Uncategorized

#JEC Part 24

Previous: #JEC Part 23

অৰ্ণৱ। তেওঁ কিয় আহিছে ভিতৰলে?
:মাজনী, তই এওঁক ফোনৰ charger তো দেচোন, মই আইতাক লৈ আনোগৈ, অাজি ইয়াতে ভাত খাব।
মই গম পালো তেওঁ দেউতাক কি কৈ ভিতৰলৈ আহিছে। অলপ বেয়া লাগিল কথাটোত, আজিলৈকে মা বা দেউতাক মিছা মাতিব লগীয়া একোৱে কৰি পোৱা নাই, সেইকাৰণে চকু মুদি বিস্বাস কৰে মোক। অাজি তেওঁ বা নিশাই এনেকে মিছা কথা কোৱাটো মই মুঠেও ভাল পোৱা নাই। 
:সেইতো ৰুমতে switch board খনত লাগি আছে, লৈ লওঁক।
:আস্থা, তই সঁচাকে বেল নে কিনো, অৰ্ণৱ দাক তোৰ লগত কথা পাতিবলে privacy লাগে, ফোন charge কৰাটো বাহানা হয় ডাৰ্লিং।
নিশাই সৱ বুজি পাইছোন, মইনো কিয় নাপাও? সেইকাৰণে চাগে তেওঁৰ মোলৈ বেছিকৈ খং উঠে। কিন্তু মই নাযাও, ভাল কথা তো একো নকয় , জেদ অাৰু খং দেখুৱাই যদি জন্মদিনৰ দিনা গালি পাৰে তেন্তে তেওঁক ভালপোৱা মোৰ বাবে অাৰু বেছি কঠিন হব।
বেয়া পাবলৈ সহজ, কাৰণ সেয়া মগজুৰ কাম।
ভালপাবলৈ অলপ টান, হৃদয়বোৰ যে অভিমানী!!!!
:ঠিক আছে তই ইয়াতে থাক, মইয়ে বাহিৰলে যাও।
একেজাপে নামি ওলাই গল নিশা, মই একো কবলৈ সুৰুঙাই নাপালো। তেওঁৰ ফালে চাব পৰা নাই,প্লেটৰ বস্তুবোৰকে লিৰিকি বিদাৰি আছো। নিশা আঁতৰি যোৱাৰ লগে লগেই দীঘল খোজেৰে মোৰ ওচৰ পালেহি।
ধক্।
কিয় আহিছে মোৰ ইমান কাষলৈ?
কিয় লাগে তেওঁক একান্ত মূহুৰ্ত?
যদি গাড়ীৰ ভিতৰত যি আধৰুৱা হৈ ৰল, সেয়া তেওঁ…
নাই নাই, তেনেকুৱা নকৰে, মানে নকৰে চাগে। গালখন আকৌ পুৰিছে মোৰ।
:I am sorry. Really sorry.
তেওঁৰ মাতত উচপ খাই ঘূৰি চালো।
ক্ষমা কিয় খুজিছে? তেওঁৰ চকুলৈ চালো, অলপ যেন অনুতপ্ত।
ভাল লাগিল, মই ভবাৰ দৰে তেওঁ মোক বেয়া পায় থকা নাই। দীঘল উশাহ এটা ললো। গাড়ীত যি হল, সেয়া আকৌ নহয়!নিজৰ ভূল বুজি পাইছে তেওঁ।
:তোমাৰ দেউতাক মিছা কথা কৈ মোৰো ভাল লগা নাই, মই জানো তুমিও সেইতো কথা বেয়া পাইছা। But there was no other way.
:অহ মই আকৌ ভাবিছিলো আপুনি গাড়ীত যে….
ভাবি থকা কথাটো মুখত ওলাই গল, মই যে সঁচাকে বুৰ্বক। নিশাই ঠিকেই কয়।
:No No Miss Astha Baruah, don’t think too much. I am not sorry for that.I will never be.
আকৌ এবাৰ মোক আচৰিত কৰি তেওঁ আঁতৰি গল।
ঠিকেই ।তেওঁ কি ভাবি কি কৰে বা কয় সেইতো বুজি পোৱা মোৰ বাবে কেতিয়াও সম্ভৱ নহয়। কিন্তু দেউতাক মিছা মাতি তেওঁ যে অনুতপ্ত, সেয়া জানি ভাল লাগিল।
হাঁহি এটা বিৰিঙি উঠিল আপোনা আপুনি, চাহৰ কাপটো লৈ চাহ বাকিবলৈ ললো।
:don’t smile too much Miss, I will definitely finish the unfinished. If not in car, then in your house. You just be ready with your blush.
কি? একেচাটে ঘূৰি চালো, সেই বেঁকা হাঁহিটো। সজাই থোৱা প্লেটখনৰ পৰা মায়ে বনোৱা নাৰিকলৰ লাৰু এটা মুখত লৈ মোৰ ফালে চাই হাঁহিলে।
:মিঠা মিঠা।
পাগল কৰিহে এৰিব মোক, এনেই তেওঁ মোৰ ঘৰলৈ এনেকে অহাটো মই সহজ ভাবে লব পৰা নাই, তাতে যদি তেওঁ সঁচাকে তেনেকুৱা কিবা…? নাই নাই হবই নোৱাৰে, নিদিওঁ হবলে, কেতিয়াও নিদিওঁ ।
:সৰু মাইনা, চাহপানী অকণ মোলৈ ও বনাবি দেই।
বাৰাণ্ডাত আইতাৰ মাত শুনি অাৰু ভয় খালো।
:please বাহিৰলৈ যাওক।
তেওঁ বুজি পালে, ওলাই গল একো আপত্তি নকৰাকৈ। মইহে জ্বৰে ঘমাদি ঘামিছো। চাদৰৰ আঁচল খন টানি মুখ খন মুচি ললো। বুকুখন হাতেৰে হেঁচা মাৰি ধৰিছো, উশাহটো এতিয়াও ঘন।
:আস্থা, দে মই help কৰি দিওঁ।
নিশাৰ সইতে চাহ অাৰু খোৱা বস্তুৰ প্লেটখন লৈ বাহিৰলৈ ওলাই আহিলো, আইতা অাৰু অৰ্ণৱ একেলগে, অাজি অাৰু কি কি হব মোৰ লগত ঠিক নাই।

