Uncategorized

#JEC Part 32 – End of Chapter 1

Previous: #JEC Part 31

 

উশাহৰ শব্দ নাই।
:অৰ্ণৱ!!!!!!!!
পাগলৰ দৰে চিঞৰিছো,জোকাৰি দিছো গাৰ সমস্ত শক্তিৰে, কিন্তু অৰ্ণৱ নিথৰ ।কোনোবাই এম্বুলেঞ্চ মাতিছে, কোনোবাই পুলিচ। কলেজত কোনে খবৰ দিলে নাজানো। হিলদল ভাঙি আহিছে সকলো, লৰা ছোৱালী কোনো বাকী নাই চাগে।
উৎপল দাই তেওঁৰ বুকুখন বাৰে বাৰে হেঁচি দিছে, নাই, উশাহ লোৱা নাই। অাৰু চাব নোৱাৰোঁ।বা কেইগৰাকীমান মোৰ ওচৰত ৰৈ আছে। সবৰ চকুত পানী।
:উঠাই দে, উঠা।
এম্বুলেঞ্চ আহি পালে, তেওঁক ধৰি উঠাই দিয়া হল।লগত উৎপল দা অাৰু তেওঁৰ লগৰ দুজন।
:মইয়ো যাম উৎপল দা।
:তুমি নালাগে, অামি আছো ।
দৰজাখন মাৰি দিলে, নাৰ্ছ গৰাকীয়ে অক্সিজেন মাস্ক পিন্ধাই দিছে তেওঁক।
এম্বুলেঞ্চৰ পিছে পিছে বাইক লৈ বহুকেইজন চিনিয়ৰ।
কোনোবাই অট’ এখন মাতি আনিলে, নিশা অাৰু সমীক্ষা বায়ে ধৰি নি মোক উঠাই দিছে। মই মাত্ৰ এৰি দিছোঁ নিজকে।
অসুস্থ হৃদয়, বাকৰুদ্ধ সময়।
নিঃশেষ হবলৈ যেন একোৱেই বাকী নাই।
বুকুৰ ভিতৰত ৰু ৰুৱাই জ্বলিছে প্ৰথম ভালপোৱাৰ চিতাখন।
তেওঁৰ হাতৰ পৰশত ৰঙা পৰা গাল দুখনত শুকান চকুপানীৰ চেঁকুৰ।
কাণত এতিয়াও বাজি অাছে সেই আৰ্তনাদ।
অৰ্ণৱ!!!!!!!
আপুনি মোৰ ‘প্ৰিয়’ বুলি কোৱাই নহল।
             অট’ৰ পৰা নামি কেনেকৈ ৰুম পালো কব নোৱাৰোঁ। বহুত কেইগৰাকী চিনিয়ৰ বা আহি মোক কিবাকিবি বুজাইছে, মূৰত একো সোমোৱা নাই। নিশাই সলাবলৈ কাপোৰ উলিয়াই দিছে। গোটেই গাতে তেজৰ দাগ। শিলৰ মূৰ্তিটোৰ দৰে বিচনাখনতে বহি আছো। আগতে বৰশীত উঠোৱা মাছটো দেখিও কান্দোঁ, দুখ পাইছে বুলি পানীৰে ধুৱাই আকৌ এৰি দিওঁ, অাজি মোৰ প্ৰিয় মানুহজনক এনেকৈ কষ্ট দিয়া হল, অাৰু মই একোৱেই কৰিব নোৱাৰিলো। সেই দৃশ্য দেখাৰ আগতেই যদি মোৰ মৃত্যু ঘটিল হেঁতেন।
:উঠ আস্থা, এনেকে কিমান দেৰি থাকিবি?
:মোক এনেকৈয়ে থাকিবলৈ দে নিশা।
:অৰ্ণৱ দা ঠিক হৈ যাব। তই এনেকুৱা নকৰিবি প্লিজ।
নিশাই মোক ধৰি হুকহুকাই কান্দিছে, মোৰহে কান্দিবলৈ শক্তি বাকী নাই। ৰৈ আছো মাথোঁ উৎপল দাৰ এটা ফোনলৈ।
সন্ধিয়া লৈকে তেওঁৰ একো খবৰ নাই, বাৰে বাৰে ফোন কৰিছো উৎপলদাৰ নম্বৰত। উত্তৰ নাই।
:আস্থা, বাইদেউ আহিছে, মাতি দিওঁনে ভিতৰলৈকে?
:হমম।
উধাতু খাই আহিছে বাইদেউ।
:মই অলপ আগতেহে গম পালো কথাবোৰ, কি যে হৈ গল। মাৰ পিট কৰা কেইটামানক গাঁৱৰ মানুহে ধৰি আনিছে এতিয়া।এটাও এইখন গাৱঁৰ নহয় হেৰৌ। কৰ ভগনীয়া নাজানো। অাজি কেইদিনমানৰ পৰা ঘূৰি ফুৰিছে, কেইবাঘৰতো চুৰ হৈছে, কেঁচুৱা ছোৱালী পৰা বুঢ়ী লৈকে কাকো নেৰে। ৰাস্তাত ওলাব লৈকে চিন্তা। মই আগেয়ে জনা হলে যাবলৈ মানা কৰিলো হেঁতেন। দিন কাল বৰ বেয়া হৈছে অ’। পদে পদে ভয়।
বাইদেউ মোৰ ওচৰতে বহি কথাবোৰ কৈ গৈছে, কিন্তু হৈ যোৱা ঘটনাটোৱে আমাক কি কৰি থৈ গল সেইয়া মই কেনেকৈ বুজাম।
:অৰ্ণৱৰ ভাল হব দেই, অাজি গাঁৱৰ নামঘৰত ভাওনা। মই ভালকে সেৱা লম। গোটেই ৰাইজে আশীৰ্বাদ কৰিব হেৰৌ,সৱ ভাল হব দেই। সি বৰ ভাল লৰা, কোনোদিন কাৰো লগতে কাজিয়া পেছাল নকৰে। আঁতৰি আঁতৰি থকাই দেখো।তুমি অহাৰ পাছত হে অকণ হাঁহিছিল, তাতো নজৰ লাগিল। কিন্তু ভগৱান অাছে তুমি এনেকে কন্দা কটা কৰি নেথাকিবা।
অলপ সময় বহি গুচি গল বাইদেউ। লাহেকৈ উঠি গৈ কাপোৰ কানি সলাই ভগৱানৰ ওচৰত ধূপ জ্বলাই বহি আছো, এটা ফোনে হয়তো সলনি কৰি দিব সকলোবোৰ।
:আস্থা, আস্থা…
:নিশাৰ চিঞৰত উচপ খাই উঠিলো।
:অৰ্ণৱ দাৰ হুঁচ আহিছে, সৌৰভ দা এইমাত্ৰ হস্পিতালৰ পৰাই আহিছে। কিন্তু ডিব্ৰুগড় লৈ যাব এতিয়া, internal injury অাছে ।But he is out of danger. Oh god, oh god.
সাৱটি ধৰিছে মোক নিশাই, সকলোৰে মুখবোৰ অকণ হলেও পোঁহৰ হৈছে, টেবুলৰ ওপৰত থকা গণেশৰ মূৰ্তিটো বুকুত হেঁচি ধৰিছো। এই প্ৰাপ্তিৰ যেন শেষ নহয়। ভালপোৱাৰে সজাম তেওঁৰ নতুন জীবন। অৰ্ণৱৰ প্ৰেমিকা হৈ জীয়াম বাকী ৰোৱা জীবনৰ প্ৰতিটো পল অনুপল।
উৎপল দাৰ ফোন।
:আস্থা, অামি ডিব্ৰুগড় আহি আছো, অৰ্ণৱৰ মা ও আহিছে, তুমি চিন্তা নকৰিবা।
:এবাৰ চাবলৈও নাপালো তেওঁক।
এতিয়াহে চকুপানী বোৰ পাৰ ভাঙি বৈ আহিছে।
:সোনকালে ঠিক হৈ আহিবলৈ প্ৰাৰ্থনা কৰা। মই ফোন কৰিম যেতিয়াই পাৰোঁ।
বাৰে বাৰে সেৱা কৰিছো ভগবানৰ ওচৰত, বহুত মন আছিল এবাৰ তেওঁক চোৱাৰ, কিন্তু এতিয়া সেইয়া সম্ভৱ নহয়। দূৰৰ পৰাই প্ৰাৰ্থনা কৰিম।
গোটেই কেম্পাছ আজি অন্ধকাৰ। কতো এটাও লাইট জ্বলা নাই। গোটেইকেইটা হোষ্টেলৰ সন্মুখত  মম জ্বলাই থৈছে। সদায় মুখৰ হৈ থকা সন্ধিয়া সময় খিনিও অাজি নিতাল, নিস্তব্ধ। এয়াই আমাৰ JEC। এজনৰ দুখত সকলো দুখী। এই মানুহবোৰ মোৰ আপোন। এওঁলোকৰ প্ৰাৰ্থনাই জীয়াই তুলিছে মোৰ অৰ্ণৱক। চিৰজীৱন কৃতজ্ঞ হৈ ৰম।
:আস্থা, তোৰ ঘৰত গম পালে কি কৰিবি?
নিশাৰ কথাত থতমত খালো। গম পালে মানে? মই নিজেই কম মাক, সকলোবোৰ।
মালৈ ফোন কৰিলো, এই সময়ত মাৰ বাহিৰে কাৰো ওচৰতে শান্তি নাপাওঁ। মোৰ সকলো সুখ দুখ প্ৰাপ্তি অপ্ৰাপ্তিৰ বিষয়ে জনাৰ অধিকাৰ অাছে তেওঁৰ, মোৰ সাহস, মোৰ শক্তি, মোৰ আটাইতকৈ ভাল বন্ধু, মোৰ মা।
:মা।
:কি হল জীও? গা বেয়া নেকি তোৰ?
:কাইলৈ আহিব পাৰিবা নেকি মোৰ ওচৰলৈ?
:উৱা, কালি গৈছিলিহে, ঘৰলৈ মনত পৰিছে বেছিকে?
:হমম।
:জীও, বেলেগ কিবা কথা অাছে?
:উমম।
:ফোনত কব নোৱাৰি?
:ওহোঁ।
:দেওবাৰে গলে হব?দেউতাৰো বন্ধ সেইদিনা। দুইজনেই আহিম বাৰু দেই।
:হব।
:কি কথা সেইটো বাৰু পিছত জানিম, কিন্তু জীও এইটো বয়সত কেতিয়াবা কিছুমান কথা বন্ধুৰ লগতো আলোচনা কৰি সমাধা কৰিব পাৰি। এতিয়া ডাঙৰ হৈছ, কথাবোৰ প্ৰথমতে নিজৰ মনেৰে ভাবি চাবি, যদি তই কৰা কামে কাকো অনিষ্ট নকৰে, আঘাত নকৰে, অপমান নকৰে, তেন্তে সেই কাম কেতিয়াও ভুল হব নোৱাৰে।
        সকলো ঠিক হব এতিয়াৰপৰা, খুলি কম মনৰ কথা। কাকো আঘাত নকৰাকৈ, কাকো অপমান নকৰাকৈ, কেৱল মৰমেৰে সজাম মোৰ প্ৰিয় মানুহবোৰৰ জীবন।
আপুনি সোনকালে ঘুৰি আহক অৰ্ণৱ।
পুনৰ ঘূৰি আহিব ‘আমাৰ সময়’।
ভাল লগা, মিঠা মিঠা।

