহ অাছে,অলপ জিৰাই ল আগতে।
:ঠিকেই তই অকণ শুই ল মাজনী, মই পূজাৰ কামত যাব লাগে, পালেহিয়েই নহয়।
ঘৰৰ ওচৰতে পুজা হয় প্ৰতিবছৰে, দেউতা পূজা কমিতিৰ সভাপতি, এইকেইদিন তেখেতৰ কাম বহুত।মাক অলপ সহায় কৰি দিওঁ বুলি পাকঘৰ পাইছিলো, কিন্তু গালি খাই আকৌ বিচনালৈ আহিলো।
মোৰ ফোনটো?
কত বা থলো তাকো পাহৰিলো।
বেগটো খুঁচৰি খুঁচৰি বিচাৰি পালো যেনিবা।
হে ভগৱান!!!!!!!
তেৰ টা মিছ্দ কল। পাঁচটা মেছেজ।
অৰ্ণৱ।
মেছেজ কেইটা খুলি চালো।
“Did you reach?”
“Is every thing alright”?
“are you fine?”
“pick up the call Astha, I am worried now”
“pick up the bloody phone Astha, Answer my call DAMN IT.”
কি কৰিলো এইয়া মই? বাৰে বাৰে কৈছিল ঘৰ পাইয়েই জনাবলে, কেনেকে পাহৰি থাকিলো? কি কৰোঁ এতিয়া।
সাহস কৰি ফোনটো লগালো, ৰিং হবলৈ নাপালেই।
:What the hell are you doing Miss Astha?
:..
:কত আছা তুমি?
:ঘৰত।
বহুত সময় একো কোৱা নাই তেওঁ, ঘন ঘন কৈ উশাহ লৈছে, কিমান খং উঠিছে গম পালো, সাজু হৈ আছো পিছৰ গালি কেইটালৈ।
:ফোন কিয় উঠোৱা নাছিলা?
: বেগত সোমাই আছিলে, গম নাপালো।
:ঘৰ পাই কিয় নকলা মোক?
:পাহৰি থাকিলো।
:Serioisely??????
:হমম।
:May be I am expecting too much from you Astha. I shouldn’t it seems. Enjoy your stay.
কাটি দিলে ফোন তো, কিন্তু কিয়? বুজি নাপালো।
:শোৱা নাই কেলে জীও।
মায়ে অাহি পাতল কম্বল এখন গাত দি দিলে, নিজেও মোৰ কাষতে শুই পৰিল। কুৰুকি কুৰুকি সোমাই গলো মাৰ বুকুলে, কিন্তু চকুকেইটা জপাই দিলে এখনেই মুখ ভাঁহি অাছে। অৰ্ণৱ!!!!!!!
বেয়া পাইছে মোক, জানো। কিন্তু জানি বুজি একো কৰা নাই মই। নমোয়ে সব জানে, তেওঁকো বুজাই দিয়া নমো। মায়ে চুলি কেইদাল মোহাৰি আছে, টোপনিয়ে হেঁচা মাৰি ধৰিলে।

আগলৈ…

Advertisements

145 thoughts on “#JEC Part 20

    1. Poha sagoi badei disa nahoi janu…. Brkup habo sabo ako…. Bf k reply nidi fokotia pohi thakile pohau jabo and bf jabo and sakur rosmi jabo bujile…. Parile bad diok…. Valkoi koisu apunak…. Youtube t sabo sun aibur kahini uport Indrani baideuk kiman gali dise…. Nai sua sage no….. Ajori tymot aibur sai…. Vat khai uthi boy frend…. Nahoi janu

      Like

      1. Sauk moi mur duty bhalkoi janu.. novel moi pohu ajori homoyot..aru ei kahini pohiboloi kiman time lagise.. khub besi 5 mnts.. apuni ei 5 mnts t kun khon word war joy koribo.. nijor kam korok.. apuni mur bf r kotha eman sinta koribo nalage.. eibilag olagotial bostu moi narakhu.. and moi ki moi bhal koi janu.. nd mur pohau completed..parile minor pohat mon diok.. job kori.. anok homalusona koribo Erok… pubg t koi bohut uporot ETA kahini..

