Previous: #JEC Chapter 2 Part 15
ডায়েৰী পাতত সাঁচি ৰাখিব পৰাকৈ ভাল লগা সময়ৰ অভাৱ এতিয়া। কলেজ, কেন্টিন, বাইদেউৰ দোকান, সকলোতে কিবা এটা খালি খালি লাগে। এতিয়াই যেন পাছফালৰ পৰা মাত দিব….
:How dare you Miss Astha!
আস্।
বাৰুকৈয়ে বিন্ধিছে তেওঁৰ অনুপস্থিতিয়ে।
অপ্ৰিয় সময়ৰ অকলশৰীয়া আলিংগন!
দিনবোৰ মাথোঁ পাৰ কৰিছো, জীয়াবলৈ যেন পাহৰি গৈছো।
অৰ্ণৱে ফোনত গালি পাৰে, বাৰে বাৰে কয়, Jec দিনকেইটা ভালকৈ উপভোগ কৰা, বহুত মিছ কৰিবা ওলাই অহাৰ পিছত। হয়তো তেওঁ ঠিকেই কৈছে, কিন্তু ভাল লগা বোৰ সামৰিব পৰা হবলৈ দুখবোৰ এতিয়াও পাতল হোৱা নাই। অাৰু বেছি দিক্ভ্ৰান্ত হোৱাৰ আগতেই মোক অলপ শান্তি লাগে।
:মাৰ ওচৰলৈ যোৱা আস্থা, please এনেকে নাথাকিবা।
:মাৰ খং উঠি আছে, গালি পাৰিব, নাযাও।
:একো নহয় যোৱা, তুমি বহুত disturbed হৈ আছা, মাৰ লগত দুদিন থাকি আহা, class miss হলেও হব, but you really need her now.
:কিন্তু…
:Just go. খং নুঠাবা মোৰ।
অৰ্ণৱে জানে মোক, মোৰ ভিতৰত চলি থকা ধুমুহা জাকক। সেইবাবেই জোৰ কৰি পঠিয়াই দিলে ঘৰলৈ। সকলো এৰি গুচি গলো মাৰ ওচৰলৈ। অৰ্ণৱ মোৰ ভালপোৱা, কিন্তু মা মোৰ শক্তি, মোৰ সাহস। কান্দিলো, ভুল স্বীকাৰ কৰিলো, আকৌ এবাৰ কুৰুকি কুৰুকি সোমালো মাৰ বুকুত।খুব প্ৰয়োজন আছিল সেইকণ উমৰ।
:মই আছো জীও, অলপ সময় দে, সময়ত সকলো ভাল হব।
অলপ দিন মাৰ লগত থাকি যেন মই স্থিৰ হলো। ঘূৰি আহিলো JEC কেম্পাছলৈ।
প্ৰেমে মানুহক বহুত কিবাকিবি শিকায়, অামি মাথোঁ তাৰে মাজৰ ভাল খিনি লব জানিলেই হল। অৰ্ণৱৰ বাবেই হওক, আমাৰ প্ৰেমৰ বাবেই হওক, নাইবা মা দেউতাৰ সপোনৰ বাবেই হওক, মই সম্পুৰ্ণ চেষ্টা কৰিছো পঢ়া শুনা ভালকৈ কৰিবলৈ। এতিয়া মই অাৰু নিশা হোষ্টেল নাইনত থাকোঁ, Extension এৰি আহোঁতে বৰ বেয়া লাগিছিল। JEC লৈ নতুন batch আহিল, পিচে নিজকে এতিয়াও চিনিয়ৰ যেন লগাই নাই, আমাতকৈ সৰু কোনোবাই ‘বা’ বুলি মাতি দিলে প্ৰথমতে ধৰিবই নোৱাৰোঁ। লাহে লাহে আকৌ ভাল পাবলৈ লৈছো JEC কেম্পাছ। দিনটোৰ শেষত যেতিয়া অৰ্ণৱৰ লগত কথা পাতোঁ, বৰ্ণনা দিওঁ JEC ৰ প্ৰতিটো খবৰ, তেওঁ কয়, মোৰ কলিজাটো তাতে থৈ আহিছো, ভালকৈ বিচাৰিলে পাই যাবা। আকৌ এবাৰ লাজতে ৰঙা পৰোঁ।
