তিনিদিন ধৰি তেওঁৰ খবৰ উৎপল দাৰ পৰাই লৈ আছো। অলপ দেৰি ফোন নাহিলেই মনত কিবা কিবি ভাব আহিবলৈ লৈছে। অাজি ৰাতিপুৱাৰপৰা কেইবাবাৰো ফোন কৰিছো কিন্তু উঠোৱা নাই।
:নিশা, তই কৰি চা না এবাৰ। কিজানি উঠায়।
:আস্থা, তই বেছি নাৰ্ভাছ হৈছ। উৎপল দা কি কামত বা দৌৰি অাছে। অলপ পাছত নিজেই কৰিব চাবি।
দহমিনিটমান ৰৈ আকৌ ফোন লগালো।
:আস্থা, ছৰি ডাক্তৰৰ লগত অলপ কথা পাতি আছিলো।
:তেওঁ ঠিকে আছেনে?
:আগতে দুখ পোৱা হাতখন লৈ অলপ প্ৰব্লেম হৈছে। অপাৰেচন critical হব। বাকী বিলাক সিমান মেজৰ নহয়। MRI ৰিপোৰ্ট নৰ্মেল যেতিয়া চিন্তাৰ কাৰণ নাই। muscle ফাটি internal bleeding হৈছে, কিন্তু হাড় ভগা নাই।
:কাইলৈ মই অাৰু নিশা যাব পাৰিম নে?
:Actually,আন্টিয়ে তাক কাইলৈ কলকাতা লৈ যাব। Fortis hospital অত অৰ্ণৱৰ মামা অাছে, তালৈ নিয়াৰ কথা চলি অাছে।
:কিয়? কিবা বেছি ডাঙৰ কথা আছে?
:তেনেকুৱা একো হোৱা নাই, তুমি বেছিকৈ ভাবিছা। ইয়াতো ঠিক হৈ গল হেঁতেন, কিন্তু আন্টিৰ সম্পৰ্কীয় ককায়েক আছে, বহুত ভাল ডাক্তৰ, সেইকাৰণে লৈ যাব খুজিছে।
তাৰমানে তেওঁক চোৱাৰ সুযোগ অাৰু বহুত দিনলৈ নাপাঁও।
মনতে ভাবি আছিলো, অাজি মাৰ লগত কথা পাতি কাইলৈ তেওঁক এবাৰ চাই আহিমগৈ, এইকেইদিন কেনেকৈ আছো সেয়া কেৱল মইহে জানো। প্ৰিয়জনৰ অনুপস্থিতিত হে বুজা যায় হেঁপাহবোৰ কিমান গভীৰ। তেওঁ যেতিয়া কাষত আছিল তেতিয়া ভয়, লাজ অাৰু অভিমানৰ আঁৰ লৈ পলাই ফুৰিছিলো। কিন্তু সেই একেজনে মানুহকে যেতিয়া হেৰুৱাই পেলোৱাৰ উপক্ৰম হল, তেতিয়া বুজি উঠিলো তেওঁ অবিহনে সকলোবোৰ কিমান কঠিন, এটা এটা দিন কিমান কষ্টেৰে পাৰ হৈছে সেয়া বুজাব নোৱাৰিম। ভিৰৰ মাজত অকলশৰীয়া হৈ পৰিছো।
:আস্থা, তোৰ ভিজিটৰ আছে।
মা দেউতা আহি পালেহি। দৌৰি ওলাই গলো। মাৰ বুকুত সোমাইহে উশাহ ঘুৰাই পোৱা যেন লাগিছে। দেউতা বাৰন্দাতে বহিল। মাক ৰূমলৈ লৈ আনিলো।
:তোৰ গা বেয়া নি জীও, মুখ খন শুকাই গৈছে চোন, চকু গুৰি ইমান কলা কেলেই? শুৱা নাই হবলা?
:সব কম ৰবা,দেউতাক পানী গিলাছ দি আহোঁ।
ওলাই আহি দেউতাক পানী গিলাছ দিলোহি।
:ইমান লৰালৰি কৈ মাতিলি যে মাজনী, গা চা বেয়া নেকি তোৰ?
