Uncategorized

#JEC Chapter 2 Part 3

Previous: #JEC Chapter 2 Part 2

 

ভিৰৰ পৰা আঁতৰি আগবাঢ়ি গলো তেওঁৰ ফালে।
কলা ৰঙৰ জেকেটতোৰ পকেটত হাত ভৰাই ৰৈ আছে। এতিয়াহে ভালকৈ চাইছো তেওঁক, বুকু জুৰ পৰি যোৱাকৈ।
শেতাঁ হাঁহি এটা মাৰি মোৰ ফালে চালে। আগতকৈ খীনাইছে,সোঁফালৰ চকুৰ তলৰ চিলাইৰ দাগটো এতিয়াও সতেজ,থুতৰিৰ তলত আৰু এটা দাগ। মন গৈছিল আলফুলে হাত ফুৰাই দিবলৈ, নোৱাৰিলো।
তেওঁৰ ওচৰত গৈ ৰলো, লৰালৰিকৈ ওলাই যাওঁতে চুৱেটাৰ পিন্ধিবলৈ নহল। কলেজলৈ পিন্ধি যোৱা কাপোৰ এতিয়াও সলোৱা নাই। চুৰ্ণীখনেৰে যিমান পাৰি নিজকে ঢাকি ঠাণ্ডা আঁতৰাবলৈ চেষ্টা কৰিছো। ঠাণ্ডাত কঁপিছো নে তেওঁক ইমান দিনৰ পাছত ইমান ওচৰত পাই কঁপিছো নাজানো। একো কব পৰা নাই, তেওঁ বাইকখনত আউজি ৰৈ আছে অাৰু মই ওচৰতে তলমূৰ কৰি।
:Come here.
অাৰু অকণ কাষ চাপি গলো।
হঠাতে তেওঁ চুলিখিনি কাণৰ কাষলৈ গুজি দিলে, দুখ পোৱা কাণখন আঙুলিৰে লাহেকৈ চুই দিলে, বুকুখন আকৌ এবাৰ ধক কৰি গল।
:এতিয়াও বিষ অাছে?
কি আচৰিত মানুহ? নিজৰ লগত কিমান কি ঘটি গল, কিন্তু তেওঁৰ এতিয়াও মোক লৈহে চিন্তা। ময়ো যদি তেওঁৰ দৰে ভাল পাব জানিলো হেঁতেন? মইয়ো যদি তেওঁ দুখ পোৱা ঠাই ডোখৰত হাত বুলাই দিব পাৰিলোহেঁতেন!!!!!!
:ওহোঁ ।
দুয়োৰে মনত সেই দিনটোৰ ভয়াৱহ সময়বোৰে দোলা দিলে, ইজনে সিজনক চাই আছো, কব পৰা নাই ধুমুহা জাকে কি কৰি থৈ গলে।
:I am really happy for Utpol.
তেওঁ কথাটো সলাবলৈ চেষ্টা কৰিলে।
:হমম, জানো।
মই জানো তেওঁ কেতিয়াও নকয় তেওঁ কি অনুভৱ কৰিছে, কিন্তু মই বুজি পাওঁ। তেওঁৰ দুখ লাগিছে,বহুদিনীয়া সপোন ভাগিছে। চাৰিটা বছৰত এজন ছাত্ৰই কিমান কষ্ট কৰে  সেইটো সকলোয়ে বুজিব নোৱাৰে।
বন্ধুৰ বাবে সুখী হৈছে কিন্তু নিজৰ বাবে পুতৌ উপজিছে।
:মই যাওঁ, সবেই…
:Come with me.
কথাটো সম্পূৰ্ণ কৰিবলৈ নাপালো।
হাতখনত ধৰি লৈ গৈছে, ময়ো তেওঁৰ খোজত খোজ মিলাই আগবাঢ়ি গৈছো। হোষ্টেল নাইনৰ পৰা অলপ আগলৈ গৈ সৰু এখন ফিল্ড আছে। ফিল্ডখনৰ ওচৰতে এটা তিনিকোণীয়া বাট, এটা ৰাস্তা হোষ্টেল ৱানৰ ফালে গৈছে, এটা auditorun অৰ ফালে আৰু আনটো হোস্টেল নাইনলৈ। তিনিওটা ৰাস্তা লগ হোৱা ঠাইখিনিতে এজোপা ডাঙৰ গছ। সেইখিনি পাই দুয়ো ৰলো, তেওঁ গছজোপাৰ সিটো ফালে হৈ আউজি ৰল, সন্মুখত মই।
খুবেই প্ৰয়োজন অলপ “আমাৰ” সময়ৰ।
জিলমিলিয়া জোনৰ পোহৰে ঠাইখিনি যেন কেৱল আমাৰ বাবেই সজাইছে।
যত মাথোঁ মই, অৰ্ণৱ অাৰু নিশাৰ নিৰৱতা।
বুকুৰ শব্দই বিচাৰি পাইছে আনজনৰ কলিজাৰ বাট।
:Astha, you have nothing to say??
:…
:এতিয়াও একো নোকোৱা?
:….
:I was almost dead, Damn it.
আৰু নোৱাৰোঁ মই।
কিমান শুনিম তেওঁ হেৰাই যোৱাৰ কথা!
বুকুখন কঁপি উঠিল।
ভালপোৱা, অভিমান নে ভয় নাজানো….
হাত দুখন আপোনা আপুনি আগবাঢ়ি গল তেওঁৰ ফালে…
সজোৰে সাৱটি ধৰিলো মোৰ ‘প্ৰিয়’ মানুহজনক.. .
এৰি  দিলেই যেন হেৰাই যাব আকৌ…
প্ৰস্তুত নাছিল তেওঁ..
গছজোপাত দুয়োখন হাতেৰে হেচাঁ দি যেনেতেনে ৰল..
কিয় বুজি নাপায় কোনেও, সব কথা মই খুলি কব নোৱাৰোঁ, বুকুৰ মাজত ভাৱৰ অলেখ বুৰবুৰণি কিন্তু ওঁঠ দুটাই ফুটাই একোৱেই কব নোৱাৰোঁ।
কুঁচি মুচি সোমালো তেওঁৰ বহল বুকুৰ মাজত..
কাণত বাজিছে তেওঁৰ বুকুৰ ধক্ ধক্।
শেষ হৈ যাওক অাজি খং, অভিমান, ভয় সকলোবোৰ..
কেৱল ভালপোৱা থাকক অৰ্ণৱ অাৰু আস্থাৰ মাজত….
আস্!!!
মিঠা মিঠা বিষ এটাই কলিজাটো জোকাৰি গল।
শব্দবোৰ হেৰাই গৈছে, কিবা কব খুজিছো, মুখ ফুটি ওলোৱা নাই।
এইবাৰ তেওঁ মেৰিয়াই ধৰিছে মোক সবল দুবাহুৰে।

