Uncategorized

#JEC Chapter 2 Part 7

Previous: #JEC Chapter 2 Part 6

 

অৰ্ণৱৰ ওচৰত এবাৰ ধৰা দিলে তুমি অাৰু কেতিয়াও আঁতৰি যাব নোৱাৰিবা।
:মানে?
:মানে তুমি তাক আগতে জানি লোৱা ভালকৈ,আমাৰ আউল লগা জীৱন দুটাৰ বিষয়ে।
:কৈ যাওক, মই শুনি আছো।
:এইখন মোৰ দেউতাৰ ঘৰ, হাঁহি কান্দোন, পোৱা নোপোৱা, ৰাগ বিৰাগ সকলোৰে সাক্ষী এই ঘৰখন। মা দেউতা অাৰু মোৰ সপোনৰ ঘৰ। মোৰ দেউতা আছিল সেই সময়ৰ অসমৰ ভিতৰতে বিখ্যাত উকীল, লগতে ককাৰ দিনৰে চাহৰ বাগানখনো চলাইছিল তেওঁ। সমাজৰ এজন আদৰণীয় ব্যক্তি, উদাৰ মনোভাৱৰ। তেতিয়াৰ দিনতে মোক শ্বিলঙৰ Lady Keane কলেজত পঢ়িবলৈ পঠাইছিল দেউতাই । গ্ৰেজুৱেচনৰ পাছত ময়ো দেউতাৰ পথ অনুকৰণ কৰি law পঢ়িলো। মোৰ যেনেকৈ মন যায় তেনেকৈয়ে জীয়াই থকাৰ সম্পুৰ্ণ স্বাধীনতা দিছিল দেউতাই। সময়তকৈ বহুত আগবঢ়া আছিল তেখেতৰ মনোভাৱ।দেউতাৰ লগত বাগান চাইছিলো মই, মোৰ কথামতেই দেউতাই নতুন ব্যৱসায় আৰম্ভ কৰিছিল, মুঠতে কোনোদিনেই মই ছোৱালী, ঘৰৰ ভিতৰত থকা উচিত, এনেকুৱা একোৱেই ফিল হোৱা নাছিল।
কিন্তু সেই সময়ৰ সমাজ ব্যৱস্থাৰ কথা দেউতাই নাভাবিলেও মায়ে ভাবিছিল, বাৰে বাৰে মোক বিয়া দিৱলৈ দেউতাক কৈছিল।প্ৰথমতে মান্তি হোৱা নাছিলো যদিও পৰিয়ালৰ সকলোৰে কথামতে মইয়ো বিয়াত সন্মতি দিলো। দেউতাৰ বন্ধু পুত্ৰৰ লগত সম্পৰ্ক কৰাৰ কথা ওলাল, মইয়ো সন্মতি দিলো, অৰ্ণৱৰ দেউতাকক প্ৰথম লগ পাইয়ে ভাল লাগিছিল, সৱল ব্যক্তিত্বৰ এজন নম্ৰ মানুহ। শ্ৰদ্ধা ওপজিছিল প্ৰথম দেখিয়েই।লাহে লাহে কথা আগবাঢ়িল। শহুৰ শাহুৰ মই বৰ মৰমৰ হৈ পৰিছিলো, গোস্বামী বংশৰ একমাত্ৰ ছোৱালীক বোৱাৰী হিচাপে পাই তেওঁলোক সুখী হৈছিল। মোৰ শহুৰে দেউতাৰ লগত ব্যৱসায়িক সম্পৰ্ক আৰু টনকিয়াল কৰাৰ পৰিকল্পনা কৰিছিল।
বিয়াখন খুব ধুমধামেৰে হৈ গৈছিল, সকলো সুখী আছিল, বিশেষকৈ মোৰ দেউতা। বিয়াৰ পিছৰ সময়খিনি সপোনৰ দৰে ধুনীয়া আছিল। আমাৰ এখন সৰু সুখৰ সংসাৰ হল। অৰ্ণৱৰ দেউতাকক পাই মই ধন্য হৈছিলো। মোৰ আধৰুৱা পঢ়া তেওঁৰ বাবেই বিয়াৰ পাছত সম্পুৰ্ণ কৰিছিলো। মোৰ প্ৰতিটো সৰু সৰু কথাৰ খেয়াল ৰখা এজন খুব সুন্দৰ মনৰ মানুহ আছিল মোৰ স্বামী। তেওঁৰ সকলো কামত মোৰ উপদেশ, সহায় বিচাৰিছিল, আমি ইজনে সিজনৰ হাত ধৰি খোজ দিছিলো। বিয়াৰ প্ৰায় দুটা বছৰৰ পাছত আমাৰ মাজলৈ অৰ্ণৱ আহিল। দুয়োটা পৰিয়ালত আনন্দৰ উৎসৱ। অৰ্ণৱ দুয়োখন ঘৰৰে নয়নৰ মণি আছিল। মই দুগুণ সুখী হৈছিলো। অৰ্ণৱৰ দেউতাক অাৰু মই যেন অাৰু ভাল পাবলৈ লৈছিলো ইজনে আনজনক। কিন্তু সেই মধুৰ সময় বেছিদিন নাথাকিল।
মানুহগৰাকী আকৌ মৌন হৈ পৰিছে, চেপি ৰাখিছে ওলাই আহিব খুজা কান্দোনটো।
:এদিন ৰাতি হঠাৎ মোৰ স্বামীলৈ এটা ফোন আহিল, বাগানৰ শ্ৰমিকে আন্দোলন কৰিছে, মেনেজাৰে চম্ভালিব পৰা নাই। বাহিৰত তেতিয়া ধুমুহা বৰষুণ, মই বাৰে বাৰে মানা কৰিছিলো তেওঁক, মোৰ মনে আহিবলগীয়া অভিশপ্ত সময়ৰ উমান চাগে আগেয়েই পাইছিল, অৰ্ণৱেও দেউতাকৰ চোলাটোত ধৰি কান্দিছিল নাযাবা বুলি। মাথোঁ এঘন্টাতে ঘূৰি আহিম বুলি কোৱা মানুহজন দুটা দিনৰ পিছত ঘূৰি আহিছিল, বগা কাপোৰেৰে শৰীৰটো ঢাকি।
মই…

