Uncategorized

#JEC Part 21

Previous: #JEC Part 20

শুই উঠি বৰমাৰ ওচৰ পালোগৈ, একেখন চোতালতে সেইখন আমাৰ পুৰণি ঘৰ। বৰদেউতা, বৰ্মা, দাদা, বৌ অাৰু আইতা থাকে তাত। যদিও দুখন ঘৰ বেলেগ, মনবোৰ কিন্তু একেই। ঘৰত থাঁকোতে দিনটোৰ বেছি ভাগ সময় মই তাতে থাকো। আইতাৰ কাপোৰ জাপি দিয়া, তামোল খুন্দা, চুলি আঁচুৰি দিয়া সেইবোৰ মোৰ কাম আছিল। এতিয়া বা কোনে কৰে?
:সেইজনী সৰু মাইনা নিজে আহিলে, তই শুই থাকোঁতে দুবাৰ গলো হেৰৌ তোৰ মুখ খন চাবলেকে, আইতাৰে খাই মাৰিছে কেলেই অহা নাই মাতি আনচোন। মই বোলো অকণ জিৰাই লওঁকচোন দিয়ক, নুশুনে হেৰৌ, ভালকে খোজ কাঢ়িব পৰা হলে নিজেই গলহেতেন বোলে।
সোমাই যাওতেই বৰমাৰ গালে মুখে মৰম এবুকু সানি দিলে, বৰদেউতা, বৰ্মা অাৰু আইতাৰ বাবে দাদা ডাঙৰ মাইনা অাৰু মই সৰু মাইনা। আইতালৈ চালো, চকু কেইটা সেমেকা, বহী থকা চকীখনৰ পৰাই হাতখন মেলি দিলে,একো নাই পৰা কব। বুজি পাওঁ, এদিন নেদেখিলে থাকিব নোৱাৰা মানুহজনী অাজি অতদিনে কেনেকে আছে! তোমাল খোৱা মুখ খনেৰে গালে মুখে এগালমান চুমা খালে, এই গোন্ধটো বৰ আপোন। পকাতে বহি আইতাৰ কোঁচত মূৰটো পেলাই দিলো। ধেৰ কিবাকিবি কৈছে তেওঁ, অাৰু নালাগে কতো যাব, মোৰ লগতে থাকিবি, কৰ অচিন দেশত থৈ আহিলে মোৰ সৰু ছোৱালীজনীক, মা দেউতাকো গালি কেইটামান পাৰিলে, শুনি আছো সব, এই অজলা অঁকৰা পৃথিৱী খনহে মোৰ চিনাকি। মোৰ ঘৰ।
:এইকণ থৈ দিছিলো তোলৈ,আইতাৰ ওচৰতে বহি খা।
কণজহা চাউলৰ পায়স। মোৰ প্ৰিয়, তাতে বৰমাই কৰ্পূৰ দি বনোৱা। গোটেইখিনি খালো, বাটিত লাগি থকা খিনি আঙুলিৰে চুঁচি চুঁচি খালো।
:আয়ৈ দেহি, কিমান দিন এইবোৰ খুৱাই নাই চাগে ন?
বৰমাৰ মাতটো থুকা থুকি, কথাটো সলাব লাগিব।
:বৌ নাই নি বৰ্মা?
:নাই নহয়, ডাঙৰ মইনাৰ লগতে ৰাতিপুৱাই ওলাই গৈছে, পূজা বুলি একো কিনাই নাই কোনেও, মোকো বৰকে লগ ধৰিছিলে, মই বোলো তাই ইমানদিনৰ মূৰত আহিব হোষ্টেলৰ পৰা, মই নেথাকিলে বেয়া পাব। দাদাক এইবাৰ জন্মদিনত কি লাগিব বুলি কলি?
:ৰঙা কুৰ্তা এটা।
:ওৱা, তইচোন ৰঙা বেয়া পাৱ?
:আজিকালি ভাল পাওঁ
