Uncategorized

#JEC Part 20

#JEC Part 19

মোৰ ঠাই, সেউজীয়া অাৰু জীপাল, গাড়ীৰ পৰা নামি অলপ দূৰ খোজকাঢ়ি যাব লাগে আমাৰ ঘৰলৈ, অট’ লৈও যাব পাৰি কিন্তু কথা পাতি পাতি খোজ কাঢ়ি যাবলৈ বেছি ভাল পাওঁ মই। আমাৰ ঘৰত গাড়ী নাই, কেতিয়াবা বিশেষ দৰকাৰ হলে বৰদেউতাৰ গাড়ীখন দেউতাই খুজি লৈ যায়। আজিও কৈছিল, কিন্তু এই খোজকঢ়া আমেজ কণৰ বাবেই মই নালাগে বুলি কলো। ভাল লগাবোৰ এতিয়া ময়ো জানো সামৰি থব, কোনোবাই শিকাইছে মোক। উশাহ তো দীঘলকৈ লৈছো, ধাননি পথাৰ বোৰৰ চিনাকি গোন্ধ নাকত লাগিছে, প্ৰিয় ঠাই, প্ৰিয় মানুহ। বাটত চিনাকি বহুতকে লগ পাইছো, কোনোবাই ক্ষীণ দেখিছে, কোনোবাই শকত। নতুন কলেজ কেনেকুৱা লাগিছে, পূজাত কিমান দিন বন্ধ, একেবোৰ কথাকে কৈ কৈ আহি আছো, বৰ্মা, খুড়ী সৱৰে ঘৰলৈকে যাব লাগিব, দঢ়াই দঢ়াই কৈছে । ভালপাওঁ এই মানুহবোৰ, ইমান সহজ, ইমান আপোন। কৃত্ৰিমতাই কেতিয়াও যেন বিচাৰি নাপাই এই মানুহবোৰক।
পদূলি মুখত ৰৈ অাছে মা, মুখ খন উজ্জল, যিমানেই ওচৰ চাপি গৈছো, তেওঁৰ আঁচলটো সিমানেই সেমেকিছে, সুখতো কন্দা দুখতো কন্দা মোৰ আজলী মা। দৌৰি গৈ সাৱটি ধৰিলো। আস! চিনাকি গোন্ধটো সামৰি ললো। চকুকেইটা ভৰি আহিল। কিন্তু বুকুখন পাতল লাগিছে, কলিজাটো শাঁত পৰিছে। মূৰত হাত ফুৰাই দিয়া মা, অাৰু অকণ নিজৰ কৰি লোৱা।

:চাঁও মুখ খন। আই ঐ দেহি, ভোকে পিয়াহে গোটেইজনী শুকাই আহিছে। খোজকাঢ়ি নো কিয় আহিব লাগে ইমান দূৰ। আপুনিও কম নহয় দেই।
:তাই নিজেহে কলে খোজকাঢ়ি যাও বুলি, মোৰ গাত কি দোষ!
আৰম্ভ হলেই, দেউতা আৰু মাৰ এইবোৰ দৈনন্দিন চলি থাকে, বহুত দিনৰ মূৰত আকৌ দেখিলো, হাঁহি এটা ওলাই আহিল্ আপোনা আপুনি।
:ভিতৰলে বলা মা, বহুত ভোক লাগিছে।
সকলোবোৰ একেই অাছে, আমাৰ সৰু ঘৰখন মায়ে খুব সযতনে ৰাখে, যদিও পুৰণা হৈছে, তথাপি কিবা নহয় কিবা এটা কৰি মায়ে নতুন কৰি ৰাখে। পৰ্দা খিনি নতুন। টেবুলত অলপ সতেজ ফুল। বেৰত মোৰ এখন ডাঙৰ ফটো, আগতে নাছিল, মই যোৱাৰ পাছত লগাইছে। মোৰ ৰুমটো ঠিক মই এৰি যোৱা ধৰণেই অাছে,পঢ়া টেবুলৰ
উপৰত থকা সৰশ্বতী মাৰ ফোটো খনৰ ওচৰত ধূপ ছাকি দি থোৱা অাছে, আগতে মই দিছিলো, এতিয়া মায়ে দিয়ে। বেগটো থৈ বিচনাত নিজকে এৰি দিছো, পুৰণা মইজনীক বিচাৰি লওঁ।

