love story

#JEC Chapter 2 Part 8

Previous: #JEC Chapter 2 Part 7

উৎপল দা…??????

:সি মোক জীয়াই ৰাখিছে ইমানদিনে, ৰেজিয়া আৰু তাৰ কাৰণেই মই ‘মই’ হৈ থাকিলো ।
:অাৰু অৰ্ণৱ?? তেওঁ ইয়ালৈ ঘূৰি কেতিয়া আহিল?
:সময় সদায়ে একে নাথাকে। সেইখন ঘৰৰ পৰিবেশ লাহে লাহে সলনি হৈছিল। মোৰ দেওৰৰ বিয়া বাৰু কৰি নিজৰ সংসাৰ ডাঙৰ হল।অৰ্ণৱ লাহে লাহে কেৱল এটা দায়িত্ব হৈ পৰিল। তাৰ বয়স ষোল্ল বছৰ তেতিয়া, মোৰ শহুৰ দেউতাৰ হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিল। অৰ্ণৱক এবাৰ দেখা পাম বুলিয়েই লাজ অপমান সকলোবোৰ পাহৰি গৈছিলোঁ তেখেতসকলৰ ঘৰলৈ, কিন্তু নাই তাক তেতিয়াও আহিবলৈ নিদিলে। সেইদিনা তালৈ গৈ হে গম পালো অৰ্ণৱৰ খৰছ পাতি বহন কৰিবলৈ দেওৰ অাৰু মোৰ জা গৰাকী একেবাৰেই সাজু নহয়। মোৰ শাহুৱে কান্দি কাটি মোক কলে অৰ্ণৱক যাতে মই আকৌ আঁকোৱালি লওঁ। অদ্ভুত এই মানুহবোৰ। কিয়, কেনেকৈ ইমান জটিলতা সামৰি ৰাখে নিজৰ মাজত সেইয়া চাগে মই কেতিয়াও বুজি নাপাম। এবুকু আশা বুকুত বান্ধি সেইদিনা ঘৰলৈ উভতি আহিলো। তাৰ স্কুলৰ লগত কথা পাতি সমগ্ৰ খৰছ বহন কৰিলো, কিন্তু তাক জানিবলৈ দিয়া নাছিলো। খুড়াকে কৰিছে বুলিয়েই ভাবি থাকিলে সি। কিন্তু ককাক ঢুকাই যোৱাৰ পাছত অৰ্ণৱ অাৰু বেছি অকলশৰীয়া হৈ পৰিল। কেৱল কিতাপৰ মাজতেই সোমাই থকা হল, স্কুলৰ পৰা মোলৈ ঘনে ঘনে ফোন অহা হল, অৰ্ণৱৰ এনেকুৱা আচৰণে হোষ্টেলৰ সকলোকে আচৰিত কৰিলে। তেনেকৈয়ে সি 12th পাছ কৰিলে। তাৰ পাছত সি NIT ত এডমিশ্যন ললে, শ্ৰীনগৰত। কিন্তু কি হল তাত নাজানো, সি চাগৈ ভিতৰি ভিতৰি তেতিয়ালৈ শেষ হৈ গৈছিল, এন্টি ডিপ্ৰেছেন্টৰ overdose লৈ সি হস্পিতালত ভৰ্তি হব লগা হল, কিয় নাজানো, সেইদিনা সি প্ৰথমবাৰ মোলৈ ফোন কৰিছিল, একো নকলে, চেপাঁ চেপাঁ কান্দোনৰ শব্দ শুনি সকলো বুজি পালো মই। উৎপলক লগত লৈ পিছদিনাই উৰা মাৰিলো তাৰ ওচৰলৈ। অৰ্ণৱক দেখি ভয় খাইছিলো সেইদিনা মই, চকুৰ তলত ডাঙৰ ডাঙৰ গাত, ওঁঠ দুটা শুকান, চকু কেইটা অঙঠাৰ নিচিনা ৰঙা। ডক্টৰে জনাইছিল সি যে বহু দিন আগৰপৰাই সেইবোৰ tablet খাই আছিল। কিমান অকলশৰীয়া হলে এটা ওঠৰ বছৰীয়া লৰাই নিজৰ জীৱনটো এনেকৈ শেষ হৈ যাবলৈ দিব পাৰে???
মই কিন্তু সেইদিনা কন্দা নাছিলো, অৰ্ণৱ অলপ সুস্থ হোৱালৈ বাট চাই তাক একেবাৰে লৈ অহাৰ ব্যবস্থা কৰিলো, কিন্তু সি নাহে, মইয়ো এৰি নিদিলো। অৰ্ণৱৰ জেদতকৈ মোৰ জেদ বহুত বেছি আছিল, তাৰ বস্তু বাহানি লৈ,কলেজৰ formality কৰি তাৰ হাতত মাথোঁ টিকেট তো দিলো।
:মই নাযাও।
:option দিয়া নাই মই তোমাক, বলা।
:I can’t live with a woman like you! You got it Mrs Anuradha?
এটা পূৰ্নহতীয়া চৰ মাৰিছিলো তাক, হস্পিতালৰ দুৱাৰ মুখতে, অাৰু সহন শক্তি নাছিল মোৰ। পুনৰ প্ৰতিবাদ কৰা নাছিল সি। বাধ্য ছাত্ৰৰ দৰে মোৰ পিছে পিছে আহিল।