কাৰোবাৰ প্ৰিয় ৰং ৰঙা, অাৰু সেই মানুহজন মোৰ প্ৰিয়!
বহুত দেৰি থাকিলো আইতাৰ ওচৰত। মায়ে নিজে গৈ মাতিলত হে ঘৰলৈ আহিলো।
এই কেইদিন ইমানবোৰ মানুহৰ মৰমৰ মাজত থাকিও মই কিবা এটা হেৰুৱাইছো, এই অনুভব একেবাৰে নতুন। কথাৰ মাজতো বাৰে বাৰে ফোনটো চাও, কিজানি তেওঁ ফোন কৰেই। নাই। নকৰে। মাৰ লগত পূজাৰ কাম কৰিছো, ঘৰ সজাইছো কিন্তু মন কতো বহা নাই, আগতে এনেকুৱা কেতিয়াও হোৱা নাছিল। কিয় হৈছে এইবোৰ?
ফোনটো বাজি উঠিল, তেওঁ বুলি দৌৰি গলো, নহয়। নিশা।
:অই পাগলী, এড্ৰেছটো নিদিয় যদি নাযাও কাইলৈ, কেইবাৰ খুজিলো মনত আছে।
:পাহৰি থাকিলো, ৰঃ দি আছো। সোনকালে আহিবি কিন্তু দেই।
:যাম যাম।
:মায়ে সুধিছে অাৰু কোন আহিব,ভাত বনাব লাগিব যে।
:কোনো নাই, driver থাকিব।
বেচেৰী জনী, লগ এটাও নাই।
:see you tomorrow then, bye.
কাটি দিলে ফোনটো, কাইলৈ মোৰ জন্মদিন। ভাবি ভাল লাগিল, অাজি টোপনিয়েই নাহিব মোৰ।
শুই উঠি গা পা ধুই গোঁসাই ঘৰত মাৰ লগত পুজা কৰিলো। মায়ে সদায় জন্মদিনত ভোগ দিয়ে, আজিও দিছে। ৰাতিপুৱাৰ চাহকাপ অাজি বৰদেউতাৰ ঘৰত, মানে আইতাৰ ওচৰত। জন্মদিনৰ ওলগ, আশীৰ্বাদ অাৰু মৰমবোৰে উপচাই পেলাইছে মোক।
:এইযোৰ ল। বোৱাৰীয়ে আনি দিছে, মোৰ সাঁচতীয়া পইচাৰে অনাইছো, ওঠৰ বছৰীয়া হলি এতিয়া, ডাঙৰ ছোৱালী অাৰু। অাজি পূজালৈ পিন্ধি যাবি।
এযোৰ বোৱা মেখেলা চাদৰ, পাতল গুলপীয়া, তাতে সৰু সৰু বুটা বছা। আইতাই দিছে। পিন্ধিব পৰাকৈ বৌয়ে চিলাই মেলি থৈছে সব ।উপহাৰৰ টোপোলা লৈ ঘৰলৈ আহিলো, আকৌ এবাৰ ফোনটো চালো, চিনাকি প্ৰায় সকলোৱেই ফোন বা মেছেজ কৰিছে, উৎপল দা, নিশা, ৰাজী সবেই, কিন্তু তেওঁ নাই কৰা। নকৰে চাগে।কাৰোবাৰ এটা শুভেচ্ছা বাৰ্তা ইমান জৰুৰী হব পাৰে বুলি আগতে জনাই নাছিলো।
আইতাই দিয়া কাপোৰযোৰ পিন্ধি পূজালৈ ওলালো। চুলিবোৰ এতিয়াও তিতি আছে, অাগৰ খিনি ছপাই কোচাই ক্লিপ এডাল লগাই থৈছো, চুলি মেলি ৰখা মানা, আইতা থাকিলে তো অসম্ভৱ। কুকি ভৰাই ফুল অাৰু শৰাই সজোৱা সামগ্ৰী লৈ মা,বৰ্মা আৰু বৌৰ লগত পূজালৈ ওলালো।পূজা থলীত জন্মদিনৰ অভিনন্দন অাৰু গুলপীয়া কাপোৰযোৰ মোৰ উপৰত কিমান শুৱাইছে তাকেই শুনি আছো, কিন্তু মোৰ চোন একোৱেই ভাল লগা নাই। শৰাই আগবঢ়াই সেৱা কৰি মাৰ ওচৰতে বহি আছো। ফোনটো বাজিল, নিশা। একেজাপে উঠি আহিলো।
