Uncategorized

#JEC Part 22

 

Previous: #JEC Part 21

:Talk to me Astha.
উফ।
কি কৰিম মই এতিয়া। বাহিৰত চিপচিপীয়া বৰষুণ। গাড়ীৰ ভিতৰত মই অাৰু তেওঁ। ভৰি কেইটা নাই নাই লাগিছে। বুকুখন কঁপিছে। লাহে লাহে তেওঁৰ ফালে ঘূৰি চালো। বেলেগ দেখাইছে অাজি। বগা ছাৰ্ট, নীলা জিনছ, চুলিখিনিও জেল লগাই থোৱা আছে। সদায় তো কিবা মৰহা ৰংবোৰৰ t-shirt পিন্ধে, অাজি ইমান বিশেষ ভাৱে সাজি অহাৰ কাৰণ? মই?
কি যে ভাবি আছো, আকৌ চেষ্টা কৰিলো দৰজা খুলিবলৈ, নিশা জনীও নহা হল।
:সেইখন এতিয়া নোখোলে। মোৰ কথা শুনা তাৰ পিছত খুলিম।
:আ আপুনি কিয় আহিছে?
:নিশাৰ ড্ৰাইভাৰ নাছিল, সেইকাৰণে মোক মাতিলে। খুচ?
মুখ খন মেল খাই গল, নিশাৰ ড্ৰাইভাৰ অৰ্ণৱ? সচাঁ??!!!
:মাখি সোমাব মুখত, জপাই দিয়া।
যিমান পাৰোঁ তেওঁৰ পৰা আঁতৰি কুচি মুচি দৰজা খনতে লাগি বহিছো।
:This is for you.
জন্মদিনৰ উপহাৰ, তাকো ইমান খঙত দিয়েনে কোনোবাই?
তেওঁৰ হাতৰপৰা যেনেতেনে উপহাৰটো ললো, খোলা নাই।
:খুলি চোৱা।
মোৰো চাব মন গৈছিল, কঁপা কঁপা হাতেৰে খুলিলো।
এখন ফটো। দেউতা অাৰু মোৰ। কেন্টিনত চাহ খাই থাকোতে তোলা হব। কিবা এটা কথাত প্ৰাণখুলি হাঁহিছে দেউতাই অাৰু মই অপলক নেত্ৰে চাই আছো। এটা মধুৰ মূহুৰ্ত। কেতিয়া কেমেৰাত বন্দী কৰিছিল নাজানো। নোসোধাকৈ তোলাৰ বাবে খং উঠিব লাগিছিল কিন্তু এনে এটা মূহুৰ্ত ধৰি ৰখাৰ বাবে তেওঁলৈ অাৰু বেছি মৰম লাগিল। এটা মিঠা উপহাৰ, হয়তো জন্মদিনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ।
:ভাল লাগিছে, মানে বহুত ধুনিয়া।
:দেউতা অাৰু তুমি একেলগে থাকিলে সব ভাল লগাই হয়।
এই মানুহজন, ইমান আবেগিক অথচ ইমান কঠোৰ। কিয় এনেকুৱা? কি লুকাই অাছে এই কজলা চকুজুৰিত, কি দেখা পোৱা নাই মই এতিয়াও, নে দেখিও বুজা নাই!
ফটো খনকে চাই চাই বহি আছো, নিশা নহালৈকে এই সময়খিনি কেনেকে পাৰ কৰোঁ???
হঠাতে তেওঁ কাষ চাপি আহিল, আকৌ এবাৰ উশাহত তেওঁৰ সুগন্ধি, একেবাৰে ওছৰৰ পৰা। চুলিৰ ক্লিপডাল খুলি দিলে। আঁতৰি যোৱাৰ বাট নাই, কিয় জানো ইচ্ছাও নাই অাজি।
:মই বেয়া পোৱা কামবোৰ কৰি বৰ ভাল লাগে ন?
একো কোৱা নাই, আইতাৰ গালি কেইটালৈ মনত পৰিল।
তললৈ মূৰ কৰি বহি আছো।
:মেখেলা চাদৰ পিন্ধি আঁহা পূজালৈ?
:হমম।
:মোৰ আগত নাহিবা।
:কিয়?
:লৈ যাম, এতিয়া নুসুধিবা কলৈ।
নাই সোধা, এনেকুৱা কথাবোৰ নোসোধাকৈ থকাই ভাল।
তেওঁ মোলৈ চাই আছে মই জানো, কিন্তু সেই চাৱনিৰ মাজত নিজক হেৰুৱাও বুলি ভয়ো লাগে কেতিয়াবা, চকুকেইটা ফটো খনতে ৰাখিছো, তেওঁলৈ চাব নোৱাৰোঁ এতিয়া।

