Uncategorized

#JEC Part 21

Previous: #JEC Part 20

শুই উঠি বৰমাৰ ওচৰ পালোগৈ, একেখন চোতালতে সেইখন আমাৰ পুৰণি ঘৰ। বৰদেউতা, বৰ্মা, দাদা, বৌ অাৰু আইতা থাকে তাত। যদিও দুখন ঘৰ বেলেগ, মনবোৰ কিন্তু একেই। ঘৰত থাঁকোতে দিনটোৰ বেছি ভাগ সময় মই তাতে থাকো। আইতাৰ কাপোৰ জাপি দিয়া, তামোল খুন্দা, চুলি আঁচুৰি দিয়া সেইবোৰ মোৰ কাম আছিল। এতিয়া বা কোনে কৰে?
:সেইজনী সৰু মাইনা নিজে আহিলে, তই শুই থাকোঁতে দুবাৰ গলো হেৰৌ তোৰ মুখ খন চাবলেকে, আইতাৰে খাই মাৰিছে কেলেই অহা নাই মাতি আনচোন। মই বোলো অকণ জিৰাই লওঁকচোন দিয়ক, নুশুনে হেৰৌ, ভালকে খোজ কাঢ়িব পৰা হলে নিজেই গলহেতেন বোলে।
সোমাই যাওতেই বৰমাৰ গালে মুখে মৰম এবুকু সানি দিলে, বৰদেউতা, বৰ্মা অাৰু আইতাৰ বাবে দাদা ডাঙৰ মাইনা অাৰু মই সৰু মাইনা। আইতালৈ চালো, চকু কেইটা সেমেকা, বহী থকা চকীখনৰ পৰাই হাতখন মেলি দিলে,একো নাই পৰা কব। বুজি পাওঁ, এদিন নেদেখিলে থাকিব নোৱাৰা মানুহজনী অাজি অতদিনে কেনেকে আছে! তোমাল খোৱা মুখ খনেৰে গালে মুখে এগালমান চুমা খালে, এই গোন্ধটো বৰ আপোন। পকাতে বহি আইতাৰ কোঁচত মূৰটো পেলাই দিলো। ধেৰ কিবাকিবি কৈছে তেওঁ, অাৰু নালাগে কতো যাব, মোৰ লগতে থাকিবি, কৰ অচিন দেশত থৈ আহিলে মোৰ সৰু ছোৱালীজনীক, মা দেউতাকো গালি কেইটামান পাৰিলে, শুনি আছো সব, এই অজলা অঁকৰা পৃথিৱী খনহে মোৰ চিনাকি। মোৰ ঘৰ।
:এইকণ থৈ দিছিলো তোলৈ,আইতাৰ ওচৰতে বহি খা।
কণজহা চাউলৰ পায়স। মোৰ প্ৰিয়, তাতে বৰমাই কৰ্পূৰ দি বনোৱা। গোটেইখিনি খালো, বাটিত লাগি থকা খিনি আঙুলিৰে চুঁচি চুঁচি খালো।
:আয়ৈ দেহি, কিমান দিন এইবোৰ খুৱাই নাই চাগে ন?
বৰমাৰ মাতটো থুকা থুকি, কথাটো সলাব লাগিব।
:বৌ নাই নি বৰ্মা?
:নাই নহয়, ডাঙৰ মইনাৰ লগতে ৰাতিপুৱাই ওলাই গৈছে, পূজা বুলি একো কিনাই নাই কোনেও, মোকো বৰকে লগ ধৰিছিলে, মই বোলো তাই ইমানদিনৰ মূৰত আহিব হোষ্টেলৰ পৰা, মই নেথাকিলে বেয়া পাব। দাদাক এইবাৰ জন্মদিনত কি লাগিব বুলি কলি?
:ৰঙা কুৰ্তা এটা।
:ওৱা, তইচোন ৰঙা বেয়া পাৱ?
:আজিকালি ভাল পাওঁ