End of first chapter. If you want to be notified as soon as the next post released, follow me in Facebook
Advertisements
Uncategorized

#JEC Part 31

Previous: #JEC Part 30

বিচনাত পৰি হেজাৰবাৰ ভাবিছো তেওঁক ফোন কৰিম নে নকৰিম। নিশাৰ আগত যিমানেই সাহসী নেদেখুৱাও কিয় তেওঁৰ আগত মুখ খুলি কথা কব নোৱাৰোঁ মই ।হয়তো কেতিয়াও নোৱাৰিম। বাৰে বাৰে হাৰি যাও সেই মায়া সনা চকুজুৰিৰ মাজত। কিন্তু তেওঁক কৰা আঘাতে মোকো শান্তিৰে থাকিবলৈ দিয়া নাই। মোৰ শব্দই কাৰোবাক আঘাত কৰিছে, তাকো মোৰ প্ৰিয় মানুহজনক। ফোনটো উলিয়াই নম্বৰটো ডায়েল কৰিলো। কিন্তু এবাৰ ৰিং হওঁতেই কাটি দিলো ।গাৰুৰ তললৈ সুমুৱাই দিছো মোবাইলটো। কি কম তেওঁক? আগ পিছ একো নভবাকৈ ফোন কিয় লগাইছিলো। নিজৰ মূৰতে নিজে মাৰিছো। সঁচাই পাগল মই। কিন্তু মিছ্দ কল দেখি যদি ফোন কৰে? কি বুলি কম। নাই বহুত দেৰিলৈকে নাই অহা ফোন। নকৰে চাগে। বাৰটাই বাজিব হল। ইকাটি সিকাটি কৰি পৰি আছো। টোপনি অহা নাই।
ফোনৰ ভাইব্ৰেশ্বনৰ শব্দত সাৰ পালো, সময় চাইছোঁ, দুটা বাজিছে।
অৰ্ণৱৰ ফোন।
:আস্থা…
আস্। বাৰে বাৰে প্ৰেমত পৰো এইষাৰি মাতৰ।
:হমম।
:সঁচাকে বহুত বেয়া পোৱা মোক?
তেওঁৰ কথাবোৰ আন দিনাৰ দৰে নহয়, খং অভিমান একোৱেই নাই, অাছে মাত্ৰ আকুলতা। মোক হেৰুৱাই পেলোৱাৰ ভয়।
:Please tell it was a lie. Please.I beg you, I can’t live like this Astha.
:..
:কিয় মোক কোনেও ভাল পাব নোৱাৰে?Don’t I deserve happiness at least for once? I am tired Astha.. Help.. Me.. Please.. I.. I
:আপুনি ঠিকে আছেতো? কি হৈছে আপোনাৰ?
:…….
:অৰ্ণৱ… কি হৈছে আপোনাৰ?
:…
মোৰ চিঞৰ শুনি নিশাও সাৰ পালে, চকুকেইটা মোহাৰি মোহাৰি ওচৰ পালেহি।
অৰ্ণৱৰ একো উত্তৰ নাই, ফোনটো দুইখন হাতেৰে খামুচি ধৰিছো। ভীষণ ভয় লাগিছে। কিবা অঘটন ঘটা নাইতো।
:আস্থা, মই উৎপল, অৰ্ণৱ ঠিকে আছে, তুমি শুই যোৱা, মই চাম তাক, চিন্তা নকৰিবা।
:কি হৈছে তেওঁৰ?
:তুমি নিশাক দিয়াচোন।
ফোনটো নিশাক দি দিলো। কি পাতিছে নাজানো, নিশাৰ মুখ খন দেখি কিন্তু মোৰেই ভয় লাগিছে!
:কি কলে?
:ড্ৰিংক কৰিছে বহুত বেছি, ঠিক হৈ যাব, তই শু।
:কিবা লুকুৱাইছ মোৰপৰা?
:নাই, শুই থাক।
গোটেই ৰাতি টোপনি নাহিল। কিবা যেন বেছি দীঘলীয়া হৈছে ৰাতিটো, ৰাতিপুৱা এবাৰ তেওঁক দেখা পালেহে শান্তি পাম মই। সোনকালেই উঠিলো। গা ধুই ওলাই আহি দেখোঁ, নিশা তেতিয়াও বিচনাতে ।
:তই নাযাৱ?
:নাযাও।
:কিন্তু কিয়?
:প্লিজ আস্থা, মোৰ কাৰণে ইমান ইজি নহয় সবকে ফেচ কৰাটো।
জোৰ নকৰো, তাই কষ্ট পাব মনত।
বেগটো সামৰি ওলাই আহিলো। টিনা অাৰু ৰাজী ৰৈয়ে আছিল। ৰাতিপুৱা ঠাণ্ডা পৰিছে এইকেইদিন, তাতে ৭:৩০ ৰ ক্লাছ। দীঘলীয়া বন্ধৰ পিছত অহাৰ বাবেই চাগে কলেজৰ পৰিবেশটো অলপ বেলেগ বেলেগ লাগিছে। বহুত এতিয়াও ঘৰৰ পৰা অহাই নাই, অলপ নিজান সেইবাবে কেম্পাছটো। কলেজৰ ভিতৰত সোমোৱাৰ পৰাই চকুকেইটাই কেৱল তেওঁকেই বিচাৰি আছো, কিন্তু কতো দেখা নাই। ক্লাছতো মন নাই বহা। বহি আছো মাত্ৰ। বাৰে বাৰে চাইছো খিৰিকিৰে, কিজানিবা দেখা পাওঁ।
লান্স ব্ৰেকৰ আগৰ ক্লাছটো কেন্ছেল হল। ছাৰ নাই।
বেগটো লৈ হোষ্টেললৈ বুলি ওলালো, কিন্তু টিনা অাৰু ৰাজী নাযায় এতিয়া, আড্ডা মাৰিব কেন্টিনত। নিশা অকলে অকলে হোষ্টেলত আছে , মোৰ তাইৰ ওচৰলৈ যাবলৈ হে মন্ গল। অকলেই ওলাই আহিলো।
চিৰিকেইটা নামি আহোঁতেই তেওঁৰ সইতে ভেটা ভেটি হল, মূৰ তুলি চালো, চকুকেইটা ৰঙা, চুলিখিনি অলপ খেলিমেলি হৈ আছে, বগা টি ছাৰ্টৰ ওপৰত কলা হুদী এটা পিন্ধি আহিছে। মোক দেখি থমকি ৰল। ইফালে সিফালে চালে, ওচৰত কাকো নেদেখি অলপ ওচৰ চাপি অহিল।
:Meet me after 5 minutes, wait near the auditorium.
ধক্।
লগ কৰিম? তেওঁক? অকলে?
যিমান পাৰো খৰ খোজেৰে হোষ্টেলৰ ফালে বাট লৈছো, নিশাৰ ওচৰ পালেই যেন বাছি যাম। অডিটৰিয়ামৰ ওচৰ পায় ঘূৰি চালো, তেওঁ নাই পোৱাহি তেতিয়াও। হোষ্টেল পালেগৈ ৰক্ষা পৰিম।খোজকেইটা আৰু খৰ কৰিলো। কিন্তু কৰপৰা জানো উৰি অহাদি আহিল।
:Dont act so smart Miss Astha Baruah.
ৰৈ গলো।
:বহা।
:ইয়াত?
পিছফালৰ চিট টো দেখুৱাই সুধিলো।
:নহলে কি তুমি চলাবা? I don’t mind though.
লাজ পালো। কথাত হৰুৱাব কেতিয়াও নোৱাৰোঁ।
:কোনোবাই দেখিব।
:I don’t care.
:কিন্তু মই কৰোঁ।
:নিজে বহিবা নে মই বহাই দিম?
তেওঁ কৰিব নোৱাৰিব বুলি নাভাবো, চুপ চাপ বহিলো। তেওঁ অাৰু মোৰ মাজত বেগটো থৈ লৈছো। সেইটোতে খামোছ মাৰি ধৰি আছো। কেম্পাছৰ ভিতৰৰ পৰা ওলাই আহিলো। টাউনৰ ফালে যোৱা ৰাস্তাটোৰে নগৈ তেওঁ ওলোটা ফালেহে গৈছে। সেইফালে অামি কেতিয়াবা খোজ কাঢ়িবলৈ যাঁও। কেলিফৰ্ণিয়া পাৰ হৈ অলপ দূৰ গলে এখন সৰু চাহৰ বাগান,নীলবাৰী চাহ বাগিচা, তাৰ অলপ আগত আকাশ বাণী কেন্দ্ৰটো। সকলোবোৰ পাৰ হৈ আহিলো, কলৈ নিছে মোক। অলপ ভয়ো লাগিছে। নিজান ৰাস্তাটো, দুপৰীয়া সময় মানুহৰ আহ যাহ সেৰেঙা, দূৰলৈকে কাৰো ঘৰ বা দোকান একো নাই। বাইকখন ৰখাই দিলে।
:নামা?
নামিলো, পিছফালে ৰৈ আছো।
:What did you say yesterday?
একো নাইকোৱা, ৰৈ আছো মনে মনে।
বাওঁহাতখনেৰে হঠাৎ টানি লৈ আনিলে মোক তেওঁৰ সন্মুখলৈ। ধৰি আছে এতিয়াও হাতখন।
:Do you really hate me Astha?
তেওঁৰ ফালে চালো, অসহায় চকুযুৰি। বহুত কিবাকিবি কব খুজিছে।
:…
:কি কৰি আছা এইবিলাক মোৰ লগত?
:….
:Answer me damn it.
জিকাৰ খাই উঠিলো।
ইমান সোনকালে কিয় খং উঠে এই মানুহজনৰ?
আগতে যেতিয়া প্ৰেমৰ উপন্যাস পঢ়ো, বা চিনেমা চাওঁ, তেতিয়া নায়কে নায়িকাক প্ৰেমৰ প্ৰস্তাৱ কি সুন্দৰ কৈ দিয়ে, মোৰ ভাগ্যত এয়াহে আছিল!!!!!!