:মাজনী, হাত মুখ ধুই আহ সোনকালে, তোৰ প্ৰিয় বস্তু বনাইছে অাজি আমাৰ বৰুৱানীয়ে।
মাক জোকাবলে দেউতাই বৰুৱানী বুলি মাতে, কেতিয়াবা আস্থাৰ মাক, কেতিয়াবা গৃহস্থনী, কেতিয়াবা মমতা বেনাৰ্জী, মুঠতে গালি এটা নোখোৱালৈকে নতুন নতুন নাম দি মাতি থাকিব। সেইবোৰেই আমাৰ নিচিনা মানুহবোৰৰ সুখ। উঠি আহিলো, মুখ হাত ধুই কাপোৰ সলাই খোৱা টেবুলত বহিলো। পাঁচফুৰণ দি তেল মৰা ৰঙৰ দাইল, শাকৰ ভাজি, কণী আলু পিটিকা, কলদিল অাৰু ৰঙা বুটৰ ভাজি, পুদিনাৰ চাটনি । সকলোবোৰ মোৰ ভাল লগা বস্তু। হোষ্টেলৰ একেবোৰ বস্তু খাই খাই আমুৱায় গৈছিল।
অাজি চাৰিমাহৰ মূৰত তৃপ্তিৰে খালো, মায়ে নিজে খোৱা নাই, মই খোৱা চাই চাই হাঁহিছে, কান্দিছে। মই বুজি পাইছো। সকলোকে খুৱাই ভালপোৱা মানুহজনীৰ ‘জীও’ জনীয়ে বহুদিন একো ভালকৈ খোৱা নাছিল। দুখ লগাটো স্বাভাবিক। কিন্তু এতিয়া নিজে বনাই খুৱাই মোতকৈ বেছি তৃপ্তি তেওঁহে পাইছে, সেইবাবে চকুপানীৰ লগতে ফুটু নুফুটো কৈ হাঁহি এটাও ওলাইছে। খোৱাৰ টেবুলতে বহুত কথা পাতিলো, কিমান কব লগা আছিল মোৰ, কলেজৰ এটা এটা কথা কৈছো, কিন্তু কিয় জানো তেওঁৰ কথা এতিয়াও কব পৰা নাই মই।

:অলপ শুই লচোন যা জীও, দেতাৰ লগত কথা পাতিবলে এক সপ্তাহ অাছে,অলপ জিৰাই ল আগতে।
:ঠিকেই তই অকণ শুই ল মাজনী, মই পূজাৰ কামত যাব লাগে, পালেহিয়েই নহয়।
ঘৰৰ ওচৰতে পুজা হয় প্ৰতিবছৰে, দেউতা পূজা কমিতিৰ সভাপতি, এইকেইদিন তেখেতৰ কাম বহুত।মাক অলপ সহায় কৰি দিওঁ বুলি পাকঘৰ পাইছিলো, কিন্তু গালি খাই আকৌ বিচনালৈ আহিলো।
মোৰ ফোনটো?
কত বা থলো তাকো পাহৰিলো।
বেগটো খুঁচৰি খুঁচৰি বিচাৰি পালো যেনিবা।
হে ভগৱান!!!!!!!
তেৰ টা মিছ্দ কল। পাঁচটা মেছেজ।
অৰ্ণৱ।
মেছেজ কেইটা খুলি চালো।
“Did you reach?”
“Is every thing alright”?
“are you fine?”
“pick up the call Astha, I am worried now”
“pick up the bloody phone Astha, Answer my call DAMN IT.”
কি কৰিলো এইয়া মই? বাৰে বাৰে কৈছিল ঘৰ পাইয়েই জনাবলে, কেনেকে পাহৰি থাকিলো? কি কৰোঁ এতিয়া।
সাহস কৰি ফোনটো লগালো, ৰিং হবলৈ নাপালেই।
:What the hell are you doing Miss Astha?
:..
:কত আছা তুমি?
:ঘৰত।
বহুত সময় একো কোৱা নাই তেওঁ, ঘন ঘন কৈ উশাহ লৈছে, কিমান খং উঠিছে গম পালো, সাজু হৈ আছো পিছৰ গালি কেইটালৈ।
:ফোন কিয় উঠোৱা নাছিলা?
: বেগত সোমাই আছিলে, গম নাপালো।
:ঘৰ পাই কিয় নকলা মোক?
:পাহৰি থাকিলো।
:Serioisely??????
:হমম।
:May be I am expecting too much from you Astha. I shouldn’t it seems. Enjoy your stay.
কাটি দিলে ফোন তো, কিন্তু কিয়? বুজি নাপালো।
:শোৱা নাই কেলে জীও।
মায়ে অাহি পাতল কম্বল এখন গাত দি দিলে, নিজেও মোৰ কাষতে শুই পৰিল। কুৰুকি কুৰুকি সোমাই গলো মাৰ বুকুলে, কিন্তু চকুকেইটা জপাই দিলে এখনেই মুখ ভাঁহি অাছে। অৰ্ণৱ!!!!!!!
বেয়া পাইছে মোক, জানো। কিন্তু জানি বুজি একো কৰা নাই মই। নমোয়ে সব জানে, তেওঁকো বুজাই দিয়া নমো। মায়ে চুলি কেইদাল মোহাৰি আছে, টোপনিয়ে হেঁচা মাৰি ধৰিলে।

আগলৈ…

Advertisements

145 thoughts on “#JEC Part 20

  1. বহুত দিনৰ মুৰত এটা ভাল কাহিনী পঢ়ি আছো। শব্দবোৰে মনটোক চুই যায়। পৰৱৰ্তী খন্ডবোৰৰলৈ আগ্ৰহেৰে বাট চাই আছো। সোনকালে দিব। শুভৰাত্ৰি।

