love story

#JEC অন্তিম খণ্ড (Chapter 2 Part 17)

Previous: #JEC Chapter 2 Part 16

 

                  হে ভগৱান, কালি ৰাতিৰে পৰা মই ডায়েৰী পঢ়ি পঢ়ি কেতিয়া ৰাতি পুৱাল গমেই নাপালো। ওচৰতে নিশা শুই আছে, ঘৰত অসংখ্য মানুহ, কোনো নহাকৈ থকা নাই মোৰ বিয়ালৈ। হয়, মোৰেই বিয়া, কাইলৈ বুলি কব নোৱাৰি, এতিয়া ৰাতিপুৱা তিনিটা বাজি গৈছে, অাৰু মই মোৰ JEC ৰ ডায়েৰী পঢ়ি অাৰু এৰাতি উজাগৰে কটালো। এনেকুৱাই হয়, যেতিয়া কোনোবাই মোক অৰ্ণৱ অাৰু মোৰ ভালপোৱাৰ কাহিনী সোধে, মই আকৌ সেই পুৰণা দিনবোৰলৈ ঘূৰি যাওঁ। অৰ্ণৱ অাৰু আস্থাৰ কাহিনী শুনাওঁ সকলোকে। JEC ৰ পৰা ওলাই অহা অাজি তিনিবছৰ হৈ গল, কিন্তু এনেকুৱা লাগে এতিয়াও সেই campus এৰি আহিব পৰা নাই, অৰ্ণৱ অাৰু মোৰ প্ৰথম প্ৰেমৰ মিঠা মূহূৰ্ত বোৰ JEC ৰ মাজতে এতিয়াও সজীব হৈ আছে। কি দিয়া নাই মোক মোৰ JEC খনে,অৰ্ণৱৰ দৰে এজন প্ৰেমিক, নিশাৰ দৰে এজনী বান্ধৱী, মা দেউতাক সুখী কৰিব পৰাকৈ এটা চাকৰি।
:সৰু মইনা অ’, উঠ আকৌ, কাইলৈ পৰা অাৰু এইখন ঘৰত…
আইতাৰ কান্দোন আৰম্ভ হলেই, এইকেইদিন চকুপানী টুকি টুকি জুপুকা মাৰি বহি থাকে। মোৰ আজলি আইতা জনী।
মায়ে যেতিয়া অৰ্ণৱৰ পৰিয়ালৰ সকলো কথা খুলি কৈছিল, প্ৰথমতে সকলোতকৈ বেছি আপত্তি আইতাই কৰিছিল এইখন বিয়াক লৈ। মাৰ ভয় মিছা নাছিল। অৰ্ণৱৰ অতীতৰ কথাবোৰ শুনাৰ পাছত আমাৰ বিয়াৰ কথা কোনেও মানি লোৱা নাছিল, কেৱল মাৰ বাহিৰে। দেউতাই মোৰ লগত কথা পতা বন্ধ কৰি দিছিল, আইতাই বাৰে বাৰে বুজাইছিল মোক এনেকুৱা নকৰিবলৈ, হাৰ মানিছিলো মই, অৰ্ণৱ আঁতৰি গৈছিল এইবিলাক দেখি, তেওঁ জানিছিল দেউতাৰ মনত দুখ দি মই কেতিয়াও সুখী হব নোৱাৰোঁ। সম্পৰ্ক শেষ কৰিছিলোঁ, কিন্তু ভালপোৱা নহয়, প্ৰায় এবছৰ দিন আমাৰ মাজত কোনো যোগাযোগ নাছিল। নিশা অাৰু অনুৰাগে দেখিছিল মোৰ সেই ভয়াৱহ দিনবোৰ। বেলেগ এজনী আস্থা হৈ পৰিছিলো মই, হাঁহিবলৈ পাহৰি গৈছিলো, একো ভাল নলগা হৈ গৈছিল। কিন্তু মোৰ যি পৰিস্থিতি হৈছিল, তাত কোনোবা নহয় কোনোবাই আঘাত পোৱাটো নিশ্চিত আছিল, অাৰু মই মোৰ নিজতকৈ বা অৰ্ণৱতকৈও দেউতাক বেছি ভাল পাওঁ, সেইবাবে তেওঁক সুখী কৰাৰ সিধান্ত লৈ পেলাইছিলো। অৰ্ণৱে এবাৰো সোধা নাছিল কিয় শেষ কৰিছোঁ এই মধুৰ সম্পৰ্ক, মাত্ৰ আঁতৰি গৈছিল। তেওঁৰ মাকে বহুত চেষ্টা কৰিছিল বুজাবলৈ কিন্তু আইতা অাৰু বৰদেউতাই মানি লোৱা নাছিল, অাৰু সেইবাবেই দেউতাও বাধ্য হৈছিল। আজিও মনত আছে সেই দিনটো, মায়ে ফোন কৰি মাতি পঠাইছিল মোক, মোক চাবলৈ কোনোবা লৰা আহিব, গতিকে মই ঘৰলৈ আহিব লাগে। একো প্ৰশ্ন নকৰাকৈ সাজু হৈছিলো। মই যেন কিবা ভাবিব পৰা অৱস্থাত নাছিলো তেতিয়া। আলহীৰ আগত ওলাবলৈ মায়ে ৰঙা পাটৰ কাপোৰ এযোৰ পিন্ধিবলৈ দিলে , তেওঁৰ প্ৰিয় ৰং দেখি বুকুখন মোচৰ খাই গৈছিল, পিন্ধি ওলালো, সকলো সুখী আছিল মোৰ বাহিৰে। মোক অাৰু লৰাজনক কথা পাতিবলৈ দিয়া হল, মই স্পষ্টকৈ জনাই দিছিলো, অৰ্ণৱ অাৰু মোৰ কথা, মই নিজৰ লগতে আন কাৰোবাৰ জীৱন ধ্বংস হোৱাটো একেবাৰেই বিচৰা নাছিলো। উভতি গৈছিল সকলো, দেউতাক অপমান কৰিছিল, কিন্তু মই নিৰুপায়, মিছাৰ আশ্ৰয় লৈ মই কাৰোবাক সুখী কৰিব নিবিছাৰো।
:মাজনী, কিয় কৰিছ এইবোৰ? অৰ্ণৱক পাহৰি যা, আইতাৰ তোৰ বিয়া লৈ বহুত আশা, কেলেই কষ্ট দিছ এই বুঢ়া বয়সত।
:জানি  বুজি একো কৰা নাই দেউতা , আজিলৈকে তোমালোকৰ অনুমতি অবিহনে মই একো কৰা নাই, আগলৈও নকৰোঁ, অৰ্ণৱ সদায় মোৰ মনত জীয়াই থাকিব, আইতাৰ আশা অৰ্ণৱৰ লগত বিয়া হৈও পূৰাব পাৰিলোঁহেঁতেন।তোমালোকে কষ্ট পাবা বুলিয়েই নিজৰ ইচ্ছাক বহুত বাৰ সামৰি ৰাখিছো দেউতা। অৰ্ণৱ মোৰ বাবেই আহি থাকিব বিচাৰিছিল কলকাতাত, সেই কথাটো মই প্ৰথমতে মাক সুধি লৈছিলো, এবাৰ নালাগে বুলি কোৱাত অামি অাৰু সেই কথা দ্বিতীয় বাৰ নাভাবিলো। অৰ্ণৱে কেৱল মোকেই ভাল নাপায় দেউতা, তোমালোককো মোৰ সমানেই ভাল পায়। চাকৰি কৰাৰ দিন ধৰি দুয়োটাই সপোন দেখিছিলো, আমাৰ এটা নিজা ঘৰ হব, তোমালোকো থাকিবা আমাৰ লগতে, মই কেতিয়াও তোমালোকক অকলশৰীয়া কৰিব বিচৰা নাছিলোঁ দেউতা। এইবোৰ কথা অৰ্ণৱে বুজিছিল,মোৰ সৈতে আলোচনা কৰিছিল। দৰমহাৰ পইচা সাচিঁ ৰাখিছিলো নিজৰ দৰকাৰী বস্তু নিকিনি, ভাবিছিলো বিয়াৰ পাছতে লৈ যাম তোমালোকক, বহুত সপোন দেখিছিলো দেউতা, একেদিনাই ভাঙি পেলাব নোৱাৰোঁ। মোৰো এটা মন আছে, ভাল ছোৱালী হবলৈ গৈ সেই মনটোকে মাৰি পেলাব লগীয়া হ ল।
:কিন্তু অৰ্ণৱৰ পৰিয়ালৰ কথাবোৰ জনাৰ পাছত..
:তাত তেওঁৰ কি দোষ আছিল দেউতা, বুজাই দিয়া মোক, কত ভুল হৈছিল অৰ্ণৱৰ???
অাৰু কিমান কষ্ট দিব তেওঁক এই সমাজ খনে। তুমি অাৰু মায়ে কি বুজি পোৱা নাই?
আইতাৰ কথা বাৰু নকওঁ। আন কাৰোবাৰ লগত বিয়া হৈ গলে মই আৰু ‘মই’ হৈ নাথাকিম দেউতা।
দেউতাৰ লগত তৰ্ক কৰি নিজেও দুখ পাইছিলো, কিন্তু সেয়া জৰুৰী আছিল, সমাজে কি কব ভাবি অামি কেতিয়াবা বহুত ভুল কৰি পেলাওঁ, কিন্তু সমাজ জানো আমিয়েই গঢ়া নাই??
পিছদিনাই গুচি গৈছিলো কলিকতালৈ, ঘৰত কাৰো মাত নাপালোঁ, আইতাই কান্দিছিল, দেউতা নিমাত, মায়ে অসহায় দৃষ্টিৰে চাইছিল। বৰ বেয়াকৈ হাৰি গৈছিলো মই।
কিন্ত এমাহ মান আগতে হঠাতে এদিন অৰ্ণৱ আহি ওলাইছিল মোৰ ঘৰত,দেউতা বৰদেউতা আইতা সকলো হাৰি গৈছিল তেওঁৰ মোৰ প্ৰতি থকা ভালপোৱা অাৰু দায়িত্ব বোধ দেখি, তেওঁ কাকো জোৰ কৰা নাছিল, অপমান কৰা নাছিল, কিন্তু দেউতাৰ মন সলনি কৰাত সফল হৈছিল। তেওঁ কি কৰিলে, কেনেকৈ কৰিলে নাজানো, মাথোঁ মোলৈ ফোন কৰি কলে…
:You will shift to Bangalore or I should come to Kolkata .
একো আওভাও নাপালো, ইমান দিনৰ মূৰত ফোন কৰিছে, কোনো ধৰণৰ খং অভিমান একো নাই। একেবাৰেই সহজ হৈ কথা পাতিছে। আচৰিত হলো।
:কি কৈছে একো বুজি পোৱা নাই।
:বুজি পাব নালাগে। I can’t wait anymore to live with you. So maximum one month. That’s it. We are getting married Miss Astha Baruah.
:দেউতাই…
:কথা পাতা।
তেওঁৰ ফোনত দেউতাৰ লগত কথা পাতিলো, ভালকৈ একো ধৰিব পৰা নাই কি হৈছে,
দেউতাই এষাৰ কথা মাত্ৰ কলে..
:দেউতাৰৰ জানো ভুল হব নোৱাৰে? বেয়া পায় নেথাকিবি মাজনী। ঘৰলৈ সোনকালে আহিবি।
সেইদিনা ঘৰত কি হল, কেনেকৈ হল আজিলৈকে মোক কোনেও নকলে। কিন্তু অৰ্ণৱৰ অাৰু ধৈৰ্য্য নাছিল, এনেকৈ দূৰে দূৰে থকাটো দুয়োৰে বাবে কষ্টকৰ আছিল।
মাহঁতে কথা পাতি বিয়াৰ দিন ঠিক কৰিলে, একেবাৰেই সাধাৰণকৈ, বেছি আনুষ্ঠানিকতা অামি দুয়োটাই বেয়া পাওঁ। কিন্তু মোতকৈ বেছি উৎপাত নিশাৰ। মোৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি photography লৈকে সকলো দায়িত্ব তাই অাৰু অনুৰাগে ললে। অৰ্ণৱৰ সময় নাই, কিহত ব্যস্ত নাজানো, বিয়াৰ পাছতহে কব বোলে। এবছৰতকৈ বেছি হল তেওঁক নেদেখা, লগ কৰিব বিচাৰিলে কয়,, একেবাৰে বিয়াৰ দিনা চাই লবা ভালকৈ।
আজিয়েই সেই ভাল লগা দিনটো।
আস্থা আৰু অৰ্ণৱৰ ভালপোৱাৰ সফলতা উদযাপন হব অাজি।
কিমান বাধা নেওচি এই দিনটো অামি পাইছোহি সেয়া আনে বুজিব নোৱাৰে।
কিমান বাৰ যে লাগিছিল তেওঁক হেৰুৱাই পেলালো বুলি, কিন্তু সচাঁ ভালপোৱাৰ সদায়ে জয় হয়।
বহি থকাৰপৰা দেউতালৈ চাইছোঁ, আলহীৰ আগত গৰ্বেৰে কৈছে, মোৰ অাৰু অৰ্ণৱৰ কথা। আইতা এবাৰলৈকো মোৰ ওছৰৰ পৰা আঁতৰি যোৱা নাই। মায়ে মাজে মাজে সুধি থাকে কিবা খাবি নেকি, অলপ জিৰাবি নেকি। নিশা, অনুৰাগ, ৰাজী, টিনা গোটেই সোপা selfie লোৱাত ব্যস্ত। এইবোৰৰ মাজতে তেখেতৰ ফোন।
:ধূতি পিন্ধিবই লাগিব?
:নিয়ম হয়, কৰিব লাগিবই।
:আচ্ছা, আৰু কিমান দেৰি পিছত যাম অামি।
:দৰা অহাৰ সময় থাকে, যেতিয়াই তেতিয়াই নাহে নহয়।
:অাৰু আহিলে কি কৰিবা?
:মই ওলাই নাহোঁ।
:Oh really, you won’t dare.
:এতিয়া থওঁ, আলহী আছে, এনেকে কথা পাতি থাকিলে বেয়া দেখিব…
:Anyway, আজিয়েই যিমান বাহানা আছে মাৰি লোৱা। Tomorrow night you can’t escape Miss blush Queen. কত পলাবা তেতিয়া। এবছৰৰ হিচাপ লব আছে।
ফোনটো কাটি দিলো, গাল মুখ ৰঙা হৈ গল, ইমানদিন হল তেওঁক ভালপোৱা, কিন্তু লাজ লাজ ভাৱটো মোৰ আজিও আছে, অাৰু তেওঁলৈ ভয়ো সমানেই লাগে এতিয়াও। লগৰ সবেই এইটো কথা লৈ জুকায়, কিন্তু অৰ্ণৱৰ খঙটো দেখিলে নিজেই বুজি পায়।
:অই, দৰা আহি পালেহি দেই।
ধক্।
কলিজাটো ওলাই আহোঁ যেন্ কৰিছে, এতিয়াহে যেন মই বুজি পাইছোঁ মোৰ বিয়া বুলি, ভীষণ ভয় লাগিছে, আইতাক ওচৰতে বহাই থৈছো, সকলোবোৰ দৰা চাবলৈ ওলাই গল। মামী দৌৰি আহিল কৈ থৈ গলহি
:জোঁৱাই বৰ মিলিছে দেই তোৰ লগত। বৰ সুন্দৰ চেহেৰা।
কোনোবাই তেনেকৈ কলে বৰ ভাল লাগে মনটো।
যথা সময়ত মাৰ আঁচলত ধৰি হোমৰ গুৰিলৈ ওলাই আহিলো।
দুৱাৰ মুখত মায়ে হুকহুকাই কান্দিলে, লগতে ময়ো।
মামী আৰু বৌয়ে ধৰি নি অৰ্ণৱৰ কাষত বহাই দিলে। ওৰণিৰ তলৰ পৰা এবাৰ চালো, একেই আছে, কিন্তু অাজিও পাতলকৈ দাঢ়ি ৰাখি থৈছে, ইমান কোৱাৰ পাছতো নাকাটিলে। পুৰোহিতৰ মন্ত্ৰ অাৰু দেউতাৰ আশীৰ্বাদৰ মাজত অামি দুয়ো এক হোৱাৰ প্ৰতিশ্ৰুতি ললো।
:সেন্দুৰ দিয়া এতিয়া।
অৰ্ণৱক সেইটো কথাও দেউতাই শিকাই দিছে, ওৰণি খন অলপ খহাই দিলে, এটা সম্পুৰ্ণ বছৰৰ পাছত দেখিছে মোক, তাকো কইনাৰ সাজত, সেন্দুৰ দিৱলৈ উঠা হাতখন ৰৈ গল
:কি হল, দিয়া আকৌ।
দেউতাই কৈ উঠিল।
:Astha, May I?
আস, কিমান দিনৰ মূৰত ইমান কাষৰ পৰা শুনিছো এই মাতষাৰ।
:হমম।
ভৰাই তুলিলে মোৰ উকা কপাল, তেওঁৰ প্ৰিয় ৰঙেৰে।
দুচকু ওপচি পৰিল।
আকৌ এবাৰ প্ৰেমত পৰিলোঁ মই, মোৰ স্বামী অৰ্ণৱৰ।
শিৰত তুলি ললো তেওঁৰ আশীষ।
কাষ চাপি আহিল অৰ্ণৱ।
:সেন্দুৰ খিনিত কৈ তুমি বেছি ৰঙা পৰিছা। Can I kiss you here Puwali?
আস্থাৰ্ণৱৰ ভালপোৱাৰ বাংময় প্ৰকাশ।
খোপাৰ গোলাপৰ সুগন্ধি বুকুলৈকে শিপাইছে।
উৰুলিৰ ধ্বনিয়ে অন্তৰাত্মা লৈকে কোলাহল তুলিছে।
অৰ্ণৱৰ চকুত চকু থৈ আকৌ শুনিছো উশাহৰ ধক ধক।
অাৰু কিমান ভালপোৱা এতিয়াও ৰৈ অাছে, আমাৰ বাবে, কেৱল আমাৰ বাবেই।
আঁচল পাতি সামৰি লৈছোঁ অৰ্ণৱৰ ভালপোৱা, দেউতাৰ আশীষ, মাৰ মমতা।
হে নমো, আহিবলগীয়া দিনবোৰ এনেকৈয়ে ৰাখিবা।
এই সময় আমাৰ, ভাল লগা, মিঠা মিঠা।
  সমাপ্ত।
If you want to be notified as soon as the next post released, follow me in facebook
love story