:I missed you Astha!!!!
হয়তো মোক হেৰুৱাই পেলোৱাৰ ভয়ে তেওঁকো খুলি খুলি খাইছিল, অাজিৰ প্ৰাপ্তিয়ে খুলি পেলাইছে সেই খঙাল অৰ্ণৱৰ মুখাখন। মোৰ চুলিত মুখ গুজি কৈ অাছে বহুত কিবাকিবি, পোৱা নোপোৱাৰ দোমোজাত কিদৰে পাৰ হৈছিল হস্পিতালৰ প্ৰতিটো দিন।কিদৰে আজিও ৰাতি ৰাতি উচপ খাই উঠে তেওঁ, মোৰ ওছৰৰ পৰা চিৰদিনৰ বাবে গুচি যোৱাৰ ভয়টোয়ে কি কৰি পেলালে তেওঁক, লাহে লাহে অাৰু বেছি সবল হৈ আহিছে দুবাহুৰ বান্ধোন, মোৰ উশাহ বন্ধ কৰি দিব পৰাকৈ!…
:হমম.. মই…
তেওঁৰ বুকুৰ মাজৰ পৰা মূৰ তুলি চালো.. জোনৰ পোহৰত তৰাৰ দৰে তিৰবিৰাইছে তেওঁৰ কজলা চকুজুৰি….
:Shhhhh, you don’t have to say anything.
দুয়োখন হাতেৰে মোৰ মুখ খন ডাঙি ধৰিলে , তেতিয়াহে গম পালো মই কি কৰি পেলালো।
এৰি দিলো দুবাহুৰ বান্ধোন।
দুখোজ পিছুৱাই আহিলো, কোনোবাই দেখিছে নেকি চালো। নাই ওচৰত কোনো নাই।
:মই যাঁও।
:No you can’t.
:কিয়?
: Stay with me please. I need you.
কাষতে ৰলো, লাজে ভয়ে হেঁচা মাৰি ধৰিছে, কঁপি আছো, মোৰ সোঁহাতখন খামুচি অাছে তেওঁ , একো কোৱা নাই, নালাগে কব, এতিয়া অাৰু আমাৰ মাজত ভাষাৰ প্ৰয়োজন নাই। চৌপাশৰ কোলাহল বোৰেও চুব পৰা নাই আমাক।
বহুত সময় মনে মনে পাৰ হল

