Previous: #JEC Part 22
:কি হল অই। একদম জলি পকি আছে যে?
নিশাই ফুচফুচাই শুধিলে। কেনেকৈ কওঁ মই? লাজতে গোটেইজনী মৰোঁ যেন হলো।
:ইমান কিউট ফটো খন, চাওঁ চাওঁ দে না।
টান মাৰি লৈ গ ল মোৰ হাতৰপৰা।
:অৰ্ণৱ দাই দিলে? এইখনচোন আমি চাহ খাবলৈ যাওঁতে উঠোৱা। বাহ্ অৰ্ণৱ দা বাহ্।
আপুনি কিন্তু ‘জেং’ মানুহ।
জেং, বাঁহ দিয়া, bambo দিয়া এইবোৰ শব্দ অামি JEC আহি শিকিলো, নিশাৰ মুখত বেছিকে চলে আজিকালি।
তেওঁ একো কোৱা নাই, মনে মনে গাড়ী চলাইছে, মাজে মাজে মোৰ ফালে চায়, মই তলমূৰ কৰো। নিশাই আমাৰ ঠাইডোখৰ চাই চাই কৈয়ে তত পোৱা নাই, ইমান ধুনিয়া, ইমান সেউজীয়া। আনদিনা হোৱা হলে মই চাগে তাইক এফালৰ পৰা সব বৰ্ণনা দি গলো হেতেঁন, অাজি মাত্ৰ তাই কিবা সুধিলেহে উত্তৰ দিছো। মনৰ ভিতৰখন অশান্ত মোৰ,ভয়, লাজ, অভিমান… অলেখ আৱেগৰ বা মাৰলি। তেওঁ একোৱেই সোধা নাই, মইহে ৰাস্তাটো মাজে মাজে কেনি যাব লাগে কৈ আছো।
ঘৰ পালোহি। নিশা অাৰু মই নামি আহিলো, তেওঁ গাড়ীখন ঘূৰাই অলপ আগত থবলৈ গল।
:পালাহি নে আইজনী? অাৰু কোনোবা আহিছে নি?
গাড়ীৰ মাত শুনি দেউতা বাৰাণ্ডা লৈকে ওলাই আহিলে, মোক দিয়াৰ দৰে নিশাৰ মোৰতো হাত বুলাই দিলে। পিতৃস্নেহ! বেচেৰী হয়তো বহুদিনৰ পৰা বঞ্ছিত এই সুখানুভূতিৰ পৰা। চলচলীয়া চকুৰে এবাৰ মোৰফালে এবাৰ দেউতাৰ ফালে চালে। মৰমেও কন্দুৱাই, আমিবোৰ এনেকুৱাই।
:তোমালোক ভিতৰলে আহি বঁহা, মই আকৌ অাজি ৰান্ধনী বুইছা নাই। ৰবা সেইবোৰ কি হৈছে ঠিক নাই।
দেউতাই মোৰ জন্মদিনত কিবা এটা ৰান্ধে। আজিও ব্যতিক্ৰম নহয়, সেইবাবে পূজা ঘৰত সেৱা কৰিয়েই গুচি আহিল। দেউতাৰ সেই ‘বিশেষ’ ব্যঞ্জন ৰান্ধিবলৈ।
নিশা নিজেই সোমাই গৈ দ্ৰয়িংৰুমত বহিল, ফেন খন চলাই কাপোৰ শুকুৱাইছে, অাৰু মই তেওঁৰ বাবে এতিয়াও বাৰাণ্ডাৰ মুখতে ৰৈ আছো। কিনো কৰিছে চালো। গাড়ীৰ ভিতৰতে বহি আছে। আগবাঢ়ি গলো।
: ভিতৰলৈ আহক।
:মই কি বাহিৰত আছো নি এতিয়া? গাড়ীৰ ভিতৰতে আছো।
:নহয় মানে ঘৰৰ ভিতৰলে।
:কিয়?
:উৱা, কিয় মানে? ইয়াতে থাকিব আপুনি?
:You want me to come?
খং অলপ কমা যেন লাগিল।
:হমম।
:are you sure miss Astha??
এফালৰ চেলাউৰি কোঁচা দাঙি অলপ বেঁকা হাঁহি এটা মাৰি তেওঁ কথাটো সুধিলে, মোৰ বুকুখন আকৌ এবাৰ ধক কৰি গল। তেওঁ গাড়ীৰ বক্সটো খুলি প্ৰথমে মাউথ ফ্ৰেচনাৰ এটা উলিয়াই মুখৰ ভিতৰলে স্প্ৰে কৰিলে, তাৰপাছত গা ধোৱাৰ নিচিনাকে গোটেই গাতে body spray লগালে, ৰৈ ৰৈ ভাবিছো, ডাঙৰ মানুহৰ আগত চিগাৰেটৰ গোন্ধ লুকুৱাবলৈ যদি ইমান কষ্ট কৰিব লাগে, তাতকে নাখালে নো কি হয়। দৰজাখন খুলি ওলাই আহিল। আগে আগে মই পিছে পিছে তেওঁ।
:চেণ্ডেল কিয় পিন্ধা নাই?
