love story

#JEC অন্তিম খণ্ড (Chapter 2 Part 17)

Previous: #JEC Chapter 2 Part 16

 

                  হে ভগৱান, কালি ৰাতিৰে পৰা মই ডায়েৰী পঢ়ি পঢ়ি কেতিয়া ৰাতি পুৱাল গমেই নাপালো। ওচৰতে নিশা শুই আছে, ঘৰত অসংখ্য মানুহ, কোনো নহাকৈ থকা নাই মোৰ বিয়ালৈ। হয়, মোৰেই বিয়া, কাইলৈ বুলি কব নোৱাৰি, এতিয়া ৰাতিপুৱা তিনিটা বাজি গৈছে, অাৰু মই মোৰ JEC ৰ ডায়েৰী পঢ়ি অাৰু এৰাতি উজাগৰে কটালো। এনেকুৱাই হয়, যেতিয়া কোনোবাই মোক অৰ্ণৱ অাৰু মোৰ ভালপোৱাৰ কাহিনী সোধে, মই আকৌ সেই পুৰণা দিনবোৰলৈ ঘূৰি যাওঁ। অৰ্ণৱ অাৰু আস্থাৰ কাহিনী শুনাওঁ সকলোকে। JEC ৰ পৰা ওলাই অহা অাজি তিনিবছৰ হৈ গল, কিন্তু এনেকুৱা লাগে এতিয়াও সেই campus এৰি আহিব পৰা নাই, অৰ্ণৱ অাৰু মোৰ প্ৰথম প্ৰেমৰ মিঠা মূহূৰ্ত বোৰ JEC ৰ মাজতে এতিয়াও সজীব হৈ আছে। কি দিয়া নাই মোক মোৰ JEC খনে,অৰ্ণৱৰ দৰে এজন প্ৰেমিক, নিশাৰ দৰে এজনী বান্ধৱী, মা দেউতাক সুখী কৰিব পৰাকৈ এটা চাকৰি।
:সৰু মইনা অ’, উঠ আকৌ, কাইলৈ পৰা অাৰু এইখন ঘৰত…
আইতাৰ কান্দোন আৰম্ভ হলেই, এইকেইদিন চকুপানী টুকি টুকি জুপুকা মাৰি বহি থাকে। মোৰ আজলি আইতা জনী।
মায়ে যেতিয়া অৰ্ণৱৰ পৰিয়ালৰ সকলো কথা খুলি কৈছিল, প্ৰথমতে সকলোতকৈ বেছি আপত্তি আইতাই কৰিছিল এইখন বিয়াক লৈ। মাৰ ভয় মিছা নাছিল। অৰ্ণৱৰ অতীতৰ কথাবোৰ শুনাৰ পাছত আমাৰ বিয়াৰ কথা কোনেও মানি লোৱা নাছিল, কেৱল মাৰ বাহিৰে। দেউতাই মোৰ লগত কথা পতা বন্ধ কৰি দিছিল, আইতাই বাৰে বাৰে বুজাইছিল মোক এনেকুৱা নকৰিবলৈ, হাৰ মানিছিলো মই, অৰ্ণৱ আঁতৰি গৈছিল এইবিলাক দেখি, তেওঁ জানিছিল দেউতাৰ মনত দুখ দি মই কেতিয়াও সুখী হব নোৱাৰোঁ। সম্পৰ্ক শেষ কৰিছিলোঁ, কিন্তু ভালপোৱা নহয়, প্ৰায় এবছৰ দিন আমাৰ মাজত কোনো যোগাযোগ নাছিল। নিশা অাৰু অনুৰাগে দেখিছিল মোৰ সেই ভয়াৱহ দিনবোৰ। বেলেগ এজনী আস্থা হৈ পৰিছিলো মই, হাঁহিবলৈ পাহৰি গৈছিলো, একো ভাল নলগা হৈ গৈছিল। কিন্তু মোৰ যি পৰিস্থিতি হৈছিল, তাত কোনোবা নহয় কোনোবাই আঘাত পোৱাটো নিশ্চিত আছিল, অাৰু মই মোৰ নিজতকৈ বা অৰ্ণৱতকৈও দেউতাক বেছি ভাল পাওঁ, সেইবাবে তেওঁক সুখী কৰাৰ সিধান্ত লৈ পেলাইছিলো। অৰ্ণৱে এবাৰো সোধা নাছিল কিয় শেষ কৰিছোঁ এই মধুৰ সম্পৰ্ক, মাত্ৰ আঁতৰি গৈছিল। তেওঁৰ মাকে বহুত চেষ্টা কৰিছিল বুজাবলৈ কিন্তু আইতা অাৰু বৰদেউতাই মানি লোৱা নাছিল, অাৰু সেইবাবেই দেউতাও বাধ্য হৈছিল। আজিও মনত আছে সেই দিনটো, মায়ে ফোন কৰি মাতি পঠাইছিল