:আস্থা! ইয়ালৈ অনা বাবে মোক বেয়া নাপাবা। I really can’t speak with many people around. And Restaurant and parks are not for me. I like calm places, like this. I hope you don’t mind?
: ওহোঁ ।
:ভয় লাগে মোক কিবা কবলৈ?
:হমম।
:কিয়? মই ইমান বেয়া?
:নহয়।
:মই ওচৰলৈ আহিলে বেয়া নোপোৱা?
:নাপাওঁ।
:what? Really.
লাজতে মৰি যাম নিচিনা লাগিলে। কি ওলালে মুখত। ওঁঠটো কামুৰি ধৰিলো, গালখন পুৰিছে আকৌ।
:I want to tell you something Astha, about my past life.
তেওঁ কিবা কবলৈ লওঁতেই  নিশাৰ ফোন আহিল। অলপ আগবাঢ়ি গৈ ফোনটো কাণত লগাই কথা পাতিবলৈ লওঁতেই পিছফালৰ পৰা কোনোবাই জোৰত মোবাইলটো টানি লৈ গল। আজুৰি নিওঁতে কানফুলি ডালো ছিঙি নিলে। হৰহৰাই তেজ বৈছে। খঙত একো নাই হৈ পিছে পিছে খেদি গল তেওঁ । অলপ দূৰত গৈ আগভেটি ধৰিলে। বেছি ডাঙৰ লৰা নহয়। দূৰৰপৰা দেখিছো, তেওঁ কলাৰটোত ধৰি চোঁচৰাই আনিছে এটাক, পিছত বহি যোৱাটো দৌৰি পলাইছে। লৰাটোৱে হাতযোৰ কৰিছে, কাণত ধৰিছে, মোবাইলটোও ঘূৰাই দিলে। ফোনটো লৈ তেওঁ তাক এৰি দিলে। মোৰ ওচৰ পালেহি। চুৰ্ণীখনেৰে কাণখন ঢাকি আছো, গোটেইখনতে তেজ লাগিলে।
:বহুত দুখ পালা?
:ইয়াৰপৰা যাওঁ।
:I am really sorry. মোৰ কাৰণেই হল সব। ডক্টৰৰ ওচৰত যাব লাগিব। মোৰ লগত যাবা?
:হমম।
:বহাঁ।
বাইক খনত উঠিবলৈ লৈছিলোহে, হঠাতে কৰপৰা জানো এজাক মানুহ প্ৰায় দৌৰি অহা নিচিনাকে আহিছে। কেইজনমানৰ হাতত লাঠি। একো ধৰিবই নোৱাৰিলো। কোনো ধৰণৰ সোধ পোছ নকৰাকৈ দুজনমানে অৰ্ণৱক বাইকৰ পৰা নমাই আনি মাৰিবলৈ আৰম্ভ কৰিলে।
:অামি নিজে দেখিছো, ইহঁতে লাজ লগা কাম কৰি আছিল, অামি ইয়াত এইবোৰ নচলিব বুলি কওঁতে আমাকে মাৰিছে।
মোবাইল চুৰ কৰিব খুজা লৰাটো, অৰ্ণৱে এৰি দিয়াৰ পিছত সি  মানুহ কিছুমান মাতি আনিলেগৈ। কুটিল হাঁহি এটাৰে মোৰ ফালে চাই অাছে। চিঁঞৰি চিঁঞৰি কৈছো অামি একো বেয়া কাম কৰা নাই, কিন্তু কাৰো মোৰ কথা শুনিবলৈ সময় নাই। ইজনৰ পিছত সিজনে প্ৰহাৰ কৰিছে অৰ্ণৱৰ ওপৰত। তেজেৰে লুতুৰি পুতুৰি। বাইকখন ভাঙি ছিঙি চূৰমাৰ কৰি দিলে।  মোৰ ফোন, তেওঁৰ ফোন সকলো কাঢ়ি ললে। অকথ্য গালি গালাজ। কাহানিও নুশুনা কিছুমান শব্দ।
কেতিয়া বুজিব এইখন সমাজে প্ৰেম মানেই যৌনতা নহয়, এহাল ডেকা গাভৰু অকলে  কেৱল শাৰীৰিক আহ্বানৰ বাবে নাথাকে।
হায় সমাজ!
ইয়াত ৰাস্তাত কোনোবাই গুপ্তাংগ উলিয়াই মূত্ৰ ত্যাগ কৰিলে কোনেও লাজ নাপায়।
কিন্তু এহাল প্ৰেমিক প্ৰেমিকা হাতত ধৰি খোজকাঢ়ি গলে সমাজৰ নাক কাট খায়।
অদ্ভূত সমাজ, নিৰ্লজ্জ সময়।
বাৰে বাৰে ভাবিছো ভগৱানক, তেওঁক বচাই ৰাখা নমো।
হুলস্থুল শুনি অলপ ডাঙৰ মানুহ কেইজনমান ওলাই আহিল।তাৰে কেইজনমান ভাল মানুহো আছিল। বহুত তৰ্ক বিতৰ্কৰ পিছত উগ্ৰ সমাজ সংস্কাৰক কেইজন অলপ শান্ত হল। কোনোবাই পানী আনি দিছে, তেওঁৰ মূৰটো কোলাত লৈ কান্দিছো মাত্ৰ, তেওঁৰ শৰীৰৰ তেজেৰে তিতি গৈছে মোৰ শৰীৰ।
কি হৈ গল???
বুকুত সাৱটি ধৰিছো মোৰ প্ৰিয় মানুহজনক। ইমান নিষ্ঠুৰ নিয়তি?
হঠাৎ বাগৰি পৰিল কোলাৰপৰা।
উশাহৰ শব্দ নাই।
:অৰ্ণৱ!!!!!!!!

If you want to be notified as soon as the next post released, follow me in Facebook