:কত পালিহি।
:তই কোৱা স্কুল খন পালোহি। এতিয়া?
:চিধা চিধি আহ অাৰু এক কিলোমিটাৰ, পূজাৰ মণ্ডপটো দেখিবি। তাতে ৰৈ দিবি। মই ইয়াতে আছো।
দৌৰি গৈ মাক কলো, উচপিচাই আছো, বহুত কথা পাতিব লগা আছে তাইৰ লগত।
আকৌ ফোন কৰিছে।
:বাহিৰত ৰৈ আছো, ওলাই আহ।
অাজিও জিনছ আৰু টি শ্বাৰ্ট পিন্ধিয়ে আহিছে এইজনীয়ে, তাকো সেই আধা ফটা জিনছ টো। দেখা মাত্ৰকে দৌৰি আহি হেঁচা মাৰি ধৰিলে মোক।
:তোক বহুত মিছ কৰিছিলো।
:মইয়ো।
মা বৰ্মা সবৰে লগতে চিনাকি কৰাই দিলো তাইক, মোৰ মুখত শুনি শুনি তাই আগৰপৰাই সবৰ চিনাকি, মাথোঁ লগ পোৱা বাকী আছিল।
:পুজা ভাগিব অলপ পিছত, তই নিশাক লৈ ঘৰলে যা, অামি শৰাই সামৰি অলপ পুজা থলীখন সাৰি মুচি গৈ আছো।
:বল ঘৰলৈ, ধেৰ কথা আছে।
নিশাক লৈ ওলাই আহিলো, গাড়ীখন বহুত আগত ৰখোৱা অাছে, মণ্ডপৰ ওচৰত ঠাই নাছিল। কিনকিনিয়া বৰষুণ এজাকো আহিছে, দুইজনী যিমান পাৰো খৰ খোজেৰে গৈছো, মেখেলা চাদৰ পিন্ধি দৌৰিবও নোৱাৰো।
:সৌখন আমাৰ গাড়ী, তই যা, মই আহি আছো।
:কি? তই অকলে ইয়াত কি কৰিবি?
:আন্টিৰ কাৰণে কিবা এটা লওঁ, একো নানিলো।
:মইয়ো ৰৈছো, কিন্তু নিকিনিলেও হব, মায়ে সেইবোৰ নাভাবে।
:আচ্ছা তই গাড়ীৰ পৰা বেগটো লৈ আহ না মোৰ,পিছৰ চিট টোতে আছে। তেতিয়া লৈকে মই কি ভাল দেখো চাও।
গাড়ীখন ৰখা ঠাইডোখৰ অলপ নিজান, আগবাঢ়ি গলো, খুলিব পৰা নাই, নক কৰিলত ড্ৰাইভাৰ জনে খুলি দিলে। সোমাই চাইছোঁ বেগ নাইচোন। তলত পৰিছে নি চালো, নাই। ভিতৰত সোমাই ভালকে চাবলৈ লওঁতেই দেখিলো ড্ৰাইভাৰজন নামি মোৰ ফালৰ দৰজাখন বন্ধ কৰি দিলে। কি হৈছে এইবোৰ, খুলিবলৈ চেষ্টা কৰিছো নাইপৰা। ভীষণ ভয় লাগিছে। এনেতে আনফালৰ দৰজা খন খুলি কোনোবা এজন সোমাই আহিল, চিনাকি গোন্ধ,দৰজা ঠেলা হাতখন ঢিলা হৈ গল মোৰ , ঘূৰি চোৱাৰ সাহস নাই।
:We need to talk Miss Astha Baruah.

