love story

#JEC Chapter 2 Part 15

Previous: #JEC Chapter 2 Part 14

অৰ্ণৱে বেঁকাকৈ হাঁহি এটা মাৰি চালে মোৰ ফালে, মই ঘোপাকৈ চাই পঠিয়ালো। মোৰ ফোন টোত মেছেজ কৰিছে..
:Dont think too much, Its not crime,we just kissed and I think it was the most beautiful thing ever happened to me. I love you Puwali. Dont become more red, else I will kiss you again.

একো reply নিদিলো ।
এইবাৰ উঠি আহি ওচৰ পালেহি।
:দুখ পালা?
:দাঢ়ি বিলাকে বিন্ধে।
:What?? You are damn cute Astha, I think I..
হে নমো, সব কথা কেলেই ওলাই যায় মোৰ মুখৰপৰা, অৰ্ণৱে অাৰু বেছি জোকাব এতিয়া। দৌৰি গৈ নিশাৰ ওচৰ পালো গৈ।
সোনকালে ঘৰলৈ যাব পাৰিলেই হয় প্ৰভূ, আজিচোন অৰ্ণৱলৈ বেছি ভয় লাগিছে, ভালেই হব কাইলৈ যাবগৈ।উৎপল দা অাৰু অনুৰাগে মোৰ অাৰু নিশাৰ লগত সমানে কাম কৰিছে , পিছে অৰ্ণৱে পাচলি কাটিবলৈ লৈ প্ৰথমতে আঙুলি টো কাটি ললে, তাৰ পাছত অাৰু তেওঁক অামি একো কাম নিদিলো, হাঁহি ধেমালিৰে সময়বোৰ পাৰ হল,
অৰ্ণৱৰ পৰা যিমান পাৰো আতৰি আছো, দুবাৰমান কিবা কবলৈ ওচৰ চাপি আহিছিল যদিও মই সুবিধা নিদিলো, অদ্ভুত ধৰণৰ লাজ এটাই হেঁচা মাৰি ধৰিছে অাজি। আমাৰো ঘূৰি অহাৰ সময় হল, তেওঁক উপহাৰটো দিয়াই নহল, সৱৰে আগত দিবলৈ ভালো লগা নাই। নিশাই কথাটো বুজি পালে।
:আস্থা, অৰ্ণৱ দাৰ লগত কিবা কথা আছে যদি পাতি ল, অামি ৰৈছো তলতে।
মোক দুৱাৰমুখতে এৰি গুচি গল, দুৱাৰখনৰ বাহিৰত মই,ভিতৰফালে অৰ্ণৱ ।
:এইটো আপোনাৰ কাৰণে।
উপহাৰটো আগবঢ়াই দিলো।
:কি এইটো, খুলি চাও?
:হমম।
মুখখন উজ্বলি উঠিল তেওঁৰ, ইমান সৰু সৰু কথাত ইমান বেছি সুখী হৈ পৰে অৰ্ণৱ, সদায় যেন এনেকৈয়ে ৰাখা নমো।
:Thank you so much, its so special for me!পাপা গুচি যোৱাৰ পিছত, এইটো মোৰ ফাৰ্ষ্ট গিফ্ট, এতিয়ালৈকে নিজেই নিজকে যি লাগে দি আছিলো। Thank you.
কিবা কম বুলিও ৰৈ গলো, নোপোৱাৰ হিচাপ বৰ জটিল, তাতে অৰ্ণৱৰ জীৱনত অপ্ৰাপ্তিৰ বাহিৰে একোকে নাছিল।
অৰ্ণৱ ভিতৰলৈ সোমাই গ ল, ওলাই আহোঁতে হাতত এটা সৰু পলিথিন।
:Can I  take this with me?
:কি সেইটো?
খুলি দেখুৱালে, মোৰ সেই দোপাত্তাখন, কপালী ডাল, অাৰু baby powder সানি দিয়া ৰুমাল খন, লৈ যাব খুজিছে লগত। কি কৰিম মই এই মানুহটোক লৈ, কিমান ভাল পালে মানুহে এনেকৈ বিচাৰে কাৰোবাৰ সান্নিধ্য??
মই অৰ্ণৱৰ প্ৰেমত আকৌ পৰিলোঁ,এবাৰ নহয়, হেজাৰবাৰ।
মূৰটো দুপিয়াই মাথোঁ সন্মতি দিলো।
:ভালকৈ বস্তুবোৰ চাই লব আকৌ এবাৰ,কাইলৈৰ কাৰণে alarm দি থব, মই আকৌ মনত পেলাই দিম বাৰু, পাৰিলে আপোনাৰ মাক এবাৰ ফোন এটা হলেও কৰি যাব।
:Nope, I wont call her.
মাকৰ কথা কলেই কিয় এনেকুৱা কৰে নাজানো।
:আপোনাৰ ইচ্ছা, কৰা হলে তেখেতে ভাল পালে হয়।
