love story · Uncategorized

#JEC Chapter 2 Part 2

:তোৰ জেগাত মই হোৱা হলে কিন্তু গুচি গলো হয় আস্থা, কি ছোৱালী বাৰু তই।
:মই ভয়াতুৰ নিশা, কৰোঁ বুলিয়েই কিবা এটা কৰিব নোৱাৰোঁ মই এতিয়াও।
অাৰু কথা বঢ়াবলৈ মন নগল, মই জানো, কেনেকৈ যাম, কিমান সময়ত পামগৈ, ইমান দেৰিকৈ লগ কৰিবলৈ দিবনে নিদিয়ে, সেইবোৰ একো নভবাকৈ নিশাই কথাবোৰ কৈ আছে, কিন্তু মই কিবা এটা কৰাৰ আগতে হেজাৰবাৰ ভাবি চাওঁ, এতিয়াও ভাবিছো। তেওঁ ভাল হৈ ঘূৰি আহক সোনকালে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম।
       চাওঁতে চাওঁতে প্ৰায় পোন্ধৰ দিন পাৰ হল, উৎপল দাৰ পৰাই খবৰ লৈছো সদায়, অাৰু দুদিন  পাছত ঘুৰি আহিব তেওঁ।এইকেইদিন মই কি কৰিছো, ক্লাছ মিছ কৰিছো নেকি, ৰাতিপুৱাৰ ক্লাছলৈ চুৱেটাৰ পিন্ধি গৈছো নে নাই সকলো খবৰ ৰাখিছে তেওঁ। কিন্তু মোলৈ এটাও ফোন কৰা নাই। উৎপল দাৰ আগতে আপত্তি কৰি আছো।
সদায় একেটাই উত্তৰ পাওঁ, অৰ্ণৱে মাকৰ ফোন খুজি কেতিয়াও তোমালৈ ফোন নকৰে। ইফালে পৰীক্ষাৰ সময়ো পাইছেহি, অাৰু মাত্ৰ কেইটামান দিন মাজত। তেওঁৰ লগৰ বিলাকে যিমান পাৰে সহায় কৰিছে, notes জেৰক্স কৰাৰ পৰা আৰম্ভ কৰি presenataion লৈকে কত কি কৰিব লাগে সকলোবোৰ।আমাৰো একে সময়তে পৰীক্ষা। মায়ে ফোন কৰিলেই পঢ়াৰ কথা কয় আজিকালি। আগতে কোনোদিনেই মোক পঢ়িবলৈ কব লগা হোৱা নাছিল, কিন্তু মায়ে বুজি পাইছে মোৰ মনৰ ভিতৰখন কিমান বেছি অশান্ত এতিয়া। যিমান পাৰো চেষ্টা কৰিছো নিজকে চম্ভালিবলৈ। দিনে দিনে নিশাৰ আচৰণ বোৰো কিবা সলনি হৈছে, পৰীক্ষা দি ইমানদিন বন্ধ থাকিব, কিন্তু তাইৰ ঘৰলৈ যাবলৈ ইচ্ছা নাই, মোৰ লগত যাবলৈও অপাৰগ। বেছিকৈ জোৰ কৰিলে খঙত একো নাই যেন হয়, খোৱা বোৱা নকৰে ভালকে। সঘনে অসূখ হবলৈ লৈছে। অলপ ঠাণ্ডাতে জ্বৰ হয়। ক্লাছলৈ যাবলৈও মন নকৰে। নিজৰ লগতে তাইৰো Assignment কৰিব লগীয়া হৈছে। দিনটো ক্লাছৰ পৰা আহি জিৰাবলৈ সময় নাই। ৰাতি শোৱাৰ সময় তিনি চাৰি বাজিবলৈ ধৰিছে। কেতিয়াবা বৰ বেয়াকৈ হাৰি গৈছো যেনো লাগে। উজুটি খাইছো সকলো ক্ষেত্ৰতে। সকলোবোৰ এৰি থৈ গুচি যাম নিচিনা লাগে। মোৰ সৰু পৃথিবী খন দিনে দিনে জটিল হৈ আহিছে যেন ।
         দিনবোৰ যেন বেছি দীঘলীয়া হৈছে এইকেইদিন। কলেজত মন নবহে, কিবা এটা শূন্যতাই আগুৰি ধৰিছে মোক। ভালপোৱা হয়তো এনেকুৱাই।
অৰ্ণৱ বিহীন দিনবোৰ বেয়া লাগে, বহুত বেছি বেয়া।
