Uncategorized

#JEC Chapter 2 Part 6

Previous: #JEC Chapter 2 Part 5

 

পৰীক্ষা শেষ হল, ওলাই আহিয়েই টিনাৰ উৎপাত ওলাই যাবই, গড় আলিৰ ফুচকাৱালা কেইজনক হেনো তাই সপোনতে দেখিছে। গতিকে অাজি যাবই। মই নাযাঁও বুলি কোৱাত গোটেইকেইজনী জকজকাই উঠিল। নিশা অাৰু অনুৰাগ বেলেগকৈ যাব। মই টিনা অাৰু ৰাজী যাম একেলগে। উপায় নাপায় ওলালো যাবলে।
গেটৰ সন্মুখত অটৰ কাৰণে ৰৈ আছো। যতে বাঘৰ ভয় তাতে ৰাতি হয়। ওছৰৰ দোকানখনত অৰ্ণৱ অাৰু উৎপল দাদা। মোক দেখি ওচৰ চাপি আহিল।
:কাইলৈ ৰেডি থাকিবা।
:নোৱাৰিম।
:Its not a request, its an order from your senior.
:কিন্তু..
:Shhh.. Be ready. মই ১০ টাত আহিম।
:…
:এতিয়া কত যোৱা?
:টাউন।
:কি কাম আছে?
:মই আপোনাক সোধো নেকি এইবিলাক?
খং উঠি আহিল, মোৰ কথা শুনাৰ ধৈৰ্য্য নাই, কাইলৈ কিয় যাব নোৱাৰোঁ সেইতো কোৱাৰ সুযোগেই নিদিলে। মোক আকৌ কলৈ যাম, কিয় যাম সব সোধে। মূৰটো গৰম হৈ যায়।
:Dont you dare talk to me like that Astha.
ৰঙা চকুকেইটা বেছি দেৰি চাই থাকিব নোৱাৰোঁ। ভাগ্য ভাল অট এখন আহি পালেহি, দৌৰি গৈ উঠিলোগৈ।
:কাইলৈ আমাৰ পোৱালিৰ first date, মইতো ভাবিয়েই পাগল হৈ গৈছো। কি পিন্ধিবি ক না ক না।
মোৰ ভয়তে অবস্থা বেয়া এইজনীৰ আকৌ কাপোৰ লৈ হে চিন্তা। মনে মনে আছো।
দুয়োজনীৰ লগত দোকানে দোকানে ঘূৰি শেষত বিউটি পাৰ্লাৰ এখনত বহিলোগৈ। এতিয়ালৈকে মই থ্ৰেডিং কৰাই পোৱা নাই। আজি দুয়োজনীয়ে হেঁচা মাৰি ধৰি কৰাইহে এৰিলে। বিষত থাকিব পৰা নাই। ৰঙা হৈ ফুলি গৈছে। তাৰ পিছতো নেৰিলে। নতুন ৰূপ এটা লৈ হোষ্টেল পালোহি। কিবা নিজকে বেলেগ বেলেগ দেখিছো, অলপ ডাঙৰ ডাঙৰ। ভাগৰে হেঁচা মাৰি ধৰিছে, তাৰ ওপৰত কাইলৈ কি হয় ঠিক নাই। মুখ হাত ধুই বিচনাত পৰি মালৈ ফোন কৰিলো। অৰ্ণৱৰ মাকে যে লগ কৰিব বিচাৰিছে সেইয়াও কলো। বহুত সময় মনে মনে থাকি মায়ে উত্তৰ দিলে। লগত নিশাকে লৈ যাবি। ডাঙৰ মানুহ এগৰাকীয়ে কিবা কব খুজিছে যেতিয়া শুনি ল। মাৰ সঁহাৰি পাই সকাহ পালো।
নিশাৰ আগত সকলো খিনি কলো, তাইয়ো লগত যাবলৈ মান্তি হল। বাৰে বাৰে বুজাইছে মোক ভয় নাখাবলৈ। অৰ্ণৱৰ ৰঙা চকুকেইটা মইহে চাব লাগিব। অাজি সপোনতো আহি মোক গালি পাৰিব মই জানো। কম্বল খন টানি শুই পৰিলো।