অাৰু কব পৰা নাই মানুহগৰাকীয়ে, চকুৰ পানী ধাৰাসাৰে বৈ আহিছে, হয়তো বহুদিন চেপি ৰাখিছিল এই কান্দোন, চকীখনৰ পৰা উঠি গৈ তেখেতৰ কাষতে বহিলো, কি কৰিম ভাবি পোৱা নাই, তেওঁৰ হাতখনৰ ওপৰত মোৰ হাতখন থৈ মাথোঁ বুজাব বিচাৰিলো তেওঁৰ দুখৰ গভীৰতা মই বুজিছো।
:মই পাগল হৈ গৈছিলো আস্থা, অৰ্ণৱে একোৱেই বুজা নাছিল তেতিয়া। পুলিচৰ অনুসন্ধানত গম পাইছিলো তেওঁক বহুদিন আগৰপৰাই কোনোবাই ফোন কৰি ধন দাবি কৰি আছিল, সেইদিনাও তেনেকুৱা কিবাই হৈছিল, কিন্তু মোক সেই বিষয়ে একো কোৱা নাছিল তেওঁ। আজিও নোলাল তেওঁৰ হত্যাকাৰী কোন আছিল। কাগজে পত্ৰই তেওঁৰ মৃত্যুক লৈ নতুন নতুন কাহিনী ওলাল, পৰকীয়া প্ৰেমৰ পৰা আৰম্ভ কৰি বানিজ্যিক লোকচানলৈকে। মোকো সাঙুৰি লোৱা হল, হত্যাকাৰী বুলি সন্দেহ কৰি অবৰ্ণনীয় মানসিক অত্যাচাৰ চলোৱা হল। অৰ্ণৱৰ মুখলৈ চাই সকলো পাহৰিলো, মৰি মৰিও জীয়াই থকাৰ বাবে সাজু হলো, কিন্তু সেইয়াও হৈ নুঠিল।