#JEC Chapter 2 Part 16

Previous: #JEC Chapter 2 Part 15

                      ডায়েৰী পাতত সাঁচি ৰাখিব পৰাকৈ ভাল লগা সময়ৰ অভাৱ এতিয়া। কলেজ, কেন্টিন, বাইদেউৰ দোকান, সকলোতে কিবা এটা খালি খালি লাগে। এতিয়াই যেন পাছফালৰ পৰা মাত দিব….
:How dare you Miss Astha!
আস্।
বাৰুকৈয়ে বিন্ধিছে তেওঁৰ অনুপস্থিতিয়ে।
অপ্ৰিয় সময়ৰ অকলশৰীয়া আলিংগন!
দিনবোৰ মাথোঁ পাৰ কৰিছো, জীয়াবলৈ যেন পাহৰি গৈছো।
অৰ্ণৱে ফোনত গালি পাৰে, বাৰে বাৰে কয়, Jec দিনকেইটা ভালকৈ উপভোগ কৰা, বহুত মিছ কৰিবা ওলাই অহাৰ পিছত। হয়তো তেওঁ ঠিকেই কৈছে, কিন্তু ভাল লগা বোৰ সামৰিব পৰা হবলৈ দুখবোৰ এতিয়াও পাতল হোৱা নাই। অাৰু বেছি দিক্ভ্ৰান্ত হোৱাৰ আগতেই মোক অলপ শান্তি লাগে।
:মাৰ ওচৰলৈ যোৱা আস্থা, please এনেকে নাথাকিবা।
:মাৰ খং উঠি আছে, গালি পাৰিব, নাযাও।
:একো নহয় যোৱা, তুমি বহুত disturbed হৈ আছা, মাৰ লগত দুদিন থাকি আহা, class miss হলেও হব, but you really need her now.
:কিন্তু…
:Just go. খং নুঠাবা মোৰ।
অৰ্ণৱে জানে মোক, মোৰ ভিতৰত চলি থকা ধুমুহা জাকক। সেইবাবেই জোৰ কৰি পঠিয়াই দিলে ঘৰলৈ। সকলো এৰি গুচি গলো মাৰ ওচৰলৈ। অৰ্ণৱ মোৰ ভালপোৱা, কিন্তু মা মোৰ শক্তি, মোৰ সাহস। কান্দিলো, ভুল স্বীকাৰ কৰিলো, আকৌ এবাৰ কুৰুকি কুৰুকি সোমালো মাৰ বুকুত।খুব প্ৰয়োজন আছিল সেইকণ উমৰ।
:মই আছো জীও, অলপ সময় দে, সময়ত সকলো ভাল হব।
অলপ দিন মাৰ লগত থাকি যেন মই স্থিৰ হলো। ঘূৰি আহিলো JEC কেম্পাছলৈ।

প্ৰেমে মানুহক বহুত কিবাকিবি শিকায়, অামি মাথোঁ তাৰে মাজৰ ভাল খিনি লব জানিলেই হল। অৰ্ণৱৰ বাবেই হওক, আমাৰ প্ৰেমৰ বাবেই হওক, নাইবা মা দেউতাৰ সপোনৰ বাবেই হওক, মই সম্পুৰ্ণ চেষ্টা কৰিছো পঢ়া শুনা ভালকৈ কৰিবলৈ। এতিয়া মই অাৰু নিশা হোষ্টেল নাইনত থাকোঁ, Extension এৰি আহোঁতে বৰ বেয়া লাগিছিল। JEC লৈ নতুন batch আহিল, পিচে নিজকে এতিয়াও চিনিয়ৰ যেন লগাই নাই, আমাতকৈ সৰু কোনোবাই ‘বা’ বুলি মাতি দিলে প্ৰথমতে ধৰিবই নোৱাৰোঁ। লাহে লাহে আকৌ ভাল পাবলৈ লৈছো JEC কেম্পাছ। দিনটোৰ শেষত যেতিয়া অৰ্ণৱৰ লগত কথা পাতোঁ, বৰ্ণনা দিওঁ JEC ৰ প্ৰতিটো খবৰ, তেওঁ কয়, মোৰ কলিজাটো তাতে থৈ আহিছো, ভালকৈ বিচাৰিলে পাই যাবা। আকৌ এবাৰ লাজতে ৰঙা পৰোঁ।

দূৰে দূৰে থাকি যেন আমাৰ ভালপোৱা অাৰু বেছি বাঢ়ি গৈছে, এবাৰ কাষত পোৱাৰ হাবিয়াসে বুকুত এতিয়া বেছিকৈ খুন্দিয়ায়। ৰাতিবোৰ কথা পাতি পাতি পাৰ কৰোঁ, দিনবোৰ তেওঁক বুকুত কঢ়িয়াই। অৰ্ণৱ এতিয়া মোৰ সমগ্ৰ সত্তা জুৰি বিয়পি থাকে, যেতিয়াই মন যায়, উশাহত সামৰি লওঁ ।পাৰ কৰিব লাগিব তিনিটা বছৰ, এনেকৈয়ে।
কষ্ট হব, জানো, কিন্তু আহিবলগীয়া ৰঙীন দিনৰ সপোণ দেখি পাৰ কৰিম এই তিনিটা বছৰ।

অৰ্ণৱ বিহীন দিনৰ স্মৃতি নাৰাখো কতোৱেই, মোৰ ডায়েৰীৰ পাতত খোদিত হব পৰা ৰঙীণ সময় এতিয়া নাই। এতিয়াৰ সময় কেৱল ব্যস্ততাৰ। ক্লাছৰ উপৰিও বহুত কিবাকিবি শিকিছো। সাংঘাটিক ধৰণে ভাল লাগিছে Coding. সৰু সৰু Project কৰিবলৈ ললো। অৰ্ণৱৰ freelance project বিলাকৰ কোনোটো অংশ মই কৰি দিওঁ। নিজেও শিকো, তেওঁৰো সহায় হয়। তাৰ মাজতে Ethical hacking, personality development, communication skill, Automation এই সকলোবোৰ workshop অত অংশগ্ৰহণ কৰিলো। কথা কবলৈ ভয় কৰা মইজনীয়ে ধুনিয়াকৈ প্ৰেজেণ্টেচন দিব পৰা হলো।অসমীয়া মাধ্যমত পঢ়া শুনা কৰি আহিও ইংৰাজী সলসলীয়াকৈ কব পৰা হলো। নিজক প্ৰস্তুত কৰা এই সময় খিনিত বুজি উঠিলো, JEC জীবন কিমান মাদকতা ভৰা। সঁচাকে, JEC জীৱন বহুত ভাল লগা। পাৰ কৰিলো তিনিটা বছৰ, হাঁহিলো, কান্দিলো, বহুত পালো, কিছু হেৰুৱালো, বন্ধুৰ তালিকা দীঘল হল, কিন্তু নিশা সকলোতকৈ বেছি আপোন সদায়ে। গোটেইসোপা একেলগে কেতিয়াবা ফুৰিবলৈ যাওঁ, পিকনিকত গলো দুবাৰমান, কলেজ উইক্, PHOENIX সকলোতে উৎপাত আমাৰ। নিশা অাৰু ৰাজীৰ কৃপাত মোৰ লাজ বহুত খিনি ভাগিল। কিন্তু এতিয়াও বেছি কথা নকওঁ, দুইজনীয়ে কৈ থাকে, মই শুনি শুনি হাঁহি থাকো। অৰ্ণৱৰ মাকৰ ওচৰলৈ যাওঁ মাজে মাজে, কেতিয়াবা তেখেতে নিজে আহি মোক লৈ যায়, মোৰ লগত তেওঁৰ বন্ধুত্বৰ সম্পৰ্ক। দুয়ো মিলি অৰ্ণৱৰ ক্লাছ লওঁ কেতিয়াবা। এনেকৈয়ে পাৰ হৈছে দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি।

ব্যস্ততাই মানুহক দুখৰ পৰা আঁতৰাইহে ৰাখিব পাৰে, কিন্তু সুখী কৰিব নোৱাৰে।
ডায়েৰী খুলি আকৌ সামৰি থওঁ, বিচাৰি নাপাও সেই ‘বিশেষ’ সময়।

হয়তো ঘূৰি আহিব আকৌ, কলম তুলি আকৌ লিখিম ভাল লগাবোৰ।
বেয়া লগাবোৰ পাৰ হওক, কতো স্মৃতি ৰাখি নোথোৱাকৈ।

হেৰুৱা দিনৰ সুবাস বিচাৰি….. অাজি আকৌ মেলিছো ডায়েৰীৰ পাত,সুদীৰ্ঘ পাচোঁটা বছৰৰ পাছত….