মোক, মোক চাবলৈ কোনোবা লৰা আহিব, গতিকে মই ঘৰলৈ আহিব লাগে। একো প্ৰশ্ন নকৰাকৈ সাজু হৈছিলো। মই যেন কিবা ভাবিব পৰা অৱস্থাত নাছিলো তেতিয়া। আলহীৰ আগত ওলাবলৈ মায়ে ৰঙা পাটৰ কাপোৰ এযোৰ পিন্ধিবলৈ দিলে , তেওঁৰ প্ৰিয় ৰং দেখি বুকুখন মোচৰ খাই গৈছিল, পিন্ধি ওলালো, সকলো সুখী আছিল মোৰ বাহিৰে। মোক অাৰু লৰাজনক কথা পাতিবলৈ দিয়া হল, মই স্পষ্টকৈ জনাই দিছিলো, অৰ্ণৱ অাৰু মোৰ কথা, মই নিজৰ লগতে আন কাৰোবাৰ জীৱন ধ্বংস হোৱাটো একেবাৰেই বিচৰা নাছিলো। উভতি গৈছিল সকলো, দেউতাক অপমান কৰিছিল, কিন্তু মই নিৰুপায়, মিছাৰ আশ্ৰয় লৈ মই কাৰোবাক সুখী কৰিব নিবিছাৰো।
:মাজনী, কিয় কৰিছ এইবোৰ? অৰ্ণৱক পাহৰি যা, আইতাৰ তোৰ বিয়া লৈ বহুত আশা, কেলেই কষ্ট দিছ এই বুঢ়া বয়সত।
:জানি  বুজি একো কৰা নাই দেউতা , আজিলৈকে তোমালোকৰ অনুমতি অবিহনে মই একো কৰা নাই, আগলৈও নকৰোঁ, অৰ্ণৱ সদায় মোৰ মনত জীয়াই থাকিব, আইতাৰ আশা অৰ্ণৱৰ লগত বিয়া হৈও পূৰাব পাৰিলোঁহেঁতেন।তোমালোকে কষ্ট পাবা বুলিয়েই নিজৰ ইচ্ছাক বহুত বাৰ সামৰি ৰাখিছো দেউতা। অৰ্ণৱ মোৰ বাবেই আহি থাকিব বিচাৰিছিল কলকাতাত, সেই কথাটো মই প্ৰথমতে মাক সুধি লৈছিলো, এবাৰ নালাগে বুলি কোৱাত অামি অাৰু সেই কথা দ্বিতীয় বাৰ নাভাবিলো। অৰ্ণৱে কেৱল মোকেই ভাল নাপায় দেউতা, তোমালোককো মোৰ সমানেই ভাল পায়। চাকৰি কৰাৰ দিন ধৰি দুয়োটাই সপোন দেখিছিলো, আমাৰ এটা নিজা ঘৰ হব, তোমালোকো থাকিবা আমাৰ লগতে, মই কেতিয়াও তোমালোকক অকলশৰীয়া কৰিব বিচৰা নাছিলোঁ দেউতা। এইবোৰ কথা অৰ্ণৱে বুজিছিল,মোৰ সৈতে আলোচনা কৰিছিল। দৰমহাৰ পইচা সাচিঁ ৰাখিছিলো নিজৰ দৰকাৰী বস্তু নিকিনি, ভাবিছিলো বিয়াৰ পাছতে লৈ যাম তোমালোকক, বহুত সপোন দেখিছিলো দেউতা, একেদিনাই ভাঙি পেলাব নোৱাৰোঁ। মোৰো এটা মন আছে, ভাল ছোৱালী হবলৈ গৈ সেই মনটোকে মাৰি পেলাব লগীয়া হ ল।
:কিন্তু অৰ্ণৱৰ পৰিয়ালৰ কথাবোৰ জনাৰ পাছত..
:তাত তেওঁৰ কি দোষ আছিল দেউতা, বুজাই দিয়া মোক, কত ভুল হৈছিল অৰ্ণৱৰ???
অাৰু কিমান কষ্ট দিব তেওঁক এই সমাজ খনে। তুমি অাৰু মায়ে কি বুজি পোৱা নাই?
আইতাৰ কথা বাৰু নকওঁ। আন কাৰোবাৰ লগত বিয়া হৈ গলে মই আৰু ‘মই’ হৈ নাথাকিম দেউতা।
দেউতাৰ লগত তৰ্ক কৰি নিজেও দুখ পাইছিলো, কিন্তু সেয়া জৰুৰী আছিল, সমাজে কি কব ভাবি অামি কেতিয়াবা বহুত ভুল কৰি পেলাওঁ, কিন্তু সমাজ জানো আমিয়েই গঢ়া নাই??
পিছদিনাই গুচি গৈছিলো কলিকতালৈ, ঘৰত কাৰো মাত নাপালোঁ, আইতাই কান্দিছিল, দেউতা নিমাত, মায়ে অসহায় দৃষ্টিৰে চাইছিল। বৰ বেয়াকৈ হাৰি গৈছিলো মই।
