Uncategorized

#JEC Chapter 2 Part 1

তিনিদিন ধৰি তেওঁৰ খবৰ উৎপল দাৰ পৰাই লৈ আছো। অলপ দেৰি ফোন নাহিলেই মনত কিবা কিবি ভাব আহিবলৈ লৈছে। অাজি ৰাতিপুৱাৰপৰা কেইবাবাৰো ফোন কৰিছো কিন্তু উঠোৱা নাই।
:নিশা, তই কৰি চা না এবাৰ। কিজানি উঠায়।
:আস্থা, তই বেছি নাৰ্ভাছ হৈছ। উৎপল দা কি কামত বা দৌৰি অাছে। অলপ পাছত নিজেই কৰিব চাবি।
দহমিনিটমান ৰৈ আকৌ ফোন লগালো।
:আস্থা, ছৰি ডাক্তৰৰ লগত অলপ কথা পাতি আছিলো।
:তেওঁ ঠিকে আছেনে?
:আগতে দুখ পোৱা হাতখন লৈ অলপ প্ৰব্লেম হৈছে। অপাৰেচন critical হব। বাকী বিলাক সিমান মেজৰ নহয়।  MRI ৰিপোৰ্ট নৰ্মেল যেতিয়া চিন্তাৰ কাৰণ নাই। muscle ফাটি internal bleeding হৈছে, কিন্তু হাড় ভগা নাই।
:কাইলৈ মই অাৰু নিশা যাব পাৰিম নে?
:Actually,আন্টিয়ে তাক কাইলৈ কলকাতা লৈ যাব। Fortis hospital অত অৰ্ণৱৰ মামা অাছে, তালৈ নিয়াৰ কথা চলি অাছে।
:কিয়? কিবা বেছি ডাঙৰ কথা আছে?
:তেনেকুৱা একো হোৱা নাই, তুমি বেছিকৈ ভাবিছা। ইয়াতো ঠিক হৈ গল হেঁতেন, কিন্তু আন্টিৰ সম্পৰ্কীয় ককায়েক আছে, বহুত ভাল ডাক্তৰ, সেইকাৰণে লৈ যাব খুজিছে।

তাৰমানে তেওঁক চোৱাৰ সুযোগ অাৰু বহুত দিনলৈ নাপাঁও।
মনতে ভাবি আছিলো, অাজি মাৰ লগত কথা পাতি কাইলৈ তেওঁক এবাৰ চাই আহিমগৈ, এইকেইদিন কেনেকৈ আছো সেয়া কেৱল মইহে জানো। প্ৰিয়জনৰ অনুপস্থিতিত হে বুজা যায় হেঁপাহবোৰ কিমান গভীৰ। তেওঁ যেতিয়া কাষত আছিল তেতিয়া ভয়, লাজ অাৰু অভিমানৰ আঁৰ লৈ পলাই ফুৰিছিলো। কিন্তু সেই একেজনে মানুহকে যেতিয়া হেৰুৱাই পেলোৱাৰ উপক্ৰম হল, তেতিয়া বুজি উঠিলো তেওঁ অবিহনে সকলোবোৰ কিমান কঠিন, এটা এটা দিন কিমান কষ্টেৰে পাৰ হৈছে সেয়া বুজাব নোৱাৰিম। ভিৰৰ মাজত অকলশৰীয়া হৈ পৰিছো।

