Uncategorized

#JEC Chapter 2 Part 4

Previous: #JEC Chapter 2 Part 3

 

:কত আছিলি তই?
:এইখিনিতে, তই কিয় উঠি আহিলি? গা বেয়া বুলি কৈছিলি চোন।
নিশাৰ আগত ধৰা পৰি যাওঁ বাৰে বাৰে, মোৰ পিছে পিছে আহি থকা অৰ্ণৱক দেখি তাই সকলো বুজি পালে, ৰঙা পৰা গালখন টিপি দিলে, অাৰু অকণ ৰঙা পৰি যোৱাকৈ।
:বল ৰূমলৈ, ঠাণ্ডা লাগিলে অাৰু বেছি গা বেয়া লাগিব।
নিশাক অাৰু একো কবলৈ সুযোগ নিদিলো, অৰ্ণৱৰ আশে পাশে থকাৰ সাহস আৰু নাই, সোনকালে আঁতৰি যাব পাৰিলেই হল।
উৎপল দাক দুয়োজনীয়ে আকৌ এবাৰ শুভেচ্ছা জনালো, নিশাই অলপ সময় অৰ্ণৱৰ লগতো কিবাকিবি কথা পাতিলে, মই কিন্তু তেওঁৰ ফালে চাবও পৰা নাই।
:এইটো পিন্ধি লোৱা মাইনা, ৱাহ ৱাহ ক্যা প্যাৰ হে!!!!
জেকেটটো খুলি দি পঠাইছে, কি নো কৰি থাকে মানে, মই যে লাজ পাওঁ সেইবোৰ ভাবি নাচায়। নিশাৰ হাতৰ পৰা সেইতো লৈ গাত মেৰিয়াই ললো। তেওঁৰ সুগন্ধিয়ে আকৌ এবাৰ আবৰি ধৰিলে, মিঠা মিঠা, ভাল লগা।
ঘূৰি চালো, দুখৰ ডাৱৰ কেতিয়াবাই হেৰাল, তেওঁৰ চকুত এতিয়া তৰাৰ তিৰবিৰণি।
কিবা এটা ভাল লগাই মোকো চুই গল।