        Like

      2. Nd Mr. Bikash apuni bortoman kihot byasto… poha huna ne job ne anor homalusona kori nijok mohan dekhuat…nijor girlfriend k bujauk..Jodi teu apuni kua dhorise korise… sabo ako anok hikhya diute diute apunar gf hator pora gusi jabo… apunar ki nijor bibek nai..j YouTube t kua kotha sai anok bujai… nijor bhnti baideu aru gf k sombhalok…muk nohoi

        Like

      3. Nd Mr. Bikash apuni bortoman kihot byasto… poha huna ne job ne anor homalusona kori nijok mohan dekhuat…nijor girlfriend k bujauk..Jodi teu apuni kua dhorise korise…sabo ako anok hikhya diute diute apunar gf hator pora gusi jabo… apunar ki nijor bibek nai..j YouTube t kua kotha sai anok bujai..nijor bhnti baideu aru gf k sombhalok..muk nohoi

        Like

  1. বহুত ভাল লাগিছে পঢ়ি।। অপেক্ষাত ৰৈ আছোঁ ,, বাকী খিনিৰ বাবে

    Like

  2. ক’ব ভাষা নাই।ইমান ধুনীয়াকৈ লিখিছে।আগলৈ খিনি এতিয়াই পঢ়িব পালে ভাল লাগিল হয়।অপেক্ষা কৰিব ধৈৰ্য্য নোহোৱা হৈ গৈছে❤️

    Like

  3. moi aji loike dighal jokes etao poha nasilu loge loge scroll kori goisilu
    kintu #JEC t ki attachment ase najanu prati tu part tanna tanna k pohi asu aru aagoloi apekha kori asu love u aastha😊

    Like

  4. অপেক্ষা কৰি আছো পিছৰ খণ্ডলৈ ….. সোনকালে দিব upload..

    Like

  5. ভাল লগা এটা অনুভূতি,,,,,পঢ়ি এনে ভাব হৈছে যেন মই জনী astha হৈ পরিম,,,,,

    Like

  6. বৰ্তমান যান্ত্ৰিক যুগত দৈহিক প্ৰেমৰ লগতে ‘বাইক্’, ‘ডি এছ্. এল্. আৰ্.’ স্বপ্নবিলাসী যুৱ প্ৰজন্মক যে প্ৰকৃত প্ৰেমৰ স্বৰ্গীয় অনুভূতি দিব পাৰিছে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আজিকালি অৰ্ণৱৰ দৰে প্ৰেমিক এজন সকলোৱে বিচাৰে কিন্তু আস্থাৰ দৰে কোনো হব নিবিচাৰে । পিচৰ খিনি সোনকালেই পঢ়িবলৈ পাম বুলি আশাৰে বাট চালো

    Like

  7. আবেগ অনুভূতিৰ সমাহাৰেৰে এটি সুন্দৰ আৰু পুৰ্নাংগ লিখনি। ধন্যবাদ Indranee Sharma

    Like

  8. বহুত ভাল লাগিল পঢ়ি আৰু পিছৰ খিনি ৰ বাবে অপেক্ষাৰত।

    Like

  9. Ai kahinitu muk kiojanu tere naam film tuloi mnt pelai…jodiu bht blg..pise kobolagibo bht modhur ata kahini vl lage porhi.

    Like

  10. বহু দিনৰ মুৰত নিভাজ প্ৰেমৰ উপন্যাস এখন পঢ়িব পাই খুব সুখী হৈছো । আন্তৰিকতাৰে অপেক্ষাৰত হৈ ৰৈছো আন খণ্ড সমুহলৈ

    Like

  11. বহুত দিনৰ মুৰত ইমান সুন্দৰ কাহিনী এটি পঢ়িব পাই এৰিবৰ মন যোৱা নাই । আজিলৈ বিশটা খণ্ড সামৰিলো। কলেজীয়া দিনবোৰৰ কথা মনত পৰি হৃদয়খন আকৌ জীপাল কৰি তুলিলে । ধন্যবাদ আৰু শুভৰাত্ৰি।

    Like

Leave a Reply to Karishmita Cancel reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s