কিন্ত এমাহ মান আগতে হঠাতে এদিন অৰ্ণৱ আহি ওলাইছিল মোৰ ঘৰত,দেউতা বৰদেউতা আইতা সকলো হাৰি গৈছিল তেওঁৰ মোৰ প্ৰতি থকা ভালপোৱা অাৰু দায়িত্ব বোধ দেখি, তেওঁ কাকো জোৰ কৰা নাছিল, অপমান কৰা নাছিল, কিন্তু দেউতাৰ মন সলনি কৰাত সফল হৈছিল। তেওঁ কি কৰিলে, কেনেকৈ কৰিলে নাজানো, মাথোঁ মোলৈ ফোন কৰি কলে…
:You will shift to Bangalore or I should come to Kolkata .
একো আওভাও নাপালো, ইমান দিনৰ মূৰত ফোন কৰিছে, কোনো ধৰণৰ খং অভিমান একো নাই। একেবাৰেই সহজ হৈ কথা পাতিছে। আচৰিত হলো।
:কি কৈছে একো বুজি পোৱা নাই।
:বুজি পাব নালাগে। I can’t wait anymore to live with you. So maximum one month. That’s it. We are getting married Miss Astha Baruah.
:দেউতাই…
:কথা পাতা।
তেওঁৰ ফোনত দেউতাৰ লগত কথা পাতিলো, ভালকৈ একো ধৰিব পৰা নাই কি হৈছে,
দেউতাই এষাৰ কথা মাত্ৰ কলে..
:দেউতাৰৰ জানো ভুল হব নোৱাৰে? বেয়া পায় নেথাকিবি মাজনী। ঘৰলৈ সোনকালে আহিবি।
সেইদিনা ঘৰত কি হল, কেনেকৈ হল আজিলৈকে মোক কোনেও নকলে। কিন্তু অৰ্ণৱৰ অাৰু ধৈৰ্য্য নাছিল, এনেকৈ দূৰে দূৰে থকাটো দুয়োৰে বাবে কষ্টকৰ আছিল।
মাহঁতে কথা পাতি বিয়াৰ দিন ঠিক কৰিলে, একেবাৰেই সাধাৰণকৈ, বেছি আনুষ্ঠানিকতা অামি দুয়োটাই বেয়া পাওঁ। কিন্তু মোতকৈ বেছি উৎপাত নিশাৰ। মোৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি photography লৈকে সকলো দায়িত্ব তাই অাৰু অনুৰাগে ললে। অৰ্ণৱৰ সময় নাই, কিহত ব্যস্ত নাজানো, বিয়াৰ পাছতহে কব বোলে। এবছৰতকৈ বেছি হল তেওঁক নেদেখা, লগ কৰিব বিচাৰিলে কয়,, একেবাৰে বিয়াৰ দিনা চাই লবা ভালকৈ।
আজিয়েই সেই ভাল লগা দিনটো।
আস্থা আৰু অৰ্ণৱৰ ভালপোৱাৰ সফলতা উদযাপন হব অাজি।
কিমান বাধা নেওচি এই দিনটো অামি পাইছোহি সেয়া আনে বুজিব নোৱাৰে।
কিমান বাৰ যে লাগিছিল তেওঁক হেৰুৱাই পেলালো বুলি, কিন্তু সচাঁ ভালপোৱাৰ সদায়ে জয় হয়।
বহি থকাৰপৰা দেউতালৈ চাইছোঁ, আলহীৰ আগত গৰ্বেৰে কৈছে, মোৰ অাৰু অৰ্ণৱৰ কথা। আইতা এবাৰলৈকো মোৰ ওছৰৰ পৰা আঁতৰি যোৱা নাই। মায়ে মাজে মাজে সুধি থাকে কিবা খাবি নেকি, অলপ জিৰাবি নেকি। নিশা, অনুৰাগ, ৰাজী, টিনা গোটেই সোপা selfie লোৱাত ব্যস্ত। এইবোৰৰ মাজতে তেখেতৰ ফোন।
:ধূতি পিন্ধিবই লাগিব?
:নিয়ম হয়, কৰিব লাগিবই।
:আচ্ছা, আৰু কিমান দেৰি পিছত যাম অামি।
:দৰা অহাৰ সময় থাকে, যেতিয়াই তেতিয়াই নাহে নহয়।
:অাৰু আহিলে কি কৰিবা?