:আস্থা, তোৰ ভিজিটৰ আছে।
মা দেউতা আহি পালেহি। দৌৰি ওলাই গলো। মাৰ বুকুত সোমাইহে উশাহ ঘুৰাই পোৱা যেন লাগিছে। দেউতা বাৰন্দাতে বহিল। মাক ৰূমলৈ লৈ আনিলো।
:তোৰ গা বেয়া নি জীও, মুখ খন শুকাই গৈছে চোন, চকু গুৰি ইমান কলা কেলেই? শুৱা নাই হবলা?
:সব কম ৰবা,দেউতাক পানী গিলাছ দি আহোঁ।
ওলাই আহি দেউতাক পানী গিলাছ দিলোহি।
:ইমান লৰালৰি কৈ মাতিলি যে মাজনী, গা চা বেয়া নেকি তোৰ?
:অলপ বেয়া হৈছিল দেতা, এতিয়া ভাল পাইছো।
:বাৰু মাৰৰ লগত কথা পাত, তাৰ পাছত ওলাই গৈ কিবা এটা খাই আহিম গৈ।নিশাকো লগত লবি। মই তেতিয়ালৈকে এইখনকে পঢ়ো।
দেউতাৰ হাতত সৰু হলেও কিতাপ এখন থাকেই, আজিও প্ৰান্তিক এখন লৈ আহিছে।
মই সোমাই আহোঁতেই নিশা ওলাই আহিল।
:তই মাৰ লগত কথা পাতি ল, মই দেতাৰ ওচৰত আছো।
আমাৰ ঘৰত থকা দিনকেইটাতে নিশাই আংকল আন্টি এৰি ‘মা দেতা’ বুলি মাতিবলৈ ললে।
মাৰ ওচৰ পালোহি।
:কি হল ভালকৈ কচোন জীও, মোৰ ওচৰতে বহ।
মাৰ সন্মুখতে পকাখনতে বহিলো।
:মা, কথাটো শুনি তুমি চাগে মোক বহুত বেয়া পাবা।
:সেইটো মই ভাবিম, তই কি হৈছে ক।
:সেইদিনা যে তুমি মোক আমাৰ কলেজৰ ঘটনাটো পেপাৰত পাই সুধিছিলা কোন বুলি, নামটো যে দিয়া নাছিল,  সেই ছোৱালীজনী মই মা।
মাৰ হাতৰ পৰা পানীৰ বটলতো সৰি পৰিল।
:জীও!!!!! এইবোৰ কি কৈছ তই?
:……
:লগত কোন আছিলে??
:…
:অৰ্ণৱ?????
চক্ খাই উঠিলো। মায়ে কেনেকৈ গম পালে!!!!
:হয় নে নহয়???
:হ হয়।
:কিমান দিনৰ পৰা চলি অাছে এইবোৰ??
ইমান খঙত কাহানিও দেখা নাছিলো মাক। কবলৈ লোৱা কথাবোৰ বেছিকৈ পেটৰ ভিতৰলৈহে সোমাই গৈছে, ভয় লাগিছে অাজি মালৈ। জীৱনত প্ৰথমবাৰ। কিন্তু মাৰ আগতেই যদি কব নোৱাৰোঁ তেন্তে তেওঁক কেনেকৈ কম?

