Uncategorized

#JEC Part 32 – End of Chapter 1

Previous: #JEC Part 31

 

উশাহৰ শব্দ নাই।
:অৰ্ণৱ!!!!!!!!
পাগলৰ দৰে চিঞৰিছো,জোকাৰি দিছো গাৰ সমস্ত শক্তিৰে, কিন্তু অৰ্ণৱ নিথৰ ।কোনোবাই এম্বুলেঞ্চ মাতিছে, কোনোবাই পুলিচ। কলেজত কোনে খবৰ দিলে নাজানো। হিলদল ভাঙি আহিছে সকলো, লৰা ছোৱালী কোনো বাকী নাই চাগে।
উৎপল দাই তেওঁৰ বুকুখন বাৰে বাৰে হেঁচি দিছে, নাই, উশাহ লোৱা নাই। অাৰু চাব নোৱাৰোঁ।বা কেইগৰাকীমান মোৰ ওচৰত ৰৈ আছে। সবৰ চকুত পানী।
:উঠাই দে, উঠা।
এম্বুলেঞ্চ আহি পালে, তেওঁক ধৰি উঠাই দিয়া হল।লগত উৎপল দা অাৰু তেওঁৰ লগৰ দুজন।
:মইয়ো যাম উৎপল দা।
:তুমি নালাগে, অামি আছো ।
দৰজাখন মাৰি দিলে, নাৰ্ছ গৰাকীয়ে অক্সিজেন মাস্ক পিন্ধাই দিছে তেওঁক।
এম্বুলেঞ্চৰ পিছে পিছে বাইক লৈ বহুকেইজন চিনিয়ৰ।
কোনোবাই অট’ এখন মাতি আনিলে, নিশা অাৰু সমীক্ষা বায়ে ধৰি নি মোক উঠাই দিছে। মই মাত্ৰ এৰি দিছোঁ নিজকে।
অসুস্থ হৃদয়, বাকৰুদ্ধ সময়।
নিঃশেষ হবলৈ যেন একোৱেই বাকী নাই।
বুকুৰ ভিতৰত ৰু ৰুৱাই জ্বলিছে প্ৰথম ভালপোৱাৰ চিতাখন।
তেওঁৰ হাতৰ পৰশত ৰঙা পৰা গাল দুখনত শুকান চকুপানীৰ চেঁকুৰ।
কাণত এতিয়াও বাজি অাছে সেই আৰ্তনাদ।
অৰ্ণৱ!!!!!!!
আপুনি মোৰ ‘প্ৰিয়’ বুলি কোৱাই নহল।
             অট’ৰ পৰা নামি কেনেকৈ ৰুম পালো কব নোৱাৰোঁ। বহুত কেইগৰাকী চিনিয়ৰ বা আহি মোক কিবাকিবি বুজাইছে, মূৰত একো সোমোৱা নাই। নিশাই সলাবলৈ কাপোৰ উলিয়াই দিছে। গোটেই গাতে তেজৰ দাগ। শিলৰ মূৰ্তিটোৰ দৰে বিচনাখনতে বহি আছো। আগতে বৰশীত উঠোৱা মাছটো দেখিও কান্দোঁ, দুখ পাইছে বুলি পানীৰে ধুৱাই আকৌ এৰি দিওঁ, অাজি মোৰ প্ৰিয় মানুহজনক এনেকৈ কষ্ট দিয়া হল, অাৰু মই একোৱেই কৰিব নোৱাৰিলো। সেই দৃশ্য দেখাৰ আগতেই যদি মোৰ মৃত্যু ঘটিল হেঁতেন।
:উঠ আস্থা, এনেকে কিমান দেৰি থাকিবি?
:মোক এনেকৈয়ে থাকিবলৈ দে নিশা।
:অৰ্ণৱ দা ঠিক হৈ যাব। তই এনেকুৱা নকৰিবি প্লিজ।