:মই ওলাই নাহোঁ।
:Oh really, you won’t dare.
:এতিয়া থওঁ, আলহী আছে, এনেকে কথা পাতি থাকিলে বেয়া দেখিব…
:Anyway, আজিয়েই যিমান বাহানা আছে মাৰি লোৱা। Tomorrow night you can’t escape Miss blush Queen. কত পলাবা তেতিয়া। এবছৰৰ হিচাপ লব আছে।
ফোনটো কাটি দিলো, গাল মুখ ৰঙা হৈ গল, ইমানদিন হল তেওঁক ভালপোৱা, কিন্তু লাজ লাজ ভাৱটো মোৰ আজিও আছে, অাৰু তেওঁলৈ ভয়ো সমানেই লাগে এতিয়াও। লগৰ সবেই এইটো কথা লৈ জুকায়, কিন্তু অৰ্ণৱৰ খঙটো দেখিলে নিজেই বুজি পায়।
:অই, দৰা আহি পালেহি দেই।
ধক্।
কলিজাটো ওলাই আহোঁ যেন্ কৰিছে, এতিয়াহে যেন মই বুজি পাইছোঁ মোৰ বিয়া বুলি, ভীষণ ভয় লাগিছে, আইতাক ওচৰতে বহাই থৈছো, সকলোবোৰ দৰা চাবলৈ ওলাই গল। মামী দৌৰি আহিল কৈ থৈ গলহি
:জোঁৱাই বৰ মিলিছে দেই তোৰ লগত। বৰ সুন্দৰ চেহেৰা।
কোনোবাই তেনেকৈ কলে বৰ ভাল লাগে মনটো।
যথা সময়ত মাৰ আঁচলত ধৰি হোমৰ গুৰিলৈ ওলাই আহিলো।
দুৱাৰ মুখত মায়ে হুকহুকাই কান্দিলে, লগতে ময়ো।
মামী আৰু বৌয়ে ধৰি নি অৰ্ণৱৰ কাষত বহাই দিলে। ওৰণিৰ তলৰ পৰা এবাৰ চালো, একেই আছে, কিন্তু অাজিও পাতলকৈ দাঢ়ি ৰাখি থৈছে, ইমান কোৱাৰ পাছতো নাকাটিলে। পুৰোহিতৰ মন্ত্ৰ অাৰু দেউতাৰ আশীৰ্বাদৰ মাজত অামি দুয়ো এক হোৱাৰ প্ৰতিশ্ৰুতি ললো।
:সেন্দুৰ দিয়া এতিয়া।
অৰ্ণৱক সেইটো কথাও দেউতাই শিকাই দিছে, ওৰণি খন অলপ খহাই দিলে, এটা সম্পুৰ্ণ বছৰৰ পাছত দেখিছে মোক, তাকো কইনাৰ সাজত, সেন্দুৰ দিৱলৈ উঠা হাতখন ৰৈ গল
:কি হল, দিয়া আকৌ।
দেউতাই কৈ উঠিল।
:Astha, May I?
আস, কিমান দিনৰ মূৰত ইমান কাষৰ পৰা শুনিছো এই মাতষাৰ।
:হমম।
ভৰাই তুলিলে মোৰ উকা কপাল, তেওঁৰ প্ৰিয় ৰঙেৰে।
দুচকু ওপচি পৰিল।
আকৌ এবাৰ প্ৰেমত পৰিলোঁ মই, মোৰ স্বামী অৰ্ণৱৰ।
শিৰত তুলি ললো তেওঁৰ আশীষ।
কাষ চাপি আহিল অৰ্ণৱ।
:সেন্দুৰ খিনিত কৈ তুমি বেছি ৰঙা পৰিছা। Can I kiss you here Puwali?
আস্থাৰ্ণৱৰ ভালপোৱাৰ বাংময় প্ৰকাশ।
খোপাৰ গোলাপৰ সুগন্ধি বুকুলৈকে শিপাইছে।
উৰুলিৰ ধ্বনিয়ে অন্তৰাত্মা লৈকে কোলাহল তুলিছে।
অৰ্ণৱৰ চকুত চকু থৈ আকৌ শুনিছো উশাহৰ ধক ধক।
অাৰু কিমান ভালপোৱা এতিয়াও ৰৈ অাছে, আমাৰ বাবে, কেৱল আমাৰ বাবেই।
আঁচল পাতি সামৰি লৈছোঁ অৰ্ণৱৰ ভালপোৱা, দেউতাৰ আশীষ, মাৰ মমতা।
হে নমো, আহিবলগীয়া দিনবোৰ এনেকৈয়ে ৰাখিবা।
এই সময় আমাৰ, ভাল লগা, মিঠা মিঠা।
  সমাপ্ত।
If you want to be notified as soon as the next post released, follow me in facebook