…. আগলৈ

Uncategorized

#JEC Part 30

Previous: #JEC Part 29
:You can’t ignore me like this Astha.
উফ্।
তেওঁৰ এনেকুৱা আচৰণত সদায় দুৰ্বল হৈ যাওঁ, কিন্তু অাজি কিয় জানো খং এটা উঠি আহিল। কিছুমান প্ৰশ্নৰ উত্তৰ অাজি মোক লাগিব। ভাগৰি পৰিছো মই আপেক্ষা কৰি কৰি।কলাৰত থকা হাতৰ মুঠিটো অাৰু টান হৈ গল।
:কিয়? কিয় নোৱাৰিম মই আপোনাক ইগনৰ কৰিব?
:Because I won’t let it happen damn it.
হাতৰ চেপাটো অাৰু টান কৰি দিলে। দুখ পাইছো কিন্তু কন্দা নাই। নিশা ইতিমধ্যে আঁতৰি গৈছে, ঠাইডোখৰ অলপ আন্ধাৰ। ভয় লাগিছে, বহুত বেছি, কিন্তু তেওঁক দেখুৱাব নোৱাৰোঁ ।মনটো অাজি এনেও ভাল নহয়, তাতে তেওঁৰ এই অদ্ভুত জেদবোৰে পাগল কৰিছে মোক। সেইদিনা হঠাৎ তেনেকৈ গুচি অহিল, এবাৰো নজনালে কিয়। নিশাৰ খবৰ লবলৈ কৰা ফোনটোৰ পিছত ঘৰত থকা দিনকেইটাত ফোন মেছেজ একো নাই। মোৰো খং উঠি আছে তেওঁৰ ওপৰত, বহুত বেছি খং।
:কি বিচাৰে আপুনি?
:DON’T ACT INNOCENT ASTHA, YOU KNOW IT VERY WELL. I WANT YOU!
কিমান সহজ তেওঁৰ বাবে সকলোবোৰ। অাজি মন গল কৈ দিলে মই তোমাক বিচাৰো, কিন্তু মই জানো কাইলৈ তেওঁৰ খং অাৰু জেদৰ আগত এইবোৰ সব মিছা হৈ যাব।
যদি মোক ইমানেই বেছি ভালপায়, মুখ ফুটাই কবও পাৰিব লাগিব।
বুজি পাব লাগিব তেওঁ নিজৰ মনৰ অনুভূতিবোৰ, শিকিব লাগিব মৰম কি? কব পাৰিব লাগিব তেওঁ মোক কিয় বিচাৰে?
:কিন্তু মই আপোনাক নিবিছাৰো। মোৰ ভাল নালাগে আপোনাক। কিয় বুজি নাপায় আপুনি?
হঠাৎ ঢিলাই দিলে তেওঁ খামুচি থকা হাতখন। ক্ষীণ পোহৰত দেখিছো জুই হৈ ওলাই অহা অভিমানবোৰ।
:Say it again, say you don’t love me.
মনে মনে আছো। এনেকৈ কম বুলিও ভবা নাছিলো, কিন্তু বহুত কিবাকিবি কৈ দিলো। এতিয়া অাৰু ঘূৰাই আনিব নোৱাৰোঁ তেওঁক আঘাত কৰা শব্দবোৰ।
কি হৈ গল এইয়া?
:Look into my eyes and say those damn words Astha.
:….
:মই যাওঁ।
:নিদিওঁ যাবলৈ।
:কিয়?
:because I want my answer.
:একো নাই কবলৈ।
:Really, you think I will believe whatever you said?
বুকুৰ ভিতৰত এজাক নতুন ধুমুহা।
ভাঙি থৈ যাব মোক সেয়া মই জানো।
হাৰি গৈছো বাৰে বাৰে।
কিয় নুবুজে মানুহবোৰে?
এই জটিল পৃথিবীত মোৰ নতুন খোজ।
কাক চম্ভালিম মই?
নিশাক, অৰ্ণৱক নে নতুনকৈ ডাঙৰ হবলৈ শিকা আস্থা জনীক?
তেওঁৰ ফালে চালো, সেই একেই অস্থিৰ, অসহায় চকুজুৰি। মোৰ ওচৰত বাৰে বাৰে হাৰি যাব খুজা এই মানুহজন কেতিয়া বুজি পাম মই?
:আপুনি কিয় এনেকুৱা? পাগল হৈ যাম মই এনেকে। প্লিজ মোক যাবলৈ দিয়ক।
চকুপানী ৰখাব পৰা নাই মই।
এইবাৰহে তেওঁ বেছি আঘাত হোৱা যেন লাগিল। একো নাইকোৱা । হাতখন এৰি দিছে।
আচৰিত হলো! এবাৰ হাতখনলৈ আৰু এবাৰ তেওঁৰ ফাললৈ চালো।
:যোৱা।
:কি?
:Yes you can leave after this.
জানিছিলো, চুলিখিনি খুলি দিব। ক্লিপডাল হাতত লৈ আঁতৰি গল তেওঁ।
উভটি খোজ ললো ৰূমলৈ বুলি।
ভাল লগা নাই অাজি একোৱেই।
গেটৰ সন্মুখ পায় এবাৰ ঘূৰি চালো। নাই। তেওঁ গুচি গল।
:ইমান দেৰি কত আছিলি?
:এইখিনিতে আছিলো।
:অৰ্ণৱ দাই কিবা কলে?
:নাই।
:কেলে কান্দিছিলি তেনেহলে?
:চকুত কিবা সোমাইছিলে। তই নিজে আগতে কাপোৰ সলা। মই ধূপ জ্বলাই লওঁ।
নিশাৰ প্ৰশ্নৰ একো উত্তৰ নাই মোৰ ওচৰত। বাথৰূমত সোমাই যিমান পাৰো চকুত পানী মাৰিছো। এই চকুপানীবোৰ কেতিয়া শুকাব নেজানো। ভৰি হাত ধুই ধূপ এডাল জ্বলালো। মালৈ ফোন কৰিবলৈ সাহস নাই এতিয়া। মোৰ অস্থিৰতাৰ উমান পাবলৈ মাক এক ছেকেণ্ড সময় নালাগে। পঢ়া টেবুলত বহিছো। মন কিন্তু বহা নাই কতো।
:আস্থা, অাজিও পঢ়িবি ?
:আৰু কি কৰিম নহলে, তইতো আজিকালি কথাই নাপাত।
: ইয়ালে আহ।
নিশাৰ কথাটো শেষেই নহল, একেজাপে তাইৰ বিচনা পালোগৈ। একেটা গাৰুতে মূৰ থৈ দুইজনী পৰি আছো।
:কি হল ক এতিয়া।
বেচেৰীৰ এতিয়াও মোলৈ হে চিন্তা। নিজৰ দুখবোৰ যেন অলপ দেৰিৰ কাৰণে আঁতৰাই ৰাখিছে তাই। অৰ্ণৱৰ লগত হোৱা গোটেইবোৰ কথাই কলো তাইক।
:তই অৰ্ণৱ দাক কিয় ভাল পাৱ আস্থা? মইতো ভাবিছিলো তই অংকুৰক হে accept কৰিবি। মানে সি অলপ তোৰ টাইপৰ ন। অৰ্ণৱ দাৰ complete opposite.
:ময়ো তেনেকৈ ভাবিছিলো আগতে।
:আগতে মানে? এতিয়া নাভাব?
:ওহোঁ। অৰ্ণৱ অাৰু অংকুৰৰ তুলনা নহয়।
:definitely,. Arnab da বেছি handsome.
:চেহেৰাৰ কথা কোৱা নাই মই, কেতিয়াবা ধুনিয়া চেহেৰাৰ আঁৰতো বৰ কুৎসিৎ মন এটা লুকাই থাকে । অংকুৰ দেখিবলৈ ভাল নে বেয়া সেয়া মই ভবা নাই কেতিয়াও।কিন্তু সি মোক ভালপাওঁ বুলি কয়, মোৰ নীলা চকুৰ কথা কৈ শায়েৰী লিখি message দিয়ে, মোৰ দীঘল চুলি লৈ কবিতা লিখে। আৰু সেই একেটা অংকুৰে লগৰ লৰাৰ আগত কয় মোৰ পিছত সি এইটো কাৰণে লাগি আছে কাৰণ ‘বেহেনজী’ টাইপবোৰ সোনকালে ফচে।
:তয়ো শুনিছিলি সেইদিনা কেন্টিনত?
:মই কলা বুলি ভাবিছ নেকি?
:তই বেয়া পাবি বুলি নকলো। পিছত ৰাজী অাৰু মই গৈ ঠিকছে বকিলো সেইডালক। ৰাজীয়ে টো মাৰিবই লৈছিল, আমাৰ আস্থাৰ কথা বেয়াকে কেলে কবি বুলি। য’চ তো এনেও বেছি ন ডাবাংগৰ।
ৰাজীৰ নতুন নাম। LADY DABBANG.
:সেইতো কথাও জানো।
:আচ্ছা, অংকুৰক কিয় বেয়া লাগে সেইতো গম পালো, এতিয়া ক অৰ্ণৱ দাক কিয় ভাল লাগে?
:অৰ্ণৱক প্ৰথম প্ৰথম বহুত বেয়া লাগিছিল। ইমান খঙাল মানুহ মই বেয়া পাওঁ। কিন্তু এতিয়া ভাৱোঁ তেওঁ খঙাল হব পাৰে কিন্ত কৃত্ৰিম নহয়। তেওঁৰ কিছুমান কথা মোৰ ভাল লাগে। এই যে চিৰিটোত উঠি যাওঁতে কোনোবা ছোৱালী আহিলে আঁতৰি দিয়ে, মোক কোনোবাই কলেজত কিবা কব বুলি মোৰপৰা আঁতৰি থাকে, কানু দাৰ লগত নতুন মবাইলত ফটো উঠাই, বাইদেউৰ অসুবিধা হয় বুলি চিলিণ্ডাৰ তো অট খনৰ পৰা নিজে নমাই আনে, … এনেকুৱা অাৰু বহুত সৰু সৰু কথা মই ভাল পাওঁ নিশা। মইয়ো জানো মই বহুত গাৱলীয়া, সুজাতাৰ ভাষাত  ভেৰ গঞা, তহঁতি জনা বেছিভাগ কথাই নাজানো, কিন্তু তেওঁ চোন মোক তেনেকেই ভাল পাইছে। বুৰ্বকৰ নিচিনাকে সেইদিনা যে ছিগা চেণ্ডেল যোৰ হাতত লৈ খালী ভৰিৰে আহি আছিলো, মোক দেখি তেওঁ লাজ পোৱা বা আচৰিত হোৱাৰ দৰে নালাগিলচোন।
:বাহ্ পোৱালি ইমান ডাঙৰ ডাঙৰ কথা কৈছ যে অাজি। আৰু কি কি ভাল লাগে ক না।
:অাৰু বহুত কিবাকিবি ভাল লাগে মোৰ। কিন্ত বেয়া লগা তাতোকৈ বেছি।
:তেতিয়াহলে কৈ দে অৰ্ণৱ দাক।
:মই কিয় কম? তেওঁ চোন তেনেকুৱা একো কোৱা নাই এতিয়াও।
:তহঁতি দুইটা এনেকেই বুঢ়া হবি, মৰিবিও চাগে।
:আস্থা। এইফালে আহ।
প্ৰিয়ংকা বাৰ মাত শুনি উঠি গলো।
:অথনি তেনেকে সোধা কাৰণে বেয়া পালি নেকি?
:নহয় মানে..
:চা, আমি ভাবিছিলো যে নিশাৰ লগত এতিয়া অামি কোনোবা ডাঙৰ এজনী থাকিলে ভাল হব, অলপ দিন তেতিয়া তই আমাৰ ৰুমত থাকিলি হেঁতেন। কিন্তু তই পাৰিবি তাইক চম্ভালিব। আামাৰ পোৱালি জেং ন। বল এতিয়া ভাত খাবলৈ। মাতি দে সবকে।
মনটো বেয়া লাগি গল। বাক এনেই ভূল বুজিলো। খঙত ভূল শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা হেৰাই যায়। তেওঁৰ লগতো চাগে সেয়াই হল। ফোন কৰি কম, নহয় সুধিম।
হয়তো বহুতো কথা পাতিম আজি!
… আগলৈ
If you want to be notified as soon as the next post released, follow me in Facebook
Uncategorized

