love story

#JEC Chapter 2 Part 13

Previous: #JEC Chapter 2 Part 12

ঘৰত থকা দিনকেইটাত অৰ্ণৱে দিনটোত মেছেজ কৰি কৰি পাগল কৰি দিয়ে, তাতে আকৌ নতুনকৈ অসমীয়া লিখা পঢ়া শিকিছে, অ অা ক খ লেখি ফটো মাৰি পঠিয়াই, মই হাঁহি হাঁহি মৰো। ঋ টো লিখোঁতে হেনো আঙুলি বিষাই গল।মোৰ এনেকুৱা লাগে, অৰ্ণৱৰ মাজত লুকাই থকা সৰু লৰাটো মোৰ ওচৰত অাৰু সৰু হৈ যায়। দিনবোৰ অাৰু বেছি ধুনিয়া হৈ পৰিছে আজিকালি। আইতাৰ লগত কথা পাতি থাকোতেও মনে মনে হাঁহি থাকো । মাৰ চকুত ধৰা পৰোঁ বুলি নিজকে চম্ভালি থাকো, কিন্তু অৰ্ণৱৰ মেছেজ আহিলেই সৱ খেলি মেলি লাগি যায়। মায়ে কথাটো মন কৰি আছিল। এদিন ৰাতি শুই থাকোঁতে সুধিলে মায়ে…
:জীও, কি লুকুৱাই ৰাখিছ মোৰ পৰা। কব পৰা কথা যদি কৈ দে।
:একো নাই.. মানে.. পিছত কলে হব নে?
:ঠিক আছে, পঢ়া শুনা ভালকৈ কৰি থাকিবি, বাকীবোৰ পাছতো হৈ থাকিব, এইখিনি সময়ত পঢ়াত মন দিবি ভালকৈ, আগতে তোক পঢ়াৰ কথা কবই নালাগিছিল, এতিয়া কথাবোৰ অলপ বেলেগ যেন লাগিছে। বুজি পাইছো বাৰু। ভাবি গুনি আগবাঢ়িবি।
মাৰ কথাকেইটাই আকৌ মনত খেলিমেলি লগায় দিলে, ভুল কৰিছো নেকি মই?
নাই নাই, ভালপোৱা কেতিয়াও ভুল হব নোৱাৰে।
মোৰ মনত তেওঁৰ প্ৰতি কেৱল ভালপোৱা অাছে, ইমান ধুনিয়া অনুভব ভুল হব পাৰে জানো???
অাৰু মোৰ মৰমে যদি কাৰোবাৰ জীবনটো আকৌ জীয়াই তোলাত সহায় কৰে, মই সেই মৰম দিয়াত কেতিয়াও কোনো কৃপণালি নকৰোঁ। কথাবোৰ ভাবি নিজকে কিবা ডাঙৰ ছোৱালীৰ দৰে লাগিল, আজিকালি মইয়ো মাৰ নিচিনাকৈ কথাবোৰ ভাবিব পৰা হলো। মাক সাৱটি শুই থাকিলো, মোৰ এতিয়া কৰিবলগীয়া বহুত আছে, সাহস আৰু প্ৰেৰণা দুয়োটাৰে প্ৰয়োজন, অাৰু মাৰ বুকুতে সকলোবোৰ নাই জানো!!!