        নিশা আজিও নাযায় ক্লাছলৈ। তাইৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰি লৰালৰিকৈ ওলাইছো। দেৰি হৈছে। টিনা অাৰু ৰাজী ৰৈ ৰৈ গুচি গল।ধুই থোৱা কাপোৰ খিনিৰ মাজৰ পৰা ৰঙা কুৰ্তাটো উলিয়াই আনিলো। জন্মদিনৰ মিঠা মিঠা স্মৃতি কিছুমানে চুই গল। সেইটোকে পিন্ধিলো, তেওঁক ওচৰত পোৱা যেন লাগিল। দৌৰি যোৱাদি গৈছো। সোমাই গৈয়ে দেখোঁ কলেজত অাজি হুলস্থুলীয়া পৰিৱেশ। এটা ডাঙৰ বহুজাতিক কোম্পানী আহিছে campus placement অৰ কাৰণে ।ফাইনেল চেমেষ্টাৰৰ চিনিয়ৰ, শিক্ষক, training and placement cell অৰ মেম্বাৰ, সকলোবোৰ ব্যস্ত। প্ৰথমতে এইবোৰ একো বুজি পোৱা নাছিলো। ইষিতা বায়ে বুজাইছিল কেনেকৈ তেওঁলোকে MNC বিলাকৰ লগত কথা পাতি সকলোবোৰ ব্যবস্থা কৰে। বহুতৰে চাকৰি পঢ়া শেষ হোৱাৰ আগতেই হৈ যায়। আজিও বহুতৰে ভাগ্য উদয় হব।  মনটো সেমেকি গল, অৰ্ণৱ অাজি সুস্থ হৈ থকা হলে হয়তো তেওঁৰো জীবনৰ প্ৰথম চাকৰি আজিয়েই হল হয়। ভাবি ভাবি কেতিয়ানো ক্লাছৰুম পালোগৈ গমেই নাপালো।
মাজতে এটা ক্লাছ নহল, নিশাৰ কাৰণে নোট লিখোঁ বুলি উলিয়াই লৈছো।
:আস্থা।
ঘূৰি চালো, অনুৰাগ। আামাৰ ক্লাছৰ আটাইতকৈ ঠাণ্ডা লৰাটো। সৱৰে লগতে কেতিয়াবা কিবা কথা পতা হয়, কিন্তু অনুৰাগৰ মাতেই নুশুনো। সবৰ কথাবোৰ হাঁহি হাঁহি শুনি থাকে, নিজে একো নকয়। নিশাই তাক বৰফ বুলি মাতে।
:কোৱা।
:তোমাৰ লগত কথা আছিল।
:কি কথা?
:নিশাৰ বেছি গা বেয়া নেকি?
:অলপ জ্বৰ অাছে, কিবা কাম আছিল নেকি?
:এইখন দি দিবা তাইক।
কালি ছাৰে দিয়া Assignment টো ধুনিয়াকৈ লিখি আনিছে, ওপৰত নিশাৰ নাম। আচৰিত হৈ তাৰ ফালে চালো।
:নিশাক নকবা মই দিছো বুলি, প্লিজ।
:কিন্তু…
:প্লিজ।
মনটো ভাল লাগি গল, নিশাৰ কাৰণে মোৰ বাহিৰে অাৰু কোনোবাই চিন্তা কৰে। নিশাক কবই লাগিব। ক্লাছ আৰম্ভ হল। ভাইব্ৰেশ্বনত থোৱা ফোনটো বাৰে বাৰে বাজিছে। একেবাৰে সন্মুখৰ বেঞ্চ খনতে বহিছো, চাবও নোৱাৰোঁ। এবাৰ ছেগ বুজি উলিয়াই চালো। Unknown number. কেইবাটাও missed call. আকৌ ভৰাই থৈ দিলো। ক্লাছ শেষ হল। টিনা অাৰু ৰাজিৰ লগত ওলাই আহিলো।
:অই, মেইন গেটৰ ফালেদি যাম দেই, মোৰ চেম্পু কিনিবলৈ আছে।
টিনাৰ সদায় কিবা এটা থাকেই, আকৌ দীঘল পাক এটা মাৰি যাব লাগিব এতিয়া, উপায় নাই। তিনিওজনী আহি আছো। হঠাতে ৰাজীয়ে মোক জোকাৰি দিলে।
:আস্থা, সৌৱা চা, অৰ্ণৱ দা।
ধক্।
Training and placement cell অৰ বিল্ডিংটোৰ সন্মুখতে উৎপল দাৰ সইতে কিবা কথা পাতি অাছে।
জোৰেৰে কোবাই গল এজাক বতাহে।
একে ঠাইতে ৰৈ গৈছো।
কিমান দিন? কিমান দিন দেখা নাই!!!!
দৌৰি গৈ যেন সামৰি লম তেওঁক,  হেৰাব খোজা সপোন এটা ঘূৰি আহিছে।
:যা আকৌ মাত গৈ, মইয়ে চিঞৰি দিম নহলে এতিয়া।
আগবাঢ়ি গলো, প্ৰতিটো খোজতে উশাহৰ শব্দ অাৰু বেছি ঘন হৈছে। মোক এতিয়াও দেখা নাই, উৎপল দাই নিজৰ ফোনত তেওঁক কিবা দেখুৱাই অাছে। পিছফালে গৈ ৰলো, মুখেৰে মাত নোলায়, নোৱাৰোঁ একো কব।
দিওঁ নিদিওঁ কৈ হাতখন আগবঢ়াই দিলো তেওঁৰ হাতখনৰ ফালে,,,
মোৰ কঁপা কঁপা আঙুলিয়ে  লাহেকৈ চুই গল তেওঁৰ আঙুলি কেইটা…
ঘুৰি চালে..