:কিয়???
:তাৰ পাছতহে মই মানুহ চিনি পালো বুজিছা। বেলেগৰ কথা বাদেই দিলো, মোৰ নিজৰ শহুৰ শাহুৱে সন্দেহ কৰিবলৈ ললে, মানুহৰ কথাত বিস্বাস কৰি অৰ্ণৱক মোৰ পৰা কাঢ়ি নিলে, মোৰ কোনো কথাই নামানিলে, মা দেউতাও তেওঁলোকৰ ভৰিয়ে হাতে ধৰি কাবৌ কোকালি কৰিলে, কিন্তু তেওঁলোকৰ মন গলাব নোৱাৰিলে। অবুজন শিশু এটাক মাকৰ বুকুৰ মাজৰপৰা কাঢ়ি নি তেওঁলোকে কি সুখ পালে নাজানো। আইনৰ সহায় লৈও ঘূৰাই আনিব নোৱাৰিলো অৰ্ণৱক, ওলোটাই মোকহে দোষী সাব্যস্ত কৰা হল। লাহে লাহে মই ডিপ্ৰেছনত ভুগিবলৈ ধৰিলো, অৰ্ণৱক এবাৰ চাবলৈ তেওঁলোকৰ ঘৰৰ বাহিৰত ৰৈ ৰৈ থাকো। কিন্তু মোৰ সেই পাগলামী বোৰে অৰ্ণৱৰ হে অপকাৰ কৰিলে। মই যাতে তাক লগ কৰিব নোৱাৰো, তাৰ বাবেই সাত বছৰীয়া লৰাটোক নি দিল্লীৰ কোনোবা International স্কুলত নাম লগাই দিলে, হোষ্টেলত থকাৰ ব্যবস্থাও কৰিলে। একো বুজি নাপায় তেতিয়া অৰ্ণৱে, ককাক অাৰু খুড়াকে মোৰ লৰাটোৰ সৰু কালটো শেষ কৰি পেলালে। সকলো আপোন মানুহৰপৰা আতঁৰত থোৱা হল তাক, মই লগ পাওঁ বুলি স্কুলৰ বন্ধত অসমলৈ আহিবলৈও দিয়া হোৱা নাছিল , হোষ্টেলৰ আয়াৰ ওচৰতে থাকে। মই খবৰ পাইছিলো প্ৰায় তিনি চাৰি বছৰৰ পাছত। তাক লগ কৰিবলৈ দিল্লী পাইছিলোগৈ, কিন্তু অৰ্ণৱ তেতিয়ালৈ মোৰ অৰ্ণৱ হৈ থকাই নাছিল, ১১ বছৰীয়া লৰাটো যেন বয়সতকৈ বহুত বেছি ডাঙৰ হৈ গৈছিল, মোৰ সৈতে কথা পতাৰ কোনো ইচ্ছা নেদেখিলো মই, ঘৰলৈ নাহোঁ বুলি একে আষাৰেই কৈ দিছিল। বেছি জোৰ কৰিলে security মাতিম বুলি মোক ধমকি দিছিল সি। মুখত এটাও অসমীয়া কথা নুশুনিলো তাৰ, নিজৰ ভাষা,নিজৰ ঠাই, আপোন মানুহ,এই সকলোবোৰৰ পৰা বহুত দূৰলৈ গুছি গৈছিল মোৰ বাবা। শিল হৈ গৈছিলোঁ তাৰ কথাবোৰ শুনি, মোৰ অৰ্ণৱ কেনেকৈ ইমান সলনি হৈ গৈছিল বুজি নাপালো, মোৰ প্ৰতি থকা ঘৃণাৰ ভাব তাৰ প্ৰত্যেকটো কথাতে স্পষ্ট হৈ ওলাই পৰিছিল, সেইদিনা আকৌ এবাৰ মৃত্যু হৈছিল মোৰ। দিল্লীৰ পৰা এজনী বেলেগ অনুৰাধা হৈ ঘূৰি আহিছিলো।

মোৰ হাতখন চেপাঁ মাৰি ধৰিলে তেওঁ, খং দুখ অভিমান স্পষ্ট হৈ পৰিছে ৰঙা পৰি যোৱা মুখ খনত।

