love story

#JEC Chapter 2 Part 12

Previous: #JEC Chapter 2 Part 11

:উঠ আকৌ আস্থা, অৰ্ণৱ দাৰ সপোন দেখি আছ নেকি? ঘৰলে যাব নালাগে?
কালি ঘুৰি আহি পোৱাৰ পিছতো অৰ্ণৱৰ বহুত কথাই থাকিল কবলৈ, ৰাতি ফোন কৰি কৰি বাৰে বাৰে একেটা কথা কৈয়ে জোকাই থাকিল, মোৰ গাল খনত হেনো অমলেট বনাব পাৰি, ইমানেই গৰম হৈ যায় তেওঁ ওচৰত থাকিলে।
হে নমো, এনেকুৱা অঁকৰা প্ৰেমিক মোকেই দিব লাগেনে?
মৰম লগা কথা এটা কব নাজানে।
হোষ্টেলৰ ওচৰ পাই নামিবলৈ নিদিলে, বাইকখন নৰখালেই, বহুত দেৰি কলেজৰ ওচৰে পাজৰে ঘূৰি থাকিলো, একেটা কথাতে লাগি থাকিলে, মই ঘৰত থাঁকোতে আমাৰ ঘৰলৈ যাবলৈ দিব লাগে তেওঁক, মইয়ো ঁহা বুলি নকলো, বহুত দেৰিৰ পাছত যেনিবা উপায় নাপাই নমাই থৈ গল। ৰাতি আকৌ ফোন কৰি কৰি একেটা কথাকে কৈ থাকিল।ৰাতিপুৱা সময়ত হে অকণমান টোপনি আহিছিল, আকৌ উঠিবৰ হলেই। টোপনিয়াই টোপনিয়াই বাথৰূমত সোমালো। নিশাই এইবাৰ দুয়োজনীৰে কাপোৰ ভৰাই আজৰি, আমাৰ ঘৰলৈ যাবলৈ মোতকৈ বেছি তাইৰহে উৎপাত। আইতাই তাইৰ ফোনত হে ফোন কৰে আজিকালি, কি খাব গৈ পাই সেইটোকে দহবাৰ মান সুধিলে এতিয়ালৈকে।
বাইদেউৰ দোকানতে চাহ খাই আহোগৈ বুলি ওলাই আহিলো দুয়োজনী, বহুত দিন বাইদেউৰ লগত কথাও নাই পতা। ভবা মতেই আগৰে পৰাই অৰ্ণৱ অাৰু উৎপল দা তাতে ৰৈ আছে। বাইদেউৱে মোক দেখি দূৰৰ পৰা চিঞৰ এটা মাৰিলে।
:কালি বোলে কোনোবা ফুৰিবলৈ গৈছিলে, অামি আকৌ ছোৱালী ডাঙৰ হল বুলি গমেই নাপাও।
অৰ্ণৱলৈ ঘোপাকৈ চালো, একো যেন নাজানেই তেনেকুৱা কৰি দেখালে। লাজতে মৰো নিচিনা লাগি গল।
চাহকাপ হাতত লৈ আঁতৰি আহিলো, উৎপল দাই নিশাক মাতি নি কিবা এটা কলে।
মই পিছলৈ চোৱা নাই, চিধা চিধি আহি আছো।
:মোৰ খং বেছি বুলি কৈ এতিয়া নিজে কি কৰি আছা।
পিছে পিছে আহি আাছিল তাৰমানে।
:এতিয়া অাৰু অাগৰ নিচিনাকে ধৰি ৰখাই নথওঁ।
:কিয়? ভয় লাগে মোলৈ?
:No no, because now I have my answer, that you love me.
অাজি জোখতকৈ অলপ বেছিয়েই হাঁহি অাছে কেতিয়াও নহঁহা মানুহজনে, কিবা এটা মৰম লাগিছে, জপৰা চুলি অাৰু ৰঙা ৰঙা চকুকেইটাৰে, শোৱাৰ পৰা উঠি চিধাই আহিছে ছাগে।
হোষ্টেলৰ সন্মুখ পাওঁতেই দেখিলো নিশাৰ দেউতাকক, গাড়ীখন আনি একেবাৰে ওচৰতে ৰখাই দিলেহি। আচৰিত হৈ গলো, আহিম বুলি কোৱা নাই, অাজি ইমান দিন হৈ গল তাইলৈ ফোন কৰাও নাই। নিশা দৌৰি আহি কিবা কবলৈ লৈ দেউতাকক দেখি একে ঠাইতে ৰৈ গল। অামি মাত্ৰ ইজনীয়ে সিজনীৰ মুখলৈ চাই ৰৈ আছো।
