love story

#JEC Chapter 2 Part 9

Previous: #JEC Chapter 2 Part 8

                   নিশা, উৎপল দা অাৰু অনুৰাগ, তিনিওটা Conference কল লগাই ঘণ্টা ঘণ্টা ধৰি একেটা কথাকে পাতি আছে, কাইলৈ অৰ্ণৱ অাৰু মোক কেনেকৈ লগ লগাই দিব পাৰি। কাৰণ খঙত একো নাই নাই হৈ অাছে অৰ্ণৱ, মোৰ নাম ললেও গালি পাৰে উৎপল দাক। মই মনে মনে সিহঁতৰ কথাবোৰ শুনি শুনি হাঁহি আছো।
:ফোনটো ল।
:কি??
নিশাই হঠাৎ ফোনটো মোক দি আঁতৰি গল, মই ভাবিলো উৎপল দাৰ লগত কথা পাতিব লাগে, কিন্তু নহয়, সিফালে অৰ্ণৱ।
:নিশা, কিবা কবি?
খং উঠি থাকিলে অৰ্ণৱ অলপ বেছি গহীন হৈ যায়।
:নিশা নহয়, মই ।আস্থা ।
:I don’t wanna talk to you.
:মোৰ অাছে কথা পাতিবলগীয়া, কাইলৈ লগ পাম।
কৈয়ে ফোনটো কাটি দিলো, কিমান সাহস কৰি কথাটো কলো নিজৰে বিশ্বাস হোৱা নাই।অপেক্ষা মাথোঁ এতিয়া ৰাতিপুৱালৈ। এটা ধুনিয়া দিনৰ সপোন লৈ শুই থাকিলো।
        ৰাতিপুৱা শুই উঠিয়েই ব্ৰাচদাল মুখত লৈ ফোনটো চালো, নাই অৰ্ণৱৰ খা খবৰ নাই। মুখ হাত ধুই ছাহ কাপ লৈ বহিছো, আহিলে মেছেজ এটা।
:be ready, I will come to pick you up.
  অৰ্ণৱ????!!!!
খঙটো কমিল মানে, মুখত আপোনা আপুনি হাহি এটা ওলাই গল, নিশাক চোঁচৰাই নমাই দিলো বিচনাৰ পৰা। এঘন্টা আছে মোৰ হাতত এতিয়া, বুকুখন ধক ধক কৰিবলৈ ধৰিলেই। নিশাৰ বেছিহে অবস্থা বেয়া, তাইৰে মোৰে গোটেই কাপোৰ সোপা বিচনাত মেলি লৈছে, কি পিন্ধিম সেইতো ভাবি পোৱা নাই। সুধিবলৈ কোনো নাই হোষ্টেলত, ৰাতিপুৱাই ঘৰলৈ গল সৱ, বাহঁতৰ পৰীক্ষা আছে। দুয়োজনীয়ে এশবাৰ মান ভাবি ভাবি অৰ্ণৱৰ প্ৰিয় ৰঙৰ চুৰিদাৰ এযোৰ উলিয়াই ললো, ৰঙা। গাটো ধুই ওলাই আহি নিশাৰ আগত বহি দিছো, সৰুতে পুতলা সজোৱাৰ নিচিনাকৈ তাই মোক সজাইছে, কাজল আঁকিছে, পাতলকৈ লিপষ্টিক লগাইছে।
:তই নিজে ওলোৱাই নাইচোন।
:পাগল হলি নি তই? মই আকৌ কেলে যাম তহঁত দুটাৰ লগত।
:তইহে পাগল, মই অকলে অকলে অৰ্ণৱৰ লগত কেতিয়াও নাযাও, তাতে কালিৰপৰা মূৰটো গৰম হৈ অাছে, ঠিকছে গালি দিব মোক, তইয়ো বল না, তই থাকিলে বেছি গালি নিদিয়ে।