JEC ৰপৰা ওলাই যোৱাৰ পাছত, অৰ্ণৱ মাত্ৰ এবাৰ আহিছিল মোৰ ওচৰলৈ , তাকো মাত্ৰ এসপ্তাহৰ কাৰণে।  দুদিন ভালকৈ লগ পালো, আমাৰ প্ৰিয় ঠাইখিনিত বহিলো, কথা পাতিলো.. সপোন দেখিলো.. আজি আকৌ এবাৰ মনত পেলাইছো সকলোবোৰ। কাৰণ ঘূৰি আহিছে ভাল লগা দিন, ভাল লগা সময়।

:You are still the same Astha.
:মানে?
:মানে, এই ইমানদিনৰ মূৰত যে লগ পাইছো, সব কিন্তু একেই অাছে।
:ওহোঁ, একে নাই।
:কেনেকৈ?
: আপুনি মোৰ লগত কথা পাতি পাতি অসমীয়া ভালকৈ কব পৰা হৈছে আৰু।
দুয়োটাই প্ৰাণ খুলি হাঁহিছিলো।
:BE শেষ হলেই লৈ যাম তোমাক, I can’t stay away from you Astha.
:লৈ যাম মানে?
:মোৰ লগত থাকিবা, লগত নহলেও ওচৰত কৰবাত, এনেকে বৰ কষ্ট হয় মোৰ।
ভাল লাগিছিল তেওঁৰ কথাবোৰ শুনি, অৰ্ণৱ সেই একেই ৰূপত আজিও মোৰ ওচৰত। মোৰ প্ৰতি তেওঁৰ হেঁপাহ এতিয়াও সীমাহীন।
:এসপ্তাহৰ পাছত TCS আহিব, যদি হৈ যায় ভালেই, নহলে কি কৰিম নাজানো।
:কিয় নহব, ভালকৈ দিবা, Technical round clear হলে বাকীখিনি হৈ যাব।
:হমম।
:ঘৰলৈ যাবা?
গৈছিলো অৰ্ণৱৰ ঘৰলৈ, মাকৰ লগত সময় কটাইছিলো, কথা পাতিছিলো।
ওচৰত কোনো নথকা সময়খিনিত অৰ্ণৱৰ মৰমৰ উমান লৈছিলো, টানি নিছিল বুকুৰ মাজলৈ।
:কোনোবাই দেখিব। Please…
:I dont care. কিয় আহিছিলা ৰঙা পিন্ধি, Now suffer.
হাৰি গৈছিলো, এৰি দিছিলো নিজকে।
তেওঁৰ ওঁঠৰ মাজত হেৰাই গৈছিল মোৰ দুটি ওঁঠ, ৰঙা পৰা দুগাল।
:I want you Astha.
ধক্।
:আস্থা, চাহ খাই লোৱাহি আহা।
ৰেজীয়া বাইদেউৰ মাত শুনি তেওঁক ঠেলি আঁতৰি আহিছিলো, অৰ্ণৱৰ খং আকৌ দেখিছিলো, চকু কেইটা ৰঙা। গৰম চাহ কাপ একে শোহাতে খাই পেলাইছিল, মোৰ পৰা চকু আতঁৰাই নিনিয়াকৈ। হয়, প্ৰায় দুটা বছৰৰ পাছত লগ পাইছিলো, তাকো আধৰুৱাকৈ। অভিমানৰ টোপোলাটো বুকুত বান্ধি গুচি গৈছিল অৰ্ণৱ।

   অৰ্ণৱ গুচি যোৱাৰ কিছুদিন পিছতে Campus Recruitment অৰ কাৰণে TCS আহিল। মোৰ ওপৰত তেওঁৰ বিশ্বাস মিছা নাছিল, TCS অৰ interview Clear কৰিছিলো, মই অাৰু নিশা দুয়ো জনীয়েই, লগতে অনুৰাগেও, অৰ্ণৱৰ ভাষাত 3 Idiots একেলগে এইবাৰ TCS অত। কিমান যে ফুৰ্টি লাগিছিল সেইদিনা, মা দেউতা পিছদিনাই গৈ হোষ্টেল ওলাইছিল গৈ। JEC য়ে মোৰ জীৱনৰ আটাইতকৈ ভাল লগা দিনবোৰ উপহাৰ দিলে, এৰি আহিবৰ সময়ত পাগলৰ দৰে কান্দিলো, ডায়েৰীৰ পাতত তোমাক জীয়াই ৰাখিম বুলি প্ৰতিশ্ৰুতি দিলো। যেতিয়াই নিজকে অকলশৰীয়া যেন অনুভব কৰিম, JEC ৰ স্মৃতি বুটলি জীয়াই থকাৰ হাবিয়াস ঘূৰাই আনিম। চাৰিটা বছৰৰ অনুভৱ লৈ JECক বিদায় দি আহিলো, আৰম্ভ হল এক নতুন জীৱন।
আমাৰ পোষ্টিং কলকতাত হল, অৰ্ণৱ এতিয়াও বাংগালোৰত, ঘৰৰ পৰা যোৱাৰ আগতে আইতাৰ মতে আঙুঠি পিন্ধোৱা নিয়ম কৰিব লাগে, কিন্তু অৰ্ণৱে বাধা দিলে। অলপদিন মই ভালকৈ চাকৰি কৰি নিজকে establish কৰাটো তেওঁ বিচাৰিছিল। এইবিলাক নীতি নিয়ম আমাৰ বাবে সিমান প্ৰয়োজনীয় কেতিয়াও নাছিল। ভালপোৱাত বিশ্বাস নাথাকিলে এটা ধাতুৰ আঙুঠিৰে তাক বান্ধি ৰখাৰ অৰ্থ নাথাকে। মা দেউতাৰ আশীৰ্বাদ মোৰ লগত সদায় আছিল, অাৰু মোৰ বাবে সমাজৰ কথা সদায়ে মা দেউতাৰ ইচ্ছাৰ পাছত হে আহিছিল। ইতিমধ্যে অৰ্ণৱে কোম্পানী এৰি Freelancing কৰা আৰম্ভ কৰিছিল। নিজৰ কামক লৈ তেওঁ সুখী আছিল। নিজৰ নতুন নতুন কামবোৰ মোৰ লগত আলোচনা কৰে, কেতিয়াবা মোৰ সহায় লয়, কেতিয়াবা মই তেওঁৰ সহায় লওঁ। আমাৰ ভালপোৱা যেন দূৰে দূৰে থাকিও অলপো সলনি হোৱা নাছিল। আজিও অৰ্ণৱৰ খং উঠিলে ভয় লাগে মোৰ, ফোনত বেছি ৰোমান্তিক হলে লাজতে ৰঙা চিঙা পৰোঁ, তেওঁ বুজি পায়, সেইবাবেই বেছি কৰে কেতিয়াবা। মৰম ভালপোৱা যিমান, কাজিয়াও সিমানেই, খুট খাট লাগিয়েই থাকে, কেতিয়াবা ডাঙৰ হৈ যায়, দুবাৰমান ব্ৰেকআপ কৰাৰ কথাও আহি পৰিছিল, পিছে দুয়োটাই জানো, অামি ইজনে সিজনক এৰি থাকিব নোৱাৰোঁ বুলি।

কিন্তু অৰ্ণৱৰ অতীত তেতিয়াও মাৰ বাহিৰে ঘৰত কোনেও নাজানিছিল। অজান আশংকাত বুকুখন কঁপি উঠিছিল মাজে মাজে।
আজিৰ এই বিশেষ দিনটোত, ভাল লগা বেয়া লগা সকলো স্মৃতিয়ে ভিৰ কৰিছেহি বুকুত, সেমেকা চকুৰে তিতি গৈছে ডায়েৰীৰ প্ৰতি খিলা পাত।

:আস্থা,তই পাগল হলি নে কি? ৰাতি পুৱাব এতিয়া। ডায়েৰী পঢ়া বাদ দে। মায়ে দেখিলে দিব ঠিকছে। And for your kind information, you are getting married today.
:কি? অাজি??

আগলৈ

If you want to be notified as soon as the next post released, follow me in facebook

love story

#JEC Chapter 2 Part 15

Previous: #JEC Chapter 2 Part 14

অৰ্ণৱে বেঁকাকৈ হাঁহি এটা মাৰি চালে মোৰ ফালে, মই ঘোপাকৈ চাই পঠিয়ালো। মোৰ ফোন টোত মেছেজ কৰিছে..
:Dont think too much, Its not crime,we just kissed and I think it was the most beautiful thing ever happened to me. I love you Puwali. Dont become more red, else I will kiss you again.