ঘৰ পাই তাৰ নতুন জেদ, সি মোৰ লগত নাথাকে, আনকি এইটো ঘৰত নোসোমালেই, আহমেদৰ লগত ড্ৰাইভাৰ কোৱাৰ্টাৰত থাকিবলৈ ললে। মোৰ বাহিৰে বাকীবোৰৰ লগত এটা দুটা কথা পাতে। একেবাৰেই ওলাই নাযায় ঘৰৰপৰা। ডাক্তৰ ঘৰলৈকে মাতি দিওঁ। লাহে লাহে সুস্থ হবলৈ ধৰিলে অৰ্ণৱ। উৎপলৰ লগত বন্ধুত্ব গঢ়ি উঠিল, পঢ়াতো সহায় কৰি দিলে, উৎপল তেতিয়া higher secondary final দিব, লগতে Engineering entrance বিলাকৰ বাবেও সাজু হৈছিল। মই উৎপলক কৈ অৰ্ণৱৰ কাৰণেও ফৰ্ম ফিলাপ কৰালো। মোৰ কথা অৰ্ণৱে একো নুশুনে, কিন্তু ৰেজিয়া আৰু উৎপলে কুটুৰি কুটুৰি তাক পৰীক্ষা দিয়ালে। ভগৱানৰ কৃপাত দুয়োটাৰে JEC তে এডমিশ্যন হল।ভগৱানক পৰি পৰি সেৱা কৰিছিলো সেইদিনা। মোৰ দুয়োটা লৰা একেলগ হল। কিন্তু অৰ্ণৱে যেন ঘৰৰপৰা ওলাই যোৱাৰ সুযোগ এটাহে পালে। ভাৰাঘৰত থকাৰ জেদ ধৰিলে। কাৰো বুজনি কামত নাহিল। মইয়ো সমানে জেদী। উৎপল লগত থাকিলেহে থাকিবলৈ দিম বুলি কলো, সি বৰ এটা আপত্তি নকৰিলে। সেই তেতিয়াই যি গল আৰু ঘূৰি অহা নাই। JEC য়ে অৰ্ণৱক অলপ হলেও সলনি কৰিলে, মোৰ লৰাটো আকৌ জী উঠিলে, লাহে লাহে আসমীয়া কথা বতৰা শিকিলে, মানুহক ব্যবহাৰ কৰিবলৈ শিকিলে। কিন্তু আকৌ খেলিমেলি লাগিল তুমি অহাৰ পিছত।
:কিন্তু মই কি কৰিলো????
:তোমাক লগ পোৱাৰ পিছত, বিশেষকৈ পূজাত তোমালোকৰ ঘৰলৈ গৈ সি বুজি পালে   সি জীৱনত কি হেৰুৱালে, পৰিয়াল কি বস্তু, উৎসৱ পাৰ্ৱনত আপোন জনৰ লগত থাকি কেনেকুৱা লাগে, সেইদিনা সি তোমালোকৰ ঘৰৰপৰা চিধাই ইয়ালৈ আহিছিল, ঘৰৰ ভিতৰ নোসোমালে, মোক দুৱাৰমুখতে যিমান পাৰে গালি পাৰিলে, তাৰ জীৱনটো   কিয় ধ্বংস কৰিলো, দেউতাকক কিয় হত্যা কৰিলো, মোৰ প্ৰেমিক কোন যাৰ বাবে মই এইবিলাক কৰিলো, মুঠতে অকথ্য, অকল্পনীয় কিছুমান কথা শুনিলো সেইদিনা। কেনেকৈ বুজাওঁ মই, আচলতে কি হৈছিল, কেনেকৈ হৈছিল। কেতিয়া যে বুজি পাব, মোক এবাৰ মা বুলি মাতিব!
হুমুনিয়াহ এটা কাঢ়ি তেওঁ ৰৈ গল। মইয়ো কি কম ভাবি পোৱা নাই।
:আস্থা, খোজ বোৰ সাৱধানে দিবা, অৰ্ণৱ বৰ জটিল। তুমি নোৱাৰিবা চম্ভালিব। তাতে তোমাৰ পঢ়া আৰম্ভ হৈছেহে, মা দেউতাৰ কিমান ছাগে সপোন আছে তোমাক লৈ, তেওঁলোকৰ কথাও ভাবিবা। তুমি জানো বিচাৰিবা তেওঁলোকে মনতে দুখ পোৱাতো।
:আপুনি কি বিছাৰে?
:মানে?
:নহয় মানে, আপুনি মই অৰ্ণৱৰ পৰা আঁতৰি থকাটো বিছাৰে, নহয় জানো।
:মুঠেও নহয়, মই মাত্ৰ নিবিছাৰো তুমি তাৰ ওচৰলৈ ক্ষণিকৰ বাবে আহা, আধৰুৱা কৰি মোৰ লৰাটো এৰি গলে সি আকৌ পাগল হৈ যাব, অাৰু গোটেই জীবনৰ কথা ভাবিবলৈ তুমি বহুত সৰু হৈ আছা, গতিকে নিজে আকৌ এবাৰ ভালকৈ ভাবি চাবা।
:হমম, ঠিক আছে।