ভৰি কেইটালৈ চালো, বাৰাণ্ডা মুখতে খুলিছিলো, তাতে এৰিলো।
:শুদা ভৰিৰে তিতা বননিত খোজ কাঢ়ি ভাল লাগে।
সেইতো আমেজ সুকীয়া, তেওঁক বুজাই লাভ নাই।
:সেইবোৰ কাম পোৱালি বোৰে কৰে।
হব, মই পোৱালিয়ে বাৰু। গৈ আছো, অলপ আগবাঢ়ি ঘূৰি চাই দেখো, তেওঁ ফুলনিৰ জেওঁৰা খনত ধৰি জোতা খুলিছে। ভিজা বননিত ভৰিটো পেলাই চকুকেইটা জপাই দিছে। কৰবাত হেৰাই যোৱা সৰু লৰাটো সাৰ পাই উঠিছে নেকি?
জোতাযোৰ হাতত লৈ মোৰ ওচৰ পালেহি।
:now what?
:ধুই লব লাগিব, ৰব।
:নিশা, শুনচোন।
নিশাই দুইটাৰ কাৰণে পানী আনি দিলে।
:হি হি,আমাৰ পোৱালিয়ে আপোনাক কি কি কৰাইছে অৰ্ণৱ দা!
ভিতৰ সোমাই পাকঘৰ পালোগৈ, দেউতা তেতিয়াও তাতে, কি কম ভাবি পোৱানাই, তেওঁ কিয় আহিছে বুলি সুধিলে কবলৈ একো উত্তৰ নাই। বুকুখন ধপধপাই আছে। পানী দুগিলাছ লৈ ওলাই আহিলো। পিছে পিছে দেউতা।
:আৰে ডেকা লৰা, তুমি আহিছা বুলি গমেই নাপাও চোন, নিশাৰ লগতে আহিছা নিকি?
:অ আংকল, অৰ্ণৱ দা মোৰ কাজিন হয়, আমাৰ ঘৰলে আহিছিল অাজি, মইতো ইয়ালে অহাৰ কথা আছিল, সেইকাৰণে কলো আপুনিও বলক। বেয়া কৰিলো নেকি?
গোকাট মিছা কথা এটা কৈ দিলে। চকুকেইটা ডাঙৰ হৈ গল মোৰ। তেওঁৰ ফালে চালো,সেই বেকা হাঁহিটো আকৌ ফুটি উঠিল।
:বৰ ভাল কৰিলা দেই, পূজাই বিহুৱে আলহী দুলহী আহিলে ভালহে পাওঁ, তাতে আকৌ মাজনীৰ জন্মদিন নহয় অাজি। তোমালোকে গম পোৱা নাই জানো।
:হয় নেকি, happy birthday Astha.
কি? তেওঁ নাজানে মোৰ জন্মদিন বুলি? ইমান মিছা কথা কেনেকে কব পাৰে।
পানীৰ গিলাছ দুটা লৈ ভিতৰ সোমালো, পিছে পিছে নিশা।
:দেখিছ মই কেনেকুৱা জেং, কি তামাম মিলাইছো বে সব। good job Nisha.
নিজেই নিজৰ কান্ধত থপথপাই দিলে নিশাই। পাকঘৰৰ শ্লেবখনত বহি ভৰি কেইটা জোকাৰি জোকাৰি ধেৰ কথা কৈছে তাই, এইকেইদিন লগ নাপাওঁতেই বহুত কথা জমা হল। মই চাহৰ লগত খোৱা বস্তুবোৰ প্লেট এখনত সজাই আছো।
:আংকলে সচাকে অৰ্ণৱ দা মোৰ কাজিন বুলি ভাবিছে!
কিয় জানো দেউতাক মিছা কথা কৈ মনটো ভাল লগা নাই,নিজকে অপৰাধী যেন লাগিল। কিমান সহজতে সব বিস্বাস কৰি লয় মানুহজনে!
:মিছা কথা কব নাপায়।
:কিয়, নমোয়ে দুখ ধৰিব?
অৰ্ণৱ। তেওঁ কিয় আহিছে ভিতৰলে?
আগলৈ…
Bohut besi val lagise story 2 phri😊
LikeLike
Porhi bohut bhal lagil
LikeLike
Waiting for part 24… birat bhal lagise porhi….