কাৰোবাৰ প্ৰিয় ৰং ৰঙা, অাৰু সেই মানুহজন মোৰ প্ৰিয়!
বহুত দেৰি থাকিলো আইতাৰ ওচৰত। মায়ে নিজে গৈ মাতিলত হে ঘৰলৈ আহিলো।
এই কেইদিন ইমানবোৰ মানুহৰ মৰমৰ মাজত থাকিও মই কিবা এটা হেৰুৱাইছো, এই অনুভব একেবাৰে নতুন। কথাৰ মাজতো বাৰে বাৰে ফোনটো চাও, কিজানি তেওঁ ফোন কৰেই। নাই। নকৰে। মাৰ লগত পূজাৰ কাম কৰিছো, ঘৰ সজাইছো কিন্তু মন কতো বহা নাই, আগতে এনেকুৱা কেতিয়াও হোৱা নাছিল। কিয় হৈছে এইবোৰ?
ফোনটো বাজি উঠিল, তেওঁ বুলি দৌৰি গলো, নহয়। নিশা।
:অই পাগলী, এড্ৰেছটো নিদিয় যদি নাযাও কাইলৈ, কেইবাৰ খুজিলো মনত আছে।
:পাহৰি থাকিলো, ৰঃ দি আছো। সোনকালে আহিবি কিন্তু দেই।
:যাম যাম।
:মায়ে সুধিছে অাৰু কোন আহিব,ভাত বনাব লাগিব যে।
:কোনো নাই, driver থাকিব।
বেচেৰী জনী, লগ এটাও নাই।
:see you tomorrow then, bye.
কাটি দিলে ফোনটো, কাইলৈ মোৰ জন্মদিন। ভাবি ভাল লাগিল, অাজি টোপনিয়েই নাহিব মোৰ।
শুই উঠি গা পা ধুই গোঁসাই ঘৰত মাৰ লগত পুজা কৰিলো। মায়ে সদায় জন্মদিনত ভোগ দিয়ে, আজিও দিছে। ৰাতিপুৱাৰ চাহকাপ অাজি বৰদেউতাৰ ঘৰত, মানে আইতাৰ ওচৰত। জন্মদিনৰ ওলগ, আশীৰ্বাদ অাৰু মৰমবোৰে উপচাই পেলাইছে মোক।
:এইযোৰ ল। বোৱাৰীয়ে আনি দিছে, মোৰ সাঁচতীয়া পইচাৰে অনাইছো, ওঠৰ বছৰীয়া হলি এতিয়া, ডাঙৰ ছোৱালী অাৰু। অাজি পূজালৈ পিন্ধি যাবি।
এযোৰ বোৱা মেখেলা চাদৰ, পাতল গুলপীয়া, তাতে সৰু সৰু বুটা বছা। আইতাই দিছে। পিন্ধিব পৰাকৈ বৌয়ে চিলাই মেলি থৈছে সব ।উপহাৰৰ টোপোলা লৈ ঘৰলৈ আহিলো, আকৌ এবাৰ ফোনটো চালো, চিনাকি প্ৰায় সকলোৱেই ফোন বা মেছেজ কৰিছে, উৎপল দা, নিশা, ৰাজী সবেই, কিন্তু তেওঁ নাই কৰা। নকৰে চাগে।কাৰোবাৰ এটা শুভেচ্ছা বাৰ্তা ইমান জৰুৰী হব পাৰে বুলি আগতে জনাই নাছিলো।
আইতাই দিয়া কাপোৰযোৰ পিন্ধি পূজালৈ ওলালো। চুলিবোৰ এতিয়াও তিতি আছে, অাগৰ খিনি ছপাই কোচাই ক্লিপ এডাল লগাই থৈছো, চুলি মেলি ৰখা মানা, আইতা থাকিলে তো অসম্ভৱ। কুকি ভৰাই ফুল অাৰু শৰাই সজোৱা সামগ্ৰী লৈ মা,বৰ্মা আৰু বৌৰ লগত পূজালৈ ওলালো।পূজা থলীত জন্মদিনৰ অভিনন্দন অাৰু গুলপীয়া কাপোৰযোৰ মোৰ উপৰত কিমান শুৱাইছে তাকেই শুনি আছো, কিন্তু মোৰ চোন একোৱেই ভাল লগা নাই। শৰাই আগবঢ়াই সেৱা কৰি মাৰ ওচৰতে বহি আছো। ফোনটো বাজিল, নিশা। একেজাপে উঠি আহিলো।