:কিন্তু মোৰ দে্উতাই মোক হাৰিবলৈ নিদিলে, আকৌ আৰম্ভ কৰিলো মোৰ জীৱন, এই লেতেৰা সমাজখনক বুঢ়া আঙুলি দেখুৱাই কেৱল কামত ব্যস্ত হৈ পৰিলো, দেউতাক ব্যৱসায়ত সহায় কৰিবলৈ ললো, তেতিয়াই আমাৰ ঘৰলৈ আহিছিল ৰেজিয়া, দেউতাৰ অতি বিস্বাসী কৰ্মছাৰী আহমেদৰ পত্নী ।গাৱঁৰ পৰা নিজৰ লৰা ছোৱালীৰ সইতে গুচি আহিছিল আমাৰ ঘৰলৈ। ৰেজিয়াৰ মাজত মই মোৰ নিজৰ ভণ্টি এজনী বিচাৰি পাইছিলো, খুলি কৈছিলো সকলো কথা, কান্দিছিলো তাইৰ কোলাত মূৰ থৈ। ৰেজিয়াৰ ডাঙৰ লৰাটো প্ৰায় অৰ্ণৱৰ সমবয়সীয়া, তাকে অৰ্ণৱৰ নিচিনাকৈ মৰম কৰিছিলো। এদিন ৰেজিয়াই কলে..
:বাইদেউ, ই আপোনাৰ লৰা বুলিয়েই ভাবিব, মোক ভগৱানে তিনিটা লৰা ছোৱালী দিলে, আপোনাক এটা দি কাঢ়ি লৈ গল, আপুনি মন্ বেয়া নকৰিব। মোৰ লৰা আপোনাকে গতালো আজিৰপৰা, চাব অাৰু আপুনিয়েই।

মৰি যোৱা মমতা জাগি উঠিছিল মোৰ, ৰেজিয়াৰ ডাঙৰ লৰাক নিজৰ কৰি ললো, বংশৰ নাম দিলো, ৰেজিয়াই নিজেই তাৰ নতুন নাম এটাও দিলে। উৎপল। চিনি পোৱা নহয়।

:উৎপল দা…??????
আগলৈ…..

 

If you want to be notified as soon as the next post released, follow me in facebook

Advertisements

38 thoughts on “#JEC Chapter 2 Part 7

  1. বহুত বহুত ভাল লাগিল আজিৰ খণ্ডটি পঢ়ি….ধন্যবাদ বা!!! এনেকুৱা সুন্দৰ কাহিনী এটা পঢ়াৰ সুযোগ দিয়া বাবে…..কল্পনায়ে কৰা নাছিলোঁ কাহিনীটো এনেদৰে আগবাঢ়িব!! যিয়েই নহঁওক খুব ভাল লাগিল…

    Like

  2. বহুত বহুত ভাল লাগিল আজিৰ খণ্ডটি পঢ়ি….ধন্যবাদ বা!!!এনেকুৱা সুন্দৰ কাহিনী এটি পঢ়াৰ সুযোগ দিয়াৰ বাবে…..কল্পনায়ে কৰা নাছিলোঁ কাহিনীটো এনেদৰে আগবাঢ়িব!!যিয়েই নহঁওক কিয় খুব ভাল লাগিল পঢ়ি…..

    Like

  3. বৰ ভাল লাগিল পঢ়ি…..কল্পনাই কৰা নাছিলোঁ কাহিনীটো এনেদৰে আগবাঢ়িব….. বিশেষকৈ উৎপলৰ পৰিচয়…..পৰৱৰ্তী খণ্ডটোলৈ আশাৰে বাট দাই ৰলো….অলেখ শুভকামনা…

    Like

  4. কাহানী পঢ়ি থাকোতে গাৰ নোম শিহৰী উঠিছে। বহুত ভাল লাগিছে। আগৰ খণ্ডলৈ আগ্ৰহেৰে বাত চালো।

    Like

  5. Very interesting.. Bhal lgil . Astha Ane ak saku hbge pare ji Mak ru potekak punar lg huwat…. Arnav r manat makar prati thaka tiktata khini naikiya huwat sahaiyak hb ge pare……..