ঘৰৰ পৰা ঘূৰি আহি এজনী নতুন নিশাক লগ পালো, এতিয়া আৰু তাই মানুহক দেখুৱাবলৈ নাহাঁহে, মনেৰে হাঁহে, মাক বহুত খিনি সুস্থ হৈছে, কথা পাতিবলৈ আৰম্ভ কৰিছে, দেউতাকেও সময় দিছে নিশাক, আনকি তাইৰ লগত ভিডিঅ গেম খেলিবলৈ শিকিছে। মুঠতে এজনী অন্তৰৰ পৰা সুখী নিশা। মনটো ভাল লাগি গ ল তাইৰ কথাবোৰ শুনি।পিছে মোৰ অৰ্ণৱ কিন্তু বৰ এটা সলনি হোৱা নাই, মোক দিনটোত এবাৰ নেদেখিলে খং উঠি আহেই, উপায় নাপাই আকৌ ওলাই আহো গেটৰ সন্মুখলৈ, বচ্, সিমানেই লাগে তেওঁক, দূৰৰ পৰা চাই হলেও গুচি যাব কিন্তু এবাৰ হলেও দেখা দিবই লাগিব। ঘৰৰ পৰা অহাৰ কেইদিন মান পাছত কলেজ উইক আৰম্ভ হ ল। ৰাতিপুৱা ৫ টা বজাতে উঠি পেৰেড কৰিবলৈ যাওঁ। প্ৰত্যেকটো হোষ্টেলৰ পৰা এটা এটা গ্ৰুপ বনাই পেৰেডত ভাগ লয়। হোষ্টেল নাইনৰ ছোৱালী বিলাক যেন বহুত বেছি ব্যস্ত এইকেইদিন, নাছ, গান, নাটক, মেগাজিনৰ কাম আৰু বহুত কিবা কিবি। ৰাতিপুৱা পেৰেড কৰি আহি কলেজলৈ যাওঁ, ঘুৰি আহি আকৌ গ্ৰুপ ডান্সৰ practice কৰোঁ। খাবলৈ শুবলৈ সময় নোহোৱাৰ নিচিনা হৈছে, কিন্তু খুব ভাল লাগিছে এই ব্যস্ততা। অৰ্ণৱে বুজি পায়, এইকেইদিন ফোন কৰি সোনকালে শুবলৈ কয়, বেছি কথা নাপাতে।কলেজ উইকত যিমান পাৰো ফুৰ্তি কৰিলো, সেইকেইদিন পঢ়া শুনা বাদ, অকল উৎপাত সবৰে। উখল মাখল পৰিৱেশ, JEC খন অাৰু বেছি ভালপাই পেলালো এইকেইদিনত। শেষৰ দিনা ৰাতি musical night, rock show সকলোবোৰ উপভোগ কৰিলো, অাৰু আটাইতকৈ ভাল লগা কথা, অৰ্ণৱেও মন খুলি হাঁহিছে, তেওঁৰ বন্ধু সকলৰ লগত ফুৰ্তি কৰিছে। ইয়াৰ মাজতে বাৰু দুবাৰ মান অামি কাজিয়াও লাগিলো, নালাগি নোৱাৰি আচলতে। কালি আমি যেতিয়া বিহুৰ কাৰণে সাজু হৈ আহি আছো, ষ্টেজত উঠিবৰ হল, কৰ পৰা জানো ওলালেহি, হাতখনত ধৰি টানি নিলেই চুক এটালে..
:why damn it? I asked you so many times. Answer me!
ওলাই মেলি হোৱাৰ পাছত তেওঁক মাতি দিবলৈ কৈছিল, সকলোতকৈ প্ৰথমতে মোক যাতে অৰ্ণৱে দেখে বিহুৰ সাজত, কিন্তু এনেই দেৰি হৈছিলে তাতে আকৌ অৰ্ণৱে পালে হলেই আৰু, সেইকাৰণে নামাতিলো, মনে মনে গুচি আহিলো, এতিয়া বিচাৰি বিচাৰি পালেহি  ইয়াত, খঙত জ্বলি পকি আহিছে। কি যে হব আমাৰ। কেতিয়াবা ভাবিলে ভয় হে লাগে। কলেজত সবেই গম পালে আমাৰ কথা, এতিয়া অাৰু একো লুকাই থকা নাই। বাঁহতে মোৰ অবস্থা দেখি হাঁহিলে। গালি কেইটা খাই  হাঁহি হাঁহি বিহু নাছিব লগীয়া হৈছে। কেতিয়াবা কেতিয়াবা অৰ্ণৱক দেখিবলৈ মন নাযায়।
দিনটোত এবাৰ হলেও কাজিয়া এখন লাগো, কিন্তু বেছি দেৰিৰ কাৰণে নহয়। অৰ্ণৱ অাৰু মই এতিয়া যেন এখন বেলেগ পৃথিৱীৰ বাসিন্দা, যত কেৱল অামি দুয়ো আছো,অামি নিজৰ সৰু সৰু কথা বোৰ share কৰোঁ, ইজনে আনজনৰ ভুল খিনি দেখুৱাই দিওঁ,কেতিয়াবা আকৌ সেই নিমাতী ঘাটৰ নিজান ঠাইখিনিত বহি ভৱিষ্যতৰ সপোন দেখোঁ, অৰ্ণৱৰ অসমীয়া ভাষাৰ লিখনি দেখি পাগলৰ দৰে হাঁহো, মুঠতে সকলোবোৰ কিবা নতুন নতুন।  এই সকলোবোৰ কথাৰ মাজত মোৰ পঢ়াৰ হিছাপ কিন্তু তেওঁ ঠিকেই ৰাখে, আনকি নপঢ়িলে মাতকৈ বেছি গালি পাৰে। ক্লাছ bunk কৰি এদিন মই, নিশা অাৰু অনুৰাগ canteen অত বহি আছিলো, মানে এই দুটাৰ চাহ খাবলৈ উৎপাত, মোকো টানি টানি লৈ আনিলে, পিছে কি হব, ছাহ নোখোৱাকৈয়ে হল, অৰ্ণৱৰ গালি খাই টোপনি ভাগি গল। তেতিয়াৰপৰাই অনুৰাগে অৰ্ণৱক মুগেম্বু বুলি মাতে।