বহুত কাকূতি মিনতি কৰি নিশাক মান্তি কৰালো, সিধান্ত হল, অামি যত যাম, তাই আৰু অনুৰাগ তালৈকে আহিব। উশাহটো ঘূৰাই পোৱা যেন লাগিলে।
আইনাত  নিজকে এবাৰ চালো, প্ৰিয়জনক লগ পোৱাৰ হাবিয়াস সকলোৰে বাবে এনেকুৱাই নে? নিজকে তেওঁৰ বাবে সজাই তুলি ভাল পায়নে সকলোৱে ?
বুকু খন এনেকৈয়ে ধক ধক কৰেনে???????
ফোনটো বাজি উঠিল, অৰ্ণৱ।
:I am waiting outside.
ওলাই যাবলৈ ভয় লাগিলেই, নিশাক টানি টানি লগতে লৈ আহিছো। গেটৰ সন্মুখত ৰৈ আছে অৰ্ণৱ। মোৰ দৰে চাগে তেওঁৰো হৈছে। কলা ছাৰ্ট আৰু ব্লু জিনছত অাৰু বেছি ভাল দেখাইছে, কিন্তু এই দাঢ়ি সোপা কিয় নাকাটে নাজানো, গুণ্ডা গুণ্ডা লাগি যাই কিবা। পাতলকৈ হলেও ৰাখিবই। বাইকখনৰ ওচৰত গৈ ভূত টোৰ নিচিনাকৈ ৰৈ আছো। অলপ আঁতৰত ৰৈ নিশাই মুখ খন টিপি টিপি হাঁহি আছে।
:উঠা।
ধক্।
খং তো কালিৰ সমানেই আছে। ছুৰিদাৰ জোৰতকৈ বেছি ৰঙা মোৰ গাল খনহে হৈছে।
লাজে ভয়ে সৰু বেগটোতে খামুচি ধৰি ৰৈ আছো, কিন্তু এনেকৈ থাকিলে আৰু গালি খাম, গতিকে হাতখন তেওঁৰ কান্ধত থৈ বাইকত উঠিলো। চিনাকি গোন্ধটো আকৌ এবাৰ উশাহত।হাতখন আতৰাই আনিলো।
:অামি কলৈ যাম?
:কিয় লাগে? You can trust me. You will be safe.
:নহয় মানে নিশা আহিব।
:whatttt?? You invited people to join us in our first date?See Astha, if you still have doubt or if you feel unsafe with me, then please go back, I can understand.
:নহয়, মই তেনেকৈ ভাবি নিশাক মতা নাই, তাই থাকিলে আপুনি কমকৈ গালি দিয়ে কাৰণে মাতিছিলো।
:You are impossible! Can we leave now?
:হমম ।
:Bye Nisha.
:বাই অৰ্ণৱ দা, আহি আছো পিছে পিছে, লান্স একেলগে কৰিম।
:Sure.
:পোৱালিক গালি চালি নিদিব দেই বেছিকৈ।
:পোৱালিক কোৱা মোৰ খং টো নুঠাবলৈ।
হাঁহি হাঁহি নিশা ভিতৰলৈ সোমাই গল।
:ভালকৈ ধৰি লোৱা।
সোঁহাত খন তেওঁৰ কান্ধত থলো, আৰু অলপ কাষ চাপি বহিলো অৰ্ণৱৰ। অাজি ইমানদিনে অামি দুয়োয়ে বিচাৰি ফুৰা আমাৰ সময়খিনি অাজি একেলগে কটাম। হে নমো, অৰ্ণৱৰ খং তো যেন অাজি কমকৈ উঠে!!!!! আৰম্ভ হল আমাৰ যাত্ৰা, ডিচেম্বৰ মাহৰ ঠাণ্ডাৰ আমেজ, অাৰু ৰদৰ কোমল পৰশ, এটা মিঠা মিঠা অনুভৱ, চকুকেইটাই জপাই উশাহটো টানি ললো,এই ভাল লগাৰ যেন শেষ নহয়। কলৈ গৈ আছো নাজানো, কিন্তু গৈ থকা ৰাস্তাটো খুব ধুনিয়া, দুয়ো ফালে কেৱল সেউজীয়া। অৰ্ণৱে এতিয়ালৈকে এটাও কথা সোধা নাই। মইয়ো কিবা সোধাৰ সাহস কৰিব পৰা নাই।