কথাৰ মাজতে নিশাৰ কথা পাহৰিয়ে গৈছিলো, সেইজনী উৰি অহা দি আহি হেঁচা মাৰি ধৰিলেহি, ৰেজিয়া বাইদেউয়ে খাবলৈ মাতিছে। তললৈ নামি আহিলো, খোৱাৰ টেবুলত বিধে বিধে খোৱা বস্তু সজাই থোৱা আছে। কিছুমান মই চিনিয়ে পোৱা নাই, মানে ঘৰত কেতিয়াও খাই পোৱা নাই। হাত মুখ ধুই খাবলৈ বহিলো, মোৰ মুখামুখি কৈ অৰ্ণৱৰ মাক বহিল। নিশা অাৰু ৰেজিয়া বাইদেউৰ কথা তেতিয়াও শেষেই হোৱা নাই।
ভাতকেইটা লিৰিকি বিদাৰি বহি আছো। ইমানবোৰ কথা লুকাই আাছিল অৰ্ণৱৰ মাজত, অাজি প্ৰায় ছমাহ দিন তেওঁ মোক লগ পাইছে, কিন্তু কোনোদিন একো নকলে কিয়। খং, জেদ এইবোৰৰ মাজতে দুখবোৰ কিয় লুকুৱাই ৰাখিলে?
:আস্থা, তুমি একো খোৱা নাই যে? বেয়া হৈছে নেকি ৰন্ধা?
ৰেজিয়া বাইদেউৰ মাতত উচপ খাই উঠিলো।
:নাই নাই, বেয়া হোৱা নাই, খাইছো।
পেটৰ ভোক কেতিয়াবাই মৰিল, অাজি বহুত কিবাকিবি জানিলো, শুনিলো। সঁচাকৈ মা দেউতা অাৰু মোৰ পৃথিৱী খন ইমান সৰল, ইমান কোমল, সব মানুহ তেনেকুৱা হব নোৱাৰে নেকি? সবেই সবকে মৰম কৰিব, ভাল পাব নোৱাৰে নেকি?
 খাই উঠি অলপ সময় বহি সকলোয়ে কথা পাতিলো, অৰ্ণৱৰ মাকে কিন্তু বাৰে বাৰে মোৰ ফালেই চাই আছে, মোৰ মুখৰ সলনি হোৱা ৰঙৰ কাৰণ তেওঁৰ বাহিৰে ইয়াত থকা আন কোনেও নাজানে। সোনকালে ওলাই যাব পাৰিলেই ৰক্ষা।
:বল নিশা, অামি গৈ থাকো।
:আৰে যোৱাই নে, ইমান ভাল লাগিছে কথা পাতি, অাৰু অকণ সময় বহাচোন।
ৰেজিয়া বাইদেউয়ে জোৰ কৰিলে।
:তেওঁলোকৰ বেলেগ কামো থাকিব পাৰে, যাবলৈ দিয়া।
অৰ্ণৱৰ মাকে ভালকৈয়ে বুজিছে মোৰ অবস্থা, কোৱাৰ লগে লগেই বহাৰ পৰা উঠিলো।
:বলা, মই থৈ আহিম।
:নালাগে, অামি অট’ লৈয়ে যাম, টাউনত অলপ বজাৰ অাছে।
মুঠতে মই আৰু নোৱাৰোঁ, নিশাক কথাবোৰ কবই লাগিব। লগতে অৰ্ণৱৰ লগতো কথা পাতিব লাগিব।বিদায় লৈ লৰালৰিকৈ ওলাই আহিলো।
:আস্থা, কি হল, কিবা কলে নেকি অৰ্ণৱৰ মাকে।
:সব কম, অটত উঠি লওঁ।
বিচাৰি বিচাৰি এখন অট পালো, নিশাক এফালৰ পৰা সকলোবোৰ কৈ গৈছো, মোৰ দৰেই তাইৰো বিশ্বাস হোৱা নাই কথাবোৰ, চকু কেইটা ডাঙৰ কৈ মেলি মোৰ ফালে চাই আছে মাত্ৰ। গোটেইবোৰ কথা কলো তাইক, এতিয়াহে পাতল লাগিছে বুকুখন।
:আস্থা, অৰ্ণৱ দাক এইবোৰ নুসুধিবি।
:কিয়?
:কিয় মানে, পুৰণা ঘাঁ খুঁচৰি কি লাভ। অৰ্ণৱ দা আন লৰাৰ নিচিনা নহয়, তোৰ আগত নিজৰ দুখৰ কথা কৈ কোনোদিন sympathy লবলৈ অহা নাই, তইয়ো অৰ্ণৱ দাক এইবোৰ কথা জনাৰ আগতেই ভাল পাইছিলি, so বাদ দে। অৰ্ণৱ দা তোৰ লগত অকণমান সুখী হৈছে, হবলৈ দেচোন।
:কতনো সুখী, অাজি নোযোৱা কাৰণে বেয়া পালে মোক। কাইলৈ ৰাতিপুৱা ঘৰলে যামগৈ, লগেই নাপাও চোন।
:I have a brilliant idea. অামি ঘৰলৈ কাইলৈ নহয়, পৰহিলৈ যাম। এনেও বাঁহতৰ exam শেষ হোৱা নাই, তেওঁলোক থাকিবই, আমিও আৰু এদিন থাকি দিওঁ। and তই কাইলৈ অৰ্ণৱ দাৰ লগত ওলাই যাবি।
:কি???
আগলৈ….
If you want to be notified as soon as the next post released, follow me in facebook