:ভালে আছা নে আস্থা? ওলাই আছা যদি বলা।বল মাজনী।
:মই নাযাঁও তোমাৰ লগত। কিয় আহিছা এতিয়া, যোৱাগৈ।
:পাপাৰ ভুল হৈ গল অ’, তোক ফোন কৰিবলৈও সাহস নাছিল, কালি আস্থাৰ দেউতাকক ফোন কৰি গম পালো অাজি যাবলৈ ওলাইছ বুলি, সেইকাৰণে ৰাতিপুৱাই আহিছো। বেয়া পায় নাথাকিবি, বল ঘৰলৈ।
নিশাৰ দেউতাকৰ চকুত অনুশোচনা স্পষ্ট। মানুহজনে নিজৰ ভুল বুজি পাইছে। এনেতে গাড়ীৰ পিছফালৰ দৰজা খুলি মানুহ এগৰাকী নামি আহিল, অলপ অসুস্থ যেন লাগিলেও এসময়ৰ ধুনিয়া চেহেৰা ম্লান পৰা নাই।পাতল সেউজীয়া শাড়ী এখন পিন্ধি আহিছে। মানুহগৰাকী দেখি নিশা অস্থিৰ হৈ পৰিল, মোক ধৰি ভিতৰলৈ টানি নিব খুজিলে। কিন্তু মানুহগৰাকী আহি তাইৰ সন্মুখতে ৰলহি, কি হৈছে একো ধৰিবই নোৱাৰিলো। অৰ্ণৱ অাৰু উৎপল দা সেইখিনিৰ পৰা আঁতৰি গল।
:মায়ে তোক ঘৰলৈ নিবলৈ আহিছে নিশা।
মানুহগৰাকীয়ে তেতিয়াও একো কোৱা নাই, নিশাৰ ভৰিৰ পৰা মূৰলৈকে বাৰে বাৰে চাইছে, গাল মুখ বোৰ মোহাৰি দিছে, হাত দুখন অলপ কঁপি থাকে। মানুহগৰাকীয়ে এইবাৰ নিশাৰ দেউতাকৰ ফালে চালে, কি সুধিব খুজিছে দেউতাকে যেন বুজি পালে, মূৰটো লাহেকৈ দুপিয়াই দিলে।
:নিশা মাজনী, ডাক্টৰে মা ভাল হৈ যাব বুলি কৈছে, অাৰু অলপ দিন কষ্ট কৰিব লাগিব, দৰবৰ লগতে meditation কৰিবলৈ দিছে, লাহে লাহে আগৰ কথাবোৰ মনত পেলাব পৰা হৈছে, তই থাকিলে আৰু সোনকালে ভাল হব। ঘৰলৈ অহা দিন ধৰি তোৰ কথাই সুধি আছে, বল মাজনী।
:ইমানেই যদি মৰম পলাই গৈছিলে কেলেই?
:তাত মোৰো ভুল আছিল, মই এওঁক কেতিয়াও সময়েই নিদিলো, টকা পইচাৰ মোহত সব পাহৰি গৈছিলো, অকলশৰীয়া মানুহে ভুল কৰি পেলায় কেতিয়াবা, তোৰ মাৰ লগতো সেয়াই হল, বাৰু সেইবোৰ বাদ দেচোন, ঘৰলৈ বল, মই ভালকৈ কথা পাতিম এই বিষয়ে।
:but মোৰ..
:অামি বেগ কেইটা লৈ আহিছো খুড়া।
নিশাক একো কবলৈ নিদিলো, তাইক ভিতৰলৈ লৈ আনিলো।
:কেলেই টানি আনিলি মোক, নাযাও মই ঘৰলৈ।
:কিয়? নিশা পুৰণা কথাবোৰ বাদ দেচোন, মাক দেখিলি তোৰ, কি অবস্থাত আছে মানুহগৰাকী, তোৰ বেয়া লগা নাই?
:লাগিছে, বহুত বেয়া লাগিছে, কিন্তু সেই বুলি মোৰ খং কমা নাই।