:কত পালিহি।
:তই কোৱা স্কুল খন পালোহি। এতিয়া?
:চিধা চিধি আহ অাৰু এক কিলোমিটাৰ, পূজাৰ মণ্ডপটো দেখিবি। তাতে ৰৈ দিবি। মই ইয়াতে আছো।
দৌৰি গৈ মাক কলো, উচপিচাই আছো, বহুত কথা পাতিব লগা আছে তাইৰ লগত।
আকৌ ফোন কৰিছে।
:বাহিৰত ৰৈ আছো, ওলাই আহ।
অাজিও জিনছ আৰু টি শ্বাৰ্ট পিন্ধিয়ে আহিছে এইজনীয়ে, তাকো সেই আধা ফটা জিনছ টো। দেখা মাত্ৰকে দৌৰি আহি হেঁচা মাৰি ধৰিলে মোক।
:তোক বহুত মিছ কৰিছিলো।
:মইয়ো।
মা বৰ্মা সবৰে লগতে চিনাকি কৰাই দিলো তাইক, মোৰ মুখত শুনি শুনি তাই আগৰপৰাই সবৰ চিনাকি, মাথোঁ লগ পোৱা বাকী আছিল।
:পুজা ভাগিব অলপ পিছত, তই নিশাক লৈ ঘৰলে যা, অামি শৰাই সামৰি অলপ পুজা থলীখন সাৰি মুচি গৈ আছো।
:বল ঘৰলৈ, ধেৰ কথা আছে।
নিশাক লৈ ওলাই আহিলো, গাড়ীখন বহুত আগত ৰখোৱা অাছে, মণ্ডপৰ ওচৰত ঠাই নাছিল। কিনকিনিয়া বৰষুণ এজাকো আহিছে, দুইজনী যিমান পাৰো খৰ খোজেৰে গৈছো, মেখেলা চাদৰ পিন্ধি দৌৰিবও নোৱাৰো।
:সৌখন আমাৰ গাড়ী, তই যা, মই আহি আছো।
:কি? তই অকলে ইয়াত কি কৰিবি?
:আন্টিৰ কাৰণে কিবা এটা লওঁ, একো নানিলো।
:মইয়ো ৰৈছো, কিন্তু নিকিনিলেও হব, মায়ে সেইবোৰ নাভাবে।
:আচ্ছা তই গাড়ীৰ পৰা বেগটো লৈ আহ না মোৰ,পিছৰ চিট টোতে আছে। তেতিয়া লৈকে মই কি ভাল দেখো চাও।
গাড়ীখন ৰখা ঠাইডোখৰ অলপ নিজান, আগবাঢ়ি গলো, খুলিব পৰা নাই, নক কৰিলত ড্ৰাইভাৰ জনে খুলি দিলে। সোমাই চাইছোঁ বেগ নাইচোন। তলত পৰিছে নি চালো, নাই। ভিতৰত সোমাই ভালকে চাবলৈ লওঁতেই দেখিলো ড্ৰাইভাৰজন নামি মোৰ ফালৰ দৰজাখন বন্ধ কৰি দিলে। কি হৈছে এইবোৰ, খুলিবলৈ চেষ্টা কৰিছো নাইপৰা। ভীষণ ভয় লাগিছে। এনেতে আনফালৰ দৰজা খন খুলি কোনোবা এজন সোমাই আহিল, চিনাকি গোন্ধ,দৰজা ঠেলা হাতখন ঢিলা হৈ গল মোৰ , ঘূৰি চোৱাৰ সাহস নাই।
:We need to talk Miss Astha Baruah.