একো reply নিদিলো ।
এইবাৰ উঠি আহি ওচৰ পালেহি।
:দুখ পালা?
:দাঢ়ি বিলাকে বিন্ধে।
:What?? You are damn cute Astha, I think I..
হে নমো, সব কথা কেলেই ওলাই যায় মোৰ মুখৰপৰা, অৰ্ণৱে অাৰু বেছি জোকাব এতিয়া। দৌৰি গৈ নিশাৰ ওচৰ পালো গৈ।
সোনকালে ঘৰলৈ যাব পাৰিলেই হয় প্ৰভূ, আজিচোন অৰ্ণৱলৈ বেছি ভয় লাগিছে, ভালেই হব কাইলৈ যাবগৈ।উৎপল দা অাৰু অনুৰাগে মোৰ অাৰু নিশাৰ লগত সমানে কাম কৰিছে , পিছে অৰ্ণৱে পাচলি কাটিবলৈ লৈ প্ৰথমতে আঙুলি টো কাটি ললে, তাৰ পাছত অাৰু তেওঁক অামি একো কাম নিদিলো, হাঁহি ধেমালিৰে সময়বোৰ পাৰ হল,
অৰ্ণৱৰ পৰা যিমান পাৰো আতৰি আছো, দুবাৰমান কিবা কবলৈ ওচৰ চাপি আহিছিল যদিও মই সুবিধা নিদিলো, অদ্ভুত ধৰণৰ লাজ এটাই হেঁচা মাৰি ধৰিছে অাজি। আমাৰো ঘূৰি অহাৰ সময় হল, তেওঁক উপহাৰটো দিয়াই নহল, সৱৰে আগত দিবলৈ ভালো লগা নাই। নিশাই কথাটো বুজি পালে।
:আস্থা, অৰ্ণৱ দাৰ লগত কিবা কথা আছে যদি পাতি ল, অামি ৰৈছো তলতে।
মোক দুৱাৰমুখতে এৰি গুচি গল, দুৱাৰখনৰ বাহিৰত মই,ভিতৰফালে অৰ্ণৱ ।
:এইটো আপোনাৰ কাৰণে।
উপহাৰটো আগবঢ়াই দিলো।
:কি এইটো, খুলি চাও?
:হমম।
মুখখন উজ্বলি উঠিল তেওঁৰ, ইমান সৰু সৰু কথাত ইমান বেছি সুখী হৈ পৰে অৰ্ণৱ, সদায় যেন এনেকৈয়ে ৰাখা নমো।
:Thank you so much, its so special for me!পাপা গুচি যোৱাৰ পিছত, এইটো মোৰ ফাৰ্ষ্ট গিফ্ট, এতিয়ালৈকে নিজেই নিজকে যি লাগে দি আছিলো। Thank you.
কিবা কম বুলিও ৰৈ গলো, নোপোৱাৰ হিচাপ বৰ জটিল, তাতে অৰ্ণৱৰ জীৱনত অপ্ৰাপ্তিৰ বাহিৰে একোকে নাছিল।
অৰ্ণৱ ভিতৰলৈ সোমাই গ ল, ওলাই আহোঁতে হাতত এটা সৰু পলিথিন।
:Can I  take this with me?
:কি সেইটো?
খুলি দেখুৱালে, মোৰ সেই দোপাত্তাখন, কপালী ডাল, অাৰু baby powder সানি দিয়া ৰুমাল খন, লৈ যাব খুজিছে লগত। কি কৰিম মই এই মানুহটোক লৈ, কিমান ভাল পালে মানুহে এনেকৈ বিচাৰে কাৰোবাৰ সান্নিধ্য??
মই অৰ্ণৱৰ প্ৰেমত আকৌ পৰিলোঁ,এবাৰ নহয়, হেজাৰবাৰ।
মূৰটো দুপিয়াই মাথোঁ সন্মতি দিলো।
:ভালকৈ বস্তুবোৰ চাই লব আকৌ এবাৰ,কাইলৈৰ কাৰণে alarm দি থব, মই আকৌ মনত পেলাই দিম বাৰু, পাৰিলে আপোনাৰ মাক এবাৰ ফোন এটা হলেও কৰি যাব।
:Nope, I wont call her.
মাকৰ কথা কলেই কিয় এনেকুৱা কৰে নাজানো।
:আপোনাৰ ইচ্ছা, কৰা হলে তেখেতে ভাল পালে হয়।
:ফোন নকৰোঁ, লগ কৰি আহিম, তুমি যাবা লগত?
:সচাঁ??????
কি শুনিছো এইয়া, অৰ্ণৱ নিজৰ মাকৰ ওচৰলৈ যাব, লগ কৰিব, কথা পাতিব।
:মাৰ লগতে থাকিম অাজি ৰাতি, কাইলে তাৰ পৰাই যাম। বলা তুমিও, মই থৈ যামহি আকৌ।
:ওহোঁ, আপুনি নিজৰ ইচ্ছাত যাবলৈ ওলাইছে, ইমান ভাল কথা, মায়ে কিমান ভাল পাব, তেখেতৰ লগত অকলে কথা পাতক, মই গলে এনেকুৱা লাগিব মই আপোনাক জোৰ কৰি লৈ গৈছো। তেখেতে মনত দুখ পাব। পিছত মই যাম বাৰু আপোনাৰ লগত।
:Astha.. I will miss you like hell..
কথাবোৰ লাহে লাহে নোলোৱা হৈছে, মোৰ চকুপানী ৰখাই থোৱা সম্ভৱ হৈ থকা নাই, ওঁঠ দুটা কামুৰি যেনেতেনে আছোঁ। অৰ্ণৱে হাত খন খামুচি ধৰিলে।
:Shhhh… please don’t cry. No.. Please.
:মইয়ো আপোনাক বহুত বেছি মিছ কৰিম, বহুত বহুত… বহুত বেছি।
ধেৰ কিবা কব খুজিছিলো, কিন্তু শব্দ হেৰাই গল, বুকুখন গধুৰ, উশাহ লওঁতে কষ্ট পাইছো।
:মই আহি থাকিম নহয়, নাকান্দিবা। আৰু মোক এটা help কৰিবানে?
:কি?
:মাজে মাজে কেতিয়াবা টাইম পালে, মালৈ ফোন এটা কৰিবা, মোৰ মালৈ। She is very lonely,and  you can make anyone happy Astha, I cant talk to her much all of a sudden, its very new for me. Will you do that for me?
:হমম, কৰিম ।
তাতকৈ বেছি আৰু একো কব নোৱাৰিলো। বাহিৰত অৰ্ণৱ ইমান খঙাল, ইমান জটিল, কিন্তু ভিতৰখন জুমি চালে একেবাৰেই সহজ, শিশুৰ দৰে কোমল। ভালপোৱাৰ লগতে তেওঁৰ বাবে সন্মান দুগুনে বাঢ়িল আজি।
:নিশা আৰু অনুৰাগ অট’ত যাওক, তোমাক মই থৈ আহিম।
না কোৱাৰ ইচ্ছা মোৰো নাছিল, ময়ো অৰ্ণৱৰ লগত আৰু অলপ সময় থাকিব বিচাৰিছিলো। বাইকৰ পিছত বহি তেওঁ নোকোৱাকৈয়ে এখন হাতেৰে মেৰিয়াই ধৰিলো, অাজি যেন মোৰ ভয় লাগিছে, মোৰ অৰ্ণৱ মোৰ পৰা আঁতৰি যাব বুলি, সেইবাবেই সামৰি ৰাখিব খুজিছো, যিমান পাৰো সিমান ওচৰত। হোষ্টেলৰ ওচৰত নামি বহু সময় ৰৈ থাকিলো, তেওঁ ভিতৰলৈ যাবলৈ কোৱাৰ পাছতো নগলো, এন্ধাৰ নামি আহিল, মোৰ কিন্তু আতৰি যোৱাৰ ইচ্ছা নাই।
:আস্থা, dont do this, dont make it more difficult for me, please. মই ঘৰ যাব নালাগে?
স্বাৰ্থপৰ হৈ গলো মই, নিজৰ মাকৰ ওচৰলৈ যাবলৈ ওলাই মোৰ ওচৰত ৰৈ আছে, নিজকে অপৰাধী যেন লাগিল।
:আপুনি যাওক এতিয়া, ৰাতি ফোন কৰিব।
আৰু অলপ সময়ৰ পাছত কান্দোন ওলাই আহিব, তেওঁ বুজি পালে। মোৰ গালত লাহেকৈ হাত ফুৰাই দিলে,..
:মোৰ পোৱালি…
যেন এক আশ্বাস.. মই তোমাৰ লগত সদায় থাকিম আস্থা।
:I love you so damn much.
গুচি গ ল অৰ্ণৱ।
নেদেখা হোৱালৈকে চালো।
ভৰি কেইটা যেন লৰচৰ নহয়।
যেনেতেনে আহি বিছনাত পৰিলোঁহি।
গাৰুটোত মুখ গুজি উলিয়াই পেলালো হেঁচি ৰখা আবেগবোৰ।
মোৰ বুকুত এটা শিল আহি নতুনকৈ ঠাই ললেহি।
অৰ্ণৱক আকৌ কেতিয়া দেখিম নাজানো।
হে নমো, তেওঁক যেন ভালে ৰাখা সদায়।

      ৰাতি মায়ে ফোন কৰিলে, অৰ্ণৱ তেনেকৈ ঘৰলৈ যোৱা কথাটোত মা সুখী নহয়, কিন্তু সচাঁ কথাখিনি কোৱাৰ বাবে অৰ্ণৱক বেয়াকৈ কোৱাৰো থল নাছিল।
:জীও, বাৰে বাৰে একেটা ভুল কৰি আছ তই, এতিয়াই এইবোৰ কথা ভাবিবৰ সময় হোৱা নাই, অৰ্ণৱ অলপ অস্থিৰ যেন লাগিল, তইতো তেনেকুৱা নাছিলি?
একো উত্তৰ নাই মোৰ ওচৰত, তেওঁ গুচি যোৱাৰ দুখ সামৰিম নে মাৰ খঙৰ উত্তৰ দিম।
একো ভাল লগা নাই আজি ।
:অৰ্ণৱৰ পৰিয়ালৰ কথাবোৰ এতিয়াও মোৰ বাহিৰে কোনেও নাজানে, ইমানবোৰ খেলিমেলি, মাকৰ কথা কি কি ওলাইছিল বাতৰিত সেইবোৰ তই নাজান নহয়, ঠিক আছে মানি লৈছোঁ বাৰু তেখেতৰ ভুল নাছিল, কিন্তু সমাজৰ আগত কথাবোৰ কেনেকৈ লুকুৱাই ৰাখিম। দেউতাৰে কেতিয়াও নামানে। জীও, শুনি আছনে?
:হমম।
:অলপ সময় দে, পঢ়া শুনা ভালকৈ শেষ কৰ, তাৰ পাছত এইবোৰ কথা পাতিম, কিন্তু অৰ্ণৱক অলপ ভাবি চিন্তি কাম কৰিবলৈ কবি। এনেকে হঠাৎ ঘৰলৈ আহে নেকি?
:মা, মই কাইলৈ কথা পাতিলে হব নে? গাটো ভাল লগা নাই।
মায়ে বুজি পালে,ফোনটো থৈ দিলে।
বেয়া লাগিল, এনেকুৱা অাজি প্ৰথম বাৰ হৈছে, কিন্তু মোৰ উপায় নাছিল, সচাঁ কথা কবলৈ গৈ তেওঁ কি ভুল কৰিলে বুজি নাপালো। মাৰ কৰবাত বুজাত ভুল হোৱা নাইতো।
এনেতে ফোনটো আকৌ বাজিল, এইবাৰ অৰ্ণৱ।
:হেল্লো..
:  আস্থা.. মই.. কৈছো, thank you, মই তোমাক.. কেনেকে..
অৰ্ণৱৰ মাক, সুখৰ চকুলোত মাত হেৰুৱাইছে, অৰ্ণৱ নিজৰ ঘৰলৈ গৈছে, তাৰবাবে মোক ধন্যবাদ জনাইছে।
:She is very happy, thank you from both of us.
অৰ্ণৱ, সুখী অৰ্ণৱ ।
নিজৰ মা অাজি মোক লৈ অসুখী, আঘাত কৰিলো কোনোবাখিনিত।
অৰ্ণৱৰ মা মোক লৈ সুখী, হেৰুৱা দিন ঘূৰাই দিলো তেখেতক।
কিয় হয় এনেকুৱা, সকলো মানুহ একে সময়তে সুখী হব নোৱাৰে কিয়?????
কিবা পোৱাৰ বিনিময়ত কিবা হেৰুৱাৰ হিছাপ ইমান নিশ্চিত কিয়।??
ভাবি পাৰ নাপালো।
জটিল জীৱনলৈ স্বাগতম আস্থা।

আগলৈ।

If you want to be notified as soon as the next post released, follow me in facebook