:তুমি ভবাৰ নিচিনা একো হোৱা নাই মা, আগতে মোৰ কথা শুনি লোৱা।
এফালৰ পৰা কৈ গৈছো সকলোবোৰ, বাৰে বাৰে সলনি হৈছে মাৰ মুখৰ ৰং। কিন্তু মই ৰৈ যোৱা নাই, অাজি কবই লাগিব সকলোবোৰ, বুকুত বুজা এটা লৈ মই উশাহ লব নোৱাৰোঁ।
:অৰ্ণৱ এতিয়া কত আছে?
:ডিব্ৰুগড়ত।
:ভাল হৈছেনে?
:অলপ, কাইলৈ কলিকতা লৈ নিব।
:কথাবোৰ ইমানদিন লুকুৱাই ৰাখিছিলি কিয় জীও? অৰ্ণৱ আমাৰ ঘৰলৈ যাওঁতেই মই সন্দেহ কৰিছিলো, কিন্তু তোৰ মুখেৰে শুনিবলৈ ৰৈ আছিলো। তই মুখ মেলিলে গৰ্ভ দেখোঁ, এইটো কথা বুজি নাপাম বুলি কেনেকৈ ভাবিলি?
একো কব পৰা নাই, উত্তৰো নাই মোৰ ওচৰত।মায়ে দুখ পাইছে, মোৰ বাবে। বিস্বাসৰ ভেটিটো খহি নপৰে তো?
:মা মই সঁচাকে একো বেয়া কাম কৰা নাই, তোমাৰ শপত!!
:মই জানো। অাৰু এইটো বয়সেই এনেকুৱা। কিন্তু জীও, অামি এখন সমাজত থাকো, ভাল কি বেয়া কি সেয়া বিচাৰ কৰা কঠিন। এটা সৰু ভুলে সকলোবোৰ খেলিমেলি কৰি দিব পাৰে। তই এতিয়াও বহুত কথা জানিবলৈ বাকী আছে, তোৰ বয়সৰ আন ছোৱালীতকৈ তই বেলেগ জীও, নিজকে আগতে বুজি ল, পঢ়া শুনা আছেই। পাৰিবি সকলোবোৰ সমানে চলাই নিব?
:তুমি লগত থাকিলে পাৰিম।
মাৰ হাতখন খামুচি ধৰিলো, ভালপোৱা মানুহবোৰ আঁতৰি যাব বুলি বেছিকৈ ভয় খাওঁ এতিয়া।
:অলপ সময় দে, কথাবোৰ ইমান সহজ নহয়।
:মা তুমি বেয়া পোৱা যদি মই অাৰু কেতিয়াও তেওঁৰ লগত কথা নাপাতো, কিন্তু মা, মই তেওঁক বেয়া পাবও নোৱাৰোঁ।
:বুজি পাইছো মই, তোৰ দেউতাৰকো মই এইটো বয়সতে লগ পাইছিলো কলেজত, কিন্তু আমাৰ দিনবোৰ বেলেগ আছিল। মই তেখেতৰ ব্যক্তিত্বক সন্মান কৰিছিলো, ছাত্ৰনেতা হিচাপে তেওঁৰ কাম ভাল পাইছিলো, কিন্তু ঘৰৰ মানুহক সেইবোৰ বুজোৱা কঠিন আছিল। বিয়া হৈ আহোঁতে দেউতাৰ প্ৰাইভেট স্কুলত এহেজাৰ টকা দৰমহাৰ চাকৰি আছিল। চলিবলৈ কষ্ট হৈছিল কিন্তু অামি সুখী আছিলো।ভাল পাবলৈ সহজ কিন্তু সেই ভালপোৱা জীয়াই ৰখাটো সকলোৰে বাবে সম্ভৱ নহয়। এতিয়াৰ সময বেলেগ জীও। কিবা এটা পাবলৈ হাবিয়াস সবৰে থাকে, কিন্তু বিস্বাস বৰ কম। অৰ্ণৱ ভাল বেয়া সেইটো মই নাজানো, কিন্তু তহঁতৰ মাজত বহুত পাৰ্থক্য আছে। ভালদৰে নিজকে সুধি চা। অৰ্ণৱ সোনকালে সুস্হ হৈ উঠক। মইয়ো সেইটোকে বিচাৰো।