:বুজি পাইছো, কিন্তু এতিয়া সেইবোৰ বাদ দে, ঘৰলৈ যা, দেউতাৰ লগত ভালকৈ কথাবোৰ পাতি ল, চাবি, সব ভাল হব। বহুত বুজাই বঢ়াই মান্তি কৰালো। দুয়োজনী ওলাই আহি গাড়ীত বহিলো। মাকে নিশাক টানি নিয়াদি নি নিজৰ লগত পাচৰ চিটটোত বহাই ললে, মই আগতে বহিলো, অৰ্ণৱে দূৰৰপৰা সকলো চাই আছিল, কিন্তু এই মুহূৰ্তত ওচৰলৈ আহিব নালাগে বুলি তেওঁ জানে। সেইকাৰণেই ভাল লাগে মোৰ তেওঁৰ ব্যক্তিত্বক, দূৰৰপৰাই হাতখন দাঙি বিদায় জনালে।
নিশাৰ মাকে গোটেই ৰাস্তাটো উচুপি উচুপি কান্দি আহিছে, নিশাক গালে মুখে চুমা খাইছে, কিন্তু মুখেৰে একো কব নোৱাৰে, দেউতাকে মাজে মাজে কিবা লাগিব নেকি, খাবা নেকি সুধিলে মূৰ দুপিয়াই উত্তৰ দিয়ে।
:খুড়ীয়ে আগৰপৰাই কথা নহয়।
:আগতে তেওঁ কথা কৈ কৈ আমনি লগাই দিছিল, কিন্তু এতিয়া এনেকুৱা এটা trauma তেওঁ সহ্য কৰিব লগা হল যে মুখেৰে মাতেই নোলোৱা হৈ থাকিল। কিন্তু ঠিক হৈ যাব বুলি কৈছে ডাক্তৰে। আশাতে জীয়াই আছোঁ আমিবোৰ, তেওঁ ঘূৰি আহিল, সেয়াই মোৰ বাবে বহুত।
ভালপোৱাৰ কিমান ৰূপ!
কিমান বেলেগ এওঁলোকৰ মাজৰ সম্পৰ্ক।
সম্পৰ্ক শেষ হলেও আচলতে ভালপোৱা কেতিয়াবা থাকি যায় কৰবাত।
নিশাৰ বাবে সুখী হলো, তাইক যেন মৰমেৰে উপচাই ৰাখা নমো। ফোনটো বাজি উঠিল। অনুৰাগৰ ফোন।
:ক কি হল?
আজিকালি অামি তই তই বুলিয়েই কওঁ, নিশাৰ লগত থাকি থাকি ময়ো একেই হৈছো।
:আস্থা, নিশাৰ খং উঠিছে ন, মোৰ ফোন উঠোৱা নাই, যোৱাৰ আগতে মাতিছিল মোক, সাৰেই নাপালো বে, এতিয়াহে অৰ্ণৱ দাক বাইদেউৰ তাত লগ পাওঁতে কলে তহঁতি গলিগৈ বুলি। নিশাক দেচোন ফোনটো।
:এতিয়া নালাগে পাতিব দে, তাই তোক পিছত ফোন কৰিব।
এইখিনি সময় নিশা অাৰু তাইৰ মাকৰ বাবে, দুয়ো বহুত বেছি জুৰুলা হৈ পৰিছে জীৱনত। হাঁহিৰ আঁৰত লুকাই থকা চকুপানী বোৰ নিশাৰ দুগালেদি বৈ আহিছে। মাকৰ কোলাতে মূৰটো থৈ শুই আহিছে তাই। দেউতাকে সুখৰ চকুলো টুকিছে। ভাঙি যোৱা ঘৰ এখন আকৌ গঢ় লৈছে। আহিবলগীয়া দিনবোৰ সুখৰ হওক সকলোৰে।
হে নমো, অৰ্ণৱ অাৰু তেওঁৰ মাকৰ মাজতো সব ঠিক কৰি দিবা।
খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালো।
অাজি যেন সকলো সুখী, অৰ্ণৱ, নিশা,তাইৰ মা, দেউতা, মই!!!!!
ইমানবোৰ ভাল লগা একে দিনাই!
এনেতে অৰ্ণৱৰ মেছেজ আহিল।
“I already miss you my blush queen”
ফোনটো বুকুৰ মাজত হেঁচি ধৰিলো।
অাজি সকলোবোৰ ভাল লগা, মিঠা মিঠা!!!

… আগলৈ

If you want to be notified as soon as the next post released, follow me in facebook