অনুৰাগ অাৰু নিশাৰ প্ৰেমো আজিকালি একেবাৰে তুংগত, দুয়োটাই অকল দিনটোৰ বেছিভাগ সময় পঢ়া এৰি বেলেগ কিবা কৰাৰ কথা পাতে, কিন্তু কি কৰিব এটায়ো নাজানে। মোকো লগতে পাগল কৰি দিয়ে। JEC ৰ এটা এটা দিন আজিকালি হিছাপ কৰোঁ, অৰ্ণৱ কলেজ এৰি গুচি গলে কিবা এটা শূন্যতা আহি যাব, প্ৰথম দিনাৰেপৰা তেওঁক কলেজত দেখি আহিছো, মোৰ ওচৰত নাথাকিলেও এবাৰ দেখা পাইছো, কিন্তু অাৰু কেইদিনমান পিছত কি হব? আজিকালি লগ পালেই সেইবোৰ কথাই পাতো, তেওঁ কয় পঢ়াত মন দিবা, মোৰ কথা ভাবি নাথাকিবা, কিন্তু সেয়া জানো সম্ভৱ? সব কথাতেই মনত পৰিব তেওঁলৈ,মোৰ এনেকুৱাই হয়, কাৰোবাক যেতিয়া বহুত বেছি ভাল পাওঁ, সেই মানুহবোৰ মোৰ ওচৰত নাথাকিলে মোৰ একো কে ভাল নালাগে, অাৰু অৰ্ণৱ এতিয়া মোৰ বাবে কি সেইয়া মই তেওঁকো বুজাব নোৱাৰোঁ, মা দেউতাৰ বাহিৰে যদি কাৰোবাক ইমান বেছি ভাল পাইছো সেইয়া হৈছে অৰ্ণৱ।
লাহে লাহে তেওঁৰ যোৱাৰ দিন চমু চাপি আহিছে, তাতে প্ৰজেক্টৰ কামত অৰ্ণৱ বহুত বেছি ব্যস্ত আজিকালি। তেওঁলোকৰ theory class বেছি নাথাকে, গতিকে কলেজতো নেদেখো। উৎপল দাৰ লগত বাহিৰত কৰবাত project কৰিছে। দিনটো তাতেই পাৰ হয়, ৰাতি শোৱাৰ সময়ত মাত্ৰ ফোন এটা কৰে। এতিয়াই এনেকুৱা, আঁতৰি গলে চাগে মোক পাহৰিয়ে যাব।আজিও নেদেখিলো, ফোন এটাও নাই কৰা। বিচনাত পৰি বাৰে বাৰে ফোনটো চাই আছো।
:Hey… Sorry, I am really sorry.
:হমম
:বেয়া পাইছা?
:ওহোঁ।
:I have a good news, I cleared the interview with 99 games and my internship is assured. Exam শেষ হলেই join কৰিব পাৰিম, result অৰ কাৰণে ৰব নালাগে। isn’t it great?
:ভাল খবৰ, congratulations.
:I am really very happy Astha. You are my lucky charm.
:হমম ।
:পোৱালিৰ বহুত খং উঠি আছে??
:নাই ।
:তেতিয়া হলে নাকটো কিয় ফুলি অাছে?
:আপুনি কেনেকে দেখিলে?
:Miss Astha Baruah, I know every damn thing about you.
:একো নাজানে আপুনি।
:মই কি কি জানো, যোৱাৰ আগতে কৈ যাম, এতিয়া শুই থাকা, সৰু ছোৱালী সোণকালে শুই যাব লাগে। love you Puwali.
:Good night. Bye
এনেকুৱাই হয় আজিকালি, কোনোবা এটাৰ খং উঠাটো নিচ্ছিত।পিছে অভিমান নাথাকিলে জানো ভালপোৱা থাকে?
এই অভিমান, অাৰু তাৰ পাছত ইজনে সিজনৰ অভিমান ভাঙিবলৈ কৰা সৰু সৰু প্ৰচেষ্টা বোৰ, এইবোৰতেই লুকাই থাকে সুখৰ ঠিকনা। অৰ্ণৱ অাৰু মোৰ বাবে JECৰ এই দিনবোৰ আমাৰ দুয়োৰে জীৱনৰ আটাইতকৈ ভাল লগা দিন, এবাৰ হেৰাই গলে আৰু ঘূৰি নাহে, ধৰি ৰাখিব খোজো বুকুৰ মাজত, যেতিয়াই মন যাব, টোপোলা খুলি উলিয়াই আনিম, আকৌ জীয়াম, আস্থা অাৰু অৰ্ণৱৰ কাহিনী লিখিম।
চাওঁতে চাওঁতে পৰীক্ষা পালেহি,মনটোক বহুত বুজাই পঢ়াত লগাইছো, মোৰ পৰীক্ষা শেষ হোৱাৰ পাছতেই অৰ্ণৱ যাবগৈ, মাজত মাত্ৰ এটা দিন পাম। নিশাই বুজাই, আকৌ আহিব নহয়, তই বেছি ভাবি থাক কথাবোৰ। কিন্তু কি কৰিম, সব মানুহ practical হব নোৱাৰে, মোৰ দৰে emotional fool(সুজাতাৰ ভাষাত) এতিয়াও এইখন পৃথিৱীত জীয়াই আছে, অাৰু আমাৰ কাৰণে ভালপোৱাই সকলো, তাৰ পাছতহে বাকীবোৰ। যেনেতেনে পৰীক্ষা টো শেষ কৰিলো, অৰ্ণৱৰ লগত ভালকৈ কথাও পতা নাই এইকেইদিন। কিন্তু অাজি পৰীক্ষা শেষ কৰি ওলাই আহিও তেওঁক লগ নাপালো, ফোন কৰোঁতে অাজি লগ কৰিব নোৱাৰিম বুলি কলে। কিন্তু কিয়? কি কামত ইমান ব্যস্ত হৈ পৰিল অৰ্ণৱ। হয়তো মোক এৰি চলাৰ অভ্যাস এতিয়াই গঢ়ি লৈছে তেওঁ…
আগলৈ….

