Previous: #JEC Chapter 2 Part 4
সেই বিশেষ দিনটো মোৰ বাবে যিমান ভাল লগা হব লাগিছিল, সিমান নহল। কিবা এটা অপৰাধবোধে বাৰে বাৰে আমনি কৰে, মাৰ মুখ খন মনত পৰিলেই অৰ্ণৱৰ বুকুৰ মাজত কুচি মুচি সোমোৱা মই জনী উচপ খাই উঠো, নোহোৱা কৰি দিব বিচাৰোঁ সেই সময়খিনি। লাজ, ভয়, অনুশোচনাত বাৰুকৈয়ে দগ্ধ হৈছো। তেওঁৰ পৰা আঁতৰি থাকিবলৈ লৈছো আজিকালি, ফোনত কথা পাতিব বিচাৰিলেও পঢ়িবলৈ অাছে বুলি কাটি দিওঁ, তেওঁৰ খং উঠে, কিন্তু একো নকয়। এইকেইদিন যিমান পাৰো সোনকালে কলেজৰপৰা ওলাই আহোঁ, পৰীক্ষাৰ ওচৰ চপা বাবে ক্লাছবোৰো কমকৈ হৈছে। বাইদেউৰ দোকানলৈকো ওলাই নোযোৱা হলো।মুঠতে মই যেন নিজৰ পৰাই পলাই ফুৰিছো। অাজিও নিশাক নোকোৱাকৈয়ে ক্লাছৰপৰা ওলাই আহিলো, আজিকালি অনুৰাগ অাৰু নিশা প্ৰায়ে কথাত মচগুল হৈ থাকে, তাহাঁত দুটাৰ মাজত সোমাবলৈ মন নাযায়। কিবা মৰমলগা চৰাই পোৱালিৰ দৰে দুইটা, নিজৰ পৃথিবীত ব্যস্ত।অনুৰাগে নিশাৰ কাৰণে ৰুমত মেগী বনাই টিফিনত লৈ আহিছিল। কথাটো ক্লাছত ওলাই পৰিল, দুইটাকে গোটেইবোৰে বেৰি লৈ জোকাইছে। অলপ দেৰি সেইখিনিতে ৰৈ থাকি গুচি আহিলো। হোষ্টেলৰ ওচৰ পাই দেখো অৰ্ণৱ আগৰেপৰাই ৰৈ অাছে, দুপৰীয়া সময়। নেদেখাৰ ভাও জুৰি আঁতৰি যাব খুজিলো।
:Enough Astha.
ৰৈ গলো, বাইকখনৰ পৰা নামি দপদপাই মোৰ ওচৰ পালেহি।
:What the hell are you doing miss Astha?
:কি কৰিলো?
:Oh really, you don’t even know? Why are you ignoring me like this?
:Exam পাইছেহি, সেইকাৰণে।
গোকাট মিছা কথা এটা কৈ দিলো, তেওঁৰ অাৰু বেছি খং উঠিছে।
:Don’t lie.
:সঁচাকে কৈছো।
:You need time? To think about us again? Tell me clearly Astha. I am really irritated with your behaviour.
মনে মনে আছো, মোৰ মনত কি চলি অাছে তেওঁক বুজাব নোৱাৰো মই। তেওঁৰ প্ৰতি মোৰ মনত কি অাছে সেয়া মই দুনাই বিচাৰ কৰি চোৱাৰ প্ৰয়োজন নাই, কিন্তু মা দেউতাৰ কথা ভাবিলে যি অপৰাধ বোধ হয় সেয়া মই কেনেকৈ বুজাওঁ।
:Answer me damn it.
উচপ খাই উঠিলো।
মোৰ চলচলীয়া চকু কেইটা দেখি তেওঁ আচৰিত হল।হয়তো অলপ বিৰক্তও হৈছে।
:Okay, finish your exam, we seriously need to talk Astha.
দৌৰি গুচি আহিলো ৰূমলৈ, দৰজাখন বন্ধ কৰি বিচনাতে পৰি দিছো। এনেতে ফোনটো বাজিল।
:My Jacket.