:I feel like a loser Astha.
:তেনেকৈ কিয় কৈছে???
:It’s not the end of life I know, I may get a better job tomorrow, but I won’t be having anyone by my side to share my happiness. These smiley faces will be memories by then. I also want to be happy Astha, at least for once I want to know how does it feel.
কিয় এনেকুৱা হয়? কিমান দুখ সাঁচি ৰাখিছে তেওঁ নিজৰ মাজতে, হুমুনিয়াহ হৈ ওলাই আহিছে এই দুৰ্বল মুহূৰ্তত, আবেগিক হৈ পৰিছে সেই খঙাল অৰ্ণৱ।
:মই থাকিম, সদায়।
আৰু বহুত কিবা কিবি কব খুজিছিলো, নোৱাৰিলো।
মনে মনে ভাবিলো মাথোঁ…
আপোনাৰ সপোনো এদিন জীপাল হব,
ভালপোৱাৰে উপচি পৰিব কলা পৰা কলিজাটো
এদিন আপুনিও হাঁহিব, সুখী হব..
হয়তো সিদিনা আপোনাক চাই মইয়ো হাঁহিম
হাঁহিৰ চকুলোৰে দুচকু তিয়াই
মূৰ দোঁৱাম নমোৰ ওচৰত।।।
:আস্থা!
খামুচি থকা হাতখন ঢিলাই দিলে তেওঁ, হয়তো বিশ্বাস কৰিব পৰা নাই কি শুনিলে!
:Say it again… Please.
:মই থাকিম আপোনাৰ লগত, সদায়।
তিৰবিৰাই থকা চকুজুৰি উপচি পৰিছে, সুখৰ চকুলো!
হঠাতে মোক দুবাহুত ধৰি ঘূৰাই দিলে,
এইবাৰ গছত আউজি মই, অাৰু মোৰ দুয়োফালে দুখন হাত ৰাখি মোক বন্দী কৰি মোৰ অৰ্ণৱ।
ইমান কিয় ওচৰ চাপি আহিছে?
ধক।
:So you love me miss Astha Baruah, Say it!!!!!
:হাঁ????
:Just say it.
ইমানবোৰ হৈ গল, কিন্তু সেই অদ্ভুত জেদটো এতিয়াও সলনি হোৱা নাই। পাৰি নেকি সকলোবোৰ খুলি কব, নিজেতো কোৱা নাই মোক ভাল পাওঁ বুলি।
:মই যাওঁ, কোনোবাই দেখিব।
:I don’t give a damn.
খঙটো লাহে লাহে বাঢ়ি আহিছে গম পালো, তেওঁৰ ঘন ঘন উশাহৰ শব্দ মোৰ চুলিত লাগিছে, মৰি যাম এতিয়া মই।
:কি কম?
:nothing, go.
কি আচৰিত মানুহ????

এজাক লৰা ছোৱালী আমাৰ ফালেই আহি আছে, ঠেলা মাৰি আঁতৰাই দিলো তেওঁক, দৌৰি দৌৰি গুচি আহিছো ৰাজীহঁতৰ ওচৰলৈ, কলিজাটো ওলাই আহিবলৈ বেছি পৰ নাই।

আগলৈ…

 

If you want to be notified as soon as the next post released, follow me in facebook

Advertisements

59 thoughts on “#JEC Chapter 2 Part 3

  1. ৰৈ ৰৈ অপেক্ষাৰ অন্ত পৰিল সচাই পঢ়ি খুব ভাল লাগিল কেইবাবাৰো পঢ়িলো কিন্তু মন নভৰিল এনে লাগিছে আৰু অলপপঢ়িবলৈ পোৱা হলে ৷ যিহলেও আপোনাক অশেষ ধন্যবাদ ইমান ধুনিয়া উপন্যাসখন আমাক পঢ়িবলৈ দি থকাৰ বাবে ৷আগলৈও অলপ বেছি বেছিকৈ দিবলৈ চেষ্টা কৰিব বুলি আশা থাকিল ৷

    Like

  2. নিজকে আস্থা যেন লাগিছে, কিৱা লাজ লাগিছে 😍😍😍 বুজাবলৈ ভাষা নাই

    Like

  3. Thank you so much for the touching episode….but one week roi roi bhagori poru….so plzzz parile week t dutake episode dibole sesta koribo sun…Ru length tu Ru alop dighol koribo..plzzzzzzzzzzz…. can’t wait so long