নিশাই মোক ধৰি হুকহুকাই কান্দিছে, মোৰহে কান্দিবলৈ শক্তি বাকী নাই। ৰৈ আছো মাথোঁ উৎপল দাৰ এটা ফোনলৈ।
সন্ধিয়া লৈকে তেওঁৰ একো খবৰ নাই, বাৰে বাৰে ফোন কৰিছো উৎপলদাৰ নম্বৰত। উত্তৰ নাই।
:আস্থা, বাইদেউ আহিছে, মাতি দিওঁনে ভিতৰলৈকে?
:হমম।
উধাতু খাই আহিছে বাইদেউ।
:মই অলপ আগতেহে গম পালো কথাবোৰ, কি যে হৈ গল। মাৰ পিট কৰা কেইটামানক গাঁৱৰ মানুহে ধৰি আনিছে এতিয়া।এটাও এইখন গাৱঁৰ নহয় হেৰৌ। কৰ ভগনীয়া নাজানো। অাজি কেইদিনমানৰ পৰা ঘূৰি ফুৰিছে, কেইবাঘৰতো চুৰ হৈছে, কেঁচুৱা ছোৱালী পৰা বুঢ়ী লৈকে কাকো নেৰে। ৰাস্তাত ওলাব লৈকে চিন্তা। মই আগেয়ে জনা হলে যাবলৈ মানা কৰিলো হেঁতেন। দিন কাল বৰ বেয়া হৈছে অ’। পদে পদে ভয়।
বাইদেউ মোৰ ওচৰতে বহি কথাবোৰ কৈ গৈছে, কিন্তু হৈ যোৱা ঘটনাটোৱে আমাক কি কৰি থৈ গল সেইয়া মই কেনেকৈ বুজাম।
:অৰ্ণৱৰ ভাল হব দেই, অাজি গাঁৱৰ নামঘৰত ভাওনা। মই ভালকে সেৱা লম। গোটেই ৰাইজে আশীৰ্বাদ কৰিব হেৰৌ,সৱ ভাল হব দেই। সি বৰ ভাল লৰা, কোনোদিন কাৰো লগতে কাজিয়া পেছাল নকৰে। আঁতৰি আঁতৰি থকাই দেখো।তুমি অহাৰ পাছত হে অকণ হাঁহিছিল, তাতো নজৰ লাগিল। কিন্তু ভগৱান অাছে তুমি এনেকে কন্দা কটা কৰি নেথাকিবা।
অলপ সময় বহি গুচি গল বাইদেউ। লাহেকৈ উঠি গৈ কাপোৰ কানি সলাই ভগৱানৰ ওচৰত ধূপ জ্বলাই বহি আছো, এটা ফোনে হয়তো সলনি কৰি দিব সকলোবোৰ।
:আস্থা, আস্থা…
:নিশাৰ চিঞৰত উচপ খাই উঠিলো।
:অৰ্ণৱ দাৰ হুঁচ আহিছে, সৌৰভ দা এইমাত্ৰ হস্পিতালৰ পৰাই আহিছে। কিন্তু ডিব্ৰুগড় লৈ যাব এতিয়া, internal injury অাছে ।But he is out of danger. Oh god, oh god.
সাৱটি ধৰিছে মোক নিশাই, সকলোৰে মুখবোৰ অকণ হলেও পোঁহৰ হৈছে, টেবুলৰ ওপৰত থকা গণেশৰ মূৰ্তিটো বুকুত হেঁচি ধৰিছো। এই প্ৰাপ্তিৰ যেন শেষ নহয়। ভালপোৱাৰে সজাম তেওঁৰ নতুন জীবন। অৰ্ণৱৰ প্ৰেমিকা হৈ জীয়াম বাকী ৰোৱা জীবনৰ প্ৰতিটো পল অনুপল।
উৎপল দাৰ ফোন।