তেওঁৰ জেকেট টো এতিয়াও মোৰ ওচৰতে অাছে, ঘূৰাই দিয়া হোৱা নাই। আজিকালি গুলোৰ ঠাইত এইটো থাকে শোৱাৰ সময়ত। কেনেকৈ ঘূৰাই দিওঁ।
:পিছত দিম।
:what??? Are you mad Astha, you don’t want to talk, don’t want to meet, don’t wanna see me, then y u need that.
:সৱ কথাৰে উত্তৰ নাই মোৰ ওচৰত।
:You are just impossible.
কাটি দিলো ফোনটো। জেদ মোৰো আছে, নিদিওঁ বুলি কৈছো যেতিয়া নিদিওঁ।তাৰ পাছত আৰু তেওঁৰ ফোন নহা হল।
JEC ত প্ৰথম পৰীক্ষা আৰম্ভ হল, হোষ্টেলৰ পৰিৱেশ একেবাৰে সলনি, কাৰো মাত নুশুনি, পঢ়াত ব্যস্ত সকলোবোৰ, একমাত্ৰ নিশাৰ বাহিৰে। অকণমানো কিতাপ নেমেলে, ফোন অাৰু লেপটপটো খুলি কিনো কৰি থাকে নাজানো। গালি পাৰিও লাভ নাই, বহুত বেছি বকি থাকিলে আধা ঘণ্টামান কিতাপ খন খোলে, আকৌ শুই থাকে।এনেকৈয়ে দুটামান পৰীক্ষা গল, কাইলৈ physics অাছে ।পঢ়ি আছো আজিও অকলে, নিশা শুই অাছে। এনেকুৱাতে সাংঘাটিক হুলস্থূল বাহিৰত। গোটেইজনী ভয়তে পেপুৱা লাগিছো। বা হঁতৰ ৰুমৰ লাইট জলি থকা দেখি দৌৰ মাৰিলো তালৈকে।
:ভয় খালি?
:হমম।
:তহঁতৰ লগৰে হব ছাগে সেইকেইটা, চিনিয়ৰে LMTC পঠাইছে, দৰব আনিবলে। তহঁতৰ নামেই চিঞৰি আছে, একো নাই দে, ভয় খাব নালাগে।
:দৰব মানে, কাৰোবাৰ কিবা হৈছে?
:নহয় সোণজনী, এইটো পৰীক্ষাৰ টাইমত হোষ্টেলত বেছিকৈ দৰকাৰ হোৱা দৰব, যা শুই থাক, বাৰটা বাজি গল।
সমীক্ষা বাৰ কথাবোৰ একো বুজি নাপালো, ৰূমলৈ আহি শুই থাকিলো।
বাকী বিলাক exam ঠিকেই গল, কিন্তু Physics অৰ পেপাৰখন সাংঘাতিক টান আহিল, JECৰ ভাষাত পেপাৰে বাহঁ দিলে। সকলোৰেই মন বেয়া। মায়ে বাৰে বাৰে বুজাইছে একো নহয় দে, এটা পৰীক্ষা হে বেয়া হৈছে। বাকী থকা কেইটা ভালকৈ দিবি।
যিমান পাৰো ভালকৈ পঢ়ি পৰীক্ষা শেষ কৰিব বিচাৰিছো, মনৰ মাজৰ আন সকলো কথা আওকান কৰিবলৈ চেষ্টা কৰিছোঁ। অৰ্ণৱৰ কথা ভাবিলেই সব খেলিমেলি লাগে। সেইকাৰণে ফোনটো অফ কৰি থোৱা হলো। কিন্ত কাইলৈ শেষৰটো পৰীক্ষা। তাৰ পাছত এদিন থাকি পিছদিনা ঘৰলৈ যাম। সেইখিনি সময়ত তেওঁ মোক সহজে এৰি নিদিয়ে বুলি জানো। কি কম? নাই এতিয়া নাভাবো। এনেও কাইলৈ পিছবেলা পৰীক্ষা, ঘূৰি আহোঁতে দেৰি হব, তাৰ পাছদিনা অামি হোষ্টেলৰ সবেই একেলগে দিনটো বাহিৰত কটাম, খাম, ফুৰিম,। টিনা অাৰু ৰাজীয়ে মিলি planning কৰিছে। গতিকে মই তেওঁৰ পৰা সেইদিনাও আঁতৰি থাকিব পাৰিম। যেনেতেনে ঘৰ পালেগৈ হল।
দহটা বাজিল, অাৰু দুঘণ্টা পঢ়ি শুই থাকিম, বাকিখিনি ৰাতিপুৱা চাই লম এবাৰ। এনেতে vibration অত থকা ফোনটো বাজি উঠিল।
Unknown number এটাৰ পৰা ফোন আহিছে, প্ৰথমতে নুঠালো। অৰ্ণৱো হব পাৰে, কিন্তু দহ মিনট মানৰ পাছত আকৌ ৰিং হল।
:হেল্ল ‘!