:উঠ আস্থা, কিমান শুই থাক অাৰু, ফোনটো বাজি অাছে তোৰ।
ৰাতি পুৱালে তাৰমানে, হে ভগৱান নটা বাজিলে। ফোনটো চালো, অৰ্ণৱৰ মিছ্দ কল এসোপামান। মাকেও ফোন কৰিছিল। প্ৰথমতে তেখেতক ফোন কৰিলো, নিশা যে লগত যাব কলো। এঘাৰমান বজাত লৈ যাবহি বুলি কলে।এইবাৰ অৰ্ণৱলৈ ফোন কৰিলো।
:ফোন কিয় উঠোৱা নাছিলা?
:শুই আছিলো।
:You have only one hour. Be ready.
:মই নোৱাৰিম আপোনাৰ লগত যাব।
:and why ?
: আপোনাৰ মায়ে মোক অাজি লগ কৰিব বিচাৰিছে।
:…
:শুনিছে নে? হেল্ল ‘?
:কিয় লগ কৰিব খুজিছে?
:সেইতো কোৱা নাই।
:তুমি যাবা?
:হমম।
:মোক এবাৰ সুধি চোৱা জৰুৰী নাছিল?
:মানে?
:You should have asked me once. Do as per your wish.
:মই কালি কম ভাবিছিলো, আপুনি হে..
:Cut the crap Astha. Leave it.
ফোনটো কাটি দিলে। এইবাৰ ভালকৈয়ে জগৰ লাগিল গম পালো, কিন্তু ইমানকৈ খং উঠিব লগীয়া কি হল বুজি নাপালো।ভাবি নাথাকো, সোনকালে গা ধুই ওলাব লাগে।একেবাৰে নতুন চুৰিদাৰ এযোৰ উলিয়াই লৈছো, নেভী ব্লু কালাৰৰ। চুলিখিনিও ধুব লাগিব।
ঠিক এঘাৰ বজাৰ লগে লগে তেওঁৰ মাকে ফোন কৰিলে, ওলাই আহি দেখো হোষ্টেলৰ সন্মুখত ৰৈ আছে, গাড়ীৰ পৰা নামি অলপ আগবাঢ়ি আহিল। মই তেতিয়াও মূৰত টাৱেলখন মাৰিয়েই থৈছো, চুৰিদাৰ যোৰ পিন্ধি বাথৰূমৰ পৰা ওলোৱা ভাগেই বাৰাণ্ডা পালোহি। মোক দেখি হাঁহিলে।
:মই ৰৈছো, তুমি ভালকৈ ready হৈ আহা।
অলপ সময় পাছত নিশাৰ লগত ওলাই আহিলো, অৰ্ণৱৰ মাকে গাড়ীৰ পিছফালৰ দুৱাৰ খুলি দি নিজে ড্ৰাইভিং ছিটত বহিল।
:আস্থা, বাবাক ফোন কৰাচোন।
:বাবা?
:Sorry, অৰ্ণৱক।
আচৰিত হলো, তেখেতে নিজে কিয় ফোন কৰা নাই, মোক কিয় কৈছে!
কেইবাবাৰো ৰিং কৰি কৰি বন্ধ হৈ গল, তেওঁ ফোন নুঠালে।
:থাকক দিয়া।
গোটেই ৰাস্তাটো তেখতে নিশা অাৰু মোৰ লগত কিবা কিবি কথা পাতি আহিল, মানুহগৰাকী ইমান মৰমীয়াল, অৰ্ণৱ বাৰু এখেতৰে সন্তান হয় নে? ইমান ভাল মানুহগৰাকীৰ ইমান খঙাল পুতেক হব পাৰে জানো।
:এইটোয়ে আমাৰ ঘৰ।
প্ৰকাণ্ড গেটখন মানুহ এজনে খুলি দিলে, গাড়ীখন গেটৰ ভিতৰলৈ ভৰাই তেখেতে চাবিটো মানুহজনক দি আমাক ঘৰৰ ভিতৰলৈ লৈ গল। খুব সুন্দৰকৈ সজোৱা ড্ৰয়িংৰুমটো, এটা এটা বস্তু যেন বাচি বাচি আনি সজাই থৈছেহি ইয়াত। এটা বগা ৰঙৰ চফা, এনেকুৱা লাগে বহিলে লেতেৰা হৈ যাব। বেলেগ বেলেগ ধৰণৰ বহুত indoor plant, বেৰত কেইবাখনো ফটো কিন্তু অৰ্ণৱৰ এখনো নাই। আমাক বহিবলৈ কৈ তেখেতে ভিতৰলৈ সোমাই গল। অলপ পাছত এগৰাকী অলপ বয়সীয়াল মহিলা হাতত এখন ট্ৰে অাৰু দুগিলাছ juice লৈ ওলাই আহিল।
:আস্থা তুমি নেকি?
:হয়।
:এইয়া ৰেজিয়া, মোৰ লগৰী বুলিয়েই ভাবিব পাৰা।
অৰ্ণৱৰ মাকে ওলাই আহি আমাক চিনাকি কৰাই দিলে। মোৰ ফালে এনেকৈ কিয় চাই অাছে বাৰু, নিশাই টেপেৰ টেপেৰ কথা আৰম্ভ কৰিলেই, মইহে মুখেৰে একো মাতিব পৰা নাই।
:আস্থা, তুমি অলপ মোৰ লগত আহাঁচোন, নিশা তুমি বহাচোন,বেয়া পাবা নেকি?
:তুমি মোৰ লগত পাকঘৰলৈকে বলা।
নিশা ৰেজীয়া বাইদেউৰ লগত চিধাই পাকঘৰ পালেগৈ, ইম্মান সোনকালে মিলি যাব পাৰে এইজনী, মইহে কিবা ভূতৰ নিচিনাকৈ থাকো।