111 thoughts on “#JEC অন্তিম খণ্ড (Chapter 2 Part 17)

  1. I’m writing here for the first time, but I’m a regular reader, firstly thnq so much for given us such a nice story, You are a amazing writer, good bless you Ba, and keep writing…

    Like

  2. Thank you. Just because you hv not stop it in the middle and finished it. It shows your respect to the readers and your puncuality. Thank you again

    Like

  3. বহুত ভাল লাগিল বা, বহুত। নিয়মীয়াকৈ পঢ়িলো কাহিনীটো। দুখ ও লাগিল, শেষ হোৱা বাবে।

    Like

  4. Hello Indranee, I could not help myself from commenting on your post today. It was indeed a journey which we all readers will forever cherish. You are truly brilliant in your job. Wish you all the best for your upcoming scripts.

    Like

  5. A beautiful story❤ Everytime I read Arnab’s adorable dialogues towards Astha, a smile comes to my face unknowingly. I really love the way how Arnab expresses his eternal love towards Astha. And the way Astha falls in love with Arnab every now and then; her blushing over every single thing that Arnab does; always reminds that their love is still showering with a newness though the years passed❤

    Like

  6. Bohut val lagil.. Kintu beya lagise aikaronei je ajir pora aru nai..
    Baa aru likhibo sun amar babe…
    Mur dore hoitu bohutore aikhon pohar pisot pohar proti agroh hoise..
    Anekoi jdi agoloiyu pohi thakibo paru
    Ami nissoi akhon notun homaj gohibo parim jot thakibo kebol hahityo..