#JEC Part 29

Previous: #JEC Part 28
বাকী থকা দিনকেইটা মা দেউতাই যিমান পাৰে নিশাৰ লগত সহজভাৱে পাৰ কৰিলে। মাৰ বুজনি, দেউতাৰ মৰম, আইতাৰ খুহুতীয়া কথাবোৰে তাইক অলপ হলেও দুখ বোৰ পাহৰাত সহায় কৰা যেন লাগিল। কিন্তু মই জানো, কৰবাত কিবা এটা নাইকিয়া হৈ গল সেই আপোনভোলা ছোৱালীজনীৰ মাজত।
পূজাৰ বন্ধ শেষ হল। ঘূৰি আহিছো #JEC কেম্পাচলৈ। এইবাৰ মোৰ লগত এজনী নতুন নিশা। সকলোতে আগবাঢ়ি যোৱা, মোক টানি আজুৰি উলিয়াই নিয়া নিশা এতিয়া মোৰ পিছত লুকাই থাকি ভাল পোৱা হল। কাৰোৰে আগত ওলাব নিবিচাৰে।দাদাই নমাই থৈ যোৱা এঘন্টাৰো অধিক হল, অহাৰ পৰা ৰুমতে সোমাই অাছে।মোৰ লগতো একো কথা পতা নাই।
দুয়োজনীৰে বেগৰ বস্তুবোৰ উলিয়াই ঠিক ঠাক কৰি ললো। মায়ে ঘৰতে পিঠা পনা, কেক বনাই দি পথাইছে। বাইদেউৰ কাৰণেও বেলেগকৈ মিঠাইৰ টোপোলা এটা, লগতে এখন চাদৰ। বাইদেউয়ে মোক দিয়া মৰমখিনিৰ তুলনাত এইয়া তেনেই সামান্য উপহাৰ। কানু দাৰ বাবেও কিবা এটা আনিছো। কানু দা আমাৰ Extension অৰ চোৱা চিতা কৰাৰ দায়িত্বত অাছে। বয়সীয়াল অজলা অঁকৰা মানুহজনক সবেই মানি চলো। আমাক মাজে মাজে উৎপাত কৰিলে গালিও দিব, অাৰু যেতিয়াই যিটো লাগে চাইকেল খন লৈ গৈ আনিও দিব। বস্তুবোৰ ঠিক কৰি থাকোতেই শুনিলো বাহঁতৰ ৰুমত খুব সৰু সৰু মাতত সবেই কিবা আলোচনা কৰি আছে। ৰাজী আহি লাহেকে মোকো মাতি থৈ গল। নিশাৰ ফালে চালো, জোতা কাপোৰ একো সলোৱা নাই এতিয়ালৈকে। যেনেকৈ আহিছিলে তেনেকৈয়ে বিচনাত তললৈ মূৰ কৰি পৰি আছে।থাকক, নামাতো।বাহঁতৰ ৰূমলৈ গলো।
:আস্থা, তই ৰুম change কৰিবি নেকি?
প্ৰিয়ংকা বায়ে হঠাৎ এনেকুৱা এটা প্ৰশ্ন কৰিলত থতমত খালো। কিয় সুধিছে?
:চা, মোৰ পেৰেন্টচ ইমান মডাৰ্ন হৈও নিশাৰ কেচটো লৈ প্ৰব্লেম অাছে, তইতো বহুত গাঁৱৰ হয় ন , তোৰ মা দেউতাৰ প্ৰব্লেম হবই চিউৰ ।
সুজাতা, কথাই কথাই মোৰ ঘৰ যে ভিতৰুৱা গাঁৱত সেইকথা কবলৈ নাপাহৰে তাই।প্ৰিয়ংকা বাৰ কথাৰ ওপৰতে মাত মাতিলে তাই। নিশাৰ লগত তাইৰ ভাল নাছিল। এই ঘটনাটোত তাই যেন কিবা এটা আনন্দ হে পাইছে এনেকুৱা লাগিল।
হাঁহিও উঠিল, গাঁৱৰ মানুহবোৰ সংকীৰ্ণ মনোভাৱৰ বুলি ধাৰণা এটা কৰিয়েই লয় মানুহবোৰে। মোৰ মায়ে কপাহী মেখেলা চাদৰ পিন্ধি ডাঙৰ কৈ সেন্দুৰৰ ফোঁট লয়, সেইবাবে তেওঁ বহল মনৰ হব নোৱাৰে।
সাজ পোচাক যে মানসিকতাৰ চিহ্ন সেইয়া ওলাই আহিহে বুজি পালো।
বৰ সস্তীয়া আধুনিকতা !
:বা, নিশা আমাৰ ঘৰতেই আছিল ইমানদিনে। মোৰ মা দেউতা আধুনিক নহব পাৰে, কিন্তু অশিক্ষিত নহয়। অাৰু আন কোনোবাই কি ভাবে মই নাজানো, মোৰ সিমান মগজ নায়েই, কিন্তু মই নিশাৰ লগত সদায় থাকিম।
কোনোদিন কাকো বেয়াকৈ কৈ পোৱা নাছিলো, অাজি কিন্তু ভীষণ খং এটা উঠিছে। মুখত যি ওলালে তাকে কলো। গুচি আহিলো ৰূমলৈ। নিশা তেতিয়াও তেনেকৈয়ে পৰি আছে। অাৰু বেছি খং উঠিলে।টানি বিচনাৰ পৰা নমাই দিলো।
:বল বাইদেওক লগ কৰি আহোঁ।
:মই নেযাওঁ, হাঁহিব সবেই।
:তাতে তোৰ কি হল? তইয়ে তো মোক কৈছিলি তই কোনে কি কয় care নকৰ? এতিয়া কি হল? চা, মই বেছি একো নাজানো, কিন্তু মোৰ মতে যিয়ে তোৰ ফটো ভাইৰেল কৰিছে, সি ওলাবলৈ লাজ কৰিব লাগে, তই নহয়। বল এতিয়া।
মিঠাইৰ টোপোলা অাৰু চাদৰ খন পলিথিন এটাতে ভৰাই নিশাক প্ৰায় চোঁচৰাই নিয়াদি লৈ গলো। দোকানৰ সন্মুখত আমাৰ চিনিয়ৰ দাদা কেইজনমান। লগতে ছাৰ দুজনো অাছে। চাহ খাই ওলাই আহিছে। দেখিয়েই নিশাই উভতি বাট বুলিবলৈ বিচাৰিলে। ধৰি আছো।
:ছাৰ পূজা চালে?
:অ চালো চালো, অামি অাৰু ইয়াতে কলনিতে।
কাহানিও আগবাঢ়ি কাকো মাতি নোপোৱা মই ছাৰকো মাতিব পৰা হলো। ভিতৰি কিমান ভয় খাইছো নিজেহে জানো, কিন্তু মায়ে কোৱা কথাষাৰ মনত পেলাই সাহস গোটাইছো।
‘জীও, নিশাৰ আগত দুৰ্বল হৈ নাযাবি, একোৱেই যেন হোৱা নাই তেনেকৈ থাকিবি। চাবি সব ঠিক হৈ যাব।’
:অাজি নিশা ইমান ঠাণ্ডা মুণ্ডা হৈ আছে যে আস্থা, ঘৰৰ পৰা আহিবৰ মন নাছিল যেন পাওঁ।
:তাইৰ গা বৰ ভাল নহয় বাইদেউ। এইয়া মায়ে আপোনালৈ দি পথাইছে, পূজা বুলি অাৰু।
আগ্ৰহৰে টোপোলাটো আঁকোৱালি ললে বাইদেউৱে, তেতিয়াহে বাইদেউৰ হাতখনলৈ মন কৰিলো। বৰ ধুনিয়া ঘড়ী এটা।
:পূজাত এইটো ললে বাইদেউ? ইমান ধুনিয়া।
:মইনো কত এইবোৰ নিজে কিনিম, অৰ্ণৱে দিছে, বোলে এইবাৰ JEC ত শেষ পূজা, এইটোকে দিলো, অাৰু কেইবাটাও লৰা ছোৱালীয়ে কিবাকিবি দিছে। এই চাৰি বছৰত ইহঁতবোৰ কিবা নিজৰ লৰা ছোৱালীৰ দৰে লগা হল। গুচি গলে বৰ বেয়া লাগিব পায়।
শেষৰ কথা কেইটা কওঁতে বাইদেউৰ মাতটো থোকাথুকি হৈ গল। চাদৰৰ আঁচলটো চকুৰ কোণত হেঁচি ধৰিছে। বৰ মৰমিয়াল এই মানুহগৰাকী। সহজ সৰল মানুহবোৰ মোৰ সদায় প্ৰিয়।
দিন ছুটি, পাঁচটা বজাই নাই কিন্তু অলপ অলপ এন্ধাৰ হলেই। ষ্ট্ৰীট লাইট অাৰু বাইদেউৰ দোকানৰ সৰু বাল্বটোৰ পোহৰে ঠাই ডোখৰ কিবা মায়াময় কৰি তুলিছে। দোকানৰ ভিৰ সেৰেঙা হল। বাইদেউৱে দোকান সামৰিবলৈ যো জা চলাইছে।
:যাঁও বাইদেউ, অাজি চাহ নেখাওঁ।
:হব হব যোৱা।
নিশা তেতিয়াৰে পৰা অলপ দূৰত ৰৈ আছে।
:ঠিকে আছ?
গলগলীয়া মাতষাৰ! কিমানদিন শুনা নাই।
ঘূৰি চালো, অৰ্ণৱ।
নিশাৰ ওচৰত ৰৈ আছে, তেওঁৰ এখন হাত নিশাৰ মূৰত। বেচেৰীয়ে এইবাৰ ওঁঠ কেইটা কামুৰি যেনেতেন চকুপানী ৰাখিছে। অৰ্ণৱৰ আগত তাই সদায় সৰু ভনীয়েকৰ দৰেই উৎপাতবোৰ কৰি আহিছে। কিন্তু অাজি যেন তাইক অলপ সাহসৰ প্ৰয়োজন। উৎপল দাৰ চকুকেইটা সেমেকা, যেনিতেনি চাইছে কিন্তু নিশা বা মোৰ ফালে চাব পৰা নাই।
:চাহ খাবি?
মূৰটো জোকাৰি না বুলি মাত্ৰ কলে তাই ।
:তই এনেকুৱা কৰিলে কেনেকে হব, fake আছিল, সবেই গম পালে এতিয়া।
:পাপাই ঘৰত যাবই নিদিলে মোক।
এইবাৰ উচুপি উচুপি কান্দিছে নিশাই, অৰ্ণৱৰ চকু কেইটা ৰঙা।
:যাব নিদিয়ে নাযাবি, দহ বছৰতকে বেছি দিন হল মই ঘৰ দেখি নোপোৱা, but I am still alive right?
এটা নতুন সাথৰ।
এটা নতুন প্ৰশ্ন!
কেতিয়া বুজি পাম এই মানুহজনক।
এবাৰ, মাত্ৰ এবাৰ যদি জুমি চাবলৈ দিলেহেঁতেন তেওঁৰ বুকুৰ ভিতৰখন।
আঁতৰাই দিলোঁহেঁতেন উশাহ হেঁচি ধৰা কলা শিলবোৰ।
কিয় ভাৱে মই পুতৌ কৰিম বুলি?
কেনেকৈ বুজাম তেওঁক জানিবলৈ মোৰ কিমান হেঁপাহ?
নিশা অাৰু তেওঁৰ পৰা অলপ দূৰত ৰৈ আছো, এইখিনি সময় নিশাৰ বাবে। কথা কম কোৱা মানুহজনে অাজি তাইক বুজাবলৈ কিছুমান কথা কৈছে, মন্ত্ৰমুগ্ধৰ দৰে শুনি আছো মই।
:এতিয়া যা।
মোৰ ফালে চাবলৈ তেওঁৰ যেন আহৰি নাই, নে তেওঁ মোক দেখাই নাই?
উৎপল দালৈ চালো, শেঁতা হাঁহি এটাৰে মূৰটো দুপিয়ালে।
কাৰোবাৰ অসৎ কাম এটাই কিমানখন অন্তৰ পলকতে ভাঙি দিব পাৰে।
নমো,তুমি সঁচাকৈ আছানে?
নিশাৰ পিছে পিছে খোজ ললো, তেওঁৰ কাষেদিয়েই পাৰ হৈ আহিলো ।
ওচৰ পাই টানি লৈছো উশাহত তেওঁৰ সুগন্ধি।
:wait.
তলমূৰ কৰি ৰৈ আছে।
থমকি ৰলো, কিবা কব বুলি আশাৰে বাট চালো।
নাই, একো কোৱা নাই, চকুযোৰ পঢ়ি ললোহেঁতেন যদি তেওঁ এবাৰ মোৰ ফালে চায়!
ধীৰ খোজেৰে আঁতৰি আহিলো।
হঠাতে দপদপাই আহিল কোনোবা পিছফালৰ পৰা। হাতখনত ধৰি ঘূৰাই দিলে মোক।
পৰিম যেন লাগিলে, তেওঁৰ পাতল জেকেটটোৰ কলাৰত খামোছ মাৰি ধৰিলো।
:You can’t ignore me like this Astha.
উফ্।