ড্ৰয়িংৰুমটোৰ ভিতৰতে থকা চিৰিয়েদি ওপৰলৈ উঠি গলো, আগে আগে অৰ্ণৱৰ মাক, পাছে পাছে মই। বুকুখন ধক ধক কৰিছে।
:এইটো মোৰ ৰূম, বহা।
বিছনাখনৰ ওচৰতে থকা সৰু চোফাখনত বহিলো, তেখেত বিচনাখনৰ চুক এটাত মোৰ মুখা মুখি কৈ বহিল। মন কৰিলো, বিচনাৰ ওচৰত এখন ডাঙৰ photo, চাৰি পাঁচ বছৰীয়া লৰা এটাৰ, অৰ্ণৱ যেনেই লাগিল দেখাত। কিন্তু মৰমলগা হাঁহিটো দেখি নহয় যেনো লাগিল।
:বাবাই তোমাক নিজৰ বিষয়ে কিবা কৈছে নে?
:ওহোঁ।
:তুমি তাৰ বিষয়ে কি জানা?
:মানে?
:তুমি তাক ভাল পোৱা?
:হমম।
:কষ্ট পাবা তুমি আস্থা, মই তোমাৰ বিষয়ে সকলোবোৰ জানো, তুমি মৰমৰ বাহিৰে একো দেখা নাই জীৱনত, কিন্তু অৰ্ণৱৰ পৃথিৱী খন বৰ অন্ধকাৰ, তোমাক মই জানি বুজি কষ্ট দিব নোৱাৰোঁ। খঙত অৰ্ণৱে সকলো শেষ কৰি দিব পাৰে, তোমাকো কষ্ট দিব নিজেও কষ্ট খাব, তুমি তাক নাজানা কিন্তু মই জানো, সি তোমাক কিয় ভাল পায়।
:কিয়?
:তোমাক যেতিয়া সি প্ৰথম বাৰ তোমাৰ দেউতাৰ লগত কলেজত দেখিছিল, দেউতা অাৰু তোমাৰ মৰম দেখি তাৰ হিংসা হৈছিল, তোমাক যে সকলোয়ে মৰম কৰে, তাৰো মন যায় তোমাক মৰম কৰিবলৈ, তোমাৰ মৰমৰ ভাগ লবলৈ। তাৰ খং জেদ সকলোবোৰ তুমি যে সহি থাকা, সি ভাবে তুমি দুৰ্বল, জোৰ কৰি তোমাক ভাল পাব বিচাৰে সি, জোৰ কৰি তোমাৰ ভাল পোৱা আদায় কৰিবও খোজে। মৰম নোপোৱা মানুহবোৰে যেতিয়া কৰবাত ইমান মৰম একেলগে দেখে, তেতিয়া ভিতৰত শুই থকা মৰম আকলুৱা শিশু বোৰ সাৰ পাই উঠে। অৰ্ণৱৰ লগতো সেয়াই হৈছে, তোমাৰ মাজত সি নোপোৱা মৰমৰ ভাগ বিচাৰিছে।
:মই ঠিক বুজি পোৱা নাই আপুনি কি কব বিচাৰিছে, অৰ্ণৱ অাৰু মই এতিয়াও ইজনে সিজনক জানিবলৈ বাকী অাছে, কিন্তু আজিলৈকে যিমান খিনি বুজি পাইছো বহুত মৰম, বহুত ভালপোৱা তেওঁৰ মাজতো আছে, যিটো অদ্ভুত খং এটাৰ আৰত লুকাই থাকে।
:সেই খংটোৰ কাৰণ তুমি জানানে?
:নাজানো।
:মই,মোৰ বাবেই সি এনেকুৱা হল, কিন্তু জানি বুজি মইয়ো একো পাপ কৰা নাছিলো, সমাজে দিয়া কিছুমান অপবাদে আমাৰ দুয়োটাৰে জীবন অন্ধকাৰ কৰি পেলালে। তোমাক সেইবিলাক মই কব নিবিছাৰো, কোনোবাই মোক বা মোৰ সন্তানক পুতৌ কৰি ভাল পোৱা দিয়ক সেয়া মোৰ ভাল নালাগে। অৰ্ণৱেও নিবিচাৰিব তুমি তাক তেনেকৈ ভালপোৱা দিয়াটো।
:পুতৌ? ভালপোৱা হৈ যায়, হিছাপ নিকাছ কৰি কৰা নাযায়, অৰ্ণৱৰ অতীত জনাৰ আগতেই মই তেওঁক ভাল পাইছিলো,মানুহৰ বৰ্তমানক মই বিচাৰ কৰো, অতীতক নহয়।
কত ইমান সাহস পাইছো নাজানো, কিন্তু তেখেতৰ কথাৰ উত্তৰ নিদিয়াকৈ থকা নাই, মনত যি ভাবিছো কৈ দিছো।
:জানিব খুজিছা তাৰ বিষয়ে?
:সেইতো আপুনি বিচাৰ কৰি চাওক, যদি মই কথাবোৰ জনাটো উচিত বুলি ভাবে, মই নিচ্ছয় শুনিম।
:কম, সকলোবোৰ খুলি কম তোমাক, কিন্তু কথাবোৰ জানি তুমি যেন মোক ভুল নুবুজা।
:মই বহুত কথাই বুজি নাপাও, কিন্তু আপোনাক বুজিবলৈ চেষ্টা কৰিম।
:চন্দ্ৰ মোহন গোস্বামীৰ নাম শুনিছা?
:শুনিছো মাহঁতৰ মুখত।
:মোৰ দেউতা, মই তেখেতৰ একমাত্ৰ ছোৱালী আছিলো, ঘৰৰ আলসুৱা, তোমাৰ দৰে, কিন্তু অাজি মই যত আছো, সেইটো মই মোৰ ছোৱালী কালত কল্পনা কৰিবও পৰা নাছিলো। সেইকাৰণে কৈছো তোমাক, আকৌ এবাৰ ভাবি চোৱা, অৰ্ণৱৰ ওচৰত এবাৰ ধৰা দিলে তুমি অাৰু কেতিয়াও আঁতৰি যাব নোৱাৰিবা।