দূৰে দূৰে থাকি যেন আমাৰ ভালপোৱা অাৰু বেছি বাঢ়ি গৈছে, এবাৰ কাষত পোৱাৰ হাবিয়াসে বুকুত এতিয়া বেছিকৈ খুন্দিয়ায়। ৰাতিবোৰ কথা পাতি পাতি পাৰ কৰোঁ, দিনবোৰ তেওঁক বুকুত কঢ়িয়াই। অৰ্ণৱ এতিয়া মোৰ সমগ্ৰ সত্তা জুৰি বিয়পি থাকে, যেতিয়াই মন যায়, উশাহত সামৰি লওঁ ।পাৰ কৰিব লাগিব তিনিটা বছৰ, এনেকৈয়ে।
কষ্ট হব, জানো, কিন্তু আহিবলগীয়া ৰঙীন দিনৰ সপোণ দেখি পাৰ কৰিম এই তিনিটা বছৰ।
অৰ্ণৱ বিহীন দিনৰ স্মৃতি নাৰাখো কতোৱেই, মোৰ ডায়েৰীৰ পাতত খোদিত হব পৰা ৰঙীণ সময় এতিয়া নাই। এতিয়াৰ সময় কেৱল ব্যস্ততাৰ। ক্লাছৰ উপৰিও বহুত কিবাকিবি শিকিছো। সাংঘাটিক ধৰণে ভাল লাগিছে Coding. সৰু সৰু Project কৰিবলৈ ললো। অৰ্ণৱৰ freelance project বিলাকৰ কোনোটো অংশ মই কৰি দিওঁ। নিজেও শিকো, তেওঁৰো সহায় হয়। তাৰ মাজতে Ethical hacking, personality development, communication skill, Automation এই সকলোবোৰ workshop অত অংশগ্ৰহণ কৰিলো। কথা কবলৈ ভয় কৰা মইজনীয়ে ধুনিয়াকৈ প্ৰেজেণ্টেচন দিব পৰা হলো।অসমীয়া মাধ্যমত পঢ়া শুনা কৰি আহিও ইংৰাজী সলসলীয়াকৈ কব পৰা হলো। নিজক প্ৰস্তুত কৰা এই সময় খিনিত বুজি উঠিলো, JEC জীবন কিমান মাদকতা ভৰা। সঁচাকে, JEC জীৱন বহুত ভাল লগা। পাৰ কৰিলো তিনিটা বছৰ, হাঁহিলো, কান্দিলো, বহুত পালো, কিছু হেৰুৱালো, বন্ধুৰ তালিকা দীঘল হল, কিন্তু নিশা সকলোতকৈ বেছি আপোন সদায়ে। গোটেইসোপা একেলগে কেতিয়াবা ফুৰিবলৈ যাওঁ, পিকনিকত গলো দুবাৰমান, কলেজ উইক্, PHOENIX সকলোতে উৎপাত আমাৰ। নিশা অাৰু ৰাজীৰ কৃপাত মোৰ লাজ বহুত খিনি ভাগিল। কিন্তু এতিয়াও বেছি কথা নকওঁ, দুইজনীয়ে কৈ থাকে, মই শুনি শুনি হাঁহি থাকো। অৰ্ণৱৰ মাকৰ ওচৰলৈ যাওঁ মাজে মাজে, কেতিয়াবা তেখেতে নিজে আহি মোক লৈ যায়, মোৰ লগত তেওঁৰ বন্ধুত্বৰ সম্পৰ্ক। দুয়ো মিলি অৰ্ণৱৰ ক্লাছ লওঁ কেতিয়াবা। এনেকৈয়ে পাৰ হৈছে দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি।
ব্যস্ততাই মানুহক দুখৰ পৰা আঁতৰাইহে ৰাখিব পাৰে, কিন্তু সুখী কৰিব নোৱাৰে।
ডায়েৰী খুলি আকৌ সামৰি থওঁ, বিচাৰি নাপাও সেই ‘বিশেষ’ সময়।
হয়তো ঘূৰি আহিব আকৌ, কলম তুলি আকৌ লিখিম ভাল লগাবোৰ।
বেয়া লগাবোৰ পাৰ হওক, কতো স্মৃতি ৰাখি নোথোৱাকৈ।
হেৰুৱা দিনৰ সুবাস বিচাৰি….. অাজি আকৌ মেলিছো ডায়েৰীৰ পাত,সুদীৰ্ঘ পাচোঁটা বছৰৰ পাছত….