:অলপ বেয়া হৈছিল দেতা, এতিয়া ভাল পাইছো।
:বাৰু মাৰৰ লগত কথা পাত, তাৰ পাছত ওলাই গৈ কিবা এটা খাই আহিম গৈ।নিশাকো লগত লবি। মই তেতিয়ালৈকে এইখনকে পঢ়ো।
দেউতাৰ হাতত সৰু হলেও কিতাপ এখন থাকেই, আজিও প্ৰান্তিক এখন লৈ আহিছে।
মই সোমাই আহোঁতেই নিশা ওলাই আহিল।
:তই মাৰ লগত কথা পাতি ল, মই দেতাৰ ওচৰত আছো।
আমাৰ ঘৰত থকা দিনকেইটাতে নিশাই আংকল আন্টি এৰি ‘মা দেতা’ বুলি মাতিবলৈ ললে।
মাৰ ওচৰ পালোহি।
:কি হল ভালকৈ কচোন জীও, মোৰ ওচৰতে বহ।
মাৰ সন্মুখতে পকাখনতে বহিলো।
:মা, কথাটো শুনি তুমি চাগে মোক বহুত বেয়া পাবা।
:সেইটো মই ভাবিম, তই কি হৈছে ক।
:সেইদিনা যে তুমি মোক আমাৰ কলেজৰ ঘটনাটো পেপাৰত পাই সুধিছিলা কোন বুলি, নামটো যে দিয়া নাছিল, সেই ছোৱালীজনী মই মা।
মাৰ হাতৰ পৰা পানীৰ বটলতো সৰি পৰিল।
:জীও!!!!! এইবোৰ কি কৈছ তই?
:……
:লগত কোন আছিলে??
:…
:অৰ্ণৱ?????
চক্ খাই উঠিলো। মায়ে কেনেকৈ গম পালে!!!!
:হয় নে নহয়???
:হ হয়।
:কিমান দিনৰ পৰা চলি অাছে এইবোৰ??
ইমান খঙত কাহানিও দেখা নাছিলো মাক। কবলৈ লোৱা কথাবোৰ বেছিকৈ পেটৰ ভিতৰলৈহে সোমাই গৈছে, ভয় লাগিছে অাজি মালৈ। জীৱনত প্ৰথমবাৰ। কিন্তু মাৰ আগতেই যদি কব নোৱাৰোঁ তেন্তে তেওঁক কেনেকৈ কম?
:তুমি ভবাৰ নিচিনা একো হোৱা নাই মা, আগতে মোৰ কথা শুনি লোৱা।
এফালৰ পৰা কৈ গৈছো সকলোবোৰ, বাৰে বাৰে সলনি হৈছে মাৰ মুখৰ ৰং। কিন্তু মই ৰৈ যোৱা নাই, অাজি কবই লাগিব সকলোবোৰ, বুকুত বুজা এটা লৈ মই উশাহ লব নোৱাৰোঁ।
:অৰ্ণৱ এতিয়া কত আছে?
:ডিব্ৰুগড়ত।
:ভাল হৈছেনে?
:অলপ, কাইলৈ কলিকতা লৈ নিব।
:কথাবোৰ ইমানদিন লুকুৱাই ৰাখিছিলি কিয় জীও? অৰ্ণৱ আমাৰ ঘৰলৈ যাওঁতেই মই সন্দেহ কৰিছিলো, কিন্তু তোৰ মুখেৰে শুনিবলৈ ৰৈ আছিলো। তই মুখ মেলিলে গৰ্ভ দেখোঁ, এইটো কথা বুজি নাপাম বুলি কেনেকৈ ভাবিলি?
একো কব পৰা নাই, উত্তৰো নাই মোৰ ওচৰত।মায়ে দুখ পাইছে, মোৰ বাবে। বিস্বাসৰ ভেটিটো খহি নপৰে তো?
:মা মই সঁচাকে একো বেয়া কাম কৰা নাই, তোমাৰ শপত!!