:ফোন নকৰোঁ, লগ কৰি আহিম, তুমি যাবা লগত?
:সচাঁ??????
কি শুনিছো এইয়া, অৰ্ণৱ নিজৰ মাকৰ ওচৰলৈ যাব, লগ কৰিব, কথা পাতিব।
:মাৰ লগতে থাকিম অাজি ৰাতি, কাইলে তাৰ পৰাই যাম। বলা তুমিও, মই থৈ যামহি আকৌ।
:ওহোঁ, আপুনি নিজৰ ইচ্ছাত যাবলৈ ওলাইছে, ইমান ভাল কথা, মায়ে কিমান ভাল পাব, তেখেতৰ লগত অকলে কথা পাতক, মই গলে এনেকুৱা লাগিব মই আপোনাক জোৰ কৰি লৈ গৈছো। তেখেতে মনত দুখ পাব। পিছত মই যাম বাৰু আপোনাৰ লগত।
:Astha.. I will miss you like hell..
কথাবোৰ লাহে লাহে নোলোৱা হৈছে, মোৰ চকুপানী ৰখাই থোৱা সম্ভৱ হৈ থকা নাই, ওঁঠ দুটা কামুৰি যেনেতেনে আছোঁ। অৰ্ণৱে হাত খন খামুচি ধৰিলে।
:Shhhh… please don’t cry. No.. Please.
:মইয়ো আপোনাক বহুত বেছি মিছ কৰিম, বহুত বহুত… বহুত বেছি।
ধেৰ কিবা কব খুজিছিলো, কিন্তু শব্দ হেৰাই গল, বুকুখন গধুৰ, উশাহ লওঁতে কষ্ট পাইছো।
:মই আহি থাকিম নহয়, নাকান্দিবা। আৰু মোক এটা help কৰিবানে?
:কি?
:মাজে মাজে কেতিয়াবা টাইম পালে, মালৈ ফোন এটা কৰিবা, মোৰ মালৈ। She is very lonely,and  you can make anyone happy Astha, I cant talk to her much all of a sudden, its very new for me. Will you do that for me?
:হমম, কৰিম ।
তাতকৈ বেছি আৰু একো কব নোৱাৰিলো। বাহিৰত অৰ্ণৱ ইমান খঙাল, ইমান জটিল, কিন্তু ভিতৰখন জুমি চালে একেবাৰেই সহজ, শিশুৰ দৰে কোমল। ভালপোৱাৰ লগতে তেওঁৰ বাবে সন্মান দুগুনে বাঢ়িল আজি।
:নিশা আৰু অনুৰাগ অট’ত যাওক, তোমাক মই থৈ আহিম।
না কোৱাৰ ইচ্ছা মোৰো নাছিল, ময়ো অৰ্ণৱৰ লগত আৰু অলপ সময় থাকিব বিচাৰিছিলো। বাইকৰ পিছত বহি তেওঁ নোকোৱাকৈয়ে এখন হাতেৰে মেৰিয়াই ধৰিলো, অাজি যেন মোৰ ভয় লাগিছে, মোৰ অৰ্ণৱ মোৰ পৰা আঁতৰি যাব বুলি, সেইবাবেই সামৰি ৰাখিব খুজিছো, যিমান পাৰো সিমান ওচৰত। হোষ্টেলৰ ওচৰত নামি বহু সময় ৰৈ থাকিলো, তেওঁ ভিতৰলৈ যাবলৈ কোৱাৰ পাছতো নগলো, এন্ধাৰ নামি আহিল, মোৰ কিন্তু আতৰি যোৱাৰ ইচ্ছা নাই।
:আস্থা, dont do this, dont make it more difficult for me, please. মই ঘৰ যাব নালাগে?
স্বাৰ্থপৰ হৈ গলো মই, নিজৰ মাকৰ ওচৰলৈ যাবলৈ ওলাই মোৰ ওচৰত ৰৈ আছে, নিজকে অপৰাধী যেন লাগিল।
:আপুনি যাওক এতিয়া, ৰাতি ফোন কৰিব।
আৰু অলপ সময়ৰ পাছত কান্দোন ওলাই আহিব, তেওঁ বুজি পালে। মোৰ গালত লাহেকৈ হাত ফুৰাই দিলে,..
:মোৰ পোৱালি…
যেন এক আশ্বাস.. মই তোমাৰ লগত সদায় থাকিম আস্থা।
:I love you so damn much.
গুচি গ ল অৰ্ণৱ।
নেদেখা হোৱালৈকে চালো।
ভৰি কেইটা যেন লৰচৰ নহয়।
যেনেতেনে আহি বিছনাত পৰিলোঁহি।
গাৰুটোত মুখ গুজি উলিয়াই পেলালো হেঁচি ৰখা আবেগবোৰ।
মোৰ বুকুত এটা শিল আহি নতুনকৈ ঠাই ললেহি।
অৰ্ণৱক আকৌ কেতিয়া দেখিম নাজানো।
হে নমো, তেওঁক যেন ভালে ৰাখা সদায়।