:হেল্ল’, আস্থা হয়নে বাৰু?
সাংঘাতিক ধুনিয়া এটা মাত, মিঠা কিন্তু গভীৰ, কোন হব পাৰে??
:হয়, আপুনি কোনে কৈছে?
:মই অনুৰাধা, অৰ্ণৱৰ মা।
ধক।
অৰ্ণৱৰ মা!!!!!!!!!!!!!!
মোলৈ কিয় ফোন কৰিছে?
হে ভগৱান, কিবা কৈ দিয়া নাইতো অৰ্ণৱে।
:চিনি পাইছা এতিয়া?
:হমম, পাইছো ।
মাতটো নোলাবই এতিয়া মোৰ।
পঢ়ি থকা কিতাপ জপাই দুয়োখন হাতেৰে ফোনটো খামুচি আছো।
:পৰীক্ষা ভাল হৈছেনে? কাইলৈ শেষ হব নহয়।
ইমানবোৰ কথা কেনেকৈ গম পায়?????
:অঁ, কাইলৈ শেষ হব ।
:Good, পৰহিলৈ মই তোমাক লগ পাব বিচাৰোঁ, তোমাক হোষ্টেলৰ পৰা লৈ আনিম বাৰু, তোমাৰ লগত কিছুমান কথা পাতিব লগীয়া অাছে, খুবেই
জৰুৰী। পাৰিবানে অকণমান সময় উলিয়াব?
কি কথা পাতিব খুজিছে? মোক কিবা কথাত গালি নাপাৰে তো, অাৰু মাক নোসোধাকৈ কেনেকৈ সন্মতি দিম? কিন্তু তেখেতক না কবলৈও মন যোৱা নাই, কথা টো বা কি?
:হব।
:ঠিক আছে, কাইলৈৰ Exam তো ভালকৈ দি লোৱা, পৰহিলৈ অামি কথা পাতিম। এতিয়া ৰাখিছো।
:ঠিক আছে।
ফোনটো থৈ লৈহে ভালকৈ উশাহ লৈছো, অলপ আগত কি হল ভাবিবলৈ মন যোৱা নাই। আজি আৰু পঢ়া নহয়। কিতাপখন জপাই শুব লওঁতেই আকৌ বাজিল ফোনটো। এইবাৰ অৰ্ণৱ।
:We are going on our first date, finish your exam tomorrow, next day is mine. You have to spend the whole day with me miss Astha. I have waited enough.
:কিন্তু..
:No more excuses.
:মই বেলেগ এফালে যাব লাগিব।
:Nope. You have to meet me and that’s it. Now sleep and finish your exam tomorrow.
:শুনকচোন..
:shhhh, I have heard enough. Good night.
অাৰু কিবা বাকী আছেনে হবলৈ, এতিয়া মই পৰহিলৈ কি কৰিম, নমো, মোৰ গা টো যেন সেইদিনাই বেয়া কৰি দিয়া অাৰু।
… আগলৈ
If you want to be notified as soon as the next post released, follow me in facebook
Eagerly waiting for next part
LikeLike
বহুত বহুত ভাল লাগিল পঢ়ি বা |💙💙💙💙💙💙💙
LikeLike
Porhi bhal lagile…kintu one week r pasot just akonman incident ETA porhi not satisfied at all..hoitu tahati duta log kra episode ba maak r lgt HBO logia ktha khiniu Jodi aji e dile heten..Tatia besi bhal lagil heten…Sai thaku 10 ketia bajibo..kintu hekht..mon tu nobhorilei..jihetu agote daily Dia hoisile..so akha korisu Kate next episode t Ru duta man incident thake..