JEC ৰপৰা ওলাই যোৱাৰ পাছত, অৰ্ণৱ মাত্ৰ এবাৰ আহিছিল মোৰ ওচৰলৈ , তাকো মাত্ৰ এসপ্তাহৰ কাৰণে। দুদিন ভালকৈ লগ পালো, আমাৰ প্ৰিয় ঠাইখিনিত বহিলো, কথা পাতিলো.. সপোন দেখিলো.. আজি আকৌ এবাৰ মনত পেলাইছো সকলোবোৰ। কাৰণ ঘূৰি আহিছে ভাল লগা দিন, ভাল লগা সময়।
:You are still the same Astha.
:মানে?
:মানে, এই ইমানদিনৰ মূৰত যে লগ পাইছো, সব কিন্তু একেই অাছে।
:ওহোঁ, একে নাই।
:কেনেকৈ?
: আপুনি মোৰ লগত কথা পাতি পাতি অসমীয়া ভালকৈ কব পৰা হৈছে আৰু।
দুয়োটাই প্ৰাণ খুলি হাঁহিছিলো।
:BE শেষ হলেই লৈ যাম তোমাক, I can’t stay away from you Astha.
:লৈ যাম মানে?
:মোৰ লগত থাকিবা, লগত নহলেও ওচৰত কৰবাত, এনেকে বৰ কষ্ট হয় মোৰ।
ভাল লাগিছিল তেওঁৰ কথাবোৰ শুনি, অৰ্ণৱ সেই একেই ৰূপত আজিও মোৰ ওচৰত। মোৰ প্ৰতি তেওঁৰ হেঁপাহ এতিয়াও সীমাহীন।
:এসপ্তাহৰ পাছত TCS আহিব, যদি হৈ যায় ভালেই, নহলে কি কৰিম নাজানো।
:কিয় নহব, ভালকৈ দিবা, Technical round clear হলে বাকীখিনি হৈ যাব।
:হমম।
:ঘৰলৈ যাবা?
গৈছিলো অৰ্ণৱৰ ঘৰলৈ, মাকৰ লগত সময় কটাইছিলো, কথা পাতিছিলো।
ওচৰত কোনো নথকা সময়খিনিত অৰ্ণৱৰ মৰমৰ উমান লৈছিলো, টানি নিছিল বুকুৰ মাজলৈ।
:কোনোবাই দেখিব। Please…
:I dont care. কিয় আহিছিলা ৰঙা পিন্ধি, Now suffer.
হাৰি গৈছিলো, এৰি দিছিলো নিজকে।
তেওঁৰ ওঁঠৰ মাজত হেৰাই গৈছিল মোৰ দুটি ওঁঠ, ৰঙা পৰা দুগাল।
:I want you Astha.
ধক্।
:আস্থা, চাহ খাই লোৱাহি আহা।
ৰেজীয়া বাইদেউৰ মাত শুনি তেওঁক ঠেলি আঁতৰি আহিছিলো, অৰ্ণৱৰ খং আকৌ দেখিছিলো, চকু কেইটা ৰঙা। গৰম চাহ কাপ একে শোহাতে খাই পেলাইছিল, মোৰ পৰা চকু আতঁৰাই নিনিয়াকৈ। হয়, প্ৰায় দুটা বছৰৰ পাছত লগ পাইছিলো, তাকো আধৰুৱাকৈ। অভিমানৰ টোপোলাটো বুকুত বান্ধি গুচি গৈছিল অৰ্ণৱ।
অৰ্ণৱ গুচি যোৱাৰ কিছুদিন পিছতে Campus Recruitment অৰ কাৰণে TCS আহিল। মোৰ ওপৰত তেওঁৰ বিশ্বাস মিছা নাছিল, TCS অৰ interview Clear কৰিছিলো, মই অাৰু নিশা দুয়ো জনীয়েই, লগতে অনুৰাগেও, অৰ্ণৱৰ ভাষাত 3 Idiots একেলগে এইবাৰ TCS অত। কিমান যে ফুৰ্টি লাগিছিল সেইদিনা, মা দেউতা পিছদিনাই গৈ হোষ্টেল ওলাইছিল গৈ। JEC য়ে মোৰ জীৱনৰ আটাইতকৈ ভাল লগা দিনবোৰ উপহাৰ দিলে, এৰি আহিবৰ সময়ত পাগলৰ দৰে কান্দিলো, ডায়েৰীৰ পাতত তোমাক জীয়াই ৰাখিম বুলি প্ৰতিশ্ৰুতি দিলো। যেতিয়াই নিজকে অকলশৰীয়া যেন অনুভব কৰিম, JEC ৰ স্মৃতি বুটলি জীয়াই থকাৰ হাবিয়াস ঘূৰাই আনিম। চাৰিটা বছৰৰ অনুভৱ লৈ JECক বিদায় দি আহিলো, আৰম্ভ হল এক নতুন জীৱন।