love story

#JEC Chapter 2 Part 14

Previous: #JEC Chapter 2 Part 13

গোটেই দিনটো এবাৰো নেদেখিলো, ৰাতিও ফোন নকৰিলে, মাজত মাত্ৰ এটা দিন, তাৰ পাছত মোক এৰি হাজাৰ মাইল দূৰলৈ গুছি যাব অৰ্ণৱ, বুকুৰ ভিতৰখন বৰ খালি খালি লাগিছে অাজি, তাতে অৰ্ণৱে ইমান কিয় আঁতৰি চলিছে মোৰপৰা। কাইলৈও যদি মোক লগ নকৰে?????নিজেই ফোন কৰিলো।
:শুৱা নাই পোৱালি?
:ওহোঁ। কিয় নাহিলে অাজি?
:aah, its a long story, কাইলৈ লগ কৰি কম। hey I need some help in packing… Please help me tomorrow.
:মানে?
:মানে কাইলৈ মোৰ ইয়ালৈ আহি মোক হেল্প কৰি দিবা।
:নাযাও দেই তালৈ, বাহিৰতে লগ কৰিম।
:খাই পেলাম নি মই এনেকে কৈছা যে,অকলে আহিব নালাগে নহয়, তোমাৰ লগৰ সেই  দুটাকো লৈ আহিবা, উৎপলে লান্স কৰাব সবকে।
:সেই দুটা বুলি কৈছে যে, নিশা আৰু অনুৰাগ বুলি কব নোৱাৰে নেকি?
:বেছি খং নকৰিবা, নহলে কাইলৈ নিজে পস্তাবা।
গৰম তেজ বৈ আহিল গাল দুখনলৈ, অৰ্ণৱৰ এনেকুৱা কথাবোৰৰ অৰ্থ বুজি পাওঁ আজিকালি। এবাৰ বেছি মুখ ফুলাই থাকোঁতে টপককৈ গালতে চুমা এটা খাই দিছিল, নিশাৰ সন্মুখতে, কিমান লাজ পাইছিলো বুজাব নোৱাৰোঁ। তেতিয়াৰেপৰা সাৱধান হলো, অৰ্ণৱে যিকোনো কাম কৰি দিব পাৰে।
শেষৰ বাৰৰ বাবে JEC ৰ অৰ্ণৱক লগ কৰিবলৈ ওলাইছো, মনটো বেয়া লাগি আছে, একো কৰিব পৰা নাই, গা ধুই ওলাই আহি একে ঠাইতে বহি আছো, নিশাই জোৰ কৰি কাপোৰ সলাবলৈ কৈ আছে, মোৰ কিন্তু মন যোৱা নাই।
:আস্থা, এনেকুৱা কিয় কৰিছ? অৰ্ণৱ দাৰ কথা ভাৱ, তাৰ জানো যাবলৈ মন যাব তই এনেকে থাকিলে।
হয়তো, মই তেওঁৰ কথা কিয় ভবা নাই এবাৰো, মই এনেকৈ থাকিলে তেওঁৰ বেয়া লাগিব, নিজকে বুজালো, উঠি গৈ কাপোৰ সলালো, কলা চুৰিদাৰযোৰৰ লগত অৰ্ণৱৰ প্ৰিয় ৰঙা ৰঙৰ জয়পুৰী দোপাত্তাখন মিলাই ললো, চুলিখিনি তেওঁ ভালপোৱাৰ দৰেই খুলি ৰাখিলো। বেগটো খুলি অৰ্ণৱৰ বাবে থোৱা উপহাৰটো উলিয়াই আনিলো, বিশেষ একো দিব নোৱাৰোঁ, মাথোঁ আমাৰ মিঠা মিঠা সময় বোৰৰ এখন কলাজ, মই লিখি থোৱা আমাৰ ভাল লগা মুহূৰ্ত বোৰৰ সাক্ষী মোৰ সৰু ডায়েৰী খন, অাৰু A লিখা এটা চাবি ৰিং। তাতকৈ বেছি দিব পৰা ক্ষমতা মোৰ নাই। বস্তুকেইটা হাতত লৈ ওলাই আহিলো। অনুৰাগে অট’ এখন মাতি আনিলে। অৰ্ণৱে ফোন কৰি আছে, নিবলৈ আহিব খুজিছিল, মই ইহঁতৰ লগত যাম বুলি মানা কৰিলো।
ভবাৰ দৰেই গেটৰ সন্মুখত ৰৈ আছে অৰ্ণৱ, হোৱাইট টি ছাৰ্ট অাৰু ব্লু জিন্চ পিন্ধি আছে, চুলিখিনি তিতা, ওচৰ পাওঁতেই চিনাকি সুগন্ধিটো নাকত লাগিল। চকু মুদি উশাহত সামৰি ললো, কিমান দিনলৈ বা হেৰুৱাই পেলাওঁ। ওপৰলৈ উঠি গলো, উৎপল দা নাই, বজাৰলৈ গৈছে, অনুৰাগ সোমাই গৈয়ে গেম খেলাত লাগিল, মই আৰু নিশা sofa খনতে বহি আছো।অৰ্ণৱ বিচনাত বহিল, মোক চকুৰে তেওঁৰ ওচৰত বহিবলৈ মাতিলে, কিন্তু নেদেখাৰ ভাও জুৰিলো।
:আহিলা তোমালোক? মই অলপ বজাৰ কৰি আহিলো। চাহ খাবা?
উৎপল দা সোমাই আহিল, লগত এসোপামান বস্তু।
:মই বনাইছোঁ।
:অকল অৰ্ণৱৰ কাৰণে বনাবা, নে আমাকো দিবা।
গোটেই বোৰে হাঁহিলে মোৰ ওপৰত, কিহে পাইছিল নো মই বনাম বুলি কবলৈ, কলো যেতিয়া উপায় নাই। পাকঘৰটো আগতে আহোঁতে দেখিছিলো, সোমাই গলো, পিছে পিছে নিশা আহিল। চাহ বনাই থাকোঁতে অৰ্ণৱ দুবাৰমান আহিল, কিন্তু নিশা থকাৰ কাৰণে একো নকলে। গোটেইকেইটা বহি একেলগে চাহ খালো, অৰ্ণৱে বাৰে বাৰে কিবা কব খুজিও ৰৈ যায়, বুজি পাইছো, মোক কিবা ডাঙৰ কথা কবলৈ আছে, কিন্তু সুবিধা পোৱা নাই।
:এটা কাম কৰোঁ, নিশা অনুৰাগ আৰু মই খানা বনোৱাত লাগো, আস্থা, তুমি অৰ্ণৱৰ পেকিং কৰি দিয়া, এটা বস্তু বেগত ভৰোৱা নাই সি, মইতো অাজি ঘৰলৈ যাম, ই অকলে থাকিলে অাৰু একো নকৰে, তুমিয়েই কৰি থৈ যোৱা।
উঠি অৰ্ণৱৰ ৰূমলৈ গলো, সঁচাকৈ একো সামৰি থোৱা নাই, সব বস্তু বিচনাত থৈ দিছে, ওচৰতে এটা ট্ৰলী অাৰু এটা ডাঙৰ পিঠিত লোৱা বেগ। কাপোৰ আৰু কিতাপৰ দম। মোৰেই মূৰ ঘূৰাই গল।
:ভয় খাব নালাগে, তুমি just মোৰ ওচৰত বহি থাকা, মই কৰি লম।
আচৰিত হলো, নিজেই যদি কৰিব পাৰে, মোক আকৌ কিয় মাতিছিল।অৰ্ণৱৰ কথাত গুৰুত্ব নিদি কাপোৰবোৰ জপাত লাগিলো। তেওঁ আহি বিচনাখনত বহিল, মোৰ হাতৰ পৰা জাপিবলৈ লোৱা চোলাটো কাঢ়ি ললে।
:কালি তোমাৰ ওচৰলৈ কিয় নাহিলো নোসোধা?
:ওহোঁ ।
:কিয়?
:কব লগীয়া কথা হলে আপুনি নিজেই কব।
বহাৰ পৰা উঠি মোৰ ওচৰত ৰ’ল, মোৰ বাউসীত ধৰি তেওঁৰ ফালে ঘূৰাই ললে…
:তোমালোকৰ ঘৰলৈ গৈছিলো কালি। এতিয়াও একো নোসোধা?
চক খাই উঠিলো, কিয় গৈছিল তেওঁ আমাৰ ঘৰলৈ?????
:মই জানো আস্থা, তুমি মাৰ পৰা একো কথাই লুকুৱাই নোথোৱা, কিন্তু এতিয়া মোৰ কাৰণে তুমি মাকো মিছা কথা কব লগীয়া হৈছে, সেইদিনা অামি নিমাতীত থাকোঁতে যে মায়ে ফোন কৰিছিল। তুমি মাক মিছা কথা কৈছিলা নিশাৰ লগত আছো বুলি, মোৰ অলপো ভাল লগা নাছিল। I never wanted to come in between you two Astha. You became so sad after that phone call, I could feel you. সেইকাৰণে ভাবিলো মা দেউতাই যদি গম পায়, অাৰু আমাক accept নকৰে, তুমি বহুত hurt হবা, ans I don’t want that Astha. Trust me! I just want you to be happy.
বুকু খন ধক ধক কৰিছে, কি কলে মা দেউতাই, মোক ছাগে কি বুলি ভাবিছে।
:তোমাৰ মা বহুত ভাল আস্থা, বহুত বুজে, মোক ইমান ধুনীয়াকে প্ৰত্যেকটো কথা কলে যে মই তোমাৰ লগতে তোমাৰ মা দেউতাকো ভাল পাই পেলাইছো, They just want you to be happy. That’s all. ময়ো কলো তোমাৰ মাক, তুমি কিমান কষ্ট পাইছা কথাবোৰ লুকুৱাই ৰাখি। অাজি কথা পাতি লবা, একো নহয়। মনটো ভাল লাগিব। okay?
আকৌ এবাৰ প্ৰেমত পৰিলোঁ এই অঁকৰা লৰাটোৰ, মই নোকোৱাকৈ কেনেকে বুজি পায় সকলোবোৰ, কিয় ইমান ভাল পায় মোক, বেছি আবেগিক মূহুৰ্ত বোৰত শব্দবোৰ হেৰুৱাই পেলাওঁ। একো কব নোৱাৰি সাৱটি ধৰিলো অৰ্ণৱক। তেওঁ বুজি পালে। সামৰি ললে বুকুৰ মাজত।
:oops sorry, মই একো দেখা নাই, আস্থা তোৰ ফোন বাজি আছে। অাৰু অামি Ice cream আনিবলৈ যাও, তই পেকিং কৰি ল, অৰ্ণৱ দা আপুনিও বলক আমাৰ লগত।
:What???? No way!
সদায় কিয় এনেকুৱা হয়। লাজতে মৰোঁ মৰোঁ লাগি গল, গাল মুখ বোৰ পুৰি গৈছে, অৰ্ণৱক ঠেলা মাৰি নিশাৰ লগত ওলাই যাওঁ বুলি আহিব খুজিলো, কিন্তু ধৰি ৰাখিলে, এইবাৰ মৰমত নহয়, খঙত।
:Stay with me Astha.
ৰৈ গলো, হাতৰ মুঠিতো অৰ্ণৱে আৰু অলপ টানি ধৰিলে, দোষ পাই যোৱাকৈ।
:মোৰ লগত থাকিবলৈ ভয় লাগিছে? কাইলৈৰ পৰা নালাগে অাৰু থাকিব। Will you miss me Astha?
:হমম ।
:Say it.
:I will miss you, Arnab.
আমাৰ মাজত এতিয়া আৰু শব্দৰ প্ৰয়োজন নাই…
চকুৰ খেলাত ওঁঠৰ ভাষা নিৰৰ্থক হৈ পৰে,
অৰ্ণৱৰ দুচকুত নতুন আব্দাৰ,
ভয় লাগি যোৱাকৈ আকুল,
মৰমৰ নৈ বব খুজিছে,
ভেঁটা দি ৰাখিব পাৰিম জানো আজি????
মোৰ ঘন চুলিৰ মাজত তেওঁৰ আঙুলিকেইটাই বাট হেৰুৱাই পেলাইছে, অৰ্ণৱ আৰু বেছি অস্থিৰ হৈ পৰিছে, বাৰে বাৰে মোৰ ওঁঠৰ তিলটো চুই চাইছে, এইবাৰ কাণৰ কাষত মুখ গুজি কৈ পেলালে…
:Astha.. May I?
:হমম
সৱল দুবাহুত মই কেতিয়াবাই মমৰ দৰে গলি গলি শেষ হৈ গৈছিলোঁ, এতিয়া অাৰু একো কব পৰা হৈ থকা নাই। দুচকু জাপ খাই আহিল আপোনা আপুনি। কাণৰ কাষত গুণগুণাই থকা অৰ্ণৱৰ উশাহ লাহে লাহে মোৰ গালেদি বৈ ওঁঠৰ তিলটোত ৰলহি। বুকুৰ ধক ধক দুগুনে বাঢ়ি আহিল। মাথোঁ এটি মুহূৰ্তৰ প্ৰতীক্ষা।
মোৰ কোমল ওঁঠত অৰ্ণৱৰ ওঁঠৰ প্ৰথম পৰশ।
তেজৰ সোঁতত নতুন ঢৌ!
ওঁঠে ওঁঠে বৈ আহিল ভালপোৱাৰ নৈ।
উশাহৰ প্ৰয়োজন নাই।
মোৰ আঙুলি কেইটাই কেতিয়া অৰ্ণৱৰ ঘন চুলিৰ মাজত ঠাই ললে মই নাজানো।
সময় ৰৈ গৈছে আস্থাৰ্ণৱৰ এই মধুৰ মুহূৰ্তক বান্ধি ৰাখিবলৈ।
মোৰ ডিঙিৰপৰা আতৰি গল অৰ্ণৱৰ প্ৰিয় ৰঙৰ দোপাত্তাখন, অৰ্ণৱৰ ওঁঠযুৰি ওঁঠৰ পৰা বৈ গৈছে ডিঙি লৈকে, আকৌ ঘুৰি আহিছে, গালে মুখে সানি দিছে মৰমৰ ৰঙা ৰং,মোক এৰি গলেই যেন মই হেৰাই যাম, বাৰে বাৰে সাৱটি লৈছে, গালে মুখে আঙুলি বোলাইছে, বুকুত বান্ধি ৰখা সকলোবোৰ হেঁপাহ আজিয়েই সিঁচি দিম যেন লাগিছে, হয়তো সেইবাবেই বাধা দিব পৰা নাই অৰ্ণৱক, তেওঁৰ উমাল ওঁঠৰ পৰশক।
:I will miss you Astha, I will miss you so much.
অৰ্ণৱৰ মৰমৰ মাজত হেৰাই গৈছিলো, পাহৰি গৈছিলো অামি কত আছো, কি কৰি আছো, হঠাৎ বাহিৰত নিশাৰ মাত শুনি ঘূৰি আহিলো বাস্তৱলৈ। অৰ্ণৱেও গম পালে, এৰি দিলে মোক, দোপাত্তাখন তুলি লৈ চুলিখিনি ঠিক কৰি ললো, অৰ্ণৱ বাহিৰলৈ ওলাই গল। মইহে এতিয়াও জ্বৰ উঠা নিচিনাকৈ কঁপি আছো, অলপ আগতে যি হৈ গল সেয়া মোৰ বাবে একেবাৰেই নতুন, মই ভুল কৰা নাইতো। অাজি ইমানদিনে অৰ্ণৱ কেতিয়াও এনেকৈ মোৰ কাষ চপা নাছিল, কিন্তু অাজি কি হল।ৰুমতে থকা আইনা খনত নিজকে চালো।
:আস্থা, আহ আকৌ, চিকেন তই বনাবি। মই সব কাটি মেলি ready কৰি দিম।
নিজৰ বুকুৰ ধক ধক নিজেই শুনি আছো, হলেও ওলাই আহিলো, অৰ্ণৱৰ ফালে চাব পৰা নাই, ভীষণ লাজ লাগিছে, লগতে ভয়ো।
:অই, ইমান কেলেই ৰঙা পৰি আছ, pressure উঠিছে নি তোৰ?
অৰ্ণৱে বেঁকাকৈ হাঁহি এটা মাৰি চালে মোৰ ফালে, মই ঘোপাকৈ চাই পঠিয়ালো। মোৰ ফোন টোত মেছেজ কৰিছে..
:Dont think too much, Its not crime,we just kissed and I think it was the most beautiful thing ever happened to me. I love you Puwali. Dont become more red, else I will kiss you again.

আগলৈ….