:মা, মই জানো তুমি কি কব বিচাৰিছা। কিন্তু প্ৰথমবাৰ কাৰোবাক ভাল লাগিছে, কিয়, কেনেকৈ এইবোৰৰ উত্তৰ মোৰ ওচৰত এতিয়া নাই। কিন্তু তুমি ভবাৰ দৰে মোৰ মনত একো সন্দেহ নাই মা।
মাক অলপ আচৰিত হোৱা যেন লাগিল, কিন্তু মোৰ মনৰ মাজত অাজি একোকে নাৰাখো,যি মনলৈ আহিছে, কৈ দিছো।
:জীও, এইখিনিত বহচোন। বেছিকৈ চিন্তা কৰিছ কথাবোৰ। কাৰোবাক ভাল লগাটো অপৰাধ নহয়, মাথোঁ মই বিচাৰোঁ তই খোজবোৰ সাৱধানে দিবি। দেউতাই আঘাত পোৱা কাম নকৰিবি।
মায়ে সামৰি লৈছে বুকুৰ মাজত, কুৰুকি কুৰুকি সোমাইছো।
কিমান দেৰি তেনেকৈ আছো নাজানো।
:আস্থা, দেতাই মাতি আছে।
নিজকে অলপ ঠিক কৰি নিশা আৰু মা দেউতাৰ লগত ওলাই আহিলো, দেউতাই সোধা প্ৰশ্নৰ চমু চমু উত্তৰ দি আছো। মায়ে বাৰে বাৰে কথাবোৰ বুজাবলৈ চেষ্টা কৰিছে। কোনোবাখিনিত নিজকে ভুল যেনো অনুভৱ হৈছে, কিন্তু অৰ্ণৱক মোৰ ভাল লাগে অাৰু সেই কথা মই নুই কৰিব নোৱাৰোঁ। সৰু সুৰা বজাৰ কেইটামান কৰি মাহঁত যাবলৈ ওলাল।
:জীও, দেউতাক কথাবোৰ মই কম, তই মাথোঁ এটা কথা মনত ৰাখিবি, তই মনত কষ্ট পালে আমিও পাওঁ। তোৰ সুখ দুখ সকলোতে তোৰ মা লগত থাকিব। এতিয়া যা। সময়মতে খোৱা বোৱা কৰিবি।
মা দেউতাৰ পৰা বিদাই লৈ হোষ্টেললৈ ঘূৰি আহিছো, বুকুখন বহুত বেছি পাতল লাগিছে অাজি, মাৰ কথাকেইটাই সাহস দিছে। ফোনটো তেনেকুৱাতে বাজি উঠিল।
:হেল্ল ‘
:..
:উৎপল দা, শুনিছে নাই মোৰ মাতটো, হেল্ল।
:Meet me.. Astha..
অৰ্ণৱ!!!!!!!!!!!!!!!
দুৰ্বল মাতৰ দুটা কথা, তাতো মোক লগ পোৱাৰ হেঁপাহ। কিয় এনেকুৱা এই মানুহজন!!!
:হেল্ল, আপুনি ঠিকে আছেনে? হেল্ল’
:আস্থা, ই বহুত জেদ কৰা কাৰণে ফোনটো দিলো, ডাক্তৰে মানা কৰিছে কথা পাতিবলৈ, বহুত উইক হৈ আছে, পিছত পাতিবা।
এনেকুৱা লাগিছে এতিয়াই গুচি যাম তেওঁৰ ওচৰলৈ, বুকুৰ ভিতৰখন নাই নাই লাগিছে, কিয় এই বান্ধোন, সমাজ, নীতি নিয়ম??
সন্ধিয়া হবৰ হৈছে, কাইলৈ ৰাতিপুৱা তেওঁ যাবগৈ, কেনেকৈ কি কৰোঁ মই?
মোক মাফ কৰি দিয়ক অৰ্ণৱ!!!!

আগলৈ….

Advertisements

75 thoughts on “#JEC Chapter 2 Part 1

    1. Baa #JEC porhi khoxakoi bhl lagixe.. But apuni late koi post Kori axe part bur.. Besi deri koi post up korily hoi tu sobe bhl napabo no.. Thn karu porhibo monu najabo.. Aamoni lagibo 1week roi thake :)) ateau lagixe!! Baa di deok na hunkale part bur alp long type t agor nixinake.. Piiliisss
      Nohole roi roi pahoriy jam #jec r kotha..
      Hope baki part bur joldi pai jam..
      Long cmmnt type korilu bya napabo 🤗

      Like

  1. Bhal lagile porhi….but jihetu weekly Dia hoise episode bur..tente aru alop dighol koribo buli Akha rakhilu……aru alop pohibole pale bhal Pam..jihetu one week wait koribo lagibo…

    Like

  2. সচাঁ ….প্রেম কৰা ,কাৰোবাক ভাল পোৱা যিমান সহজ ..সেই প্রেমক আজীৱন জীয়াই ৰখা বহুত কঠিন……
    😢😢😢😢😢😢

    Like

  3. Aai keidin bohut wait kori asilu baa pohibole nupuwar babei kiba uka uka lagi asile aji ha bhal lagise …bohut bhal lagil baa porhi ….akha koru next part apunar hubidha onujari oti hunkale porhibo paam….