LikeLiked by 2 people
Bhal lagil pohi baa..kintu arnab charactertur kothakhini okol english t diatkoi axomiya o maaj maaj dile aru bhal lagibo..nohole xei charactertui ekebare axomiya nojona jen bhab hoi.
LikeLiked by 1 person
Apuni thike koise
LikeLiked by 1 person
কাহিনীটো যিফালেই নাযাওক কিয় পঢ়ি সদায় ভাল লাগে….Waiting for next part….
LikeLike
কাহিনীটো যিফালেই নাযাওক কিয় পঢ়ি সদায় ভাল লাগে…..waiting for next part….
LikeLiked by 1 person
No comment……..
LikeLike
Tym tu sai part bur bahut horu hoise… Ahoptah r pasot komau duta man k part dle basi bhal lagibo…
LikeLiked by 2 people
yes.1 weekr pisot eman okonmani pohibole pale mon tu beyahe lagi jai
LikeLike
নমো নমো 🙏🙏🙏 ….
LikeLike
১ সপ্তাহ ধৰি বহুত আগ্ৰহেৰে বাট চাওঁ next part পঢ়িবলৈ..। কিন্তু ১ সপ্তাহৰ মূৰত যিখিনি দিছে…. আগতে সদায় দিয়াতে o সিমানখিনি এ আছিল যেন অনুভৱ হৈছে মোৰ …. যিহেতু সপ্তাহৰ মূৰত এটায়ে part দিয়ে .. Part তো অলপ দীঘলীয়া হলে ভাল লাগিব পঢ়ি….
নহলেতো daily post তোয়ে ভাল আছিল।
LikeLiked by 1 person
আগতে যেনেকৈ পঢ়িবলৈ ৰৈ আছিলো এতিয়া পাহৰি যোৱা নিচিনা হৈছে। আগৰ ধাৰাবাহিকতা থাকিলে ভাল হল হেতেন।
LikeLiked by 1 person
1weekt imn Olp diye imn din rokhu Olp besi koi dile vl lagil hoi…..1weekt besi nuarileu plz aru eta part borhai dib baa😟😟😟😟😟😟
LikeLike
কাহিনীটো যিফালেই নাযাওক কিয় পঢ়ি সদায় ভাল লাগে…..waiting for next part….
LikeLike
bht vl lagil.. waiting 4 next part…
LikeLike
Ajir part tut olp aru dhamaka thakile aru besi val lagil heten…..but porhi bohut val lagise….
LikeLike
Waiting
LikeLike
Aibar ashthai ki kare…… Thanks
LikeLike
Bohut Val lagil ba… Kintu aji bohut suri hol… Opekhya krilu… Aagoloi😊
LikeLike
কাহিনী টোৱে মন চুই গল । বৰ গভীৰ লিখনি । এই মুহুৰ্তত লিখনি টো এনেকৈ সুন্দৰ ভাবে আগবঢ়াই নিয়াৰ বাবে লেখিকা বাইদেউলৈ ধন্যবাদ । পিছলৈ কাহিনী টোৱে আৰু এক মিঠা পৰশ লৈ আগবাঢ়ি যাওঁক তাৰেই কামনা কৰিলো । পৰবৰ্ত্তী খন্দলৈ অপেক্ষাৰে ।
LikeLike
Axoptah r mur t paisu phribo..kntu bhtt suti hol..aru olp dbo lagisil..bor agrohere wait koru..bt..emn olp hole phri val nlage..aru maje maje duta tinta incident o dbo lge
LikeLike
One week ruwar pasat Iman xaru chapter ata pale dukh lage Indranee.. alop digholia karibo nuwara ne? Weekly dubar diyasun ..Iman ye anurudh karise
Aru parile Astha k alop brave karuwaba.. Character tu aru futi uthibo.. Arnav ok Iman torture korise, dukh lagil..