      ৰাতি মায়ে ফোন কৰিলে, অৰ্ণৱ তেনেকৈ ঘৰলৈ যোৱা কথাটোত মা সুখী নহয়, কিন্তু সচাঁ কথাখিনি কোৱাৰ বাবে অৰ্ণৱক বেয়াকৈ কোৱাৰো থল নাছিল।
:জীও, বাৰে বাৰে একেটা ভুল কৰি আছ তই, এতিয়াই এইবোৰ কথা ভাবিবৰ সময় হোৱা নাই, অৰ্ণৱ অলপ অস্থিৰ যেন লাগিল, তইতো তেনেকুৱা নাছিলি?
একো উত্তৰ নাই মোৰ ওচৰত, তেওঁ গুচি যোৱাৰ দুখ সামৰিম নে মাৰ খঙৰ উত্তৰ দিম।
একো ভাল লগা নাই আজি ।
:অৰ্ণৱৰ পৰিয়ালৰ কথাবোৰ এতিয়াও মোৰ বাহিৰে কোনেও নাজানে, ইমানবোৰ খেলিমেলি, মাকৰ কথা কি কি ওলাইছিল বাতৰিত সেইবোৰ তই নাজান নহয়, ঠিক আছে মানি লৈছোঁ বাৰু তেখেতৰ ভুল নাছিল, কিন্তু সমাজৰ আগত কথাবোৰ কেনেকৈ লুকুৱাই ৰাখিম। দেউতাৰে কেতিয়াও নামানে। জীও, শুনি আছনে?
:হমম।
:অলপ সময় দে, পঢ়া শুনা ভালকৈ শেষ কৰ, তাৰ পাছত এইবোৰ কথা পাতিম, কিন্তু অৰ্ণৱক অলপ ভাবি চিন্তি কাম কৰিবলৈ কবি। এনেকে হঠাৎ ঘৰলৈ আহে নেকি?
:মা, মই কাইলৈ কথা পাতিলে হব নে? গাটো ভাল লগা নাই।
মায়ে বুজি পালে,ফোনটো থৈ দিলে।
বেয়া লাগিল, এনেকুৱা অাজি প্ৰথম বাৰ হৈছে, কিন্তু মোৰ উপায় নাছিল, সচাঁ কথা কবলৈ গৈ তেওঁ কি ভুল কৰিলে বুজি নাপালো। মাৰ কৰবাত বুজাত ভুল হোৱা নাইতো।
এনেতে ফোনটো আকৌ বাজিল, এইবাৰ অৰ্ণৱ।
:হেল্লো..
:  আস্থা.. মই.. কৈছো, thank you, মই তোমাক.. কেনেকে..
অৰ্ণৱৰ মাক, সুখৰ চকুলোত মাত হেৰুৱাইছে, অৰ্ণৱ নিজৰ ঘৰলৈ গৈছে, তাৰবাবে মোক ধন্যবাদ জনাইছে।
:She is very happy, thank you from both of us.
অৰ্ণৱ, সুখী অৰ্ণৱ ।
নিজৰ মা অাজি মোক লৈ অসুখী, আঘাত কৰিলো কোনোবাখিনিত।
অৰ্ণৱৰ মা মোক লৈ সুখী, হেৰুৱা দিন ঘূৰাই দিলো তেখেতক।
কিয় হয় এনেকুৱা, সকলো মানুহ একে সময়তে সুখী হব নোৱাৰে কিয়?????
কিবা পোৱাৰ বিনিময়ত কিবা হেৰুৱাৰ হিছাপ ইমান নিশ্চিত কিয়।??
ভাবি পাৰ নাপালো।
জটিল জীৱনলৈ স্বাগতম আস্থা।