    Like

  4. ভাল লাগিল । পঢ়ি অতিশয় আনন্দিত হ’লো ।

    Like

  5. Bhal lagil….. Jot adin wait kora eman tan asil atiya ata week wait koribo lagibo😭….. Kintu weekly hisapot bahut suti hoise part tu…. Komau 2-3 ta part akaloge dle besi bhal pam….

    Like

  6. uff.. arnab e kio imn vl pai Astha K. Astha r maa kr ktha bur huni vl lgil. hosa ktha koise sab ..aru ata ktha vl lgil J Astha e buji ple tair life t arnab r kimn value. tai j kimn vl pai tak.
    waiting for the next part ❤❤❤

    Liked by 2 people

  7. Khub bhal lagise prhi… Likha dhoron tu khub dhuniya… Eneke likhi thakile khub bhal lagibo.. Thanks story tu continue krar babe.

    Like

  8. Thank u……aji ru alp parhib maan asil…… Astha e aibar Arnav k Lg puwar xamai khini r babe agrahi hai asu….. Jetiya manotaiu katha kai hridai ujari………..

    Like

  9. Love it ……Feel it….. Awesome…. Please aru alop dighal kariba pare jodi jihetu 1week wait karibo lage

    Like

  10. অ..বা!!!!সময় পালে দেওবাৰৰ বাহিৰে বাকী বাৰতো খণ্ডবোৰ দিবলৈ চেষ্টা কৰিবচোন…আমি বহুত আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ খণ্ডবোৰ পঢ়িবলৈ…….

    Like

  11. i love this part…..waiting for next part….baa olp digholiya krib aru khnkle dib baa plz….😍☺☺☺☺☺

    Like

  12. ওফ……কি মধুৰ এই ভালপোৱা,,,, বহুত ভাল লাগিছে বা পঢ়ি ।

    Like

    1. সচাকৈ এটা ভাবিব নোৱাৰা সম্পৰক‍্ গঢ়ি উঠিছে jec ৰ এই কাহানিটো পঢ়ি।বহুত আশা ৰে অপেক্ষা কৰি থাকো পিছৰখিনি পঢ়িবলে।আপোনাক ধন্যবাদ বা ইমান ধুনীয়াকৈ লিখিছে।

      Like

  13. Vl lgise baa …..olp long hoise krne pri aru vl lgise …..Lora swali okonman okle thkile ktha pati….asam manuh r bya sinta mnt ahe ….hosakoi ketiwa change hbo homaj khn Amr aru bya sinta kra manuh r mn bur …..

    Like

  14. Baa aru 1weak kenekoi row …ketia ahibo Sunday Vani par nohoi ….aruu olp digholkoi dibo baa …porhi hepah nopolai sunn .. love you baa…
    bohot val lgise pohi

    Like

  15. Indranee Baa…1week wait koribo laagile ai part besi suti hoise plzzz baa aaru olp digholiyakoi diboloi sesta koribo na plz..iman suti porhi mntuye novore

    Like

  16. কাহিনীৰ অগ্ৰগতিৰ লগতে পাঠকৰ হেঁপাহ আৰু JEC প্রতি আগ্ৰহ বৃদ্ধি পাইছে …যেনেকৈ মই ৰৈ আছো অধীৰ আগ্ৰহেৰে JEC next part অৰ বাবে………..

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s