:let me see you Astha, please
:…
:please Astha.
মোৰ তুলি চালো, ইমান বেছি আকুলতা, ইমান বেছি গভীৰতা ! বহুত কিবা কিবি কব খোজে এই চকুযোৰে, যিবোৰ তেওঁ মুখেৰে নকয়, নোৱাৰে কব। চাই লওক, মোক প্ৰাণ ভৰি চালেই যদি তেওঁ সুখী, মই তেওঁক সেইকণ সুখ দিব বিচাৰো।কিমান সময় পাৰ হল নাজানো, মৌন হৈও মুখৰ এই সময়, গালে মুখে আবিৰ সানে প্ৰতিটো পলে, সামৰি ৰাখিব খোজো প্ৰতিটো অনুপল, এই সময় আমাৰ, ভাল লগা, মিঠা মিঠা।
বাৰে বাৰে চুলিকেইডাল উৰি আহি গালে মুখে সোমাইছে, সোঁহাত খন তুলি ঠিক কৰিব খোঁজোতেই তেওঁ অাৰু অলপ কাষ চাপি আহি হাতখন খামুচি ধৰিল বাওঁহাতেৰে , মই কিবা ধৰিব পৰা আগতেই সোঁহাতেৰে মোৰ চুলিকেইডাল কাণৰ কাষলৈ গুজি দিলে। আকৌ এবাৰ উশাহ টো ছুটি হৈ গল। নিজৰ বুকুৰ শব্দ নিজেই শুনিছো, গালখন পুৰিছে, নহয় গোটেই গাটো জ্বৰ উঠা নিচিনাকে কঁপিছে।
নোৱাৰোঁ, ইমান বেছি কাষৰপৰা তেওঁক এতিয়াও ভাবিব পৰা নাই মই।
চকুকেইটা জোৰকৈ মুদি দিছো, তেওঁৰ নিস্বাসৰ শব্দ মোৰ কাণত।
কি কৰিব খুজিছে?
কি হব পাৰে এতিয়া?
:মোক পূজাৰ গিফ্ট নিদিয়া?
:…….
:মনত নাই মই কি কৈছিলো?
:ওহোঁ।
:ঠিক আছে, মই নিজে লৈ লওঁ।
গালখনত তেজবোৰ অাৰু বেছি থুপ খাইছে, তেওঁৰ ওঁঠযুৰি লাহে লাহে মোৰ ৰঙা গালখনৰ ওচৰ চাপি আহিল ।
:Astha, May I?
:ওহোঁ ।
লাহে লাহে দুয়োৰে মাত অস্ফুট হৈ আহিছে, নতুন অনুভব সাৰ পাব খুজিছে, লাজ ভয় এইবোৰ পাহৰি পাৰিম জানো সাৱটি লব এই নতুন আৱেগ?
:কিয়?
কেনেকৈ বুজাও যিখিনি মই নিজেও বুজা নাই, নোৱাৰোঁ মই ইমান আগবাঢ়িব।
:আ আপুনি চিগাৰেট খাই, সেইকাৰণে।
কি ওলালে মুখত নাজানো, কিবা এটা কলো, মুঠতে মই নোৱাৰোঁ তেওঁক সন্মতি দিব।
:WHAT!!!!! are you seriouse?
তেওঁ অলপ আঁতৰি আচৰিত হৈ মোলৈ চালে, বুৰ্বকৰ নিচিনা কিবা এটা যে কৰিলো গম পালো।
:I can’t kiss you because I smoke? You are impossible Astha.
ধামকৈ দৰজা খুলি ওলাই গল তেওঁ, বৰষুণত তিতি গাড়ীৰ আগফালে ৰৈ আকৌ চিগাৰেট জ্বলালে। কিয় খং উঠিল? এইয়া অভিমান নে অধিকাৰ নোহোৱাৰ আক্ষেপ? বুজিবলৈ চেষ্টা নকৰোঁ এতিয়া, সাজু নহয় মই।
তেওঁ কাৰোবাক ফোন কৰিছে।
নিশা ঘূৰি আহিল অলপ পিছত, মোৰ কাষতে বহিল। কাপোৰবোৰ আধা তিতা।
চিগাৰেট শেষ কৰি অৰ্ণৱো আহিল। মুখত বৰষুণৰ টোপাল।
ৰীয়েৰ ভিউ মিৰৰত এবাৰ মোলৈ চালে তেওঁ, এইবাৰ খঙৰ বাহিৰে একো বেলেগ নাছিল সেই চাৱনিত।
এক মিনিট!
হে ভগৱান, তেওঁ যাব আমাৰ ঘৰলৈ??????????????