:মই জানো। অাৰু এইটো বয়সেই এনেকুৱা। কিন্তু জীও, অামি এখন সমাজত থাকো, ভাল কি বেয়া কি সেয়া বিচাৰ কৰা কঠিন। এটা সৰু ভুলে সকলোবোৰ খেলিমেলি কৰি দিব পাৰে। তই এতিয়াও বহুত কথা জানিবলৈ বাকী আছে, তোৰ বয়সৰ আন ছোৱালীতকৈ তই বেলেগ জীও, নিজকে আগতে বুজি ল, পঢ়া শুনা আছেই। পাৰিবি সকলোবোৰ সমানে চলাই নিব?
:তুমি লগত থাকিলে পাৰিম।
মাৰ হাতখন খামুচি ধৰিলো, ভালপোৱা মানুহবোৰ আঁতৰি যাব বুলি বেছিকৈ ভয় খাওঁ এতিয়া।
:অলপ সময় দে, কথাবোৰ ইমান সহজ নহয়।
:মা তুমি বেয়া পোৱা যদি মই অাৰু কেতিয়াও তেওঁৰ লগত কথা নাপাতো, কিন্তু মা, মই তেওঁক বেয়া পাবও নোৱাৰোঁ।
:বুজি পাইছো মই, তোৰ দেউতাৰকো মই এইটো বয়সতে লগ পাইছিলো কলেজত, কিন্তু আমাৰ দিনবোৰ বেলেগ আছিল। মই তেখেতৰ ব্যক্তিত্বক সন্মান কৰিছিলো, ছাত্ৰনেতা হিচাপে তেওঁৰ কাম ভাল পাইছিলো, কিন্তু ঘৰৰ মানুহক সেইবোৰ বুজোৱা কঠিন আছিল। বিয়া হৈ আহোঁতে দেউতাৰ প্ৰাইভেট স্কুলত এহেজাৰ টকা দৰমহাৰ চাকৰি আছিল। চলিবলৈ কষ্ট হৈছিল কিন্তু অামি সুখী আছিলো।ভাল পাবলৈ সহজ কিন্তু সেই ভালপোৱা জীয়াই ৰখাটো সকলোৰে বাবে সম্ভৱ নহয়। এতিয়াৰ সময বেলেগ জীও। কিবা এটা পাবলৈ হাবিয়াস সবৰে থাকে, কিন্তু বিস্বাস বৰ কম। অৰ্ণৱ ভাল বেয়া সেইটো মই নাজানো, কিন্তু তহঁতৰ মাজত বহুত পাৰ্থক্য আছে। ভালদৰে নিজকে সুধি চা। অৰ্ণৱ সোনকালে সুস্হ হৈ উঠক। মইয়ো সেইটোকে বিচাৰো।
:মা, মই জানো তুমি কি কব বিচাৰিছা। কিন্তু প্ৰথমবাৰ কাৰোবাক ভাল লাগিছে, কিয়, কেনেকৈ এইবোৰৰ উত্তৰ মোৰ ওচৰত এতিয়া নাই। কিন্তু তুমি ভবাৰ দৰে মোৰ মনত একো সন্দেহ নাই মা।
মাক অলপ আচৰিত হোৱা যেন লাগিল, কিন্তু মোৰ মনৰ মাজত অাজি একোকে নাৰাখো,যি মনলৈ আহিছে, কৈ দিছো।
:জীও, এইখিনিত বহচোন। বেছিকৈ চিন্তা কৰিছ কথাবোৰ। কাৰোবাক ভাল লগাটো অপৰাধ নহয়, মাথোঁ মই বিচাৰোঁ তই খোজবোৰ সাৱধানে দিবি। দেউতাই আঘাত পোৱা কাম নকৰিবি।
মায়ে সামৰি লৈছে বুকুৰ মাজত, কুৰুকি কুৰুকি সোমাইছো।
কিমান দেৰি তেনেকৈ আছো নাজানো।
:আস্থা, দেতাই মাতি আছে।
নিজকে অলপ ঠিক কৰি নিশা আৰু মা দেউতাৰ লগত ওলাই আহিলো, দেউতাই সোধা প্ৰশ্নৰ চমু চমু উত্তৰ দি আছো। মায়ে বাৰে বাৰে কথাবোৰ বুজাবলৈ চেষ্টা কৰিছে। কোনোবাখিনিত নিজকে ভুল যেনো অনুভৱ হৈছে, কিন্তু অৰ্ণৱক মোৰ ভাল লাগে অাৰু সেই কথা মই নুই কৰিব নোৱাৰোঁ। সৰু সুৰা বজাৰ কেইটামান কৰি মাহঁত যাবলৈ ওলাল।