ধক্।
অৰ্ণৱ!!!!!!!!!!!!

……. আগলৈ

Advertisements

261 thoughts on “#JEC Part 21

    1. সচাকৈয়ে মই 1st পঢিলো এনেকৈ love story ৰাতিপুৱাই দিলো Thank u indranee baa thnx a lot

      Like

  1. Asil anukua ajon mur jibonotu. . Biya hua 14yrs hol. .tothapiu ajiu ase tau bukur gupon kuthat. .bhogobane tauk loi nujua hole sage aji moiu asthai holu hoi. .bhogobane mur gutai jibontuyai ulot palot kori pelale. .jiyai asu karon moribo nuaru. .

    Like

  2. Moi Arnabr premt a porisu… Enekua val pua ek bujab nuara anuvab… Bht bht Dhaniabad apunak iman dhunia ek mitha anuvabr lgt porisoi kri diar babe…baki khini hunklei dei jatei apuni… R rab nuari❤️❤️❤️❤️❤️❤️❤️❤️

    Like

  3. কি ক’ম, কিমান ভাল লাগিছে বুজাব পৰা নাই… আস্থা চৰিত্ৰটোত নিজকে সুমুৱাই লৈছো… অৰ্ণৱক মনতে ভাবি লৈছো…কিতাপ আকাৰে উলিওৱাক বা, সদায় পঢ়ি থাকিব পাৰিম..

    Like

  4. Moi ktyAo kunu lovE stroY enekoi porhA nai jnkoi eitU porhisu….atya pagolR dore nxt pArt’r krne waiT koRi asu… Nxt prT tu xunkLe dibo baa…

    Like

  5. ৰাতি দুই বজাৰ পৰা পঢ়ি আছোঁ। মাজতে কিছু টোপনি গ’লো। কিন্তু সাৰ পায়েই মনত পৰিল আস্থা আৰু অৰ্ণৱৰ বা কি হ’ল! এইখিনিলৈকে পঢ়ি শেষ কৰিলোঁ। এতিয়া অপেক্ষা পাছৰ খণ্ডটিলৈ।

    Like

  6. এনেকুৱা কাহিনী পঢ়িলে প্ৰেমত পৰিব মন যায়।
    আস্থা বহুত লাকী আছিল ।
    আজিৰ খণ্ডটোলৈ অপেক্ষাৰত…

    Like

  7. অৰ্ণৱ বহুত জেদী ন তাক pubg খেলিব মতিম মোৰ লগত knockout হলেrevive নিদিওঁ চাম কিমান জেদী

    Like

  8. খুব ভাল লাগিছে পঢ়ি l নিজৰ college life টো মনত পৰি গ’ল l

    Like

  9. কালি একেবাৰতে গোটেই খণ্ডকেইটা পঢ়িলোঁ ৷ ভাল লাগিছে ৷ পৰৱৰ্তী খণ্ডৰ অপেক্ষাত ৷ Waiting for Part. 22.. Damm it.

    Like

  10. Xosa koi khub eti dhunia Kahini , Rati 3 বজালৈকে এই কাহিনী টো পহি ৰাতিপুৱা পিছৰ খণ্ড পঢ়িবলৈ আজি college nogolu , pisor khondo tir babe আন্তৰিকতাৰে বাত চাই আছোঁ মই । সোনকালে পিছৰ খণ্ড টি লিখি uliaboloi request কৰিলোঁ

    Like

  11. Bhttttttt bhal lagil…..heart touch kri gol……..lv this story….agoloi anekua story pam buli akha thakil…😊😊😊😊😍😍😍😍😍😍😍

    Like

  12. Apni iman dhuniya koi likhise j mur ankua feel hoise moiu ai love storyr ata part buli… Bohut vl lgse pohi tq so much iman dhuniya love story ata amk pohiboli hujug diyar babe.. Pisr khinir krne wait kori asu ❤❤❤

    Like

  13. বহুত ভাল লাগিছে । বিশেককৈ ASTHA ৰ ঘৰ মানহবোৰ মৰমবোৰ বৰকৈ মনত সাজ বহালে।

    Like

  14. Hsake kbo nuwara ata mitha onubhuti.. Jitu hohojhorol vakhat emn dhunia ati kahini jitu hokoluke emn muhito kori tulise……. Jitu porhibole ataa dinor opekhat hokoluy roi thake……. Hsake Mr Mon Mugdho Kori Peloa Ata Ata xosaxosa jen sokur agot bhahi utha ata horol kahini………. Hsake porhibole akul hoi roisu (JEC)……

    Like

  15. জীৱনত প্ৰথম প্ৰেম কাহিনী পঢ়িছোঁ ইমান দেৰি লৈকে। কিন্তু আৰু বাকী খিনিও থকা হলে আজিয়েই পঢ়িলোঁ হেতেন।

    Like

  16. Khub hundar hawalil
    aaru monugrahi hoise.hamoroni tu hukhokor koribo aaru nishar Kahini tuwu hukhokar koribo beyehe lagise beseri joniloi

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s