আগলৈ

357 thoughts on “#JEC Part 22

  1. বাইদেউ অপেক্ষাত আছো ২৩নং খণ্ডৰ বাবে ১০ টা বাজিলে

    Like

  2. I don’t know how many times I have opened this page from yesterday…. No more patience…. Diyok aaru 23rd to… N aaji nidiye jodio koi diyok aaru…

    Like

  3. কি অপূৰ্ব আপোনাৰ লিখনি। ২৩ নং খণ্ডটো সোনকালে আপলোড কৰি দিয়ক। 🤗

    Like

  4. Moi jua kalir pora porhi ses korisu gutei keita khando. aagote gom pua nasilu.Khub dhunia likhisa 2mi. God bless you

    Like

  5. বহুত ভাল লাগিছে story তো পঢ়ি… আৰু ৰবলৈ ধৰ্য্য নহোৱা হৈছে মৰ কি হল পিছত জানিবলৈ মন যায় আছে…. আশা কৰোঁ পিছৰ খিনি অতি সোনকালেই পঢ়িবলৈ পাম

    Like

  6. মই 2000ত jec ৰ পৰা পাছ কৰি ওলাই আহিলোঁ। তাৰ পাছতো দুই তিনিবাৰ হোষ্টেললৈ গৈছোঁ। কালি 23 টা খণ্ড একেলগে পঢ়াৰ পাছত নাজানো মনটো কিবা অস্থিৰ হৈ আছে।কলেজৰ দিন বোৰ আকৌ ঘূৰাই পাবলৈ মন গৈছে 19 বছৰৰ পাছতো। সেইয়াই লেখিকাৰ কৃতিত্ব। মাজে মাজে এটা দুটা বানান ভুল হৈ আছে।লেখিকাৰ উত্তৰোত্তৰ কামনাৰে
    আৰু কাহিনীটো আৰু আকৰ্ষণীয় হোৱাৰ আশাৰে

    Like

  7. আপোনাৰ ২৪ টা খণ্ড একে ৰাহে পঢ়িলোঁ বাইদেউ ।
    সচাকৈ বৰ অপূৰ্ব লিখনি আপোনাৰ,, ,মই যেন কৰবাত হেৰাই গ’লো আপোনাৰ কাহিনীটো পঢ়ি,,,,,এটিয়া নিজকে বহুত কিবা-কিবি সলনি কৰব মন গৈছে ।
    মৰমৰ ধন্যবাদ বাইদেউ,,
    অপেক্ষাৰে ৰৈ থাকিলো ২৫ খণ্ডতি লৈ ।।

    Like

  8. Baa parts bur English version t Ulam buli vabisa nki…. Mur friend ejni ase…. Tai oxomia porhibo Jane Olp olp buji pai porhibo khuje

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s