আগলৈ।

If you want to be notified as soon as the next post released, follow me in facebook

26 thoughts on “#JEC Chapter 2 Part 15

  1. সপ্তাহটোৰ ব্যস্ততাৰ অন্তত এনেকুৱা লিখনি পঢ়াৰ আমেজেই বেলেগ…ধন্যবাদ বা!! এনেকুৱা এটা সুন্দৰ, আবেগিক কাহিনী পঢ়িবলৈ সুযোগ দিয়াৰ বাবে…….

    Like

  2. বা কবলৈ কোনো শব্দ নাই নিজৰ জীৱন ত তেনেকুৱা বহুত ঘটনা ঘটি আছে সচাকৈ বা মানুহৰ জীৱন বহুত জটিল

    Like

  3. Bahut bhal lgil….. Ru besi interesting hai gai ase…….. Waiting for next part….. Arnav nijar makar usar sapi ahise ru Astha nijar makar para atari nahetu ? ..

    Like

  4. ভাল লাগিল । প্ৰেমৰ অনুভূতি বুজি পোৱা মৰম বুজি পোৱা মানুহক বৰ ভাল লাগে । অব্যক্ত বেদনা আৰু প্ৰেমৰ মায়াজাল । কাহিনীৰ উপস্থাপন বৰ সুন্দৰ । ধন্যবাদ । আগৰ খন্দটিলৈ অপেক্ষাৰে ।

    Like

  5. ইমান মনোগ্ৰাহীকৈ লিখিছে , ব…হু…ত ভাল লাগিছে ! আপোনালৈ অলেখ ধন্যবাদ ।

    Like

  6. ইমান মনোগ্ৰাহীকৈ লিখিছে, ব..হু..ত ভাল লাগিছে ! আপোনালৈ অলেখ ধন্যবাদ ।

    Like

  7. মৰমৰ ইন্দ্ৰাণী বাইদেউ আপোনাৰ উপন্যাসখনি বৰ আকৰ্ষণীয় আৰু ব্যতিক্ৰম ধৰ্মী ।
    আস্থাৰ জীৱন সংগ্ৰাম মোৰ সৈতে বহুখিনি সাদৃশ্য আছে। আশাকৰোঁ আগলৈকো শুভসমাপ্তি
    হ’ব।

    Like

  8. বহুত ভাল লাগিলে…… ১৩/১৪/১৫ আজি একেলগে পঢ়িলো…… লেখনিবোৰ মাজত মই কোনোবাখিনিক মোৰ নিজৰ বাস্তৱ কাহিনী ও পালো…… মনত পৰি গ’ল আজি সেই দিনতোলে যিদিনা মোৰ প্ৰেমিকাই হোষ্টেলত থাকিবলৈ গৈছিল… তাইও মোৰ বুকুত সোমাই বহুত কান্দিছিলে মোৰ পৰা আঁতৰত থাকিব লাগিব বুলি……তাইও মই পিন্ধা চোলা এটা লৈ গৈছিলে হোষ্টেললৈ……… আজি আকৌ মৰম বাঢ়ি গ’ল তাইলৈ ………… কোনোবাখিনিত চকুপানী ও ওলালে নিজক পাই……… ধন্যবাদ ইমান ধুনীয়াকে কাহিনীটো উপস্থাপন কৰা বাবে এইটো যাতে এটা সঁচা কাহিনী হওঁক তাৰে কামনা কৰিলো …………

    Like

  9. Aji loi moi ATA o comment dya nacilu…..Mur kbole vakha ni ba prhi kimn j vl lge.lv u ba 😘😘😘😘…..next part xunkale dba.

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s