    Like

  7. JEC e bahut manuh k val pabole hikale.
    Aru bohut k val pua j biswas r uport nivorhil taku hikale.
    Xosai JEC e bohut nojona kotha hikai dile.
    Thank you Indranee ba emn dhuniya ekhn love story share kora babe.
    Love you 😊

    Like

  8. বহুত ভাল লাগিল । ইমান কেইমাহে মোৰ mobile browser’r এটা page dedicated আছিল আপোনাৰ story টোৰ বাবে। মাজে মাজে refresh কৰি চাওঁ নতুন খণ্ড প্রকাশ পাইছে নেকি। Miss কৰিম ।

    Like

  9. I love this story because Arnav is the name of my love too… Each time I read your story, I fall more in love with him…
    The ending was so heart touching…. loved the story and will for ever…

    Like

  10. ভাল লাগিল, একেলগে আটাইবোৰ খন্ড পঢ়িলো ।
    কিন্তু অৰ্ণৱে আস্থাৰ দেউতাকৰ মন কেনেকৈ জয় কৰিলে সেইটো নুবুজিলো ।।।

    Like

  11. সঁচাকৈ অন্তৰ চুই যোৱা কাহিনী ….বহুত ভাল লাগিল JECৰ নিয়মীয়া পঢ়ুৱৈ হৈ…. প্ৰত্যকৰে ভালপোৱা অৰ্ণৱ -আস্থাৰ দৰে সফল হওঁঁক….বা আৰু এনেকুৱা কাহিনী লিখক …বহুত miss কৰিম আস্থাৰ্ণৱৰ Lovestory❤️

    Like

  12. The other name of love is trust. This story teach me that without trust a relation can’t survive. Thank you for such a beautiful story.

    Like

  13. Truely loved it and touched by the story and ofcourse the ending is a highlight of a true love story❤️.Thank you so much for taking us to the journey of a true love story.And yes indeed,trust is the most important factor which shows truely between Arnab and Astha.I still feel like you have showed us your own love story.Dont know why,I can relate to it as you live in Banglore with your husband❤️.Anewz Good luck for your future ba

    Like

  14. Indranee Ba it was indeed the best one for all readers here. To be honest I never read any noble or story book completely…but this one was the one which will always be cherished. Thank you baa for such a beautiful story.

    Like

  15. জীৱনৰ ৰহস্য কি ? জীৱন মানেই প্ৰাপ্তিনে ? জীৱনে বিচাৰে কি আৰু পায় কি ? পোৱাখিনিয়েই সুখনে ? সন্তুষ্টিনে ? বহু প্ৰশ্নৰ মাজত এটাই কাব্যিক উত্তৰ পাওঁ — ” প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয় ।” জীৱনত পোৱাখিনি ‘প্ৰাপ্তি ‘, নোপোৱাখিনি ‘ আশা ‘, নোকোৱাখিনি ‘ মাধুৰ্য’ —- এয়েতো জীৱন !
    যেকি নহওঁক সদৌ শেষত যে দুই প্ৰেমীক চৰাই মিলন হ’ল তাকে দেখি বহুত ভাল লাগিলে…… । ভগৱানক প্ৰৰ্থনা কৰিছো আগলৈও যেন দুয়োকে কুশলে ৰাখে 🤗🤗……