আমাৰ পোষ্টিং কলকতাত হল, অৰ্ণৱ এতিয়াও বাংগালোৰত, ঘৰৰ পৰা যোৱাৰ আগতে আইতাৰ মতে আঙুঠি পিন্ধোৱা নিয়ম কৰিব লাগে, কিন্তু অৰ্ণৱে বাধা দিলে। অলপদিন মই ভালকৈ চাকৰি কৰি নিজকে establish কৰাটো তেওঁ বিচাৰিছিল। এইবিলাক নীতি নিয়ম আমাৰ বাবে সিমান প্ৰয়োজনীয় কেতিয়াও নাছিল। ভালপোৱাত বিশ্বাস নাথাকিলে এটা ধাতুৰ আঙুঠিৰে তাক বান্ধি ৰখাৰ অৰ্থ নাথাকে। মা দেউতাৰ আশীৰ্বাদ মোৰ লগত সদায় আছিল, অাৰু মোৰ বাবে সমাজৰ কথা সদায়ে মা দেউতাৰ ইচ্ছাৰ পাছত হে আহিছিল। ইতিমধ্যে অৰ্ণৱে কোম্পানী এৰি Freelancing কৰা আৰম্ভ কৰিছিল। নিজৰ কামক লৈ তেওঁ সুখী আছিল। নিজৰ নতুন নতুন কামবোৰ মোৰ লগত আলোচনা কৰে, কেতিয়াবা মোৰ সহায় লয়, কেতিয়াবা মই তেওঁৰ সহায় লওঁ। আমাৰ ভালপোৱা যেন দূৰে দূৰে থাকিও অলপো সলনি হোৱা নাছিল। আজিও অৰ্ণৱৰ খং উঠিলে ভয় লাগে মোৰ, ফোনত বেছি ৰোমান্তিক হলে লাজতে ৰঙা চিঙা পৰোঁ, তেওঁ বুজি পায়, সেইবাবেই বেছি কৰে কেতিয়াবা। মৰম ভালপোৱা যিমান, কাজিয়াও সিমানেই, খুট খাট লাগিয়েই থাকে, কেতিয়াবা ডাঙৰ হৈ যায়, দুবাৰমান ব্ৰেকআপ কৰাৰ কথাও আহি পৰিছিল, পিছে দুয়োটাই জানো, অামি ইজনে সিজনক এৰি থাকিব নোৱাৰোঁ বুলি।
কিন্তু অৰ্ণৱৰ অতীত তেতিয়াও মাৰ বাহিৰে ঘৰত কোনেও নাজানিছিল। অজান আশংকাত বুকুখন কঁপি উঠিছিল মাজে মাজে।
আজিৰ এই বিশেষ দিনটোত, ভাল লগা বেয়া লগা সকলো স্মৃতিয়ে ভিৰ কৰিছেহি বুকুত, সেমেকা চকুৰে তিতি গৈছে ডায়েৰীৰ প্ৰতি খিলা পাত।
:আস্থা,তই পাগল হলি নে কি? ৰাতি পুৱাব এতিয়া। ডায়েৰী পঢ়া বাদ দে। মায়ে দেখিলে দিব ঠিকছে। And for your kind information, you are getting married today.
:কি? অাজি??
আগলৈ
If you want to be notified as soon as the next post released, follow me in facebook
aji prothom comment korisu..
porhi thakar xomoy khinit maje maje voi voi k sau “আগলৈ” শব্দটো korobat dekha pau neki aru monote vabu j এই শব্দটো aji nedekhilei val…
LikeLiked by 1 person
want a hppy ending ❤
LikeLike
Nice
LikeLike
Oh my goodness…I was like wwwhhhhaatttt😲…damn…is this story gonna end so soon
LikeLike
অলপ বেছি খৰ-খেদা হ’ল নেকি
LikeLike
Aaakh moja lagil pohi….