ৰূমলৈ আহিও বহুত দেৰি জেকেটতো পিন্ধি থাকিলো, নিশাই বেছিকৈ জোকাবলৈ লোৱাত হে কাপোৰ সলালো। মুখ হাত ধুই বাথৰূমৰ পৰা ওলাই দেখিছো নিশাই মোৰ বেগৰ পৰা Assignment টো উলিয়াই বাৰে বাৰে লুটিয়াই চাইছে।
:আস্থা, এইখন কোনে লিখিলে?
:মই লিখিলো, কেলেই?
:মিছা কথা নকবি, তোৰ handwriting নহয় এইবোৰ, কোনে লিখিছে ক।
কি কম এতিয়া, নকলেও নহব, কলেও বিপদ.।
:অনুৰাগে দিছিলে। তোক কবলে মানা কৰিছিলে, তই কিন্তু তাক একো নকবি।
মোৰ কথা শেষ হবলে নাপালেই, নিশাই কৰ পৰা নো নম্বৰ লৈ ফোনত অনুৰাগৰ ক্লাছ লবলৈ আৰম্ভ কৰি দিলে। দিনে দিনে নিশাজনী বেছি খঙাল হৈ গৈ অাছে। কোনো কথাৰে ভাল দিশটো তাই বিচাৰিয়েই নোপোৱা হল। বেচেৰা অনুৰাগটো ছাগে সেইফালে পেপুৱা লাগিছে, মোৰ গাতে দোষ, কবই নালাগিছিল।
হঠাতে নিশাৰ ডাঙৰ ডাঙৰ মাত্ নুশুনা হলো, ফোনটো কাণতে লগাই ৰৈ অাছে, চকু কেইটা অলপ সেমেকা, অনুৰাগে কিবা বেয়াকৈ কলে চাগে। কিতাপ খন মুখৰ আগত লৈ তাইৰ সলনি হোৱা মুখৰ ৰং চাই আছো।
ফোনটো থৈ মোৰ ওচৰলৈ আহিছে, বিচনাখনতে পৰি মূৰটো মোৰ কোলাতে পেলাই দিছে, একো কোৱা নাই।
:কি হল?
:বৰফে মোক ভাল পাওঁ বুলি কলে!
ওপৰলৈ চাই চাইয়ে কথাটো কলে তাই, একো যেন অনুভৱেই বাকী ৰোৱা নাই তাইৰ বুকুৰ মাজত।
চুলি কেইদাল মোহাৰি দিলো, চকুকেইটা জপাই দিলে তাই। গাটো একেবাৰে দুৰ্বল, চকুৰ তলত কলা কলা দাগ।কেনেকুৱা ছোৱালী জনী কেনেকুৱা হৈ গল। এখন ভাইৰেল ফটো, কিছুমান মিছা অপবাদ, অাৰু আপোনজনৰ অবহেলাই তিলতিলকৈ মাৰিছে হাঁহি ভালপোৱা ছোৱালী জনীক। এই মুহূৰ্তত তাইক কি কম নিজেও ভাবি পোৱা নাই।
:তই চোন অনুৰাগক খুব মৰম লাগে বুলি কৈছিলি মোৰ আগত, অাজি ইমান কিয় খং কৰিলি তাক?
:মোৰ আজিকালি একো ভাল নালাগে আস্থা।
:… মোকো বেয়া পাইছ?
:তোক কথা এটা কওঁ বেয়া পাবি নেকি আস্থা?
:ক চোন।
:মই আজিকালি তোকো হিংসা কৰিবলৈ লৈছো ,তোক সৱেই ইমান মৰম কিয় কৰে। মা দেউতা আইতা বৰ্মা অাৰু ইয়াত অৰ্ণৱ দা। পৃথিৱীৰ সমস্ত মৰম ভালপোৱা তইয়েই পাবি নেকি? এইবোৰ কথা আজিকালি মনলৈ আহিবলৈ ধৰিছে। কিয় এনেকুৱা হৈছে নাজানো, ভীষণ খং উঠে সৱৰে উপৰত, মাৰি দিব মন যায়।তাতে সেইজনী ঘূৰি আহিছে বুলি গম পাই অাৰু মাথাটো বেয়া হৈছে।
:সেইজনী মানে?
:পাপাৰ wife,sorry ex-wife.
:কি???? তোৰ মা??
:Hell with that word, She is not my Mom.
:তই মোক কোৱা নাই কিয়?
:কি কম, সবেই হাঁহিবলে অাৰু এটা reason দিবলৈ মন নাই মোৰ।
:মই কোনদিনা হাঁহিলো তোৰ ওপৰত? ভালকে কচোন কথাবোৰ।
কালি দেউতাকে ফোন কৰি জনাইছে তাইক, ডিমেনচিয়াত আক্ৰান্ত তাইৰ মাক। আগৰ কথা পাহৰি পেলাইছে, কিন্তু নিশাৰ বিষয়ে সকলো মনত অাছে। প্ৰেমিকে পাগলী সজাই খেদি পথাইছে ঘৰৰ পৰা। নিশাৰ দেউতাকে খবৰ পাই আকৌ ঘুৰাই আনিছে। প্ৰেমিক আঁতৰি গৈছে, অাৰু স্বামীয়ে সকলো পাহৰি বিপদৰ সময়ত আঁকোৱালি লৈছে । দেউতাকে বাৰে বাৰে মাফ খুজিছে নিশাক, হয়তো মানুহজনে ঘূৰাই বিচাৰিছে নিজৰ পৰিয়ালটো আকৌ এবাৰ। কিন্তু নিশাই কাৰো কথাই নুশুনে।
ইমান জটিল নিশাৰ পৃথিৱীখন। কি কৰিব তাই এতিয়া! অাৰু কেইটামান দিনৰ পাছত পৰীক্ষা, তাইক ভাগি পৰিবলৈ দিব নোৱাৰোঁ।
:নিশা,এতিয়া সেইবোৰ নালাগে ভাবিব, পৰীক্ষা পালেহিয়েই, তই এনেকে কৰিলে কি হব। ভালকে পৰীক্ষা তো দি ল, তাৰ পাছত কথা পাতিম, অাৰু তোৰ যদি ঘৰলৈ যাবলৈ মন নাই, মোৰ লগত আমাৰ ঘৰত থাকিবি।
:হমমম।
:আৰু কিবা কবি?
:বৰফক মোৰো ভাল লাগে।
:সচাঁ????????????
:Yes.
শেতাঁ হাঁহি এটা বিৰিঙি উঠিল তাইৰ মুখত।
ভালপোৱা কিয় ইমান ভাল লগা!!!!
দুখন প্ৰায় ভাঙি যোৱা হিয়া অাজি ভালপোৱাই আকৌ জীয়াই তোলা দেখিলো।
অৰ্ণৱ, নিশা এই মানুহবোৰ ইমান মৰম আকলুৱা।
অকণমান মৰমে গলাই পেলাব পাৰে ইহঁতক।
মোৰ মৰমৰ মানুহ। সাৱটি ধৰিলো তাইক।