    Like

  16. নমস্কাৰ বা…প্ৰথম খণ্ডৰ পৰা অন্তিমৰ লৈকে পঢিলো…সদায় time to time পঢো কিন্তু এইবাৰ অন্তিম খণ্ডটি অলপ বেচিয়েই দেৰি হ’ল পঢা😅বাৰু “regular reader”যদিও আজিহে লিখিব মন গ’ল comment box’ত..”মোৰোটো এটা প্ৰেম কাহিনী আছে,পাঁচ বছৰ হবৰেই হ’ল,কি জানা বা,তেখেতে ডায়েৰী লিখে কিন্তু মই একেবাৰেই নিলিখিছিলো ,মাজতে সেইখন মোক দিছিল ,পঢিলো,অনুভৱ কৰিলো সকলোবোৰ,তেওঁৰ জীৱনৰ সকলোবোৰ কথাই যেন চকুৰ পটত এখন চিনেমাৰ দৰে প্ৰতিফলিত হ’ল,কি জানা তেওঁৰ বেয়া দিনবাৰ মই ৰঙেৰে আকিঁ পেলালো ডায়েৰীখনত ,সেয়া মনত ৰখোৱাতো নিবিচাৰো মই,বেয়া দিনবোৰ মনত ৰখাতকৈ এটা ভাল মুৰ্হুত লগত ৰখাতোৱেই শ্রেয়,এতিয়া ময়ো আৱেগ-অনুভুতিবোৰ বগা পৃষ্ঠাত টুকিব ল’লো”..কিবা এটা ভাল লাগিল অ’ বা,আস্থাজনী আৰু অৰ্ণৱ..”বগা পাটৰ সাজযোৰত,তেজ ৰঙা সেন্দুৰ আঁকি,সেই ভাললগা সময়বোৰৰ লগত এটি ফটো এলবাম য’ত আমাৰ ভালপোৱাৰ সৰু সৰু অনুভূতিবোৰ সজ্জিত হৈ থাকিব..বিয়াৰ দিনা তেওঁক উপহাৰ হিচাপে দিয়াৰ ইচ্ছা আছে মোৰ” আৰু এই আস্থাই যে ডায়েৰী খন পঢি JEC-ৰ আস্থাণৱৰ দিনবোৰ মনত পেলাই আছিল..সেইবাবে লিখিব মন গ’ল ,বা তোমাক জনাব মন গ’ল যে তুমি ইমান সু্দৰকৈ প্রকাশ কৰিছা যে মোক এতিয়াই বিয়াৰ দিনাৰ অনুভৱ দিলা তুমি..ময়োটো “কাশীষ(KASHIS)-ৰ ভালপোৱা”মনত পেলাম সেইটো মুৰ্হুতত….ভাল লাগিল সঁচাই কেৱল ময়ে নহয় বহুতৰেই অন্তৰ জয় কৰিছে তোমাৰ লিখনিয়ে..আৰু আগুৱাই যোৱা বা♥

    Liked by 1 person

  17. আৰু বেছি সুখী হম যদি এই কাহিনীটো এখন চিনেমাত পৰিণত হ’লে,,আশা কৰো অৰ্ণৱ আৰু আস্হা কাহিনীটো অসমীয়া জগতত চিনেমা যুগে প্ৰকাশ পাম বুলি ।।JEC শেষ ধক্ ।। MISS U JEC ARNAB&ASTHA😥😥

    Like

  18. বহুত ভাল লাগিল । আপোনালোকৰ আবেগবোৰে চকু ‌‌‌সেমেকাই গল বহুবাৰ। আগলৈ ও লিখি থাকিব ।

    Like

  19. Moi niomia k pohibo loute jetia 23 page paisilu hotat mur mobile beya hoi Jai aru bht dinor pasot ako adhurua page pora pohi aji complete korilu.. heart touching story.. thank you baa👌👌👌

    Like

    1. বহুত বহুত ভাল লাগিল পঢ়ি ।এখনি সুন্দৰ উপন্যাস উপহাৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো।

      Like

  20. Happiness,sorrow,romance everything is included here❤a hearttouching story💝i just can’t stop my tears to roll over my cheeks

    Like

  21. বহুত বহুত ভাল লাগিল পঢ়ি ।এখনি সুন্দৰ উপন্যাস উপহাৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো।

    Like

  22. Bht bya lgise jec r story 2 hekh hwar krne. ….Sunday 2 ahile mnt pri jai Baa …..ahkou vl ata pwar aakhare roi thkim Baa. …..Happy ending 😘😍

    Like

  23. Honsake….arnav ru asthak bht miss korisu…imn morom Kora partner luckily Hy Pai….ankua lagise ai asthajoni apunie baa….ai diary pisthabur jen an karu nohoi…apunar jenei lagise …

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s