আগলৈ…

 

If you want to be notified as soon as the next post released, follow me in facebook

Uncategorized

#JEC Part 28

                              শেঁতা পৰি গৈছে গোটেইজনী। ঠিয় হৈ থাকিব নাইপৰা। চিৰিটোত বহি দিছে। দৌৰ মাৰি গৈ সাৱটি ধৰিলো। কান্দিবও পৰা নাই বেচেৰীয়ে।মোৰ ফালে চাই কিবা কিবি বিৰবিৰাই আছে। একো বুজি পোৱা নাই। এই সময়ত মই কি কৰিব লাগে নাজানো, মাত্ৰ তাইক ধৰি আছো।কিমান সময় পাৰ হল নাজানো।
:ভিতৰলৈ বল নিশা।
:মই কি কৰিম এতিয়া আসু?
ভয় খাইছে তাই, বুজি পাইছো। মোৰো বহুত ভয় লাগিছে, কিন্তু তাইক মই দেখুৱাই দিব নোৱাৰোঁ। জোৰ কৰি তাইক ভিতৰলৈ আনিলো। ড্ৰয়িংৰুমত বহি সকলোয়ে মোৰ জন্মদিনৰ মিঠাই খাইছে। মই সোমাই যোৱাৰ লগে লগে বৰ্মাই মোৰ মুখতো জোৰ কৰি এটা গুজি দিলে। মই তলকিবই নোৱাৰিলোঁ।
কেনেকৈ বুজাওঁ মই?
জন্মদিনৰ সুখত সুখী হোৱাৰ অৱকাশ অাৰু নাই।
বহুত কিবাকিবি হেৰাই থাকিল। ঘূৰাই পাম নে নেপাম নাজানো।
:বহা আকৌ নিশা, মিঠাই খুৱাই নাইচোন।
মায়ে তাইক প্ৰায় টানি নিয়াদি নিলে।পায়সৰ বাতিটো হাতত লৈ মা অাৰু দেউতাৰ মাজত বহিছে তাই। অাৰু কিমান অভিনয় কৰিব এই ছোৱালীজনীয়ে। হাঁহিব পৰা নাই যদিও এবাৰলৈও কন্দাও নাই । সকলোৰে হাঁহিৰ খিলখিলনিৰ মাজত গোপনে কথা পাতিছো অামি। আৰু নোৱাৰোঁ।
:মা, নিশাৰ ভাগৰ লাগিছে চাগে, বল মোৰ ৰুমত অলপ শুই লবি।
কোনোবাই কিবা কোৱাৰ আগতেই তাইক লৈ আনিলো মোৰ ৰূমলৈ।দৰজাখন বন্ধ কৰি দিলো। ঠেলি নিয়াদি নি বিচনা খনত বহাই দিলো।
:কিবা এটা ক নিশা।
:মই বদনাম হৈ গলো আসু , কবলৈ কিবা বাকী অাছে জানো?
:তেনেকৈ কেলে কৈছ?
:সি মোক কৈছিল, এনেকুৱা কিবা কৰি দিম বুলি, মই ভাবিছিলো মোক ভয় খুৱাবলৈ কৰিছে,সদায় ব্লেকমেইল কৰে, পাপাৰ পৰা লৈ বহুত পইচা দিলো এতিয়ালৈকে।লাষ্ট টাইম ফোন কৰোতে বহুত বেছিকে বিচাৰিছিল, মই নিদিওঁ বুলি কলো, সেইকাৰণে এনেকুৱা কৰিলে।
:তই ইমানদিনে লুকুৱাই থৈছিলি কিয়? পাপাক কৈ চাব পাৰিলিহেঁতেন।
:সব তোৰ নিচিনা লাকি নহয়, তোৰ নিচিনাকৈ মই সব কথা পেৰেন্টছক কব নোৱাৰোঁ।
কিন্তু কিয়?
আচৰিত নহয় নে কথাবোৰ?
সকলোতকৈ আপোন মানুহবোৰৰ আগত অামি আমাৰ দুৰ্বলতাবোৰ উদঙাই দিৱলৈ ইমান ভয় কৰোঁ কিয়?
উপহাস কৰিবলৈ এখন ডাঙৰ পৃথিবী থাকেই, কিন্তু অলপ মৰম দি সঠিক পথ দেখুৱাবলৈ এখন সৰু পৃথিৱীৰ সকলোকে প্ৰয়োজন নহয় জানো?
ৰাজীয়ে মেছেজ কৰিছে, কিছুমান স্ক্ৰীণশ্চট। নিশাৰ বিষয়ে টুলুঙা মন্তব্য দিবলৈ যেন এক অঘোষিত প্ৰতিযোগিতাহে আৰম্ভ হৈছে। কেনোবাই তাইৰ মাকৰ কথাও টানি আনিছে। এজনী ছোৱালীক সামাজিক ভাৱে অপদস্থ কৰা হৈছে, অাৰু এচামে তাত আসুৰিক আনন্দ লাভ কৰিছে। মেছেজটো ডিলিট কৰি দিলো।
:নিশা, এইবোৰ সচাঁ নে মিছা মই নাজানো, অাৰু তোক সুধিবও নিবিছাৰো, কিন্তু মই মা দেউতাৰ পৰা লুকুৱাব নোৱাৰিম।
:প্লিজ নকবি, মোৰ কথা কি বুলি ভাবিব। অাৰু তোক যদি মোৰ লগত থাকিব নিদিয়ে? মই আকৌ বহুত lonely হৈ যাম।please don’t do this to me.
:বিশ্বাস ৰাখ নিশা, মায়ে বুজি পাব মই জানো।
দৰজাখন খুলি ওলাই আহিলো, বৰমাহঁত ইতিমধ্যে ঘৰলৈ গল। মাক ৰুমলৈ মাতি আনিলো। কিবা এটা অঘটন হৈছে বুলি গম পাইছে মায়ে। এবাৰ মোৰফালে এবাৰ নিশাৰ ফালে চালে। অামি এজনীয়েও একো কব পৰা নাই।
:জিউ, কিবা কবি?
নিশাই এতিয়া কিবা কব পৰা অবস্থাত নাই। মইয়ে কব লাগিব।
বহুত সাহস কৰি কথাখিনি কলো। বুকুখন পাতল লাগিল। মায়ে একো কোৱা নাই।
ইমান চিন্তাত কোনোদিনেই দেখা নাছিলো মাক।
:তোমাৰ ভূল হোৱা নাই বুলি মই নকওঁ, তুমি কথাবোৰ তোমাৰ দেউতাক জনাব লাগিছিল। ইয়াৰ পিছৰখিনি অামি ডাঙৰে কৰিম। অলপ জিৰাই লোৱা।
জিউ, দেউতাৰৰ লগত কথা পাতি কি কৰিব লাগে চাঁও, তেতিয়ালৈকে তহঁতে একো কৰিব নালাগে। তোমাৰ দেউতাৰ নম্বৰটো দিয়া নিশা।
:প্লিজ আন্টি, পাপাক নকব। মই বহুত লাজ পাম।
:মইয়ে হও বা তোমাৰ দেউতাৰাই হওক, অামি সকলোৱে এইটো বয়স পাৰ কৰি আহিছো নিশা। কেতিয়াবা কিছুমান ভূল হৈ যায়। বুজি পাব তোমাৰ দেউতাই। হয়তো তোমাক খং কৰিব, কিন্তু লুকুৱাই ৰাখিলে তুমি জানো শান্তিত থাকিব পাৰিবা?
মাৰ কথাত নিশা অলপ শান্ত হল। গাৰু এটা অাৰু পাতল কম্বল এখন দি তাইক শুবলৈ দিলো, মূৰৰ শিতানতে বহি চুলি কেইদাল মোহাৰি আছো। বহুত কিবাকিবি কৰিব মন গৈছে, কিন্তু  ইয়াতকৈ  বেছি মই একো কৰিব নোৱাৰোঁ।
মা অাৰু দেউতাই কথাবোৰ আলোচনা কৰি নিশাৰ দেউতাকক মাতি পঠিওৱাৰ সিদ্ধান্ত ললে।
প্ৰায় তিনি ঘণ্টা মানৰ মূৰত তেখেত আহিল। আহিয়েই নিশাক উদ্দেশ্যি অকথ্য গালি গালাজ, মাৰিবলৈকে খেদি গৈছিল। কাহানিও দেখি নোপোৱা কিছুমান আচৰণ। দেউতাই বহুত বুজাই বঢ়াই শান্ত কৰিলে। কিন্তু তেখেতৰ মতে নিশাক যি লাগে তাকেই কিনি দিছে, চাকৰে নাকৰে আল পৈচান ধৰা মানুহো গোটাই দিছে, তাৰ পাছতো তাই এনেকুৱা কিয় কৰিব।
:টকা পইচা বা সা সুবিধা দিলেই দায়িত্ব শেষ হয় জানো। আপুনি তাইক সময় দিছেনে?
এইবাৰ মাৰ খং উঠা যেন লাগিল। নিশা অাৰু মই তেতিয়াও ড্ৰয়িংৰুমৰ চুক এটাত
ৰৈ আছো। ইমানখিনিৰ পিছতো এটোপাল চকুপানী টোকা নাই তাই।
:চাওক, মোৰ reputation বহুত বেয়া হৈ যাব, গতিকে এইক মই এতিয়া ঘৰলৈ নিব নোৱাৰিম, অলপ দিন ইয়াতে থাকক, কাপোৰ কানি মই লৈয়ে আনিছো। অলপ দিন পাছত এনেও সবেই পাহৰি যাব। Then she can come.
কিমান সহজতে কৈ দিলে কথাষাৰ। ইমান ঠুনুকা হব পাৰেনে বান্ধোন?
নিশা কিন্তু নিৰ্বিকাৰ, তাই যেন আগতেই জানিছিল সকলোবোৰ।
মা দেউতাই বহুত বুজাবলৈ চেষ্টা কৰিলে কিন্তু তেখেতে দেউতাকহে ওলোটাই অপমান কৰিলে। নিশাৰ বেগটো গাড়ীৰ পৰা নমাই একো নোকোৱা কৈয়ে গুচি গল।
অভিশপ্ত এটা দিন!!
জন্মদিনৰ শুভকামনাবোৰ যেন ঘূৰাই দিম সকলোকে।
মায়ে সন্ধিয়াৰ চাকি বন্তি জ্বলাই ঘৰতে আৰতি কৰিছে , পূজাথলীলৈ যোৱাৰ ইচ্ছা কাৰোৰে নাই। বৰমাই বাৰে বাৰে সোধাত নিশাৰ গা বেয়া বুলি কলো।
মৌনতাৰ মাজতেই সময়বোৰ পাৰ হৈছে। মায়ে জোৰ কৰিলতো নিশা ভাত খাবলৈ ওলাই নাহিল। দৰজাখন লাহেকে খুলি চালো, গাৰুটোৰ তুলাবোৰ উলিয়াই সিঁচি পেলাইছে, তাইৰ ফোনটো দুটুকুৰা হৈ তলত পৰি আছে। গালত আঙুলিৰ চিন স্পষ্ট।
হাঁহিৰে জগত জিনা ছোৱালীজনীৰ অাজি নিজৰ ওপৰত ঘিণ উপজিছে, নিজৰ গালত নিজেই চৰিয়াইছে।
হাঁয় সময়!!!!
:জিউ, অাজি তই অকলে শুবি। নিশা মোৰ লগত শুব।
কেনেকে বুজি পায় সকলোবোৰ এই মানুহজনীয়ে ?
মোৰ মা।
সাৱটি ধৰিলো, মোৰ দৰে মা সকলোকে কিয় নিদিলা নমো???
নিশাক বুকুত সাবটি মায়ে বুজাইছে কিবাকিবি, এইবাৰ তাই কান্দিছে, চিঞৰি চিঞৰি, উশাহ বন্ধ হৈ যোৱাকৈ।নাকান্দিবি বুলি নকওঁ, দুখবোৰ পানী হৈ ওলাই আহিছে। বৈ যাওক। দৰজাখন লাহেকৈ জপাই মাৰ বিচনালৈ আহিলো।
জুৰুলা কৰা এটা দিন।
বিষময়।
তেওঁৰ কথাও ভাবিলো এবাৰ, কি ভাবি আঁতৰি গল এনেদৰে?
ফোনটো বাজিছে, অৰ্ণৱৰ ফোন।
:নিশা ঠিকে আছেনে?
তেওঁ কেনেকে গম পালে?
:আপুনি কেনেকে গম পালে?
:ভাইৰেল হৈছে, সবেই পাইছে almost. I don’t have Facebook but Utpal has.
সি কলে। fake হয়। photoshop কৰিছে। তাইক ষ্ট্ৰেচ লব মানা কৰিবা। শুই থাকা এতিয়া। নিশাৰ care লবা।
:আপুনি ঠিকে আছেনে? অথনি..
:I don’t want to discuss anything. Good night.
কাটি দিলে ফোনটো।
ভাগৰি পৰিছো ময়ো।
নিবিছাৰো একো উত্তৰ। তেওঁ যেনেকৈ সুখী তেনেকৈয়ে থাকক।
নিশাৰ কান্দোনৰ শব্দ বন্ধ হল। মাৰ বুকুৰ উমে সকলো দুখ পাহৰাব পাৰে।
গাৰুটোত মূৰ গুজি চকুকেইটা জপাই দিলো।
আগলৈ….
If you want to be notified as soon as the next post released, follow me in Facebook
Uncategorized