35 thoughts on “#JEC Chapter 2 Part 8

  1. এক সপ্তাহ ৰৈ ৰৈ ভাগৰি নপৰো মই🤗,ৰৈ থাকো শণিবাৰলৈ💁,কাৰণ পিছদিনা যে ৰৱিবাৰ💃,অতি হেঁপাহেৰে ৰৈ থাকো JEC লৈ,লগৰ বহুতে পঢ়া এৰি দিলে,কয়…ইমানদিনৰ পিছত দিয়ে,interest নোহোৱা হৈ যায় হেনো,পাহৰিয়ে যায় হেনো যোৱা সপ্তাহত কি হৈছিল🤦,কিতাপখনকে কিনি পঢ়িব হেনো,কিন্তু মোৰ দেখোন দিনে দিনে interest বাঢ়িহে যায়😍,তাজা তাজা পঢ়াৰ আমেজেই বেলেগ😁,কিতাপখন কিনি বাৰু আকৌ পঢ়িম…..
    ৰৱিবাৰে পুৱা চকু মেলিয়ে মনত পৰে আজি JEC দিব🤓,মুখত এটা হাঁহি ওলাই যায়😊,সেই হাঁহিটোৰ বাবে তোমাক ধন্যবাদ ইন্দ্ৰাণী বা💝,কি মোহে যে মুহিলা তুমি বা,বহুত ধন্যবাদ তোমাক💐🌹,সদায় সুখে শান্তিয়ে থাকা তুমি ভগৱানলৈ এইয়ে প্ৰাৰ্থনা🙏