ধুনিয়া চকুজুৰিৰ তলতে এটা চিলাইৰ দাগ।
ঘূৰাই পাইছো মোৰ প্ৰিয় সুগন্ধি,.মোৰ প্ৰিয়. মানুহ…
মোৰ ভালপোৱা… অৰ্ণৱ…. ।
চকুকেইটা সেমেকা, দুয়ো মৌন।
নালাগে আমাক শব্দৰ কোলাহল।
বুকুয়ে বুকুয়ে শিপাইছে সীমাহীন আবেগৰ ।
মনেৰে সামৰিছো তেওঁক, বুকুৰ মাজত।
ভঙা সপোনৰ ৰিক্ত সীমনাত আকৌ বৈছে প্ৰাপ্তিৰ ঢৌ।
লাহেকৈ আঁতৰি গৈছে উৎপল দা। তেওঁ অাৰু অলপ কাষ চাপি আহিল।
:Missed me?
আস্। এই মাতষাৰ।
:আপুনি??????
:বিশ্বাস হোৱা নাই???
:ওহোঁ!
: আস্থা!
:এতিয়া যোৱা, this is not the right place to talk, will call you.
দুজন ছাৰ আমাৰ কাষেৰে পাৰ হৈ গ ল।
আগত কৈ যেন অলপ বেলেগ হৈ ঘূৰি আহিছে অৰ্ণৱ।!!!
অনিচ্ছা স্বত্বেও আঁতৰি আহিছো তেওঁৰ ওছৰৰ পৰা। মন আছিল হেঁপাহ পলুৱাই কথা পতাৰ, বুকু ভৰাই তেওঁৰ সুগন্ধি লোৱাৰ, নাই তেনেকুৱা একোৱেই নহল।
ৰূমলৈ আহি দেখোঁ নিশা তেতিয়াও বিচনাতে। অৰ্ণৱ ঘূৰি আহিল বুলি কোৱাত একে জাপে উঠিল। মোক গালিও পাৰিলে কিয় তেওঁৰ লগত অাৰু অলপ সময় নাথাকিলো বুলি।
:আস্থা, অৰ্ণৱ দা তোৰ কাৰণেই ঘূৰি আহিছে, তোৰ নমোৰ আগত কোৱা কথাবোৰ এইবাৰ অৰ্ণৱ দাকো কৈ দিবি।
ফোনটো হাতত লৈ একে বহাতে বহি আছো, তেওঁৰ ফোনৰ অপেক্ষা মাথোঁ।
ফোনটো বাজি উঠিল।
:  আস্থা, মই উৎপলৰ লগত অলপদেৰি ৰব লাগিব, সি বহুত নাৰ্ভাছ হৈ আছে। Hope you understand.
:বুজি পাইছো।
:I will call you back.
কেৱল উৎপল দাৰ কাষত থাকিবৰ বাবেই গুচি আহিছে তেওঁ, নিজে ইণ্টাৰভিউত বহিব নোৱাৰে। ৰেজিষ্ট্ৰেছনৰ সময়ত তেওঁ নাছিল ইয়াত। হস্পিতালৰ বিচনাত পৰি জীয়াই থকাৰ বাবে যুদ্ধ কৰিছিল। কিন্তু উৎপল দাৰ সফলতা বিফলতা সকলোতে লগত থাকিব বিচাৰে তেওঁ, সেইবাবেই গুচি আহিছে দুদিন আগত। ৰৈ অাছে বাহিৰত ইন্টাৰভিউ শেষ হোৱালৈ।
    সাতটা মান বজাত হুলস্থুল শুনি সব বাহিৰলৈ ওলাই আহিলো, ইণ্টাৰভিউত বহা প্ৰায় ৮০% ৰে চাকৰি হৈছে। আনন্দৰ উত্সৱ। বয়জ হোষ্টেলত ফটকা ফুটাইছে। চিনিয়ৰ বা হঁতক অভিনন্দন জনাবলৈ আমিও ওলাই আহিলো। হোষ্টেল নাইনৰ গেটৰ সন্মুখত কম্পিউটাৰ চায়েঞ্চ বিভাগৰ কেইবাজনো চিনিয়ৰ। সকলোৰে মুখত হাঁহি। অভিনন্দন জনাইছো, সুখী হৈছো তেওঁলোকৰ সফলতাত।
অলপ দূৰত ৰৈ হাঁহি হাঁহি চাই আছে সকলোৰে উদযাপন, অৰ্ণৱ।
তেওঁ এই সুখৰ ভাগ নাপালে।
কিন্তু উৎপল দাৰ বাবে তেওঁ হাঁহি হাঁহি লুকুৱাই ৰাখিছে ভগা সপোনৰ টুকুৰাবোৰ।
ভিৰৰ পৰা আঁতৰি আগবাঢ়ি গলো তেওঁৰ ফালে।
আগলৈ।
Advertisements