 

If you want to be notified as soon as the next post released, follow me in facebook

Advertisements

21 thoughts on “#JEC Chapter 2 Part 13

  1. বা শেষৰ লাইনত বুকুখন কিবা ধক ধক কৰিব লৈছে সচাকৈ অৰ্ণবে আস্থাক এৰি থাকিব পাৰিব নেকি
    বা ইমান নিষ্ঠুৰ হৈ যাব নে

    Like

  2. এই খন্দৰ কাহিনী ভাগ বৰ সুন্দৰ কৈ সজাই লিখিলে । বৰ ভাল লাগিল । খন্দটি দীঘলীয়া সুকীয়া আমেজ আনফালে আমনিদায়ক হোৱা নাই । আগৰ খন্দটিলৈ অপেক্ষাৰে ।

    Like

  3. বা…. একেইবাৰতে কাহিনীটো দি দিয়কছোন । আমনি লাগি যায় পঢ়িম পঢ়িমকৈ ।

    Like

  4. বহুত বহুত ভাল লাগিল । সকলো চৰিত্ৰ যেন আমাৰ আপোন হৈ পৰিছে ! ধন্যবাদ বা !

    Like

  5. আপোনাৰ এই লিখনিয়ে পুৰণি বহুত কথা মনত পেলাই দিছে। শুভকামনা থাকিল বা।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s