আগলৈ…

 

If you want to be notified as soon as the next post released, follow me in facebook

34 thoughts on “#JEC Chapter 2 Part 6

  1. Bohut val lgile pohi..mathu agor dorei jdi khdai pohibole palu hoi …bohut din roi thokar folot pohi jua bur pahori a jua Jen hoi..so pare jdi khoptaht 3days kri diyar sesta kribo sun baa

    Like

  2. Very interesting…..with suspense….. But can’t wait for next one week……. Atit ji e nahuk kiya prakrita bhal puwat imaan sakti thake je tak ata xundar vastab garhat sahai kare jout bhabichatar babe ak saktisali bhati nirman karib pari……

    Like

  3. আৰু অলপ বেছি কৈ পঢ়িবলৈ পাম বুলি আশা ৰাখিলো। কাৰণ জে ই চি পঢ়িবলৈ এসপ্তাহ বাট চাই ৰওঁ ।

    Like

  4. আৰু অলপ বেছি কৈ পঢ়িবলৈ পাম বুলি আশা ৰাখিলো। কাৰণ জে ই চি পঢ়িবলৈ এসপ্তাহ বাট চাই ৰওঁ । পঢ়ি বহুত ভাল পাওঁ ।

    Like

  5. ajikali nukhuake thaibo parileu ‘jec’ nopohake thakibo nuaru…..part bilak olp dighl ke dibole try koribosn ba……plz plz plz….