:জীও, দেউতাক কথাবোৰ মই কম, তই মাথোঁ এটা কথা মনত ৰাখিবি, তই মনত কষ্ট পালে আমিও পাওঁ। তোৰ সুখ দুখ সকলোতে তোৰ মা লগত থাকিব। এতিয়া যা। সময়মতে খোৱা বোৱা কৰিবি।
মা দেউতাৰ পৰা বিদাই লৈ হোষ্টেললৈ ঘূৰি আহিছো, বুকুখন বহুত বেছি পাতল লাগিছে অাজি, মাৰ কথাকেইটাই সাহস দিছে। ফোনটো তেনেকুৱাতে বাজি উঠিল।
:হেল্ল ‘
:..
:উৎপল দা, শুনিছে নাই মোৰ মাতটো, হেল্ল।
:Meet me.. Astha..
অৰ্ণৱ!!!!!!!!!!!!!!!
দুৰ্বল মাতৰ দুটা কথা, তাতো মোক লগ পোৱাৰ হেঁপাহ। কিয় এনেকুৱা এই মানুহজন!!!
:হেল্ল, আপুনি ঠিকে আছেনে? হেল্ল’
:আস্থা, ই বহুত জেদ কৰা কাৰণে ফোনটো দিলো, ডাক্তৰে মানা কৰিছে কথা পাতিবলৈ, বহুত উইক হৈ আছে, পিছত পাতিবা।
এনেকুৱা লাগিছে এতিয়াই গুচি যাম তেওঁৰ ওচৰলৈ, বুকুৰ ভিতৰখন নাই নাই লাগিছে, কিয় এই বান্ধোন, সমাজ, নীতি নিয়ম??
সন্ধিয়া হবৰ হৈছে, কাইলৈ ৰাতিপুৱা তেওঁ যাবগৈ, কেনেকৈ কি কৰোঁ মই?
মোক মাফ কৰি দিয়ক অৰ্ণৱ!!!!
আগলৈ….
Baa pls part2 diok naa.. Sunday loi robo hole bohut deri hoi jai…
LikeLiked by 1 person
Part 2 re adir agrohere baat sai asu baa… Apunar khahitot atiya nijoke astha r rupot bisari furisu…. Astha jonir komoliya mon tu br priyo mur…
LikeLike
Ba bht din hol… xunkle nxt part khn diok aru dhoirjo dhoribo nuwari…
LikeLike
Baa part 2 ketiya k pam nu..
LikeLike
O baa part 2 ketia ahibo roi aso Ami xkolo a.. plz baa parile jldi dibo sn
LikeLike
Baaa part 2tu ktiya dib ..xunkle diyak na Roi asu bhut akher…. Plzzz xunkle diyak. Xokolu part xunkle dib baaa..
LikeLike
Xundar anbhuti …agoloi pahribo bat sai rolu …
LikeLike
Part 2 tu ktya k Pam……?
Bohut akhare baat sai asu Baa.
Hunkale diok akou..!
LikeLike
Eman din hl baa part 2 kio dia nai?? Amak evry Sunday nalage every day kri eta eta part lage
LikeLike
Ba hunkale diyok nah bhut akhare bat sai asu
LikeLiked by 1 person
jec r chapter 2 r 2nd part ketia ahibo ??