ধক্।
অৰ্ণৱ!!!!!!!!!!!!

……. আগলৈ

Advertisements

261 thoughts on “#JEC Part 21

    1. Indranee ba juakali youtube apunar intervew salu aru ajir pora jec poha armvo kori dilu,bujabo nuaru bhashare asolote kiman bhal lagise ba pohi,love u ba and lovely your feeling.

      Like

  1. bohut lovely story asil .aku copycat nohoi …and truely speaking moi just JEC bikhoi gom paisilu aji and gutei parts pohi pelalu .iman j bhal lagil pohi .kahinir majot nijok nije story tu bhitorot thoka zen lagil .a lovely story for teenegers.thanks for sharing this story with us.😊❤

    Like

  2. Omg moi vhoba a nasilu anekua love story .omg.bhut bhut vhl lagise..mur j gaa2 jika Mari uthise..bcz mur u hoisil ajoni suwali logt..olp anekuaii..tumr aagor part gitaloi opekhat too asu ..

    Like

  3. অতি সহজ-সৰল ভাষাত লিখা সহজে হৃদয় চুই যোৱা কাহিনী।
    চৰিত্ৰ দুটাও আচৰিত ধৰণে সজাইছে। অৰ্ণৱে খং অভিমানবোৰ তেওঁৰ ওচৰতহে কৰিছে যিজনে বুজি পাইছে। মৰম যত্নবোৰো কেৱল ভালপোৱা জনৰ বাবেহে।
    Indrani বাৰ যাদুকৰী লিখনিয়ে এনেকৈ কাহিনীটো পাবলৈ সক্ষম হৈছে ৷
    আগ্ৰহেৰে ৰৈ থাকো কাহিনীটোৰ পিছৰ খন্ডটোলৈ।

    Like

  4. Ji prem bisare sokolowe are college lfeot poajay .nopoabore bisari unmonahoy thake tarey murto prokakh…vallagil.

    Like

  5. Kali matro gom paisilu JEC r bixoye… Rati mur khub moromor ba ejoniye, she is an ex-student of JEC, PDF version tu Pothale. 1-20 . Rati 12tat start korisu 2tat xeh… Bhabisu…. Pisorkhini kot Pam etiya…. 21-22 Etiya pohilu… Kenekuwa bhal lagise Pohi..

    Like

  6. বাইদেউ আপোনাৰ উপন্যাসখনৰ বিষয়ে প্ৰথমে নিউজত গম পাইছিলো উপন্যাসনৰ বিষয়ে গম পাই আপোনাৰ Web ত গৈ পঢ়িলো
    আৰু পঢ়ি ভাল লাগিল আশা কৰিছো বাকী থকা pegবোৰ পঢ়ি বলৈ পাম

    Like

  7. মোর জীৱনত 1st টাইম ইমাণ ভাল লগা Love Story palo, আপনাক ধন্যবাদ দিয়াৰ বাখ্যা মোৰ নাই, যদি টাইম পাওয়া তেনেহলে মোৰ লগত অল্প contact কৰিব. 7002087951
    I love u soooo much

    Like

    1. মোৰ ছোৱালী এতিয়া HS first year’ত। আৰু দুবছৰৰ পিছত আস্থাৰ বয়স পাবগৈ। তথাপি মই এতিয়াও আপোনাৰ কাহিনী পঢ়ি নিজকে অত বছৰৰ আগৰ hostel’ৰ জীৱনৰ ‌ৰোমন্থন কৰি আস্থাৰ মাজত বিচাৰিছো… আৰু কেতিয়াবা আস্থাৰ মাকৰ মাজত নিজকে কল্পনা কৰিছো। আপুনি সকলো বয়সৰ পাঠকক হৃদয় চুই গৈছে। খুব বেছি ভাল লাগিছে দেই….।

      Like

  8. College r dinr prem monot pori gol. Val lagil bohu bosor murt ankua ata again feel korua krne.. ❤❤ #Arnab ❤ #Astha . Can’t wait to read next…

    Like

  9. বা আপোনাৰ লিখনি বোৰে হিয়া চুই গল্ । বাকী পৃষ্ঠা খিনি সোনকালে পঢ়িব pam বুলি আশা থাকিল

    Like

  10. খুবেই সুন্দৰ আৰু সচাকৈয়ে যঠেষ্ট আমোদজনক। ভাল লাগিছে।

    Like

  11. Bohut vl lagise ba pohi moi kalihe pohilo 1 part pora 23 part loike ketianu pohi hekh hoi gol gomei npolo..23 part hekh Kori 24 part bisaru korobat pohib paw niki….pasot he buju part part ke diye buli…

    Like

  12. Arnab k moi atiya hidoyr kunot bisaru ….mathu arnab kenekuwa hobo dekhibo , ki pindhe ,kenedore thake, ki vl Pai, etc etc ,,, hosakoi kob nuwara holu kalire pora …arnab

    Like

    1. Story 2 pohi val lagil ba…..bohut dinor murt mone val pua story ata pohilu and Arnav and Astha Nisa utpal and hokolu character val lagil…and next part r babe wait korisu……

      Like

  13. Ba apunar kahinitu hsai bhut vhl lgil,moi jen nijei kahinitur mjot humai prisu,.hostel lifer prothom dintu monoloi ahi ase.bhut bhut dhanyabad ba

    Like

Leave a Reply to Dipali barman Cancel reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s