#JEC Part 27

Previous: #JEC Part 26
উচপ খাই উঠিলো, অৰ্ণৱে তেতিয়াও মোৰ চুলিত মুখ গুজি বিৰবিৰাই আছে তেওঁৰ অভিমানবোৰ। আহিবলগীয়া ধুমুহাজাকৰ কথা ভাবি থৰ থৰকৈ কঁপিছো মই। চাবলৈ সাহস নাই।কি উত্তৰ দিম? ক্ষন্তেকীয়া আবেগৰ বশৱৰ্তী হৈ কিয় ইমান কাষ চাপি গলো। গাৰ সমস্ত শক্তিৰে তেওঁক আতৰাবলৈ চেষ্টা কৰিলো, হঠাৎ এই প্ৰতিবাদ দেখি তেওঁ আচৰিত হৈ মোৰ ফালে চালে।বুজি পালে।
দুয়োটাই একে সময়তে ঘূৰি চালো।
চকুকেইটা হাতেৰে ঢাকি নিশা ৰৈ আছে।
:মই কিন্তু একো দেখা নাই দেই।ভিতৰলৈ বল আস্থা। বিচাৰি ফুৰিছে তোক সবেই।
উশাহটো তেতিয়াহে ঘূৰাই পালো। একেবাৰে বৰ্মাৰ নিচিনাকৈ মাতটো উলিয়াইছে এইজনীয়ে। মৰিয়েই থাকিলোহেঁতেন উশাহ নিশাহ বন্ধ হৈ। ভীষণ লাজ পালো। কিন্তু তেওঁ একেবাৰেই সহজভাৱে লৈছে কথাটো।
:please leave us alone Nisha, please.
উফ ।এতিয়াও কিবা বাকী আছেনে? কি অদ্ভুত জেদ।
তেওঁক প্ৰায় ঠেলা মাৰি সেইখিনিৰ পৰা দৌৰি পলালো, নিশাকো হাতখনত ধৰি চোঁচৰাই আনিলো। চিৰিকেইটাৰ ওচৰ পাই ঘূৰি চালো, মোৰফালেই চাই আছে, চকুকেইটা অলপ সেমেকা।
বুকুৰ কোনোবা ডোখৰ মোচৰ খাই গল।
আধৰুৱা হৈ ৰল ভালপোৱাৰ প্ৰথম প্ৰকাশ।
তেওঁৰ সৰু সৰু অভিমানবোৰৰ বাঙ্ময় ৰূপ।
সকলোবোৰ আধৰুৱা হৈয়ে ৰল।
দাদা অাৰু বৰদেউতা দেউতাৰ লগত ড্ৰয়িংৰুমত বহি আছে। দেউতাই তেওঁৰ কথা কিবা সুধিছিল যদিও কাণত একো সোমোৱা নাই। একেকোবে গৈ মাৰ ওচৰ পালোগৈ, কিয় জানো, বেছিকৈ ভয় লাগিলে মাৰ ওচৰত থাকো, সাহস পাওঁ। বৰ্মা, বৌ সবেই মিলি পাকঘৰত ভাতৰ যোগাৰ কৰিছে, নিশা আকৌ আইতাৰ ওচৰতে বহিল।আইতাৰ লগত ইমানেই বন্ধুত্ব হল যে নিশা অাজি ৰাতি থাকিবলৈও ৰাজী হল। চৰ্ত এটাই, আইতাৰ লগত শুব। কাইলৈ দেউতা অাৰু মই থৈ আহিম গৈ।
:জিউ, দাদাক মাতি টেবুলখন আঁতৰাই ঠাই খন অকণ মুচিa দেচোন।
আটাইবোৰ একেলগে খাবলৈ টেবুলত নোজোৰে। অাৰু আমাৰ ঘৰত কোনোবাই আগত খোৱা বা পাছত খোৱাৰ নিয়ম নাই। নিমখে খাওঁ বা মাছে মাংসৰে খাওঁ সবেই একেলগে খাওঁ। গতিকে পকাতে বহি খাব লাগিব। দাদাক মাতি টেবুলখন শোৱা কোঠালৈ ভৰাই ডাইনিং থকা জেগাখিনিত ঢাৰি পাটি যি অাছে পাৰিলো। মোতকৈ বেছি উত্সাহেৰে নিশাইহে সকলোবোৰ কৰিছে। আইতাই মাটিত বহিব নোৱাৰে কাৰণে মূঢ়া এটা অাৰু ড্ৰয়িং ৰুমৰ কৰ্নাৰ টেবুলখন পাৰি দিলো। মায়ে সকলোকে ভিতৰলৈ মাতি আনিলে।তেওঁক অলপ আচৰিত যেন লাগিল। সৰু বেচিন তো চকুৰ ইংগিতেৰে দেখুৱাই দিলো। হাত ধুই দেউতাৰ ওচৰতে বহিল। অলপ অসুবিধা পাইছে যদিও একো কোৱা নাই।
:দিগদাৰ পাইছা নেকি ডেকা লৰা।
:নাই পোৱা আংকল।
তেওঁৰ বহাৰ ধৰণ দেখি লগা নাই আগতে এনেকে খাইছে কেতিয়াবা। মনে মনে হাঁহি উঠিল। কাঁহৰ কাঁহী, কাঁহৰ বাটি, তামৰ ঘটিত পানী, সকলোবোৰ তেওঁ অাৰু নিশাৰ খুব ভাল লগা যেন লাগিল । খোৱা বস্তুবোৰ সজাই দি আমিবোৰো বহিলো। খুব ভাল লাগিছে। আইতাই মাজে মাজে জমাই আছে।তেওঁৰ এফালে দেউতা, আনফালে বৰদেউতা, সন্মুখত নিশা, কাষত মই। শাকে পাতে মায়ে একেবাৰে ঘৰুৱা ভাৱে এইসাজ বনাইছে। মচুন্দৰী শাকৰ পাতত দিয়া, মচুৰ দাইলৰ বৰ দি বনোৱা নৰসিংহ পাতৰ জোল,সৰু মাছৰ চৰ্চৰি ইত্যাদি। খুব তৃপ্তিৰে খাইছে তেওঁ। হঠাতে মায়ে সুধি পেলালে…
:তোমাৰ ঘৰত কোন কোন আছে অৰ্ণৱ?
হাঁহি থকা মুখ খন শেঁতা পৰি গল। সানি লোৱা ভাতখিনি একেথৰে চাই ৰৈ আছে, বাওঁহাতৰ মুঠিতো টান হৈ গৈছে, চকু কেইটা ৰঙা।
:কোনো নাই।
ঘট ঘটকৈ গোটেই গিলাচ পানী খাওঁতে চৰচৰণি খাই গল। দেউতাই পিঠিটো থপথপাই দিছে। বুজি পাইছো তেওঁৰ কি হৈছে। এবাৰ মূৰ তুলি মোৰ ফালে চালে, একো নাছিল সেই দৃষ্টিত।
নিস্তেজ, নিৰ্মোহ, নিৰ্বিকাৰ।
ভয় লাগিল আকৌ এবাৰ, সাৰ পাই উঠিছে সেই খঙাল অৰ্ণৱ।
:Excuse me Uncle. মই উঠিব পাৰোঁ নে?
:উঠা উঠা একো নাই, চেহ, শেষৰ গঢ়া থাকিলেই পায়। ৰবা অকণ নিমখ দি কুহুমীয়া পানী খাই দিবা । আমাৰো হৈছেই অাৰু।