If you want to be notified as soon as the next post released, follow me in facebook

love story

#JEC Chapter 2 Part 13

Previous: #JEC Chapter 2 Part 12

ঘৰত থকা দিনকেইটাত অৰ্ণৱে দিনটোত মেছেজ কৰি কৰি পাগল কৰি দিয়ে, তাতে আকৌ নতুনকৈ অসমীয়া লিখা পঢ়া শিকিছে, অ অা ক খ লেখি ফটো মাৰি পঠিয়াই, মই হাঁহি হাঁহি মৰো। ঋ টো লিখোঁতে হেনো আঙুলি বিষাই গল।মোৰ এনেকুৱা লাগে, অৰ্ণৱৰ মাজত লুকাই থকা সৰু লৰাটো মোৰ ওচৰত অাৰু সৰু হৈ যায়। দিনবোৰ অাৰু বেছি ধুনিয়া হৈ পৰিছে আজিকালি। আইতাৰ লগত কথা পাতি থাকোতেও মনে মনে হাঁহি থাকো । মাৰ চকুত ধৰা পৰোঁ বুলি নিজকে চম্ভালি থাকো, কিন্তু অৰ্ণৱৰ মেছেজ আহিলেই সৱ খেলি মেলি লাগি যায়। মায়ে কথাটো মন কৰি আছিল। এদিন ৰাতি শুই থাকোঁতে সুধিলে মায়ে…
:জীও, কি লুকুৱাই ৰাখিছ মোৰ পৰা। কব পৰা কথা যদি কৈ দে।
:একো নাই.. মানে.. পিছত কলে হব নে?
:ঠিক আছে, পঢ়া শুনা ভালকৈ কৰি থাকিবি, বাকীবোৰ পাছতো হৈ থাকিব, এইখিনি সময়ত পঢ়াত মন দিবি ভালকৈ, আগতে তোক পঢ়াৰ কথা কবই নালাগিছিল, এতিয়া কথাবোৰ অলপ বেলেগ যেন লাগিছে। বুজি পাইছো বাৰু। ভাবি গুনি আগবাঢ়িবি।
মাৰ কথাকেইটাই আকৌ মনত খেলিমেলি লগায় দিলে, ভুল কৰিছো নেকি মই?
নাই নাই, ভালপোৱা কেতিয়াও ভুল হব নোৱাৰে।
মোৰ মনত তেওঁৰ প্ৰতি কেৱল ভালপোৱা অাছে, ইমান ধুনিয়া অনুভব ভুল হব পাৰে জানো???
অাৰু মোৰ মৰমে যদি কাৰোবাৰ জীবনটো আকৌ জীয়াই তোলাত সহায় কৰে, মই সেই মৰম দিয়াত কেতিয়াও কোনো কৃপণালি নকৰোঁ। কথাবোৰ ভাবি নিজকে কিবা ডাঙৰ ছোৱালীৰ দৰে লাগিল, আজিকালি মইয়ো মাৰ নিচিনাকৈ কথাবোৰ ভাবিব পৰা হলো। মাক সাৱটি শুই থাকিলো, মোৰ এতিয়া কৰিবলগীয়া বহুত আছে, সাহস আৰু প্ৰেৰণা দুয়োটাৰে প্ৰয়োজন, অাৰু মাৰ বুকুতে সকলোবোৰ নাই জানো!!!

ঘৰৰ পৰা ঘূৰি আহি এজনী নতুন নিশাক লগ পালো, এতিয়া আৰু তাই মানুহক দেখুৱাবলৈ নাহাঁহে, মনেৰে হাঁহে, মাক বহুত খিনি সুস্থ হৈছে, কথা পাতিবলৈ আৰম্ভ কৰিছে, দেউতাকেও সময় দিছে নিশাক, আনকি তাইৰ লগত ভিডিঅ গেম খেলিবলৈ শিকিছে। মুঠতে এজনী অন্তৰৰ পৰা সুখী নিশা। মনটো ভাল লাগি গ ল তাইৰ কথাবোৰ শুনি।পিছে মোৰ অৰ্ণৱ কিন্তু বৰ এটা সলনি হোৱা নাই, মোক দিনটোত এবাৰ নেদেখিলে খং উঠি আহেই, উপায় নাপাই আকৌ ওলাই আহো গেটৰ সন্মুখলৈ, বচ্, সিমানেই লাগে তেওঁক, দূৰৰ পৰা চাই হলেও গুচি যাব কিন্তু এবাৰ হলেও দেখা দিবই লাগিব। ঘৰৰ পৰা অহাৰ কেইদিন মান পাছত কলেজ উইক আৰম্ভ হ ল। ৰাতিপুৱা ৫ টা বজাতে উঠি পেৰেড কৰিবলৈ যাওঁ। প্ৰত্যেকটো হোষ্টেলৰ পৰা এটা এটা গ্ৰুপ বনাই পেৰেডত ভাগ লয়। হোষ্টেল নাইনৰ ছোৱালী বিলাক যেন বহুত বেছি ব্যস্ত এইকেইদিন, নাছ, গান, নাটক, মেগাজিনৰ কাম আৰু বহুত কিবা কিবি। ৰাতিপুৱা পেৰেড কৰি আহি কলেজলৈ যাওঁ, ঘুৰি আহি আকৌ গ্ৰুপ ডান্সৰ practice কৰোঁ। খাবলৈ শুবলৈ সময় নোহোৱাৰ নিচিনা হৈছে, কিন্তু খুব ভাল লাগিছে এই ব্যস্ততা। অৰ্ণৱে বুজি পায়, এইকেইদিন ফোন কৰি সোনকালে শুবলৈ কয়, বেছি কথা নাপাতে।কলেজ উইকত যিমান পাৰো ফুৰ্তি কৰিলো, সেইকেইদিন পঢ়া শুনা বাদ, অকল উৎপাত সবৰে। উখল মাখল পৰিৱেশ, JEC খন অাৰু বেছি ভালপাই পেলালো এইকেইদিনত। শেষৰ দিনা ৰাতি musical night, rock show সকলোবোৰ উপভোগ কৰিলো, অাৰু আটাইতকৈ ভাল লগা কথা, অৰ্ণৱেও মন খুলি হাঁহিছে, তেওঁৰ বন্ধু সকলৰ লগত ফুৰ্তি কৰিছে। ইয়াৰ মাজতে বাৰু দুবাৰ মান অামি কাজিয়াও লাগিলো, নালাগি নোৱাৰি আচলতে। কালি আমি যেতিয়া বিহুৰ কাৰণে সাজু হৈ আহি আছো, ষ্টেজত উঠিবৰ হল, কৰ পৰা জানো ওলালেহি, হাতখনত ধৰি টানি নিলেই চুক এটালে..
:why damn it? I asked you so many times. Answer me!
ওলাই মেলি হোৱাৰ পাছত তেওঁক মাতি দিবলৈ কৈছিল, সকলোতকৈ প্ৰথমতে মোক যাতে অৰ্ণৱে দেখে বিহুৰ সাজত, কিন্তু এনেই দেৰি হৈছিলে তাতে আকৌ অৰ্ণৱে পালে হলেই আৰু, সেইকাৰণে নামাতিলো, মনে মনে গুচি আহিলো, এতিয়া বিচাৰি বিচাৰি পালেহি  ইয়াত, খঙত জ্বলি পকি আহিছে। কি যে হব আমাৰ। কেতিয়াবা ভাবিলে ভয় হে লাগে। কলেজত সবেই গম পালে আমাৰ কথা, এতিয়া অাৰু একো লুকাই থকা নাই। বাঁহতে মোৰ অবস্থা দেখি হাঁহিলে। গালি কেইটা খাই  হাঁহি হাঁহি বিহু নাছিব লগীয়া হৈছে। কেতিয়াবা কেতিয়াবা অৰ্ণৱক দেখিবলৈ মন নাযায়।
দিনটোত এবাৰ হলেও কাজিয়া এখন লাগো, কিন্তু বেছি দেৰিৰ কাৰণে নহয়। অৰ্ণৱ অাৰু মই এতিয়া যেন এখন বেলেগ পৃথিৱীৰ বাসিন্দা, যত কেৱল অামি দুয়ো আছো,অামি নিজৰ সৰু সৰু কথা বোৰ share কৰোঁ, ইজনে আনজনৰ ভুল খিনি দেখুৱাই দিওঁ,কেতিয়াবা আকৌ সেই নিমাতী ঘাটৰ নিজান ঠাইখিনিত বহি ভৱিষ্যতৰ সপোন দেখোঁ, অৰ্ণৱৰ অসমীয়া ভাষাৰ লিখনি দেখি পাগলৰ দৰে হাঁহো, মুঠতে সকলোবোৰ কিবা নতুন নতুন।  এই সকলোবোৰ কথাৰ মাজত মোৰ পঢ়াৰ হিছাপ কিন্তু তেওঁ ঠিকেই ৰাখে, আনকি নপঢ়িলে মাতকৈ বেছি গালি পাৰে। ক্লাছ bunk কৰি এদিন মই, নিশা অাৰু অনুৰাগ canteen অত বহি আছিলো, মানে এই দুটাৰ চাহ খাবলৈ উৎপাত, মোকো টানি টানি লৈ আনিলে, পিছে কি হব, ছাহ নোখোৱাকৈয়ে হল, অৰ্ণৱৰ গালি খাই টোপনি ভাগি গল। তেতিয়াৰপৰাই অনুৰাগে অৰ্ণৱক মুগেম্বু বুলি মাতে।অনুৰাগ অাৰু নিশাৰ প্ৰেমো আজিকালি একেবাৰে তুংগত, দুয়োটাই অকল দিনটোৰ বেছিভাগ সময় পঢ়া এৰি বেলেগ কিবা কৰাৰ কথা পাতে, কিন্তু কি কৰিব এটায়ো নাজানে। মোকো লগতে পাগল কৰি দিয়ে। JEC ৰ এটা এটা দিন আজিকালি হিছাপ কৰোঁ, অৰ্ণৱ কলেজ এৰি গুচি গলে কিবা এটা শূন্যতা আহি যাব, প্ৰথম দিনাৰেপৰা তেওঁক কলেজত দেখি আহিছো, মোৰ ওচৰত নাথাকিলেও এবাৰ দেখা পাইছো, কিন্তু অাৰু কেইদিনমান পিছত কি হব? আজিকালি লগ পালেই সেইবোৰ কথাই পাতো, তেওঁ কয় পঢ়াত মন দিবা, মোৰ কথা ভাবি নাথাকিবা, কিন্তু সেয়া জানো সম্ভৱ? সব কথাতেই মনত পৰিব তেওঁলৈ,মোৰ এনেকুৱাই হয়, কাৰোবাক যেতিয়া বহুত বেছি ভাল পাওঁ, সেই মানুহবোৰ মোৰ ওচৰত নাথাকিলে মোৰ একো কে ভাল নালাগে, অাৰু অৰ্ণৱ এতিয়া মোৰ বাবে কি সেইয়া মই তেওঁকো বুজাব নোৱাৰোঁ, মা দেউতাৰ বাহিৰে যদি কাৰোবাক ইমান বেছি ভাল পাইছো সেইয়া হৈছে অৰ্ণৱ।
লাহে লাহে তেওঁৰ যোৱাৰ দিন চমু চাপি আহিছে, তাতে প্ৰজেক্টৰ কামত অৰ্ণৱ বহুত বেছি ব্যস্ত আজিকালি। তেওঁলোকৰ theory class বেছি নাথাকে, গতিকে কলেজতো নেদেখো। উৎপল দাৰ লগত বাহিৰত কৰবাত project কৰিছে। দিনটো তাতেই পাৰ হয়, ৰাতি শোৱাৰ সময়ত মাত্ৰ ফোন এটা কৰে। এতিয়াই এনেকুৱা, আঁতৰি গলে চাগে মোক পাহৰিয়ে যাব।আজিও নেদেখিলো, ফোন এটাও নাই কৰা। বিচনাত পৰি বাৰে বাৰে ফোনটো চাই আছো।
:Hey… Sorry, I am really sorry.
:হমম
:বেয়া পাইছা?
:ওহোঁ।
:I have a good news, I cleared the interview with 99 games and my internship is assured. Exam শেষ হলেই join কৰিব পাৰিম, result অৰ কাৰণে ৰব নালাগে। isn’t it great?
:ভাল খবৰ, congratulations.
:I am really very happy Astha. You are my lucky charm.
:হমম ।
:পোৱালিৰ বহুত খং উঠি আছে??
:নাই ।
:তেতিয়া হলে নাকটো কিয় ফুলি অাছে?
:আপুনি কেনেকে দেখিলে?
:Miss Astha Baruah, I know every damn thing about you.
:একো নাজানে আপুনি।
:মই কি কি জানো, যোৱাৰ আগতে কৈ যাম, এতিয়া শুই থাকা, সৰু ছোৱালী সোণকালে শুই যাব লাগে। love you Puwali.
:Good night. Bye
এনেকুৱাই হয় আজিকালি, কোনোবা এটাৰ খং উঠাটো নিচ্ছিত।পিছে অভিমান নাথাকিলে জানো ভালপোৱা থাকে?
এই অভিমান, অাৰু তাৰ পাছত ইজনে সিজনৰ অভিমান ভাঙিবলৈ কৰা সৰু সৰু প্ৰচেষ্টা বোৰ, এইবোৰতেই লুকাই থাকে সুখৰ ঠিকনা। অৰ্ণৱ অাৰু মোৰ বাবে JECৰ এই দিনবোৰ আমাৰ দুয়োৰে জীৱনৰ আটাইতকৈ ভাল লগা দিন, এবাৰ হেৰাই গলে আৰু ঘূৰি নাহে, ধৰি ৰাখিব খোজো বুকুৰ মাজত, যেতিয়াই মন যাব, টোপোলা খুলি উলিয়াই আনিম, আকৌ জীয়াম, আস্থা অাৰু অৰ্ণৱৰ কাহিনী লিখিম।
চাওঁতে চাওঁতে পৰীক্ষা পালেহি,মনটোক বহুত বুজাই পঢ়াত লগাইছো, মোৰ পৰীক্ষা শেষ হোৱাৰ পাছতেই অৰ্ণৱ যাবগৈ, মাজত মাত্ৰ এটা দিন পাম। নিশাই বুজাই, আকৌ আহিব নহয়, তই বেছি ভাবি থাক কথাবোৰ। কিন্তু কি কৰিম, সব মানুহ practical হব নোৱাৰে, মোৰ দৰে emotional fool(সুজাতাৰ ভাষাত) এতিয়াও এইখন পৃথিৱীত জীয়াই আছে, অাৰু আমাৰ কাৰণে ভালপোৱাই সকলো, তাৰ পাছতহে বাকীবোৰ। যেনেতেনে পৰীক্ষা টো শেষ কৰিলো, অৰ্ণৱৰ লগত ভালকৈ কথাও পতা নাই এইকেইদিন। কিন্তু অাজি পৰীক্ষা শেষ কৰি ওলাই আহিও তেওঁক লগ নাপালো, ফোন কৰোঁতে অাজি লগ কৰিব নোৱাৰিম বুলি কলে। কিন্তু কিয়? কি কামত ইমান ব্যস্ত হৈ পৰিল অৰ্ণৱ। হয়তো মোক এৰি চলাৰ অভ্যাস এতিয়াই গঢ়ি লৈছে তেওঁ…
আগলৈ….