ৰাতি বিচনাত পৰি ফোনটো চালো, অৰ্ণৱৰ মেছেজ এটা আছে। পঢ়া সামৰি তেওঁক ফোন কৰিবলৈ কৈছে। চাৰে বাৰটা বাজিল, কৰোঁ নকৰোঁকৈ ফোনটো লগালো। এবাৰ ৰিং হওঁতেই উঠালে।
:hey..শোৱা নাই কিয় এতিয়াও?
মোক শোৱাৰ কথা সুধিছে, অাজি বাৰু তেওঁৰ টোপনি আহিবনে?
:পঢ়ি আছিলো।
:good girl, মোৰ জেকেট টো লগত লৈ কিয় শুইছা?
একেজাপে উঠিলো, কেনেকে গম পালে? মোক দেখি থকা নাইতো!
:আপুনি কেনেকৈ গম পালে?
:হা হা, গম পোৱা নাছিলো, but এতিয়া তুমি নিজেই কৈ দিলা। Miss blush Queen, You are so busted.
মনে মনে থকাই ভাল, মুখৰপৰা অাৰু কি কি ওলাই ঠিক নাই।
:আস্থা..
:হমম ।
:Whatever happened today..
হে ভগৱান, সেইটো কথা আকৌ কিয় উলিয়াইছে, কাণ মূৰ আকৌ ৰঙা পৰি আহিল, বুকু খন ধক ধক কৰিছে।
:don’t think too much about it. Its not wrong, it’s beautiful. And trust me, it’s a very new feeling for me as well.
মোৰ দৰে তেওঁৰ বাবেও এই অনুভব নতুন?? মইয়ো অৰ্ণৱৰ প্ৰথম ভালপোৱা???
:Hey..
:হমম
:Exam দি লোৱা, we will talk, but till then don’t be disturbed with all this. Okay????
ভাল লাগে, তেওঁৰ মোৰ প্ৰতি দায়বদ্ধতা দেখি, মোৰ পঢ়াত যাতে তেওঁৰ ভালপোৱাই বাধা আনিব নোৱাৰে সেইয়াও ভাবিছে। বাৰে বাৰে প্ৰেমত পৰিবলৈ বাধ্য কৰে, অৰ্ণৱ, এই হেঁপাহৰ যেন শেষ নাই।
: আপুনিও শুই থাকক।
:হাঃ হাঃ, অাজি পাৰ্টি হব my dear, মই অাৰু উৎপল হোষ্টেল ফাইভত আছো, অাজি কোনো শুব নোৱাৰে। But you must sleep, kids shouldn’t miss their bed time.
Kids?? মই?? দেখিব মন নাযায় এনেকে কলে।
:Now hug my Jacket and go to sleep, good night.
:good night.
কিমান দিনৰ পিছত ইমান সুখী হৈ কথা পাতিছে অৰ্ণৱে, বুকু খন ভৰি গল।
তেওঁৰ জেকেট টো বুকুতে সামৰি চকু দুটা জপাই দিলো।
তেওঁৰ বুকুৰ ধক ধক আকৌ এবাৰ কাণত বাজি উঠিল।