বহুত সময় তেনেকৈয়ে গুচি গল।
:মই যেতিয়া বেছি lonely feel কৰোঁ, ইয়ালৈ আহোঁ।
:ধুনিয়া ঠাই।
:তুমি অহা নাই কেতিয়াও?
:ওহোঁ।
বিশাল ব্ৰহ্মপুত্ৰৰ পাৰৰ এখন ধুনীয়া ঠাই , নহয়, খুব বেছি ধুনীয়া ঠাই। নিমাতী। মই আগতে কেতিয়াও যোৱা নাছিলো। বাইক খন ৰখাই অলপ খোজকাঢ়ি গলো। দূৰ দূৰলৈকে কেৱল ব্ৰ্হ্মপুত্ৰৰ বিশালতা। বুকু জুৰ পৰি যোৱাকৈ সুন্দৰ এটা পৰিৱেশ।যিহেতু ডিচেম্বৰ মাহ, বনভোজ খাবলৈ অহা মানুহৰ অলপ ভিৰ। কিন্তু হলেও কিবা এটা ভাল লাগি গল মনটো।
:I have a special place of mine, want to see?
:হমম ।
মানুহৰ ভিৰৰ পৰা অলপ আঁতৰি আহিলো, তললৈ নামি যাওঁতে অলপ ভয় লাগিল, হলেও অৰ্ণৱৰ হাতত ধৰি আগবাঢ়ি গলো, কহুৱা বনৰ মাজে মাজে গৈ অলপ নিজান এটুকুৰা ঠাই, কোলাহল শূন্য, বোৱতী পানীৰ শব্দৰে জীপাল।
:you know what, I always wanted to bring you here. ইয়ালৈ আহি বহুত শান্তি পাওঁ মই। অকলে বহুতবাৰ আহিছো, ঘণ্টাৰ পিছত ঘণ্টা বহিছো, চিগাৰেট খাইছো, জীৱনত কি পালো, কি নাপালো হিছাপ কৰিছো, this place is so special for me. And thank you for coming here, it became more special for me now.
:ইয়াত বহিব পাৰি?
:of course, why not.
দুয়ো বহি কেৱল বৈ যোৱা পানী খিনি চাই আছো, দুয়োৰে বুকুৰ মাজত বহুত কিবাকিবি ঘটি আছে , ঠিক এই পানীখিনিৰ দৰেই, ওপৰত শান্ত, গভীৰলৈ গলে কোবাল ঢৌ, অহৰহ খুন্দিয়াই থাকে মনৰ মাজত। অৰ্ণৱৰ সোঁহাতৰ মুঠিত মোৰ বাওঁহাতখন, খামুচি ধৰি আছে। এৰি দিলেই যেন হেৰাই যাম। তেওঁৰ ফালে এবাৰ চালো, চকুকেইটা অলপ সেমেকা। কি হল???
:এনেকুৱা কিয় কৰিলা তুমি আস্থা?? Why Damn it??
খামুচি থকা হাতখন আতৰাই দি মুখ খন ঢাকি ধৰিলে তেওঁ, কি কৰিলো মই???????
.. আগলৈ
If you want to be notified as soon as the next post released, follow me in facebook