LikeLike
Baa please regular sai asu dise ne buli part 2 … hunkale diyok na …Sunday loi bohut din hoi jaai..imandin wait koribo nuwari.. please regular diyokna…
LikeLike
Baa chapter 2 r part 2 tu nai puwa kio eman deri loike
LikeLike
Part2 lagisl.. 5 days hoi gol
LikeLike
বা ২খণ্ড কেতিয়া দিব বহুত আগ্ৰহেৰে বাট চাই আছোঁ
LikeLike
Part2 tur bby roi asu
LikeLike
chapter 2 part 2 poa nai dkhn baidew… oloa nai nki
LikeLike
J. E. C বাকি পিছৰ অংশ কিয় অহা নাই বা? আপোনাৰ প্ৰিয় শ্ৰোতা সকলৰ বাবে ইয়াৰ পিছৰ অংশ আগবঢ়াই দিয়ক বা বৰ আশাৰে ৰৈ আছোঁ । ধাৰাবাহিক ছোৱা চখ নাছিল কিন্তূ J. E. C পঢ়াৰ পৰা ধাৰাবাহিকৰ মূল বুজি পালোঁ । মনটো বহু ব্যাকুলতাৰে ভৰি পৰিছে কি হব কি নহব ভাবি, একো সমাধান বিচাৰি পোৱা নাই আৰু ইয়াৰ সমাধান আপোনাৰ ওচৰত আছে বা গতিকে আমাকো দিয়ক এই সুমধুৰ প্ৰেম কাহিনীৰ শেষ কি আমি জানিবলৈ অতি আগ্ৰহেৰে বাট চাই আছো বা ।
LikeLike
এইবাৰ কিহেৰে দিন নিয়াম অ’ পিতাই?
বানে আহি থান বান কৰিলে
সেউজী খেতি দৰা, ভঁৰালৰ ধান
আপোন পঁজাটিয়োচোন উৰুখি গ’ল।
পিতাই, মোৰ ন-ধৰা পাঠ খন
ফাতি থাকিলে, ফলি খনো উতি গ’ল
তই হাটলে গ’লে নতুন এখন আনি দিবি দেই পিতাই।
গৰমৰ বন্ধত কৰিবলে দিয়া
অংক কেইটা কৰাই নহ’ল,
পিতাই মোৰ ভয় লাগিছে
চাৰে বাৰু কানত ধৰাই থব নেকি?
পিতাই তই ইয়াতে থাক
নাজাবি কলৈকো দেই
মেঘটোৱে চোন আক’ গাজিছে
কালি হেনু অকনৰ হঁতৰ দাইক
বানে উতোৱাই নিলে,
তই কলৈকো নাজাবি দেই পিতাই।
পোনা অ’
তই ভয় নকৰিবি
আমি নদিয়াল,
আমালৈনো কোনে চাব?
তেৰাই ৰাখিলেহে ৰখা।
তই ভয় নকৰিবি পোনা
মাষ্টৰে তোক কানত নধৰাই দে
পঢ়াশালিটোও বানে গৰকিলে,
তোক ন-ধৰা পাঠ খন আনি দিম পোনা।
তই পঢ় পোনা,
তই পঢ়ি শুনি লাত চাহাব নহলেও
মই দুখ নকৰো,
ডাঙৰ হৈ মানুহ চিনিবি।
সৌ নেতা বোৰৰ দৰে নহ’বি পোনা,
তাহাতে আমাক মানুহ নুবুলে।
বানে গৰকা উৰুখা পঁজাৰ
আমি সৰু মানুহ,
আমালৈ তাহাতি নিচিন্তে একো,
তই মানুহ হ পোনা।
মানুহ হ।
……………বিতোপন……
LikeLike
Awesome
LikeLike
উফ।কি শিহৰণ অ’ বাইদেউ
আপুনাৰ উপন্যাস খনে অনলাইন উপন্যাসৰ এটা বাট মুকলি কৰি দিছে
সকলো সাহিত্যিক ওলাই আহক ,আৰু বিলাই দিয়ক সাহিত্যৰ সুবাস ।
তাৰেই আশা ৰাখিছো
LikeLike
মা-জী ৰ মাজৰ প্ৰতিটো আলাপে কন্দোৱাই গ’ল😭….. বৰ সুন্দৰ লিখনি
LikeLike
বা কিতাপ খন কেতিয়া আহিব
LikeLike