LikeLike
24 prt 2 ktya pm….bht vl lgise phe
LikeLike
বৰ আগ্ৰহেৰে ৰৈ আছো পৰৱৰ্তী খণ্ডলৈ, সুবিধাকন সোনকালে দিয়ে যেন। আজিৰ খণ্ডটি ভাল পালো পঢ়ি… 😊
LikeLike
Ba next part xnkal a diyok…. 😍
LikeLike
Please 24 অংশটো সোনকালে দিয়কচোন । বহুত আগ্ৰহেৰে ৰৈ আছো
LikeLike
Joldi dya baa
LikeLike
Vl lagil pohi….
LikeLike
24 tu ketia ahibo ba
LikeLike
I am very excited 24part..
LikeLike
Ba porhi khub bhal lagil,porhi hepah nopolai ba,Aru porhim porhim lage. Ba
protidine moi 1 pora porhi jao bohut bhal lage.
LikeLike
ধুনীয়া কাহিনী বাইদেউ । আপোনাক অশেষ ধন্যবাদ এনেধৰণৰ এটা ধুনীয়া কাহিনী আমাৰ আগত প্ৰকাশ কৰা বাবে । আপুনি উপন্যাস ক এটা নতুন ৰূপ দিছে। আপোনাক অশেষ ধন্যবাদ
LikeLike
Waiting for part 24
LikeLike
Waiting for the next part….
LikeLike
এইটো part no 23 বুলি কব নোৱাৰি Indranee Sharma বা।। একো ৰস বিচাৰি পোৱা নাই।। সচা কথা কওক বাকী পেজবোৰ হেৰাই গল নেকি???😂😂😂 মই জানো আপুনি এই কমেণ্ট এপ্ৰোভ নকৰে।।😂😂 হলেও সঁচা কথাটো মোক ইমেইল কৰিব পাৰে।।
LikeLike
Apunak osekh Dhnyabad Imn dhunia Ata kahini amk pohiboloi Sujoog dear babe. Asa kru agoloiu amk ankoi De jabo likhi jaok. Aagbahi jauk 😇😇
LikeLike
Amazing story
Awaiting for next part.i salute you Indrani ma’am
LikeLike
Bohut val lagil…. wait korim part 24 ohaloi.
LikeLike
#JEC বৰ্তমান খুবেই চৰ্চিত আৰু ই প্ৰায় প্ৰতেকটো প্ৰজন্মৰ মাজতে আলোড়নৰ সৃষ্টি কৰিছে.. congratulations to the writer for that..but the thing is that here Astha has no freedom to express her feelings..she act as submissive. Writer showed the masculine attributes through Arnav. He is full of anger and all and through that he try to dominate Astha somewhere. I feel in that way. Everyone has own choices. I have nothing to say regarding that.
LikeLike
Next part ketia ahibo
LikeLike
ভাল লাগিছে প্ৰেমৰ অনুভূতিৰ গভীৰতা ডুবগৈ
LikeLike
I am really happy to read a novel jec.ba I am waiting for your next part.
LikeLike
Premot pora bilakor besi val lagise kahanitu…mor o vl lagise baru…
LikeLike
ইমান অভিমান…😍😍😍
বুজাব নোৱাৰা এটা ভাল লগা অনুভূতি জগাই তুলাৰ বাবে thank you so much
LikeLike
Baa apuni nitaipukhuri r buli jani bohut val lagil…. Ami hosakoi proud feel korisu.
LikeLike
nxt pager babe wait kri asu jldi db buli akha krlu n thnk u ata dhunia love story prokakh krar babe . ai love story 2 nijk a bisari pua jne . love story 2 phrile govir vabe homai poru
LikeLike
Hoxakoi a story 2 parhi biratei val lagixe…. Parhi thakutei mukht ak premr mitha hahi futi uthixe notun koi premr jen lgixe nijke….
LikeLike
Jibonat first time eman dhunia story pohisu bohut vl lagise please update next part……
LikeLike
Thanks indranee baa eman ata xundor story pohibo diyar babe
LikeLike
Aji ahibo ne 25 part tu
LikeLike
I am waiting for next page .,.
LikeLike
26 tu ketia pam
LikeLike
সচাকৈ অতি সুন্দৰ লিখনি।বাকী খিনিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো
LikeLike
অনুভূতিবোৰ জটিলতাৰ মেৰপেচত নোসোমোৱাকৈ সহজ-সৰল সূন্দৰ ৷ প্ৰেমত পৰা আৰু কৰা সকলৰ বাবেটো আছেই আনসকলৰ বাবেও অনুভূত হ’ব ৷ সূন্দৰ !
LikeLike
দেউতাকে অৰ্ণৱক আস্থাৰ এডমিচনৰ সময়তে লগ পোৱা নাছিল জানোঁ? তেওঁ পাহৰিলে হ’বলা!!
LikeLike
Damn it …. সোনকালে দিওক পিছৰ খণ্ড টো ।।
এনেকৈ বাৰু কাহিনী লিখেনে পঢ়িলেই প্ৰেমত পৰি যোৱাকৈ ।। Hats off to u sis।. U r doing a great job. Mind blowing story.
LikeLike