…. আগলৈ

321 thoughts on “#JEC Part 24

  1. Wao…Bohudin murot Punorbaar Porhibole loisu… Dintur Kam aru Pressurt pahori a goisilu premor Mitha porokhor Anuvob bur.. Thnks to u.. Dhuniya hoise… 25 loi Opekhat rolu…

    Like

  2. Wao…Bohudin murot Punorbaar Porhibole loisu… Dintur Kam aru Pressurt pahori a goisilu premor Mitha porokhor Anuvob bur.. Thnks to u.. Dhuniya hoise… 25 loi Opekhat rolu…

    Like

  3. সচায় বহুত ভাল লাগিল।দিয়া কেইটা একেলগ পঢ়িলো।বাকি কেইটা মনত পৰা দিনা পঢ়িম।ইমান খংঙাল আৰু জেদী অৰ্নব মোৰবোধেৰে সফল নহব।

    Like

  4. Baa tumi aku 1bar jiyai thakibo babe hepah disa bukur pasot….. Hahisu u kandisu bujisu hokolu…bohut kotha nijor logot milai loisu.. Tumr 1ta 1ta kotha t moi humai porisu…nijok pagol jen u lagi goise.. But moi hukhi.. Thanks alot Baa tumk emn dhuniya 1ta upohar diya karone.. Lots of love ❤

    Like

  5. Wow. Eman dhunia lagise Moi matra kalir pora porhibo start korisilu mewsot apunar interview Sai…bohut dhunia hoise
    Ba next episode to ketia pam
    Ashanti rakhilu novel bookor jorioteo pam buli
    Thank you

    Like

  6. বহুত ধুনীয়া লাগে পঢ়ি, কাহিনীটো পঢ়িলে দেহত প্ৰেমৰ ভাৱ আহি যায়। 25 নম্বৰ পেজটো বাবে অপেক্ষা কৰিলোঁ।

    Like

  7. সচাকৈ পঢ়ি বহুত ভাল লাগিছে, চৰিত্ৰবোৰ জীৱন্ত হৈ চকুৰ আগত ধৰা দিয়ে। পৰৱৰ্তী খণ্ডৰ বাবে অপেক্ষা কৰিলো।

    Like

  8. Its really really so touching story বা। প্ৰথমে পঢ়ি ইমান ভাল লাগিব বুলি ভবা নাছিলো but উফ্‌ নপঢ়া হ’লে বহুত ডাঙৰ কিবা এটা miss কৰিলো হয় 😢 ….২৫ part টোলে ৰৈ আছো। My best wishes to you বা😘😘

    Like

  9. Nopohu nopohu koi eke dinai 24 ta part pohi pelalu…. Kiba eta onuvutie hothat khunda marilehi… Heye Agroh aru bahise …Likhibi bure mon,ontor,hridoy,kolija hokolute Thai bonale..Odihr hoi bat salu..pasot khondo keitaloi

    Like

  10. Dont knw bt being a bengoli girl i was able to read the part cz it was in assamese bt really felt like I m flyng jst went craze and really true love and 1st felng of love is really diffrnt..w8ng eagerly❤

    Like

  11. খুব ভাল লাগিছে পঢ়ি, অৰ্ণৱৰ চৰিত্ৰটো,, বহুত ভাল লাগিছে, সকলোখিনি

    Like

  12. বেয়া পাবলৈ সহজ, কাৰণ সেয়া মগজুৰ কাম।
    ভালপাবলৈ অলপ টান, হৃদয়বোৰ যে অভিমানী!!!!
    What a excelent dialog…👌
    খুব ভাল লাগিছে আপোনাৰ এই উপন্যাস পঢ়ি…হৃদয় চুই যোৱাকৈ উপস্থাপন কৰিছে আপুনি কাহিনীবোৰ….

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s