    Like

  6. সচাঁকৈ বহুত ভাল লাগিছে। কাহিনীয়ে নতুন গতি লৈছে.. .. ❤
    ইন্দানী বা এনেদৰেই লিখি যাওক শুভেচ্ছা জনালো আপোনাক।
    অহা খণ্ডলৈ অধীৰতাৰে বাট চাই ৰলো 💓💓।

    Like

  7. সচাঁকৈ বহুত ভাল লাগিছে। কাহিনীয়ে নতুন গতি লৈছে.. .. ❤
    ইন্দানী বা এনেদৰেই লিখি যাওক শুভেচ্ছা জনালো আপোনাক।
    অহা খণ্ডলৈ অধীৰতাৰে বাট চাই ৰলো 💓💓।

    Like

    1. Bahut hukh daiok khahini porhile lage je tate asu Nije gutai khini onubhob huwa jen lage.bahut val lagise.Arnab aru Utpal dar kotha Jani.aru ek hoptah rokhibo lagibo……….ohhh
      good

      Like

  8. বৰ ভাল লাগিল ।বিশেষকৈ এই খন্দটিয়ে বৰ উতসাহিত কৰিলে । এনেকুৱা কাহিনী পঢ়া আগৰেপৰা অভ্যাস আছিল । সেয়ে এইবাৰৰ খন্দটিয়ে কাহিনী টোৰ প্ৰতি এক ধৰণৰ আগ্ৰহ বঢ়ালে । বিশেষকৈ উৎপল ৰ পৰিচয় পাই ভাল লাগিল । অৰ্ণৱৰ পৰিচয়ে জোকাৰি দিলে । আগলৈ ভাল লগা খন্দটিৰ অপেক্ষাৰে ।

    Like

  9. বৰ ভাল লাগিল । বিশেষকৈ উৎপল ৰ পৰিচয় পাই ভাল পালোঁ । আগৰ বৰ ভাল লগা খন্দটিৰ অপেক্ষাৰে ।

    Like

  10. আজিৰ খণ্ডটো পঢ়িও বহুত ভাল লাগিছে। আকৌ দেওবাৰ লৈ অপেক্ষাৰে…

    Like

  11. Vl lgise baa ….kahini 2 a notun goti loise …. utpal dar bikhoa janibo pai vl lgise …ki hbo next part 2 wait krim thkim baa…..jec # a pgl kri dise hoshakoi…. npra koi thkiboi nwru……

    Like

  12. OMG😱….. Ki hoi goise sn… Kbloi ako nii baa… অস্তিৰ আবেগ, অস্তিৰ অনুভূতি।। সকলো থমকি ৰ’ল।। হেৰাই গলো মই এই নিজান ত।।।। সোমাই পৰিলো তাৰ মায়া মোহত।।। আকৌ অপেক্ষাৰে ৰৈ থাকিম।। ধন্যবাদ বা।।। আপুনি য়ে মোৰ জীৱন যাপন কৰাৰ এক মধুৰ সময়।। জীয়াই থকাৰ উদ্দিপনা।।

    Like

  13. বা,আপুনি যিমান সোনকালে পাৰে কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ যত্ন কৰক…কাহিনীটোৱে মন চুই গৈছে। এনেই নকয়,উপন্যাসৰ কাহিনীয়ে জীঁয়া প্ৰেমৰ ছৱি আকে বুলি…

    Like

  14. ইন্দ্ৰানী বা আপোনালোকৰ কাহিনীটো পঢ়ি মোৰ বহুত ভাল লাগে।ব্যস্ততাৰ মাজতো অলপ আজৰি সময় উলিয়াই প্ৰতিটো খণ্ড পঢ়ি আহিছোঁ।আহিব লগীয়া বাকী খণ্ডবোৰ সোনকালে দিব বুলি আগ্ৰহেৰে ৰৈ আছোঁ ।পাৰিলে খণ্ডটো অলপ বেছি বেছিকৈ দিব।I am waiting for the next part.

    Like

  15. Bohut val lagise ba pohi…moi apunar interview newst dekhie start korilu pohibole…nijok bisari paisu moi asthar majot…xunkale nxt part tu dibo…twist tuo val lagile birat ba…

    Like

  16. chapter 2 part 8 টো পঢ়িবলৈ পোৱা নাই দেখোন। পালে সুখী হ’লো হেতেন।

    Like

  17. যোৱা ১৮ ৰ পৰা ৰৈ আছো next partৰ বাবে।
    Excitement বাঢ়ি গৈ আছে। ক্ষমা কৰিব পঢ়ি বহুত ভাল লাগে বাবে অধৈয্য হৈ যাও।আশা কৰিলো অতি সোনকালেই বাকী খিনি পঢ়িব পাম।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s