    Liked by 3 people

  2. Started the story, felt it so deeply.
    Off course, it was to be finished in one go. Thank you Indranee baa.
    This story made me feel fresh. I’m eagerly waiting for the next parts❤️

    Liked by 2 people

  3. Waiting for the next part. I think after reading this story no one can resist herself from loving Arnav. Ur writing is so pure. Keep up with it. And pls bring the next part soon 🙏🙏🙏…

    Liked by 2 people

  4. অধিৰ অপেক্ষাৰে বাট চাই আছো পৰৱৰ্তী খণ্ড কেইটালৈ….অৰ্ণব আৰু আস্থা যেন এতিয়া মোৰ বহুত আপোন😊😊

    Liked by 2 people

  5. বহুত ভাল লাগিল পঢ়ি, মই খুব কমকৈ বাহিৰা কিতাপ পঢ়োঁ, পিছে এই প্ৰবন্ধটো তোৰ প্ৰতিটো শব্দ অন্তৰ চুই গৈছে।।

    আশা কৰোঁ এই গল্পটো’ৰ এটা Happy Ending হ’ব।
    ধন্যবাদ।

    Liked by 1 person

  6. পৰৱৰ্তী খণ্ডৰ বাবে অধিক আগ্ৰহেৰে বাট চাই আছো | অৰ্ণৱ আৰু আস্থা যেন এক জীয়া ছবিলৈ ৰূপান্তৰিত হৈছে |

    Liked by 1 person

    1. Arnab and aastha hoitu hosa prem enkwai…. Agoloi baki khondo buroloi bat sai rolu.. Bht val lagile.. Eta mitha anuvob.. Soku pani mur emanote nigorise. Baki khndo burot ki hoi njnu..

      Liked by 2 people

  7. Mane eku word nai.. ki simple but ki strong sentence bur.. eta eta sobdo e sokur agot JEC khn loi ahe.. JEC khn moi dekha nai.. but Gauhati University r MBA dept. t moi bisari paisu Arnab aru Aastha k.. Eyatkoi dhunia eku hobo nuare.. moi jen Arnab and Aastha k sini pau. Moi jen hei hostel r agot goi paisu.. tenekua lagise.. waiting for your next episode..

    Like

  8. I m really speechless now.. Since it was played like as my own story. 💟💟l m glad to read that lovely story ..l m waiting and exciting 😍 to next part. Please published soon.

    Liked by 1 person

  9. Your writing is very beautiful and fresh.The characters of the story along with the story itself are very captivating and its the sign of a good writer….Hope to see you among the leading writers of our country….

    Liked by 1 person

  10. Moi hole golpo, probondhi porhi bhal napau. Pise arnab asthar social mediat kholokoni sai nijoke rokhabi nuwarilu. Ebarote part 20 loike Pori xeh korilu. Bohut bhal lagil. Next part burole bat sai asu. Xunkale Pam buli axa thakil. Dhonyobad 💜

    Liked by 1 person

  11. You have become a sensation…Arnab n Aastha have struck the chord with young n old equally, specially those who have stayed in hostel. Many can connect to the characters in some or other instance.. including me!! In love with the story.. thank you so much Indranee for such amazing story.. waiting impatiently for the next part.. please upload asap.. just can’t wait. Best wishes n regards

    Liked by 1 person

  12. খুব সুন্দৰ উপস্থাপন ৷ পঢ়ি ভাল লাগিল, আগলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছো ৷

    Liked by 1 person

  13. বিৰাট ভাল লাগিছে । পিছৰ খণ্ড খিনি শুনকালে দিয়কচোন । ৰব নোৱাৰি আৰু….

    Liked by 1 person

  14. কিমান ভাল লাগিছে বুজাব নোৱাৰো| অধিৰ আগ্ৰহেৰে বাট চাইচো পিছৰ খন্ডলৈ| মনৰ হেৰাইযোৱা আবেগবোৰ ঘুৰাই পোৱাযেন লাগিল| really fallen in love …

    Liked by 2 people

  15. Akebare porhlu 1 to 20..Bohut val lagise .Roi thakibo nowarilo.Charitro bur bhut jeebonta..Waiting for next part..

    Like

  16. ❤️সুন্দৰ উপস্হাপন। আগলৈ ও আশা কৰিলো ইন্দানী বা l❤️

    Like

  17. i just say’wow….!!! bohut dinor murot dhunia kahini eta pohibo palu..agr kitau pohibo pm buli akha rakhilu…☺☺

    Like

  18. Jec erute sokulu ulaisl. Aji ako jec loi ghuri jua jen lagise.. Beautiful writing.. Best wishes for you, Astha n Arnab.

    Like

  19. কথাবোৰে সঁচাকৈয়ে এটি বাস্তৱিক ৰূপ পাইছে…বহুত ভাল লাগিল….আৰু পঢ়িব খুজিছোঁ

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s