:আস্থা, অামি ডিব্ৰুগড় আহি আছো, অৰ্ণৱৰ মা ও আহিছে, তুমি চিন্তা নকৰিবা।
:এবাৰ চাবলৈও নাপালো তেওঁক।
এতিয়াহে চকুপানী বোৰ পাৰ ভাঙি বৈ আহিছে।
:সোনকালে ঠিক হৈ আহিবলৈ প্ৰাৰ্থনা কৰা। মই ফোন কৰিম যেতিয়াই পাৰোঁ।
বাৰে বাৰে সেৱা কৰিছো ভগবানৰ ওচৰত, বহুত মন আছিল এবাৰ তেওঁক চোৱাৰ, কিন্তু এতিয়া সেইয়া সম্ভৱ নহয়। দূৰৰ পৰাই প্ৰাৰ্থনা কৰিম।
গোটেই কেম্পাছ আজি অন্ধকাৰ। কতো এটাও লাইট জ্বলা নাই। গোটেইকেইটা হোষ্টেলৰ সন্মুখত  মম জ্বলাই থৈছে। সদায় মুখৰ হৈ থকা সন্ধিয়া সময় খিনিও অাজি নিতাল, নিস্তব্ধ। এয়াই আমাৰ JEC। এজনৰ দুখত সকলো দুখী। এই মানুহবোৰ মোৰ আপোন। এওঁলোকৰ প্ৰাৰ্থনাই জীয়াই তুলিছে মোৰ অৰ্ণৱক। চিৰজীৱন কৃতজ্ঞ হৈ ৰম।
:আস্থা, তোৰ ঘৰত গম পালে কি কৰিবি?
নিশাৰ কথাত থতমত খালো। গম পালে মানে? মই নিজেই কম মাক, সকলোবোৰ।
মালৈ ফোন কৰিলো, এই সময়ত মাৰ বাহিৰে কাৰো ওচৰতে শান্তি নাপাওঁ। মোৰ সকলো সুখ দুখ প্ৰাপ্তি অপ্ৰাপ্তিৰ বিষয়ে জনাৰ অধিকাৰ অাছে তেওঁৰ, মোৰ সাহস, মোৰ শক্তি, মোৰ আটাইতকৈ ভাল বন্ধু, মোৰ মা।
:মা।
:কি হল জীও? গা বেয়া নেকি তোৰ?
:কাইলৈ আহিব পাৰিবা নেকি মোৰ ওচৰলৈ?
:উৱা, কালি গৈছিলিহে, ঘৰলৈ মনত পৰিছে বেছিকে?
:হমম।
:জীও, বেলেগ কিবা কথা অাছে?
:উমম।
:ফোনত কব নোৱাৰি?
:ওহোঁ।
:দেওবাৰে গলে হব?দেউতাৰো বন্ধ সেইদিনা। দুইজনেই আহিম বাৰু দেই।
:হব।
:কি কথা সেইটো বাৰু পিছত জানিম, কিন্তু জীও এইটো বয়সত কেতিয়াবা কিছুমান কথা বন্ধুৰ লগতো আলোচনা কৰি সমাধা কৰিব পাৰি। এতিয়া ডাঙৰ হৈছ, কথাবোৰ প্ৰথমতে নিজৰ মনেৰে ভাবি চাবি, যদি তই কৰা কামে কাকো অনিষ্ট নকৰে, আঘাত নকৰে, অপমান নকৰে, তেন্তে সেই কাম কেতিয়াও ভুল হব নোৱাৰে।
        সকলো ঠিক হব এতিয়াৰপৰা, খুলি কম মনৰ কথা। কাকো আঘাত নকৰাকৈ, কাকো অপমান নকৰাকৈ, কেৱল মৰমেৰে সজাম মোৰ প্ৰিয় মানুহবোৰৰ জীবন।
আপুনি সোনকালে ঘুৰি আহক অৰ্ণৱ।
পুনৰ ঘূৰি আহিব ‘আমাৰ সময়’।
ভাল লগা, মিঠা মিঠা।