 

If you want to be notified as soon as the next post released, follow me in facebook

love story

#JEC Chapter 2 Part 12

Previous: #JEC Chapter 2 Part 11

:উঠ আকৌ আস্থা, অৰ্ণৱ দাৰ সপোন দেখি আছ নেকি? ঘৰলে যাব নালাগে?
কালি ঘুৰি আহি পোৱাৰ পিছতো অৰ্ণৱৰ বহুত কথাই থাকিল কবলৈ, ৰাতি ফোন কৰি কৰি বাৰে বাৰে একেটা কথা কৈয়ে জোকাই থাকিল, মোৰ গাল খনত হেনো অমলেট বনাব পাৰি, ইমানেই গৰম হৈ যায় তেওঁ ওচৰত থাকিলে।
হে নমো, এনেকুৱা অঁকৰা প্ৰেমিক মোকেই দিব লাগেনে?
মৰম লগা কথা এটা কব নাজানে।
হোষ্টেলৰ ওচৰ পাই নামিবলৈ নিদিলে, বাইকখন নৰখালেই, বহুত দেৰি কলেজৰ ওচৰে পাজৰে ঘূৰি থাকিলো, একেটা কথাতে লাগি থাকিলে, মই ঘৰত থাঁকোতে আমাৰ ঘৰলৈ যাবলৈ দিব লাগে তেওঁক, মইয়ো ঁহা বুলি নকলো, বহুত দেৰিৰ পাছত যেনিবা উপায় নাপাই নমাই থৈ গল। ৰাতি আকৌ ফোন কৰি কৰি একেটা কথাকে কৈ থাকিল।ৰাতিপুৱা সময়ত হে অকণমান টোপনি আহিছিল, আকৌ উঠিবৰ হলেই। টোপনিয়াই টোপনিয়াই বাথৰূমত সোমালো। নিশাই এইবাৰ দুয়োজনীৰে কাপোৰ ভৰাই আজৰি, আমাৰ ঘৰলৈ যাবলৈ মোতকৈ বেছি তাইৰহে উৎপাত। আইতাই তাইৰ ফোনত হে ফোন কৰে আজিকালি, কি খাব গৈ পাই সেইটোকে দহবাৰ মান সুধিলে এতিয়ালৈকে।
বাইদেউৰ দোকানতে চাহ খাই আহোগৈ বুলি ওলাই আহিলো দুয়োজনী, বহুত দিন বাইদেউৰ লগত কথাও নাই পতা। ভবা মতেই আগৰে পৰাই অৰ্ণৱ অাৰু উৎপল দা তাতে ৰৈ আছে। বাইদেউৱে মোক দেখি দূৰৰ পৰা চিঞৰ এটা মাৰিলে।
:কালি বোলে কোনোবা ফুৰিবলৈ গৈছিলে, অামি আকৌ ছোৱালী ডাঙৰ হল বুলি গমেই নাপাও।
অৰ্ণৱলৈ ঘোপাকৈ চালো, একো যেন নাজানেই তেনেকুৱা কৰি দেখালে। লাজতে মৰো নিচিনা লাগি গল।
চাহকাপ হাতত লৈ আঁতৰি আহিলো, উৎপল দাই নিশাক মাতি নি কিবা এটা কলে।
মই পিছলৈ চোৱা নাই, চিধা চিধি আহি আছো।
:মোৰ খং বেছি বুলি কৈ এতিয়া নিজে কি কৰি আছা।
পিছে পিছে আহি আাছিল তাৰমানে।
:এতিয়া অাৰু অাগৰ নিচিনাকে ধৰি ৰখাই নথওঁ।
:কিয়? ভয় লাগে মোলৈ?
:No no, because now I have my answer, that you love me.
অাজি জোখতকৈ অলপ বেছিয়েই হাঁহি অাছে কেতিয়াও নহঁহা মানুহজনে, কিবা এটা মৰম লাগিছে, জপৰা চুলি অাৰু ৰঙা ৰঙা চকুকেইটাৰে, শোৱাৰ পৰা উঠি চিধাই আহিছে ছাগে।
হোষ্টেলৰ সন্মুখ পাওঁতেই দেখিলো নিশাৰ দেউতাকক, গাড়ীখন আনি একেবাৰে ওচৰতে ৰখাই দিলেহি। আচৰিত হৈ গলো, আহিম বুলি কোৱা নাই, অাজি ইমান দিন হৈ গল তাইলৈ ফোন কৰাও নাই। নিশা দৌৰি আহি কিবা কবলৈ লৈ দেউতাকক দেখি একে ঠাইতে ৰৈ গল। অামি মাত্ৰ ইজনীয়ে সিজনীৰ মুখলৈ চাই ৰৈ আছো।
:ভালে আছা নে আস্থা? ওলাই আছা যদি বলা।বল মাজনী।
:মই নাযাঁও তোমাৰ লগত। কিয় আহিছা এতিয়া, যোৱাগৈ।
:পাপাৰ ভুল হৈ গল অ’, তোক ফোন কৰিবলৈও সাহস নাছিল, কালি আস্থাৰ দেউতাকক ফোন কৰি গম পালো অাজি যাবলৈ ওলাইছ বুলি, সেইকাৰণে ৰাতিপুৱাই আহিছো। বেয়া পায় নাথাকিবি, বল ঘৰলৈ।
নিশাৰ দেউতাকৰ চকুত অনুশোচনা স্পষ্ট। মানুহজনে নিজৰ ভুল বুজি পাইছে। এনেতে গাড়ীৰ পিছফালৰ দৰজা খুলি মানুহ এগৰাকী নামি আহিল, অলপ অসুস্থ যেন লাগিলেও এসময়ৰ ধুনিয়া চেহেৰা ম্লান পৰা নাই।পাতল সেউজীয়া শাড়ী এখন পিন্ধি আহিছে। মানুহগৰাকী দেখি নিশা অস্থিৰ হৈ পৰিল, মোক ধৰি ভিতৰলৈ টানি নিব খুজিলে। কিন্তু মানুহগৰাকী আহি তাইৰ সন্মুখতে ৰলহি, কি হৈছে একো ধৰিবই নোৱাৰিলো। অৰ্ণৱ অাৰু উৎপল দা সেইখিনিৰ পৰা আঁতৰি গল।
:মায়ে তোক ঘৰলৈ নিবলৈ আহিছে নিশা।
মানুহগৰাকীয়ে তেতিয়াও একো কোৱা নাই, নিশাৰ ভৰিৰ পৰা মূৰলৈকে বাৰে বাৰে চাইছে, গাল মুখ বোৰ মোহাৰি দিছে, হাত দুখন অলপ কঁপি থাকে। মানুহগৰাকীয়ে এইবাৰ নিশাৰ দেউতাকৰ ফালে চালে, কি সুধিব খুজিছে দেউতাকে যেন বুজি পালে, মূৰটো লাহেকৈ দুপিয়াই দিলে।
:নিশা মাজনী, ডাক্টৰে মা ভাল হৈ যাব বুলি কৈছে, অাৰু অলপ দিন কষ্ট কৰিব লাগিব, দৰবৰ লগতে meditation কৰিবলৈ দিছে, লাহে লাহে আগৰ কথাবোৰ মনত পেলাব পৰা হৈছে, তই থাকিলে আৰু সোনকালে ভাল হব। ঘৰলৈ অহা দিন ধৰি তোৰ কথাই সুধি আছে, বল মাজনী।
:ইমানেই যদি মৰম পলাই গৈছিলে কেলেই?
:তাত মোৰো ভুল আছিল, মই এওঁক কেতিয়াও সময়েই নিদিলো, টকা পইচাৰ মোহত সব পাহৰি গৈছিলো, অকলশৰীয়া মানুহে ভুল কৰি পেলায় কেতিয়াবা, তোৰ মাৰ লগতো সেয়াই হল, বাৰু সেইবোৰ বাদ দেচোন, ঘৰলৈ বল, মই ভালকৈ কথা পাতিম এই বিষয়ে।
:but মোৰ..
:অামি বেগ কেইটা লৈ আহিছো খুড়া।
নিশাক একো কবলৈ নিদিলো, তাইক ভিতৰলৈ লৈ আনিলো।
:কেলেই টানি আনিলি মোক, নাযাও মই ঘৰলৈ।
:কিয়? নিশা পুৰণা কথাবোৰ বাদ দেচোন, মাক দেখিলি তোৰ, কি অবস্থাত আছে মানুহগৰাকী, তোৰ বেয়া লগা নাই?
:লাগিছে, বহুত বেয়া লাগিছে, কিন্তু সেই বুলি মোৰ খং কমা নাই।
:বুজি পাইছো, কিন্তু এতিয়া সেইবোৰ বাদ দে, ঘৰলৈ যা, দেউতাৰ লগত ভালকৈ কথাবোৰ পাতি ল, চাবি, সব ভাল হব। বহুত বুজাই বঢ়াই মান্তি কৰালো। দুয়োজনী ওলাই আহি গাড়ীত বহিলো। মাকে নিশাক টানি নিয়াদি নি নিজৰ লগত পাচৰ চিটটোত বহাই ললে, মই আগতে বহিলো, অৰ্ণৱে দূৰৰপৰা সকলো চাই আছিল, কিন্তু এই মুহূৰ্তত ওচৰলৈ আহিব নালাগে বুলি তেওঁ জানে। সেইকাৰণেই ভাল লাগে মোৰ তেওঁৰ ব্যক্তিত্বক, দূৰৰপৰাই হাতখন দাঙি বিদায় জনালে।
নিশাৰ মাকে গোটেই ৰাস্তাটো উচুপি উচুপি কান্দি আহিছে, নিশাক গালে মুখে চুমা খাইছে, কিন্তু মুখেৰে একো কব নোৱাৰে, দেউতাকে মাজে মাজে কিবা লাগিব নেকি, খাবা নেকি সুধিলে মূৰ দুপিয়াই উত্তৰ দিয়ে।
:খুড়ীয়ে আগৰপৰাই কথা নহয়।
:আগতে তেওঁ কথা কৈ কৈ আমনি লগাই দিছিল, কিন্তু এতিয়া এনেকুৱা এটা trauma তেওঁ সহ্য কৰিব লগা হল যে মুখেৰে মাতেই নোলোৱা হৈ থাকিল। কিন্তু ঠিক হৈ যাব বুলি কৈছে ডাক্তৰে। আশাতে জীয়াই আছোঁ আমিবোৰ, তেওঁ ঘূৰি আহিল, সেয়াই মোৰ বাবে বহুত।
ভালপোৱাৰ কিমান ৰূপ!
কিমান বেলেগ এওঁলোকৰ মাজৰ সম্পৰ্ক।
সম্পৰ্ক শেষ হলেও আচলতে ভালপোৱা কেতিয়াবা থাকি যায় কৰবাত।
নিশাৰ বাবে সুখী হলো, তাইক যেন মৰমেৰে উপচাই ৰাখা নমো। ফোনটো বাজি উঠিল। অনুৰাগৰ ফোন।
:ক কি হল?
আজিকালি অামি তই তই বুলিয়েই কওঁ, নিশাৰ লগত থাকি থাকি ময়ো একেই হৈছো।
:আস্থা, নিশাৰ খং উঠিছে ন, মোৰ ফোন উঠোৱা নাই, যোৱাৰ আগতে মাতিছিল মোক, সাৰেই নাপালো বে, এতিয়াহে অৰ্ণৱ দাক বাইদেউৰ তাত লগ পাওঁতে কলে তহঁতি গলিগৈ বুলি। নিশাক দেচোন ফোনটো।
:এতিয়া নালাগে পাতিব দে, তাই তোক পিছত ফোন কৰিব।
এইখিনি সময় নিশা অাৰু তাইৰ মাকৰ বাবে, দুয়ো বহুত বেছি জুৰুলা হৈ পৰিছে জীৱনত। হাঁহিৰ আঁৰত লুকাই থকা চকুপানী বোৰ নিশাৰ দুগালেদি বৈ আহিছে। মাকৰ কোলাতে মূৰটো থৈ শুই আহিছে তাই। দেউতাকে সুখৰ চকুলো টুকিছে। ভাঙি যোৱা ঘৰ এখন আকৌ গঢ় লৈছে। আহিবলগীয়া দিনবোৰ সুখৰ হওক সকলোৰে।
হে নমো, অৰ্ণৱ অাৰু তেওঁৰ মাকৰ মাজতো সব ঠিক কৰি দিবা।
খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালো।
অাজি যেন সকলো সুখী, অৰ্ণৱ, নিশা,তাইৰ মা, দেউতা, মই!!!!!
ইমানবোৰ ভাল লগা একে দিনাই!
এনেতে অৰ্ণৱৰ মেছেজ আহিল।
“I already miss you my blush queen”
ফোনটো বুকুৰ মাজত হেঁচি ধৰিলো।
অাজি সকলোবোৰ ভাল লগা, মিঠা মিঠা!!!