    Liked by 1 person

  2. ajir part2 bor suti hol jen lgl….kn2 bhut kothai bujai gol…..xosakoi prithivi khn xohoj kn2 ear manuhbilakor mon bilak jotil,bujibo nuari…Arnab r past story 2 gm pai dukh lgl….ba nxt part alp dghl krba plz

    Liked by 1 person

  3. ajir part2 bor suti hol jen lgl….kn2 bhut kothai bujai gl….xosakoi prithibikhn xohoj kn2 ear manuhbilakor mon bilak jotil, bujibo nuari……Arnab r pst story2 gm pai dukh lgl….Ba nxt prt 2 alp dghl krba plz

    Liked by 1 person

    1. Jibont love story bohut xunisu. Bohut pohrisu kin2 ankwa hrdy sui jwa love story ketiao phra nii.
      Prokritir majot jiai asu. Khaisu xuisu furisu Ni xomoi . Prem vl pwa xokolre pra atori ahisu danobr xomajt thio hy njke bhogbn buli vbi xokolke putooo krisu. Manob jibnt kahanio nhle haten danbr Kahini jdi he xokolre majot thakil heten xsa vl pwa aru atmo bissakh khini.
      Ni karo mrm. Ni karo vl pwa.
      Xomoi a xokolke Nile aguwai . Jwa jwa buli hahe aru d a xeijnk bidai.
      Aji ai part2 phori khubei vl lgil . Moi atai ktha kB khuju jdi arnbr deotakok hoytaa nkrile heten Ami ankwa lv story ba arnb ankwa NHL heten. So xomoi a manuhk change krai kisumn manuhe xomoir agt dyri danob hy pore aru xomajt kulokhyanio Kam bor Kori akhn akhn xukhi porialk andhokaror mukht theli d a ..

      Like

  4. এইবাৰৰ সপ্তাহটো অলপ বেছিয়ে দীঘলীয়া যেন লাগিল….যিয়েই নহঁওক আজিৰ খণ্ডটি পঢ়ি খুবেই ভাল লাগিল ….বিশেষকৈ অৰ্ণৱৰ কাহিনীটো পঢ়ি চকু সেমেকি গ’ল…..অহা খণ্ডটি অলপ দীঘলীয়া কৰিবচোন বা!!

    Like

  5. Hosai baa story tu pohi khub a vl lage jimn a pohi goi asu himan ai ru pogibole mn jai..N parile week t 2din koi dbo try koribo baa

    Like

  6. গোটেই কাহিনী টো পঢ়িলোঁ । কেতিয়াবা পঢ়াখিনিকে আকৌ পঢ়িও আমনি নালাগে । মোৰ মতে সাহিত্য জগতৰ এখন উল্লেখযোগ্য লেখনি । আনহাতে কাহিনীটোৰ সাৱলীল বৰ্ণনা অন্যতম ভাল লগা । এনেকুৱা সাৱলীল বৰ্ণনা থকা কাহিনী খুব কমেই হে পঢ়িবলৈ পাওঁ । আগৰ খন্দটিলৈ অপেক্ষাৰে ।

    Like

  7. koboloi vakha nai dine dine kahini 2 vl lgi ase ….lgte excitement bari goi ase ….Arnab ari Aasta hidina lg kribo ne ? waiting for next part …..Baa 😍😘

    Like

  8. Love this incredible love story,so pure and so much to learn from it♥️.The most important part is to spread love and that’s what the story line depicts.

    Like

  9. অতি সুন্দৰ …হৃদয় চুই গল … পিছৰ অধ্যায়লৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰলো

    Like

  10. সময় পোৱা নাছিলো বাবে পঢ়োতে দেৰি হ’ল । ভাল লাগিল পঢ়ি।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s