End of first chapter. If you want to be notified as soon as the next post released, follow me in Facebook

124 thoughts on “#JEC Part 32 – End of Chapter 1

  1. সচাঁই বহুত ভাল লাগিল প্রথম অধ্যায়,দ্বিতীয়টো অধ্যায়ও অতি আগ্রহৰে পঢ়িবলৈ বাট চাই আছো বা☺

    Like

  2. ভাল লাগিল প্ৰথম অধ্যায়। আগলৈ আগ্ৰহেৰে বাট চাম দ্বিতীয় অধ্যায়লৈ।

    Like

  3. এই ঘটনাটোৰ পাছত অৰ্ণৱ আৰু আস্থা এজনে আনজনৰ কাষ চাপি যাব যেন অনুভৱ হৈছে।

    Like

  4. 😱😱😱xsake mri jam mi ba….apuni emn dhuniyake likhise je ktha khini mio feel kribo parisu…jdi asthar jagat mi hlu hy.mr obsta kenekuwa hl hy xeikhini xmyt..vaboteye skupani olaise…bht vl pao mi teok….

    Like

  5. ( অণ’ৱ & আস্হা ) JEC

    …..নিভাঁজ প্ৰেম কাহিনী…..

    বুজাব নোৱাৰা অনুভৱ ইন্দ্ৰানী বা
    🙇‍♂🙇‍♂🙇‍♂

    Next অধ্যায় বাবে বৰ আশাৰে ৰৈ আছো…

    Like

  6. Hosai bht vl lagil indrani ba…agoloi ru kiba enkua notun pam buli asha rakhilu..2mr kolomr likhoni thomoki jabo nidiba..😊

    Like

  7. বহুত ভাল লাগিল প্রথম অধ্যায়টো । দ্বিতীয়টো অধ্যায় আগ্রহেৰে বাট চাই ৰ’লো ।

    Like

  8. আস্থা সচাই বহুত লাকী৷ আস্থাৰ নিচিনা মাক-বাপেক সকলোৰে ভাগ্যত থকা হলে৷

    Like

  9. Next part tuloi roi thokare kothin hoi porise….. apunar likhonit hosai jadu ase…..baki khini ketia pohu pohu lagi ase…… hunkale puar ahare roi asu…..

    Like

  10. Luv it….val lgile gute chaptet 1 tut hokolu khini asil dukh ,morom ,valpua ,abhiman ….well done indrani mamm…

    Like

  11. বাইদেউ, সচাকৈ আপ্লুত আপোনাৰ JECৰ কাহানীটো পঢ়ি মই। JECৰ প্ৰতি থকা মনোভাৱ সলনি কৰি দিছে আপুনি এই প্ৰশংসা কৰিবলৈ ভাষা বিচাৰি নোপোৱা কাহিনীটোৰ জৰিয়তে।
    অতি আগ্ৰহেৰে বাট চাই থাকিম পৰৱৰ্তী Chapterটোলৈ। আশা কৰোঁ অতি সোনকালে Upload কৰিব আপুনি।❤️❤️❤️

    Like

  12. I..was literally crying after reading dis part…really mur anekua lagise I m in Aastha’s place…well done Indranee ba😊

    Like

  13. I..was literally crying after reading dis part…really mur anekua lagise I m in Aastha’s place…well done Indranee ba😊

    Like

  14. বা পিছৰ অংশলৈ অতি আগ্রহেৰে বাট চাই আছো | আশা কৰো সোনকালেই পাম…

    Like

  15. বা পিছৰ অংশলৈ অতি আগ্রহেৰে বাট চাই আছো | আশা কৰো সোনকালেই পাম…

    Like

  16. ji houk baru.porhi tu val lagise bohut.dunai kuwar proyujon budhkoru nai. kintu protidine nirdisto koi eta part dile manuhor interest tu thake. bujise nissoi. akhare notun odhyai tule baat saisu.

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s