50 thoughts on “#JEC Chapter 2 Part 9

  1. ইমান কম কমকে দিয়ে আপুনি। অলপ দীঘলকৈ দিব। এসপ্তাহৰ মূৰত দিয়ে যেতিয়া অলপ দীঘলকৈ দিলেহে ভাল লাগে।

    Liked by 1 person

    1. Uff moi tu Next part tu ketia ahibo taloi roi vagori porisilu vabisilu jec part aru nulaboi Sage but finally part 9 ulale 10 pohilu etia 11pohiboloi baki hunkale dibo ba 1week amar karone bohut hoi jaigoi

      Like

  2. Oh god ba Oman suspens
    এনেকুৱা কি কৰিলে আস্থাই আকৌ এক সপ্তাহ অপেক্ষা

    Like

  3. Oh god ba Oman suspens
    এনেকুৱা কি কৰিলে আস্থাই আকৌ এক সপ্তাহ অপেক্ষা কৰিব লাগিব সময়বোৰ চোন যায়ে নাহিব😭

    Like

  4. Kiya baru achal pahar majatu jut puwa jai tar thik arambhanite aku wait wait for Next part….. Situation t end kare……
    Waiting for next part

    Like

  5. আস্, ইমান অপেক্ষাৰ মূৰত ইমান অকণমান বা, মন নভৰেইচোন। 😦

    Liked by 1 person

  6. JEC পঢ়ি বহুত ভাল লাগিছে বা । কৃত্ৰিম পৃথিৱীখনত অকৃত্ৰিম মৰমবোৰ কাহিনীৰ মাজত হ’লেও দেখিবলৈ পাইছো । ধন্যবাদ বা
    আমাক JEC উপহাৰ দিয়াৰ বাবে ।

    Like

  7. কিবা এটা আধৰুৱা আধৰুৱা যেন অনুভৱ হ’ল আজিৰ খণ্ডটি পঢ়ি……তথাপি ভাল লাগিল…..অহা খণ্ডলৈ অপেক্ষা মাথোঁন…

    Like

  8. ইমান সুন্দৰ বৰ্ণনা । বৰ ভাল লাগিল । পঢ়ি থাকোতে আটাইতকৈ বেছি ভাল লগা কাহিনী টো যেন পঢ়ি আছো এনে যেনহে লাগে ।দৃশ্য সমূহ বাস্তবিক হৈ উঠা যেন লাগে মাজে মাজে । আকৌ এবাৰ কওঁ মোৰ অতি প্ৰিয় এটা কাহিনী পঢ়ি আপ্লুত হ’লো । ইমান সাৱলীল মনোগ্ৰাহী লেখা আগতে কেতিয়াও পঢ়া নাছিলো । আগৰ খন্দটিলৈ অপেক্ষাৰে ।

    Like

  9. Iman suti……😣😣😣😣😔😔😔😔…kiman wait kri acilu…aru okonman dibo lagicil…..ako nai next baar plzzz olp bec koi dibo ba…..

    Like

  10. Eta antorsporkhi khundar kahini…ei kahini tu pohile soritro bur jibonto hoi uthe.dhonyobad ba amak eta khundar kahini upohar diar babe…

    Like

  11. ইমান সুন্দৰ বৰ্ণনা ! বহুত ভাল লাগিল । অহা খণ্ডটি অলপ দীঘলকৈ পঢ়িবলৈ পোৱাৰ আশা ৰাখিলো । “জে ই চি ” আমালৈ আগবঢ়োৱা বাবে আপোনালৈ পুনৰায় ধন্যবাদ জনালো ।

    Like

  12. eti xundr love story..pohile jen pohi thakiboi mon jai…kinto khekh j kenekoi hoi gomoke napau.olop digholiya koi likhile vl pamm🙏…apunak k ki buli dhonyabad dim..kahini tor babe thnx alot baa

    Like

  13. বা পঢ়ি বহুত ভাল লাগিল 😍। সপ্তাহৰ মূৰত দিছে যেতিয়া অলপ দীঘলকৈ দিব। পঢ়িব লওঁতেই শেষ হলেই । পিছৰ ৰবিবাৰলৈ দীঘলকৈ দিব বুলি আশা কৰিলো । ❤️

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s