    Like

  4. পঢ়ি ভাল লাগিছে 😍…কিন্তু মই ভাবো বহু সময় ৰখিব লগা হোৱা বাবে পঢ়ুoi ৰ সংখ্যা কমিছে 😐

    Liked by 1 person

  5. Lovely portion , baa ane tu classes,lectures,chapters,question answers lenghty bhal nalage kintu apunar likhoni tu lengthy lage olp😄.Baa please try to post the next chapter ASAP. Love from Trisha…

    Like

  6. Pahi val lagil.. kintu 1 week wait oara pasot likhoni 2 alp suti hoise… enekoi hole hoitu pathak xokolr lahe lahe interest kami jabo jen lage… but everything is awesome.

    Like

  7. Besi interesting hoi going ase pratito episode. Next Sunday loi roi thokatoei dgdar kintu roboi lagiba. Apuni likhi jaouk.

    Like

  8. Uff Ake uhahote Jen pohilu ajir part2………Arnab aru Astha bohut usor sapi jawk ijone hijonor……..Arnab Asthak kebol prapti diyok ketiao dukh ahiboloi nidibo tewlukor jibonot……..atia Jen moi Arnab Asthar dukhotu dukhi aru hukhotu hukhi…..

    Like

  9. দেওবাৰটো যেন নাহিবই এনে লাগিছিল…অপেক্ষাৰ অন্তত যেনিবা আহিল……. বহুত বহুত ভাল লাগিল ।

    Like

  10. বৰ দেৰি হোৱা যেন লাগিলেও পঢ়ি বৰ ভাল লাগিল । কল্পনা নহয় যেন বাস্তৱ জীৱনৰ ৰসাল কাহিনী এটা আমাৰ মাজলৈ বোৱাই আনি কৃতাৰ্থ কৰিলে । এনেকুৱা সময়োপযোগী কাহিনী টো পঢ়ি নিজকে সৌভাগ্যবান বুলি ভাবিলোঁ । আশা কৰো পিছলৈ কাহিনী টোৱে ৰস মাধুৰী ভৰাই তুলিব । পিছৰ ভাগ লৈ অপেক্ষাৰে ।

    Like

  11. Bhut akhare roi acilu.. Awoseshot palu… 🤗❤… Bhut val lagil Ba… Olp dighol kribo nuarine…?… Parile olp dighol kri likhibosun..

    Like

  12. দেওবাৰটোলৈ ৰৈ থাকিবলৈ ধৈৰ্য হেৰাই যায় ,জে ই চি পঢ়িবলৈ কিমান যে আগ্ৰহ ! পঢ়ি বহুত ভাল লাগিছে । পৰৱৰ্তী খণ্ডলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰলো । আপোনাৰ মংগল কামনাৰে।

    Like

  13. Ata ushahate parhi saish hai jai ru alp dighaliya karib nywarine…… Please…… Imaan dighaliya apekhar murt imaan km parhibale pale hepah napalai like Arnav…. Ru xunib bisare Asthar sikarukti imaanta tu je tar hepah paluwa nai…. Thanks….

    Like

  14. Porhi val lagil kinto kiba ata jen adharoa hol atiao arnob astha ake jegate roi gol jen ‘alop besi koi likhile val pam 😘

    Like

  15. বা!!!আপোনাৰ লিখনীৰ প্ৰশংসা কৰিবলৈ মই শব্দয়ে বিচাৰি পোৱা নাই….সচাঁকেই অতুলনীয়….

    Like

  16. বা!!!আপোনাৰ লিখনীৰ প্ৰশংসা কৰিবলৈ মই শব্দয়ে বিচাৰি পোৱা নাই….সচাঁকৈয়ে অতুলনীয়…..

    Like

  17. ভাল লাগিছে অৰ্ণৱ আৰু আস্থাৰ প্ৰেম কাহিনী….অপেক্ষাৰত…..

    Like

  18. Kije hundor likhoni apunar hosakoie Pohi thakileu hepah nopolai…….bohut Val lagise karonei ahoptah robole bor kosto hoi….apuni baru hoptahot dudin dibo nuarene please…….janu bohut busy thake holeu please try koribosun please……….

    Like

  19. Loved reading this part . Specially the way you are bringing Astha out of her shell . Waiting for the part when they both will speak out their heart to each other.Arnab deserves the happiness he longs for , hope that Astha will fill his life with love and happiness soon .

    Like

  20. I’m so happy astha expressed a bit of her love, I love them, “damn it” 😊,, Ba, next part please xunkale upload koriba, this is so interesting I can’t wait for long

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s