মুখ খন ধুই একো নোকোৱাকৈ বাহিৰলৈ ওলাই গল।
জানো, এতিয়া ইটোৰ পিছত সিটো চিগাৰেট জ্বলাব।
মোক ওচৰত পালে খং কৰিব।
কিন্তু কেতিয়াও নকয় তেওঁৰ কি হৈছে।
তেওঁৰ পিছে পিছে যোৱাৰ সাহস নাই।কিন্তু উপায় নাই, খাই হোৱাৰ পাছতো এতিয়া বাকীবোৰৰ কথা ধেৰ ওলাব।
:জীউ তই অাৰু নিশাই মিঠাই খিনি লৈ আনচোন। অাৰু অৰ্ণৱকো গৰম পানী এগিলাছ দি দিবি।
পানীগিলাচ লৈ ওলাই আহিলো, মই ভবাৰ দৰে তেওঁ চিগাৰেট জ্বলোৱা নাই। দুয়োখন হাতেৰে মুখ খন ঢাকি ছফাখনতে বহি আছে।মই ইমান ওচৰত থাকোঁতেও গম পোৱা নাই। পানীগিলাছ আগবঢ়াই দিলো।
:লওঁক।
মূৰ তুলি চালে।
বুকুৰ ভিতৰত কিবা এটা মৰি যোৱা যেন লাগিল। কি হৈছে তেওঁৰ?
প্ৰথমবাৰ।
অাজি প্ৰথমবাৰ তেওঁৰ ধুনিয়া চকুজুৰি ইমান অসহায়, পৰো পৰো কৈ দুটোপাল চকুপানী ৰৈ আছে, কাণখন ৰঙা, গালৰ শিৰা প্ৰতি শিৰা স্পষ্ট। উশাহবোৰ ঘন।
:Please leave Astha.
সদায় আদেশৰ সুৰত কোৱা মানুহজনে অাজি অনুৰোধ কৰিছে।
গিলাছটো টেবুলখনত থৈ তেওঁৰ সন্মুখত আঠুকাঢ়ি বহিলো।
কি কৰিছো, কিয় কৰিছো নাজানো।
কিন্তু অাজি চোন কোনোবাই দেখে বুলি মোৰ ভয় লগা নাই।
হাতখন তেওঁৰ গালখনৰ ফালে আপোনা আপুনি উঠি গল, মৰম নে পুতৌ মই নিজেও নাজানো। কিন্তু এই সময়ত মই তেওঁৰ কাষত থাকিব বিচাৰো।
নিদিলে তেওঁক চুই চাবলৈ, থাপ মাৰি ধৰিলে হাতখন। গাৰ সমস্ত জোৰেৰে।
:Don’t show sympathy Astha, I am really tired of that.
:কিন্তু…
:Stay away from me please, I can give nothing to you, absolutely nothing.
I just wish we never met Astha.
পোৱাৰ আগতেই হেৰোৱাই পেলালো মোৰ প্ৰথম ভালপোৱা!
তেওঁ নিবিচাৰে মই কাষত থকাটো।
হাতখন লাহে লাহে ঢিলাই দিলে তেওঁ।
:I should leave. ভিতৰত কৈ দিয়া।
:কি হৈছে আপোনাৰ।
:একো নাই হোৱা। দেউতাক মাতি দিয়া।
মই নুঠা দেখি নিজেই দপদপাই সোমাই গল ভিতৰলৈ। হঠাৎ তেওঁ যাবলৈ ওলোৱাত সকলো আচৰিত হল। কিন্তু কিবা জৰুৰী কাম আছে বুলি কোৱাত মান্তি হল। নিশা মোৰ ওচৰ চাপি আহিল। হাতখন ধৰি আছে।
তেওঁক আগবঢ়াই দিবলৈ সকলো ওলাই আহিল।
:ইচ ৰাম মই পাহৰিলোৱেই। ৰবা ৰবা।
মা লৰালৰিকৈ ভিতৰলৈ গল। ঘূৰি আহোঁতে হাতত ফুলাম গামোচা এখন।
:পূজাৰ দিনাখন সুদা হাতে কেনেকৈ পঠিয়াই দিওঁ বাৰু,এইখনকে দিছো দেই ।
আগতে জনা হলে কিবা এটা অনাই থলোহেঁতেন।
:আমাৰ অসমীয়া মানুহৰ এইখন বৰ ডাঙৰ উপহাৰ নে কি কোৱা?
বৰদেউতাই তেওঁৰ কান্ধত হাতখন থৈ কলে। ভৰি চুই বিদায় লৈছে সকলোৰে পৰা। মোৰ ফালে এবাৰো নাইচোৱা।
খৰ খোজেৰে গৈ গাড়ীত বহিলগৈ। দাদাই গাড়ীখন উলিয়াই নিওঁতে কৰবাত লাগে নি চাই দিছে। বাৰে বাৰে চাইছো তেওঁৰ ফালে, নাই মোৰ উপস্থিতি সম্পুৰ্ণৰূপে উপেক্ষিত।
ভাল লগাবোৰ ইমান সোনকালে নাইকিয়া হৈ যাব পাৰে জানো?
এনেকুৱা কি কথা অাছে যিয়ে তেওঁক বাৰে বাৰে বাধ্য কৰায় ‘অৰ্ণৱ’ হৱলৈ।
বেপেৰুৱা, উগ্ৰ, কঠুৰ, নিৰ্দয় ।
নে এইখন মুখা তেওঁ পিন্ধিবলৈ বাধ্য?
মাঁহত সকলো ভিতৰলৈ গল। মই অাৰু নিশা তেতিয়াও ৰৈ আছো, নেদেখা হোৱালৈকে গাড়ীখনলৈ চাইছো। অাৰু নোৱাৰোঁ, চকুপানীবোৰ পাৰ ভাঙি বৈ আহিছে।
:মাজনী তোৰ ফোনটো বাজি আছে চোন অথনিৰে পৰা।
দেউতাৰ মাত শুনি নিশা আগবাঢ়ি গল। ফোনটো আনি মোক দিলে।
ৰাজীৰ ফোন।
: হেল্ল ‘
:আস্থা, বহুত ডাঙৰ কথা হল।
তাইৰ মাতটো কঁপিছে, ভয় খাইছে কিবা কথাত।
:কি হল কচোন ।
:তই অকলে আছনে?
:ভয় কেলেই খুৱাইছ, কি হল ক।
:নিশাৰ ফটো ভাইৰেল হৈছে।
:কি ফটো?
:তাইৰ ex কোনোবাই কৰিছে, fake নে real এতিয়াও গম পোৱা নাই। but পুৰা share হৈছে fb আৰু WhatsApp অত।
:ফটো হে, তাতেনো কি হল?
:তই পাগল নি? বুজি পোৱা নাই নি? অলপ private photo. তাইক নকবি।
বুজি পালো, মূৰটো ঘূৰাই গল। ফোনটো সৰি পৰিল।
পিছফালে কোনোবা আছে যেন লাগিল।
ঘূৰি চালো। নিশা!!!!!!!!!

…….

আগলৈ