    Like

  6. বহুত দিনৰ পাছত পঢ়িলোঁ যদিও বৰ ভাল লাগিল । সুখ দুখ আনন্দ বিষাদ এই সকলোবোৰ এই খন্দটিত বৰ ধুনিয়াকৈ প্ৰকাশ পাইছে । পিছলৈ কাহিনী টোৱে এক অনন্য ইমেজ যে দিব তাৰ ইঙ্গিত এই খন্দটিত পোৱা গল । আগলৈ অপেক্ষাৰে ।

    Like

  7. Bohut val lagise.. Kahinie notun mur loise.. Olop besikoi likhibosun Indranee Ba….. 1hoptah roi thaku😔… Oknmane hepah ei nopolai.. 😔😔…..
    “JEC “…… PAGOL PREMIK… 😍… Ami but…. 😊

    Like

  8. Alop dighol dighol koi aru xoghonai likhile bhal lge ba..nhole Mon Tua Bea lgi jai.bht xomoi robo loga Hoi j..aru likhoni Tu Bor bhal lge heiyehe alop besikoi aru ghonai likhibo sesta koribo buli axa thakil ….
    Apekha thakile Baa pisor likhonitule

    Like

  9. জীৱন মৰনত, সুখ দুখৰ সমভাগী হৈ দুয়োজনে কাষত থকাতো হ’ল ভালপোৱা।। কিন্তু তেওঁ ৰ অতীত ৰ কথা জানি তাৰ বা তাইৰ কাষৰ পৰা পলাতক কৰিব বিচৰা তো হয়টো মূৰ্খামি। অতীত অতীত হৈয়ে থাকিব।। কোনোদিন বাস্তব নহয়।। তাক জানিলেয়ো একো লাভ বা হানি নহয়, নাজানিলেও একে।। বৰ্তমান সময়ত ভৱিষ্যত কি হব, সেইটো সঠিক তথ্য লাভ কৰাটো নিজৰ বাবে ভাল।। বা সুস্থ হৈ উঠিলো।। এতিয়া আকৌ ৰৈ থাকিবলৈ শক্তি বৃদ্ধি হল।। আপুনি লিখি যাওক।। কলমৰ চিয়াঁহী শেষ হব নিদিব।। ময়ো মহাবিদ্যালয় ৰ ছাত্রী।। যেতিয়া কলেজ ৰ কিবা পঢ়িব পাও নিজক কিবা এটা ভাল লাগে।। ধন্যবাদ বা।। আকৌ আপোনালৈ বহুত বহুত মৰম যাঁচিলো।।

    Like

  10. Dine dine interesting hoi goi ase. Suspense barhi goise. Weekly diar Passat aponar likhani mor besi Val lagise. Matured. Keep writing.

    Like

  11. OMG Ki ase anekua nuari thkibo kio j porhilu next Sunday duta akelge porhilei val acle…ki hbo nu aru gutei kahini tu ajiei dbo lgicle

    Like

  12. Eman vl premik Arnab r majot Lukai thoka…….hei kthai kthai hunkale khng utha n aatha k oviman kra etc …..Arnab r nature r ktha vl ke janibo parim next part 2 t ….bor aakhare roi thkim ahkou next part 2 loi baa …..vl lgise kahini2 notun rup lbo dhorise. …..

    Like

  13. Eman vl premik Arnab r majot Lukai thoka…….hei kthai kthai hunkale khng utha n aastha k oviman kra etc …..Arnab r nature r ktha vl ke janibo parim next part 2 t ….bor aakhare roi thkim ahkou next part 2 loi baa …..vl lgise kahini2 notun rup lbo dhorise. …..

    Like

  14. ভাল লাগিল। আৰু অলপ দীঘল হলে আৰু অলপ ভাল লাগিল হয়।

    Like

  15. বহুত বহুত ভাল লাগিছে । মাকে জানো তাইক কি কয় তাকেই ভাবি আছো ।

    Like

  16. Pohi bohut val lage baa. Kintu 1 hoptah pasat bat sawte sawte agar khonda kotha pahoriay jaw. Pohibo aramvo koruhe hekh Hoi ai thake. Likhoni tu aru alop dighal koi likhibo sun baa.

    Like

  17. Baa aaji he porhilu kiyonu Monday porhile next Sunday loi pahori ea juwa jai soo aaji porhile next part tu sunkale puwa jen onuvob hobo… thanks Baa eman bestotar majot o je aapuni aamak ata rokhal kahani upohar hisabe di ase…thanks & God bless you…

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s