LikeLike
Indranee ba bia hol jtea heh hbo nki… 😔…… Apuni aru likhibo dei…
LikeLike
Pohiii emn vall lagil….ketiau jate hekh nhoi….
LikeLike
সঁচাকৈ পঢ়ি বহুতো ভাল লাগিল । আজি খণ্ড পঢ়ি লাগিছে যেন jec সমাপ্তি হবগৈ যেন মোৰ অনুভৱ হৈ চে ।।।
LikeLike
ইন্দ্ৰানী বা, অনুগ্ৰহ কৰি কৰি জে ই চি সোনকালে সমাপ্ত নকৰিব । আজিৰ খণ্ডটো অলপ বেচি খৰধৰ হোৱা যেন দেখি ভয় লাগিছে সোনকালে শেষ হয় বুলি ! আপোনালৈ কাতৰ অনুৰুধ পৰবৰ্তী খণ্ডবোৰ আগৰ দৰে লাহে ধীৰে আগুৱাই নিয়ে যেন ! আপোনালৈ কমেণ্ট দিয়া পঢ়ুৱৈতকৈও কমেণ্ট নিদিয়া পঢ়ুৱৈৰ সংখ্যা বহুত বেছি । আশা ৰাখিছো আপুনি আমাক নিৰাশ নকৰিব ছাগৈ !
LikeLiked by 1 person
খুব ভাল লাগিল বা!!!!
LikeLike
বহুত বহুত ভাল লাগে পঢ়ি । দুটা মান খণ্ড বেছি খৰকৈ আগবঢ়াৰ দৰে লাগিল । সোনকালে শেষ হৈ গ’ লে দুখ লাগিব। পাছলৈ এনে এক প্ৰেম কাহিনী পঢ়িব পাম বুলি আশা কৰিলোঁ ।
LikeLiked by 1 person
আস! ভয় লাগিছে সোনকালে শেষ হৈ যাব নেকি..?
বা আৰু লিখি থাকিব দেই..!
LikeLike
আজিৰ খণ্ডটি পঢ়ি থকাৰ সময়ত, অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ ‘নাহৰৰ নিৰিবিলি ছাঁঁ’ উপন্যাসখনৰ শেষৰ ফাললৈ মনত পৰি গৈছে । বিশেষকৈ, ডিব্ৰু বিশ্ববিদ্যালয়ৰ সেই বিদায়ী সময়খিনি । হয়তো, সকলো শিক্ষাৰ্থীৰে একেই অনুভৱ হয় ।
খণ্ডটি পঢ়ি ভাল লাগিল ।
LikeLike
O baa……I know anke xunkle new post
ata uliaii dia 2 apunr bbe alop kothin kin2 week 2 r xekhorfle (Saturday,, Sunday) kebol jec r xai Val lga natun post 2r babei roi thku…AI jec a xsakoi mur hridoyot ak bikheh place lole😔
LikeLike
Aaji 1st comment krisu moiu…bohut vl lge phi… sunday tuloi hepahere bat sai thaku
LikeLike
বহুত ভাল লাগিছে পঢ়ি..
“You r getting married today..”
আগলৈ শব্দটো যেন নাথাকক এনে লাগিছিল ..এটি সুন্দৰ সমাপ্তিৰ আশাৰে
LikeLike
Bohut vl lgil baa…… Olop confusing hoi thkilu…. Next part r opexat……..
LikeLike
Sunday Tu Loi hodaye khub agrohere aru furtire roi thaku…ajir pora kiba Val nalagibo….bujabo nuaru
Kimn agrohere pohu ei kahanitu…
LikeLike
বৰ ভাল লগা সুন্দৰ ভাবে মৰমেৰে পঢ়ি থকা এখন উপন্যাস ।লেখিকা লৈ আন্তৰিক অভিনন্দন জনাইছোঁ ।
LikeLike
Saw it today in FB in the morning and finished the last post just now…
LikeLike
Val lagil Bhut
Bhobhai nasilu eman joldi hekh hbo buli 😥but No word’s… Bhut Bhut Val lagil Ba 😘😘
LikeLike