I know you are busy at work, but for ur readers try to write a long chapter or give us two chapters a week pls.. just a request.. reconsider kora sun..
LikeLike
Aastha r krne khng he uthixe kio anekua kri ase arnab r lgt..
LikeLike
Uponyash akhonor madokota tetialoike he thke jetiloi previous part buror incident bur monot thake
Parile week t 2ta maan koi dibosn
LikeLike
I am crazy for JEC …I need the whole part …..I can’t wait any more….plsss ..give me at least 2 part in a day ….plsss 🤗🤗🤗🤗🤗🤗
LikeLike
1 weekr jegat 3-4 dinor mure mure holeu nuarene!! dinbur nejai nupuai jen lage JECr ktha monoloi ahile! 1weekr pisot dia hisapot tu olp thoka hole ru khub bhal lagile heten..etia eman okonmani porhi dukh he lage!!
LikeLike
বহুদিন হ’ল,পঢ়িবলৈ পোৱা নাছিলো। পঢ়িবলৈ বৰ হেপাহ, কি হল, কি নহল।। মনটোক ৰখাব নোৱাৰোঁ।। কিন্তু এফালে বেমাৰ, নাৰ্চিংহোমত পৰি আছিলো।। কাকো একো কব ৱো নোৱাৰোঁ।। লগে লগে কব, বেমাৰ হলেও মোবাইল লাৰিব এৰা নাই।। উপায় নাই, কিবাকে আছো আৰু।। আজি অলপ মনটোৱে শান্তি পালে, পঢ়িব পায়।। ধন্যবাদ জ্ঞাপন কৰিলো আপোনাক।। 🙏🙏
LikeLiked by 1 person
🙂 সোনকালে সুস্থ হৈ উঠক |
LikeLike
ধন্যবাদ বা🙏
LikeLike
বহুত ভাল লাগিল । এসপ্তাহ সময়খিনি অলপ দীঘলীয়া হয় । পাৰিলে অলপ সোনকালে দিবচোন ।
LikeLike
ধাৰাবাহিকতা ৰক্ষা কৰিব বুলি আশাবাদী……..
LikeLike
JEC porhi vl lage.. khubei vl lage…kintu pohibole 1week roi thoka agroh he komi goise,voting poll jtia hoisil…xokolue hoitu etae kotha koisil..1week roi thki pohat k keimah man roi ami kitap akarere pohiboloi vl palu hetn… Atia asolote ki hoi… 1week r pasot eta xoru episode pohibole roi thki jua xopta hor link tu e herai jua jen lage… Continue pohi jimn vl lge jikunu kahini… Adhakhoniya hoi roi roi thki pohi vl nloga hoise…ami xokolue janu apuni byostotar majot amak ene ek kahini ag borhaise…kintu baa…enekoi amoniu loga hoise.kei mah man roi ekhn kitap uliaok… Eneke 1week roi roi interest tu komi jai story tut. Anyway… Good story good start…but prothom aromvonite thoka craze tu pathokor pora heruai nepelabo…
LikeLike
Waiting
LikeLike
B
Indranee baa please one week’t apuni 2 ta part dibo sesta kribo nhle Jodi 1 ta part’e di’e tetiahle please olop dangorkoi dibo….. 1 week rkhi thaku 1 ta part’r babe taku potke xekh Hoi…… Please olop dangorkoi dibo request krisu
LikeLike
ঢক্…..
LikeLike
Pohri val lgl..kntu besi koi likhibo
LikeLike
Clgt frndr mukhut JEC lovestory katha prayaee hunibole pao,so kenu ase eyt take jnibole aji pohi salu,pohi bahut vl lgil & nxt partbur pohibole khub mn goise. nxt prtburr babe adhir agohere bat sai ralu….
LikeLike
Bht bhal lagil pohi next episode gita hunkale pohibo Pam buli akha korisu
LikeLike
I like this post, enjoyed this one thanks for putting up.
LikeLike