আগলৈ…

 

If you want to be notified as soon as the next post released, follow me in facebook

49 thoughts on “#JEC Chapter 2 Part 4

  1. এসপ্তাহ অপেক্ষাৰ অন্তত একে উশাহে পঢ়ি শেষ কৰি দিও যেন লাগে ।

    Liked by 1 person

  2. যদিৱো এটা ভাল লিখনিৰ বাবে সময়ৰ প্ৰয়োজন হয় তথাপিৱো বিৰতিটো অলপ দীঘলীয়া হৈছে যেন অনুভৱ হয় ৷ সপ্তাহত অন্ততঃ দুবাৰ দিয়া হ’লে পাঠকৰ বাবে কথাবোৰ সংযোগ কৰিবলৈ বেছি সুবিধা হল হয়৷

    Liked by 2 people

  3. অলপ দীঘলীয়াকৈ লিখিব না plz …….. এসপ্তাহৰ পিছত পাওঁ যে পঢ়িব লওঁতেই শেষ হৈ যোৱা যেন লাগে।

    Liked by 2 people

  4. বহুত দিন যেন লাগিল। দেওবাৰৰ দিনটো wait কৰো। এটা মিঠা মৰমলগা অনুভব। সঁচাই ভালপোৱা কিয় ইমান ভাল লগা!!!!

    Liked by 2 people

  5. ভাল লাগিল । মোৰ ধাৰণাত এই এক মুহুৰ্তত নায়ক নায়িকাৰ মৰম ভালপোৱা ইমান ওচৰলৈ চপাই অনাত লেখিকা বাইদেউ সফল হৈছে । এক অনন্য উপস্থাপন শৈলীয়ে কাহিনী ভাগৰ ৰস মাধুৰ্য্য ভৰাই তুলিছে । মৰম ভালপোৱা সুখ দুখ সকলোবোৰ যেন কোনো এক বাস্তৱ জীৱনৰ অনবদ্য কাহিনী ।এনে যেন হে লাগে । আগৰ ভাগলৈ অপেক্ষাৰে ।

    Liked by 1 person

  6. ইমান ভাল লাগিছে পঢ়ি মই চুই গল আৰু ৰব নোৱাৰা হৈ গৈছোঁ😍😍😍

    Liked by 1 person

  7. পঢ়ি বহুত ভাল লাগিল । পৰৱৰ্তী খণ্ডলৈ পুনৰ হেপাহেৰে বাট চাই আছো ।

    Liked by 1 person

  8. পঢ়ি বহুত ভাল লাগিল । জে ই চি ৰ পৰৱৰ্তী খণ্ডলৈ পুনৰ হেপাহেৰে বাট চাই আছো ।

    Liked by 1 person

  9. Arnab r nisena eman vl premik hoitu khub komei ase …… eman Mrm vl pwa…Arnab r Aastha r proti dekhi vl lgise…….roi thkim next prat 2 loi baa…😘

    Liked by 2 people

  10. mur iman y pohi vl lag ki kom apunak thank u so much mem ankua likhoni apuni pohibloi hujug dya babe thnx alot aguai jaok tare kamona korilu moi sunday ktya ahe bat sai thku pohi bht vl lg parile 1week nlogab sun plzz hunkle dibo

    Liked by 1 person

  11. বহুত বহুত ভাল লাগিল পঢ়ি । আগলৈ বাট চাই ৰলোঁ ।

    Like

  12. নাজানো আস্থাৰ নিচিনা ছোৱালী এজনী কেতিয়া মোৰ জীৱনলৈ আহিব…….

    Liked by 1 person

  13. JEC pohi bht vl lge…nxt part loi wait kri thku…amoni lgi jai…agr dre xunkle dle vl…krn phi thkar jitu amej xeitu din bsi hle nikia hoi jai…grutta kmi jai…so xunkle part khni dle vl hbo buli moi vbu…i m waiting…

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s