… আগলৈ

If you want to be notified as soon as the next post released, follow me in facebook

love story

#JEC Chapter 2 Part 11

Previous: #JEC Chapter 2 Part 10

silhouette photo of man and woman about to kiss
Photo by Varun Chandak on Pexels.com

মই বিয়া নহওঁ কেতিয়াও।
:WHAT!!!!!!! Nooooooo!
ভয় খাই গলো, ইমান জোৰকৈ চিঞৰি উঠিল অৰ্ণৱে।
:What do you mean Astha??You have to marry me.
কি আচৰিত মানুহ এইজন, প্ৰথম বাৰ লগ কৰিবলৈ আহিছো হে, বিয়াৰ কথাই পালেগৈ।
:মই বিয়া হৈ গুচি গলে মা দেউতা অকলশৰীয়া হৈ যাব।
:মা দেউতাকো লৈ আনিম মই, তোমাৰ লগতে।
এইবাৰ হাঁহি ৰখাব পৰা নাই, হাঁহি হাঁহি চকুপানী ওলাই গল, অৰ্ণৱে মোৰ লগতে মা দেউতাকো বিয়া পাতিব।
:You look beautiful when you laugh Astha!
হঠাৎ ওচৰ চাপি আহিল, উৰি থকা চুলিখিনি কাণৰ কাষলৈ ঠেলি দিলে। অলপ নিজকে আঁতৰাই আনিলো। অৰ্ণৱৰ ওচৰ চাপিলে কলিজাটো ওলাই আহিম যেন কৰে।
:JEC ৰ পৰা ওলাই আপুনি কি কৰিম বুলি ভাবিছে।
অৰ্ণৱৰ চকু তেতিয়াও মোৰ ওঁঠৰ চুকত থকা তিল টোতে ৰৈ অাছে, অলপ অসহজ লাগিল।
:মানে masters কৰিব নে Job?
:হাঁ??
:মই সুধিছো BE complete কৰি অাৰু পঢ়িব নে চাকৰি কৰিব?
:Actually কি জানা আস্থা, মোৰ completely বেলেগ interest. I want to do game development. সৰুৰ পৰাই game খেলি ভাল পাওঁ, actually I have even made one also, there are some errors but you can try it once. Campus অত চাকৰি হৈ যোৱা হলেও মই চাগে এইটো খং লৈ বেছি দিন corporate world খনত টিকি থাকিব নোৱাৰিলোঁহেঁতেন। সেইকাৰণে ভাবিছো নিজৰ যিটো কাম কৰি বেছি ভাল লাগে সেইতো কৰিম।99Games বুলি এটা company আছে বাংগালোৰত, Internship অৰ কাৰণে apply কৰিছিলো, interview clear হলে final exam দি যাম।
:উৎপল দাৰ posting তাতে নহয় জানো, মানে আপোনালোক আকৌ একেলগে থাকিব পাৰিব।
মনটো ভাল লাগি গল, দুজন বন্ধু, নহয়, দুজন ককাই ভাই বেলেগ হব লগা নহয়, তাতে অৰ্ণৱৰ উৎপল দাৰ বাহিৰে বেলেগ বন্ধু সিমান দেখাও নাই, তেওঁ অকলশৰীয়া হৈ যাব বুলি বৰ বেয়া লাগিছিল, এতিয়া সেইটো চিন্তা আৰু নাই।
:এতিয়া তোমাৰ কথা কোৱা, সঁচাকে বিয়া নোহোৱা?
:আমাৰ জীবন আৰম্ভ হৈছেহে, মোৰ দেউতাই কয়, আতীত অাৰু ভৱিষ্যতৰ কথা ভাবি কাম কৰাতকৈ আমি আমাৰ বৰ্তমানটো ভালদৰে সজাব লাগে। আপোনাৰ লগত মই JEC ত থকা সময়খিনি ধুনিয়াকৈ পাৰ কৰিব বিচাৰোঁ, যাতে আপুনি গুচি যোৱাৰ পাছতো ধুনিয়া স্মৃতি হৈ সেইখিনি মোৰ লগতে থাকি যায়।
:ময়ো তোমাৰ লগত বহুত সময় থাকিব বিচাৰো, উৎপলৰ পিছত যদি কোনোবা মোৰ ইমান close হৈছে, সেয়া তুমি আস্থা, please don’t leave me, I will do anything for you, you just say it once.
:anything???
:Yes anything.
:তেতিয়া হলে শুনক, আপোনাৰ কেইটামান কথা মোৰ ভাল নালাগে, প্ৰথম কথা, খংটো কমাব লাগিব, এনেকে মোক গালি পাৰি থাকিলে নহব।
:I will work on it. Promise. Next?
:উফ্, ভালপোৱাৰ কথাবোৰ ইংৰাজীত কলেহে হয় নেকি, ভালকৈ অসমীয়া কবলৈ শিকিব লাগিব।
:মইচোন জানো অসমীয়া কব, I mean অলপ অলপ জানো ন?
:লিখিব জানে? পঢ়িব জানে?
:No. Sorry.
:সেইটো কথাই কৈছো, শিকিবলৈ চেষ্টা কৰক, তেতিয়াহে মই ভালপোৱা কিতাপ বোৰ পঢ়িবলৈ দিব পাৰিম, অসীমত যাৰ হেৰাল সীমা কিতাপ খনৰ নাম শুনিছে?
:উৎপলৰ ওচৰত আছে, but কি হয় সেইখন? মানে বহুত ভাল কিতাপ?
:আপুনি অসমীয়া শিকি পঢ়ি চাব, তাৰ পাছত নিজেই গম পাব।
:English translation নাই নেকি?
:উৱা, ইমান ধুনিয়া অসমীয়া কিতাপখন থাকোঁতে আপোনাক ইংৰাজী খন কেলেই লাগে?
খং উঠি আহিলে, আসমীয়া পঢ়িব নাজানে, শিকি ললেই হল। মোৰ প্ৰিয় কিতাপখন দিবও নোৱাৰোঁ, কি যে মানুহ!
:Ok ok, sorry. I will learn Assamese.
:অসমীয়াত কওঁক।
কৃত্ৰিম খং দেখুৱাই কলো, সদায় মোক খং কৰে, অাজি সুবিধা পাই ময়ো কৰিলো।
:মই অসমীয়া শিকিম।
অাৰু বহুত কিবা কিবি কথা পাতিলো, কিয় জানো, কিবা এটা ভাল লাগিছে সকলোবোৰ, মনৰ মাজত সোমাই থকা সৰু সৰু কথাবোৰ অামি ইজনে আনজনৰ আগত খুলি কৈছো, অৰ্ণৱৰ অন্ধকাৰ দিনবোৰৰ কথাও মোক অাজি খুলি কৈছে তেওঁ, সেমেকা চকুৰে মোলৈ চাইছে, খামুচি ধৰিছে মোৰ হাতখন, মাজে মাজে হাঁহিছো, মাজে মাজে চকুলো টুকিছো, আমাৰ মাজৰ দূৰত্ব লাহে লাহে যেন কমি আহিছে। অৰ্ণৱৰ ভিতৰখন জুমি চাইছো মইয়ো,যিমান পাৰো বুজিবলৈ চেষ্টা কৰিছো তেওঁক। অৰ্ণৱে আইতা অাৰু মোৰ মাজত হোৱা সৰু সৰু কথাবোৰ শুনি হাঁহিছে, তেওঁৰ সৰুকৈ হলেও নিজৰ start up খোলাৰ সপোনৰ কথা কৈছে। অাজিৰ এই দিনটো যেন শেষ নহয়। আবেলি হবৰ হল, কিন্তু আমাৰ ভোক পিয়াহ একো নাই, ভাল লগা মানুহৰ মিঠা সান্নিধ্য পালে সকলো পাহৰি যাব পাৰি।
:আস্থা, তুমি in future যি কৰোঁ বুলি কোৱা, যতেই চাকৰি কৰিব বিচাৰা কৰিবা, I will never stop you from anything, but please মোৰ লগত নাথাকো বুলি নকবা। please Astha,I really need you.
:অাজি আপোনাৰ মোক ভাল লাগিছে, কাইলৈ নালাগিবও পাৰে, বিয়া হোৱা বা সদায় একেলগে থাকিবলৈ ভালপোৱাৰ লগতে অাৰু বহুত কথা আহি পৰিব, আগতে অামি ইজনে সিজনক ভালকৈ জানি লওঁ, অাৰু যদি আমাৰ ভালপোৱা সদায় এনেকুৱাই সজীব হৈ থাকে, মই আপোনাৰ লগত নিচ্ছয় থাকিম। কিন্তু লাহে লাহে যদি ভালপোৱা কমি আহে, মোতকৈ বেছি ভাল কোনোবা যদি আপোনাৰ জীৱনলৈ আহে, আপুনি প্লিজ মোক নোকোৱাকৈ নাথাকিব, অামি ভালপোৱাক বান্ধোন হিচাপে যাতে কেতিয়াও নলওঁ, আমাৰ ভালপোৱা মুক্ত হৈ থাকক, চৰ্ত ৰাখি তাক দায়িত্বৰ ৰূপ দিয়াৰ ইচ্ছা মোৰ নাই।
:মোৰ পোৱালি কেতিয়া ইমান ডাঙৰ হল, I am totally impressed, but তুমি বহুত টান টান অসমীয়া কৈছা, Now I jave to learn Assamese for Sure.
প্ৰাণ খুলি হাঁহিছো দুয়োজনে, আবেলিৰ ৰঙা বেলি লহিওৱাৰ সময়, ঠাণ্ডা নামিছে লাহে লাহে, ঘূৰি যোৱাৰ ইচ্ছা কিন্তু নাই, ৰৈ থাকিম যেন এনেকৈয়ে, গোটেই জীৱন, ভাল লগাৰ কি যে মায়া!!!!
কিন্তু যাবতো লাগিবই! বহাৰপৰা উঠিলো দুয়ো, দুখোজমান আহোঁতেই অৰ্ণৱে কলে..
:So you won’t miss me after I leave JEC?
:ওহোঁ ।
:Then I must do something to make you miss me!
:মানে??
:You just wait and watch mystery girl.
দুয়োখন হাতেৰে মোৰ মুখ খন তুলি ধৰিলে, বুকুখন চিৰিংকৈ উঠিল, অৰ্ণৱৰ চকুত অজানা আবেগ, ছাঁ পোহৰৰ মায়াময় খেলা,চেঁচা বতাহে কোবাই গল, কিন্তু মোৰ চোন গৰম উঠিছে, গাল দুখন পুৰি যোৱাকৈ.. চকু দুটা জপাই দিলো। অৰ্ণৱৰ উশাহ মোৰ চুলিত লাগিছে,মোৰ একেবাৰেই ওচৰত অৰ্ণৱৰ উশাহৰ ঘন ঘন শব্দ। চকু মেলি চোৱাৰ সাহস নাই। মনৰ ভাৱনাৰ বুৰবুৰণিৰ মাজতে অৰ্ণৱে কপালত আলফুেল আঁকি গল এটা কপাহ কোমল চুমা।
কি আছিল এইয়া????
কিয় ইমান বেলেগ আছিল এই পৰশ??
আইতা বা মাৰ মৰমৰ চুমাতকৈ কিয় ইমান পৃথক?
সামৰি লৈছো নতুন আবেগ।
বুজা নুবুজাৰ মাজতো বুকু ভৰাই তোলাকৈ মিঠা এই ক্ষণ..
এৰি দিছো নিজক….. লৈ যা সময়..
ঘুৰাই নানিবি সেই সপোনপুৰীৰ পৰা
এইজনী আস্থা ডাঙৰ হৈছে
বুজিব পৰা হৈছে…
ৰঙা গালৰ পুৰণি অাজি কিয় ইমান ভাল লগা?
লাহে লাহে নামি আহিল ওঁঠযুৰি, তেজৰঙা গাল খন আৰু ৰঙা কৰিবলৈ, জানি বুজি যেন অৰ্ণৱে বেছি দীঘলীয়া কৰি নিছে ওঁঠৰ পৰশ..
ভাল লাগিছে!
ওহোঁ, ভয়ো লাগিছে!
মোৰ কি হৈছে ।
কেতিয়াও বুজি নোপোৱা শিহৰণে কঁপাই তুলিলে মোক, কলপাত কঁপাৰ দৰে কঁপিছো মই, অৰ্ণৱে বুজি পালে মোৰ কি অবস্থা, আলফুলে সুমুৱাই ললে বুকুৰ মাজত।
:Hey… Its okay, relax.
:I love you Astha, so damn much.
:I love you too….

কৰবাৰ পৰা ভাঁহি আহিছে জুবিন দাৰ দৰদী কন্ঠ, মোৰ প্ৰিয় গীত…
“ধীৰে ধীৰে হেৰাই যায় আবেলিৰ ৰদালি..
” ধীৰে ধীৰে ঢিমিকি জ্বলে শেৱালি যেন তৰালি.. “

… আগলৈ

If you want to be notified as soon as the next post released, follow me in facebook